এই লেখাটো অসম সাহিত্য সভাৰ ২০২৬ চনৰ বিশেষ অধিৱেশনৰ সৈতে সংগতি ৰাখি বিজ্ঞান-সাহিত্য উপ-সমিতিয়ে প্ৰস্তুত কৰা বিজ্ঞানভিত্তিক গৱেষণামূলক গ্ৰন্থ 'বোধিবৃক্ষ'ত প্ৰকাশ পাইছিল। ইয়াত ক্লিক কৰি পিডিএফ ৰূপত লেখাটো ডাউনলোড কৰি পঢ়িব পাৰিব। তলত ইয়াৰ দুটা অংশ দিয়া হ’ল। বিন্যাস তত্ত্বৰ সহজবোধতা আৰু জটিলতা বহু সময়ত দেখা যায়...

[ড৹ প্ৰদীপ দেৱনাথ তেজপুৰ বিশ্ববিদ্যালয়ৰ গণিতবিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক। এয়া হৈছে তেওঁৰ সৈতে মই লিখা ‘বিচিত্ৰ সমস্যা আৰু গণিতৰ অদ্ভুত কাৰ্যদক্ষতা’ শীৰ্ষক গ্ৰন্থখনৰ দুটা অধ্যায়। এই লেখাটো ‘অসম গণিত শিক্ষায়তন’ৰ দুকুৰি বছৰ পূৰ্তি উপলক্ষে প্ৰকাশিত স্মৃতিগ্ৰন্থ ‘অভিসৰণ’ত প্ৰকাশ হৈছিল।] অধ্যায় ৮: সত্য কওঁতাহঁত আৰু মিছা কওঁতাহঁতৰ...

মই যেতিয়া ‘গণিত বিকাশ’ আলোচনীখনৰ সম্পাদক ৰূপে দায়িত্ব লৈছিলোঁ, তেতিয়া বহুকেইজন যুৱ-গৱেষকক নতুন আৰু যথেষ্ট গুৰুত্বপূৰ্ণ নিজৰ এখন গৱেষণা-পত্ৰৰ বিষয়ে সাধাৰণ পাঠকৰ বাবে লিখিবলৈ আহ্বান জনাইছিলোঁ। শিতানটোৰ নাম আছিল ‘মোৰ শেহতীয়া এখন গৱেষণা-পত্ৰ’। অসম গণিত শিক্ষায়তনে প্ৰকাশ কৰা আলোচনীখনৰ সম্পাদক হিচাপে মই নতুনকৈ কৰিবলৈ লোৱা...

এবাৰ এজন গণিতজ্ঞই টুইটাৰত কাৰোবাক কৈছিল যে তেওঁ যিমান কাম কৰে তাৰে ৯০ শতাংশই বিফল হয়, বাকী দহ শতাংশহে প্ৰকাশ কৰিব পৰা যায়। সেয়া দেখা পাই টিমোথি গাৱাৰ্ছ নামৰ গণিতজ্ঞজন আচৰিত হৈছিল আৰু তেওঁ উত্তৰ দিছিল যে— আপোনাৰ কেৱল ৯০ শতাংশহে বিফল হয় নেকি, মোৰচোন...

বিশ্ববিদ্যালয়বোৰৰ এটা বহুমাত্ৰিক চৰিত্ৰ থাকে। ই এখন পিজি কলেজ নহয়। ইয়াৰ সত্তা বিশাল, য’ৰ পৰা নতুন দিশো নিজে অংকুৰিত হ’ব পাৰে। ই হৈছে নিজতে নিজেই পুনৰ সৃষ্টি হ’ব পৰা স্ব-মহিমামণ্ডিত এটা সত্তা। আৰু সেইবাবেই বিশ্ববিদ্যালয়ৰ উপাচাৰ্যজনক বিচৰা হয় সৰ্বজন শ্ৰদ্ধেয় ব্যক্তি হিচাপে। যিজন ব্যক্তিক সৃষ্টিশীলতা,...

সম্ভৱতঃ মোৰ আটাইতকৈ প্ৰিয় জুবিন গাৰ্গৰ কণ্ঠৰ গীত দুটা হৈছে— ‘জোনাক গলা জাৰৰ নিশা’ আৰু ‘এন্ধাৰ হ’ব নোৱাৰোঁ’। গীত দুটা সদায়েই গুণগুণাই নাথাকিলেও নিজে নিজে কেতিয়াবা মুখেৰে ওলাই আহে। আৰু কেতিয়াবা নিৰলে শুনি খুৱ ভাল লাগে। তেনেকৈ শুনিবলৈ কেতিয়াবা মনৰ পৰা নিজে নিজে আহি যায়...