টোকাবহী (অণু-প্ৰবন্ধ) : ১০১ – ১২০

(১০১)

হান কাঙে সাহিত্যৰ নোবেল বঁটা পাওঁতে আৰু তাৰ এবছৰ পূৰ্বে মিলান কুন্দেৰা ঢুকাওঁতে মই অসমীয়া সাহিত্য আলোচনীসমূহৰ লেখাবোৰ গোটাই লৈছিলোঁ। কাৰণ, সাহিত্য সমালোচনা পঢ়াটো সৰুৰে পৰা মোৰ হবি। কিন্তু, এই দুয়োবাৰেই এনেকুৱা অনুভৱ আৰু সন্দেহ হৈছিল যে কেইবাটাও প্ৰবন্ধত সমালোচকসকলে কিতাপবোৰ পঢ়া নাই। এনেকুৱা লাগিছিল যেন কিতাপবোৰ নপঢ়াকৈ AI ৰ সহায়ত সমালোচনা লিখিছে বা অনুবাদ কৰিছে। ফলত লেখাবোৰ যান্ত্ৰিক হৈছে বা কোনো সময়ত সংগতিহীন কথা লিখা যেনো লাগিছে। এনেদৰে আলোচনীবোৰৰ পৰৱৰ্তী লেখা পঢ়িবলৈ আগ্ৰহ কমি গৈছিল। আচলতে, বিভিন্ন কাৰকৰ ভিত্তিত পূৰ্বৰে পৰা এই আগ্ৰহ কমি আহিছিল। উদাহৰণস্বৰূপে, প্ৰায় দহ বছৰ ‘গৰীয়সী’ৰ নিয়মীয়া গ্ৰাহক আৰু পাঠক আছিলোঁ। তেতিয়া সম্পাদক আছিল চন্দ্ৰপ্ৰসাদ শইকীয়া। তেওঁৰ দিনত প্ৰতিটো সংখ্যাই যেনেদৰে আকৰ্ষণ কৰিছিল, তেওঁ ঢুকুৱাৰ পাছৰে পৰা সংখ্যাবোৰ গতানুগতিক হোৱা যেন লগা হ’ল। সেই ক্ষুধা এতিয়াও থাকি গ’ল, কিন্তু নিয়মীয়াকৈ পঢ়াৰ আগ্ৰহ কেতিয়াও ঘূৰি নাহিল। সেয়ে, আলোচনীসমূহৰ বিশেষ সংখ্যা বা চৰ্চিত হোৱা সংখ্যাবোৰ গোটাই লোৱাটো অভ্যাস হৈ পৰিছিল। কিন্তু, পাঠকে অনুভৱ কৰাৰ বাট ওলাল যে, চৰ্চাবোৰো বহু সময়ত পক্ষপাতদুষ্ট। যেনে, এবাৰ এখন আলোচনীৰ এটা গল্পই চৰ্চা লাভ কৰিলে। গল্পটো পঢ়িবলৈ মই গোটাই ল’লোঁ। ঠিক-ঠাক গল্প। ভালেই গল্প। পঢ়িব পাৰি। বা পঢ়া উচিত। কিন্তু গল্পটো লিখিছিল সেইখন আলোচনীৰে সম্পাদনা-সমিতিৰ মানুহে আৰু সেই সংখ্যাত কেৱল এটা গল্প প্ৰকাশ হৈছে। ফলত কেইজনমান লেখক-পাঠকৰ মনলৈ সংকোচ আহিল যে যদিহে গল্পটো সম্পাদনা-সমিতিৰ মানুহে নিলিখিলেহেঁতেন সেই চৰ্চাখিনি হ’লহেঁতেন নে? কিমান গল্পই ভিৰ কৰি থাকে, প্ৰকাশিত হ’বলৈ বাট বিচাৰি থাকে, তেনে অৱস্থাত এটা সংখ্যাত কেৱল এটা সৰু গল্পহে প্ৰকাশ পাবলৈ সেইটো ইমান বিশেষ গল্প নে? বেলেগ লেখকৰ হ’লেও বেলেগ কথা, নিজৰ আলোচনীত নিজৰ গল্প কেৱল এটা প্ৰকাশ কৰি সেয়া পাঠকৰ attention আদায় কৰাৰ দুষ্ট কৌশল নহয় নে? কথাখিনি শুনি মোৰ মনতো সংকোচ লাগিল, কথাটোতো হ’ব পাৰে। এইবোৰৰ ওপৰতে নতুন প্ৰযুক্তিয়ে পাঠকৰ ৰুচি আৰু সা-সুবিধা সলনি কৰা কথাবোৰো আহিল। যেতিয়া নিউজ চেনেলত দুখেৰে প্ৰচাৰ হয় যে কোনো ভ্ৰাম্যমান থিয়েটাৰ বন্ধ হৈছে, তেতিয়া মোৰ মনলৈ ভাব আহে যে এই বন্ধ হৈ যোৱাটোত নিউজ চেনেলৰো হাত নাই জানো! এই ক্ষেত্ৰত কোনো ব্যক্তিৰ বা কোনো প্ৰতিষ্ঠানৰ পোনপটীয়া প্ৰভাৱ নাই, কিন্তু ৰুচি সলনি ঘটাটোত সামূহিক প্ৰভাৱ নিশ্চয় আছে। প্ৰতি মুহূৰ্ততে চেনেলবোৰে দৰ্শকৰ মাজলৈ নাটক কঢ়িয়াই নি থাকে। বাতৰি উপস্থাপন হয় নাটকীয়তাৰে। দুৰ্ঘটনাত মৃত্যুৰ সংবাদ এনেকৈ নিদিয়ে যে “ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনৰ মৃত্যু। সবিশেষ বাতৰিৰ লিংক কমেণ্ট-বক্সত।” তাৰ সলনি বাতৰি দিয়া হয় এনেদৰেঃ “দেখিলে আপোনাৰ গা কঁপি যাব। কিমান ভয়ংকৰ হ’ব পাৰে দুৰ্ঘটনা ভালকৈ চাওক। গাৰ নোম শিয়ৰি উঠিব আপোনাৰ। চাবলৈ নাপাহৰিব কমেণ্ট-বক্সত।”

এবছৰৰ আগতে, মাহৰ মূৰত লাইব্ৰেৰীৰ আলোচনীৰ হলটোলৈ যাওঁ। হলটো সদায় খালিয়েই থাকে। হলটোত বহি থকা চাকৰিয়ালজনে কেইবাবাৰো সুধিছে, “তুমি অসমীয়াৰ নেকি?” মই কওঁ, “নহয়। মই গণিতৰ।” কেৱল সাহিত্যৰ ছাত্ৰ-ছাত্ৰীয়েহে সাহিত্যৰ আলোচনী চোৱা ধাৰণাটো বহু আগতেই গঢ়ি উঠিছিল।  সেয়ে, এতিয়াও যিকোনো এজন মানুহক যদি কোনোবাই সোধে যে কুৰি শতিকাৰ দহটা শ্ৰেষ্ঠ বা ভাল অসমীয়া কবিতা কি কি, তেতিয়া যিকোনো এজন লোকেই অকণো চিন্তা নকৰাকৈ কেইটামান কবিতা ক’ব পাৰিব। কিন্তু, একবিংশ শতিকাৰ তিনিটা দশক পূৰ হ’বলৈ বেছি দিন নাই যদিও, একবিংশ শতিকাৰ পাঁছটা কবিতাৰ নাম ক’বলৈ কেইজন সক্ষম হ’ব? 

এনেদৰে গৈ গৈ আৰু চাৰি-পাঁছ বছৰৰ পাছত আলোচনীবোৰ কেনে ৰূপত থাকিব? পাঠকৰ সংখ্যা লেখকতকৈ কম বুলি কেইবাবছৰৰ আগৰ পৰাই চৰ্চা হৈ আছেই।

এতিয়া এআই আৰু উন্নত হ’ল। এইবাৰ সাহিত্যৰ নোবেল বঁটা ঘোষণা হ’ল। কিন্তু অসমীয়া আলোচনীসমূহত ওলোৱা এই সম্পৰ্কীয় প্ৰবন্ধবোৰ গোটাই পঢ়িবলৈ মোৰ মনলৈ অকণো আগ্ৰহ অহা নাই। কাৰণ, যেতিয়া এআইৰ সহায়ত সাহিত্যিকগৰাকী আৰু তেওঁৰ সাহিত্য সম্পৰ্কে পঢ়ি চালোঁ সেয়া অতি সুন্দৰকৈ ব্যাখ্যা কৰি দিছে। সাহিত্যিকগৰাকীৰ এখনো কিতাপ নপঢ়াকৈ সেইবোৰ তুলি লৈ আলোচনীত একোটা প্ৰবন্ধ লিখিবলৈ একোজন সমালোচকক দুদিনো সময় নালাগিব। কোনো সময়ত এআইয়ে তাতোকৈ ভালকৈহে পাঠকক তৃপ্ত কৰি পাৰিব। এনেদৰে আলোচনীৰ প্ৰতি আগ্ৰহ কমি যোৱাৰ সময়ত, তাতে থকা সততাৰে লিখা ভাল প্ৰবন্ধও নপঢ়াকৈ ৰৈ যাব। কেতিয়াবা এনেকুৱা দিনো আহিব নেকি যে আলোচনীৰ সম্পাদকে কেইটামান পৃষ্ঠা খালী ৰাখিব লাগিব আৰু তেওঁ পাঠকক পঢ়িবলৈ দিব বিচৰা বিষয় এটাৰ সম্পৰ্কে এষাৰি লিখি দিব যে “প্ৰিয় পাঠক, আপুনি এই বিষয়টোৰ সম্পৰ্কে এআইত এনেকৈ সুধি এবাৰ পঢ়ি চাওকচোন।”

(১০২)

গণিতৰ এটা অতি গুৰুত্বপূৰ্ণ আৰু সন্মানীয় ডেটাবেচ হৈছে MathSciNet. ইয়াত গণিতৰ গৱেষণা-পত্ৰসমূহ তথ্যভুক্ত কৰা হয়। American Mathematical Society প্ৰকাশ কৰা এই ডেটাবেচটোৰ অফলাইন ভাৰ্চন আৰম্ভ হৈছিল ১৯৪০ চনতেই। ইয়াৰ প্ৰধান বৈশিষ্ট্য হৈছে, ই কেৱল যান্ত্ৰিক নহয়, সাধাৰণতে ইয়াত তথ্যভুক্ত হোৱা গৱেষণা-পত্ৰৰ একোটাকৈ ৰিভিউ লিখা হয়। প্ৰতিটো ৰিভিউ লিখিবলৈ একোজনকৈ বিশিষ্ট গৱেষকক দায়িত্ব দিয়া হয়। ইয়াৰ সম্পাদনা-সমিতিও আছে। MSC Code ব্যৱস্থাটো আন এটা ডেটাবেচৰ সৈতে MathSciNet য়েই প্ৰতিষ্ঠা কৰিছিল। এই বছৰ MathSciNet এ ৩০ বৰ্ষপূৰ্তি উদযাপন কৰিছে।

(১০৩)

AI এ মানুহৰ মনলৈ যি সংশয় কঢ়িয়াই আনিছে, সেয়া হয়তো আমি এক অভিনৱ যুগৰ সন্ধিক্ষণত প্ৰৱেশ কৰাৰহে ইংগিত। আচলতে চিন্তা কৰিবলগীয়া হয়তো নাই। কাৰণ, মানৱ ইতিহাসে এনে বৈজ্ঞানিক যুগান্তৰৰ বহু ৰোমাঞ্চকৰ অধ্যায় পাৰ কৰি আহিছে। এনে প্ৰতিটো আতংকই হৈছে বহু সময়ত আচলতে নৱতম যুগ সৃষ্টিৰ প্ৰাৰম্ভিক পৰিচয়হে।

যেতিয়া দুজন অখ্যাত চাইকেল দোকানী ৰাইট ভাতৃদ্বয়ে প্ৰথমবাৰৰ বাবে আকাশত মানৱ চালিত বিমান উৰাবলৈ সক্ষম হৈ যুগান্তৰৰ সূচনা কৰিছিল, তেতিয়া পৃথিৱীত আতংক বিয়পি পৰিছিল: “এতিয়া কি হ’ব? সকলো শেষ! দেশবোৰৰ সীমা সুৰক্ষা খটম হৈ যাব, চহৰবোৰ ধ্বংস হৈ যাব, গোপনীয়তা বুলি একো নাথাকিব, নৈতিকতা হেৰাই যাব…।” একেই পৰিৱেশৰ সৃষ্টি হৈছিল মহাকাশত প্ৰথমবাৰৰ বাবে মানুহে প্ৰৱেশ কৰিবলৈ সক্ষম হওঁতে। এসয়মত মানুহৰ হৃদয়খন হৃদযন্ত্ৰত থকা বুলি গণ্য কৰা হৈছিল। সেয়ে মানৱ হৃদযন্ত্ৰৰ প্ৰথম transplant টো কৰিবলৈ লওঁতে বিতৰ্কত তোলপাৰ হৈছিল সমগ্ৰ বিশ্ব। এজনৰ হৃদয়খন নি আন এজনৰ শৰীৰত লগোৱাটো ঈশ্বৰৰ ইচ্ছাৰ বিৰোধী কাৰ্য বুলিও ধৰা হৈছিল। পাৰমানৱিক বোমাৰ পৰীক্ষণে বাৰ্ট্ৰাণ্ড ৰাছেলৰ দৰে দাৰ্শনিক আৰু গণিতজ্ঞক তেওঁৰ ’অ-জনপ্ৰিয় প্ৰবন্ধ’ নামৰ বিখ্যাত গ্ৰন্থখনত এনেকুৱা ভৱিষ্যৎ বাণী কৰিবলৈ বাধ্য কৰিছিল যে পৃথিৱীখন কুৰি শতিকাতে শেষ হৈ যাব। এয়া হঠাতে মনত পৰা কেইটামান উদাহৰণহে। এনে পৰিঘটনা বহুতো আছে। আনকি, ইণ্টাৰনেটৰ আগমনে মানুহৰ জ্ঞান আহৰণ অন্ত পেলাব বুলিও জগতত হুলস্থূল লাগিছিল। কিন্তু সময়ে নতুন দুৱাৰহে মুকলি কৰি দিলে।

(১০৪)

যিসকলে AI ব্যৱহাৰ (ethically) নকৰে তেওঁলোক হয়তো বিশ্বমানৰ গৱেষণাত পিছ পৰি যাব। গণিতজ্ঞ Doron Zeilberger এনেকৈও কয় যে— আমি এতিয়া নকওঁ যে নিশা ৰূমত বা পদপথত ব্যৱহাৰ কৰা লাইটবোৰ artificial light, কেৱল সূৰ্য বা চন্দ্ৰৰ পোহৰহে আচল পোহৰ বা আমি এতিয়া নকওঁ যে electronic mail, তাৰ পৰিৱৰ্তে আমি এতিয়া কওঁ email বা mail, ঠিক তেনেকৈ এতিয়া AI ৰ পৰা A টো আঁতৰাই দিব পৰা হৈ গৈছে। আজি মুকলি হোৱা এখন গৱেষণা-পত্ৰত AI ব্যৱহাৰ কৰি কেন অ’নো আদি কেইজনমান গণিতজ্ঞই মৌলিক সংখ্যাৰ মাজৰ সূক্ষ্ম ব্যৱধানৰ সীমা ২১২ লৈ কমাই আনিবলৈ সক্ষম হৈছে। Twin prime conjecture টো প্ৰমাণৰ দিশে এইটো হৈছে আন এক বৃহৎ পদক্ষেপ।

কিন্তু, আমাৰ দৰে দেশত অতি সাধাৰণ পৰ্যায়তো AI ব্যৱহাৰ কৰাটো সহজ আৰু সুলভ নহয়। ই আমাৰ দেশৰ গৱেষণা আৰু উন্নত দেশৰ গৱেষণাৰ মাজত আগতকৈও অধিক বৃহৎ ব্যৱধানৰ সৃষ্টি কৰিবলৈ গৈ আছে। কিছুদিন পূৰ্বে মই arXiv ত এটা প্ৰিপ্ৰিণ্ট আপলোড কৰিছিলোঁ। সেইটো পঢ়ি তিনিজন বেলেগ বেলেগ গৱেষকে বেলেগ বেলেগ কাৰণত মোলৈ মেইল কৰিছিল। তাৰ মাজৰ এজন আছিল El Bachraoui ৰ দৰে গণিতজ্ঞ, যাক মোৰ দৰে বহুতে যোৱাৰ দুই-তিনিবছৰ ধৰি একেৰাহে লক্ষ্য কৰি আছোঁ, যি নেকি কিংবদন্তি সদৃশ গণিতজ্ঞ George Andrews ৰ সৈতে অত্যন্ত উৎপাদশীলতাৰে যোৱা কেইবছৰমান ধৰি কাম কৰি আছে। মোক আচৰিত কৰা কথাটো হ’ল, তেওঁলোক আটায়ে AI ব্যৱহাৰ কৰি ফলাফল উলিয়াই মোৰ কামটোৰ সম্পৰ্কত মেইল প্ৰেৰণ কৰিছিল। তাৰে এজনে AI সঁজুলিত উৎপন্ন হোৱা ফাইলসমূহো মোলৈ প্ৰেৰণ কৰিছিল। কিন্তু, সেই ফাইলসমূহ চলাব পৰাকৈ মোৰ হাতত কোনো ব্যৱস্থাই নাই!!

(১০৫)

যিকোনো সুন্দৰ বা মহত্তম সৃষ্টিৰ বাবে একেৰাহে ২৪ ঘণ্টা কাম কৰাটোও কেতিয়াবা পৰ্যাপ্ত নহয়। ই দীৰ্ঘ সময়লৈ অহৰহ মনোযোগ বিচাৰে যাতে বিন্দুবোৰ সংযোগ কৰিব পাৰি, নহ’লে বহু বিন্দু হেৰাই যায়, ফলত কামটো উপযুক্ত মানৰ হৈ নুঠেগৈ। মৌলিক সৃষ্টিয়ে নিজেও জগাই ৰাখে সৃষ্টি কৰোঁতাক। সেই দীৰ্ঘ সময়খিনিত আনকি আধা টোপনিত কিছুপৰ বাগৰি পৰাৰ সময়তো মগজে কামেই কৰি থাকে। এনেদৰেই কোনোবা অসামান্য শিল্পী হয় নতুবা জিনিয়াছ হয়। আৰু শেষত কেৱল ফলটো মুকলি হয়, আঁৰত থাকে হেজাৰ কৰ্ষণ।

(১০৬)

পাঠকৰ উত্তৰণ নাই, সেয়ে লেখকে মচলা লিখে, ফলত সাহিত্যৰ উত্তৰণ নাই, গতিকে পাঠকৰ উত্তৰণ নাই।

(১০৭)

আমি যিধৰণে গৱেষণা কৰি আছোঁ, আৰু মাথোঁ দুই-তিনিবছৰৰ পাছত হয়তো তেনেধৰণে মানুহে গৱেষণা কৰাৰ প্ৰয়োজন নাথাকিব। গৱেষণাৰ ধৰণত ব্যাপক সলনি ঘটিব। যোৱা ৮০ বছৰ ধৰি বিশ্বৰ বহু গণিতজ্ঞক নচুৱাই থকা এটা সমস্যা AI ৰ জৰিয়তে সমাধান হোৱাক লৈ যোৱা কেইদিনমান ধৰি বিশ্বত তোলপাৰ লাগি আছে। আগশাৰীৰ সংবাদ মাধ্যম, আগশাৰীৰ গণিতজ্ঞ, সকলোৰে চৰ্চাৰ বিষয় হৈ পৰিছে এইটো। সেই সমস্যাটো হৈছে এটা অনুমান (কনজেকচাৰ)। যিটো আগবঢ়াইছিল পল এয়াৰডছ নামৰ কুৰি শতিকাৰ মহান গণিতজ্ঞজনে। এতিয়া সেই অনুমানটো ভুল বুলি প্ৰমাণিত হৈছে, এআইৰ জৰিয়তে। এই কাৰ্যটো গণিত-বিজ্ঞানৰ জগতখনৰ এটা বৃহৎ আৰোহণ, এটা বৃহৎ জাপ বুলি বিবেচিত হৈছে।

‘আন্তঃৰাষ্ট্ৰীয় গাণিতিক সংঘ’ই প্ৰতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰা গণিতৰ সৰ্ববৃহৎ সন্মিলনখন এইবাৰ অহা জুলাই মাহত হ’বলৈ গৈ আছে। তাতে ফিল্ড্‌ছ্‌ মেডেলিষ্ট আৰু আজিৰ যুগৰ এগৰাকী মহান গণিতজ্ঞ টেৰেন্স টাওৰ বক্তৃতাৰ বিষয় হ’ব— “এআইৰ যুগত গণিত”! ই একপ্ৰকাৰৰ অভাৱনীয় ঘটনা। ইতিমধ্যে এই বক্তৃতাৰ প্ৰতি অলেখ মানুহৰ কৌতূহলৰ সৃষ্টি হৈছে। এআয়ে মানুহৰ গণিত কৰাৰ ধৰণো সলাই পেলাব।

যেনেদৰে ৱিকিপিডিয়া অহাৰ পাছত জীৱনী-সাহিত্যলৈ পৰিৱৰ্তন আহিল। এআই অহাৰ পাছত, সকলো প্ৰবন্ধ পঢ়াৰ প্ৰয়োজন নোহোৱা হ’ল বা লেখকসকলে কিছুমান প্ৰবন্ধ লিখিবলৈ বাদ দিব লগা হ’ব। তেনেকৈ, বৈজ্ঞানিক গৱেষণাৰো পৰিৱৰ্তন আহিব। এআয়ে কৰিব নোৱৰা কি কাম আমি কৰিব পাৰিম, সেই দিশত অন্বেষণ কৰিলেহে নতুন গৱেষণাৰ বাবে পথ পোৱা যাব। এই ক্ষেত্ৰতেই আহিল প্ৰধান সমস্যাটো। এই ক্ষেত্ৰত সমস্যাটো এআই ভাল নে বেয়া সেই লৈ নহয়। সমস্যাটো হ’ল— এআইক গ্ৰহণ কৰাৰ সামৰ্থ্য কাৰ কাৰ আছে? এই পৰিৱৰ্তনবোৰ গ্ৰহণ কৰাৰ সামৰ্থ্য আমাৰ এতিয়াও নাই। যিসকলে গ্ৰহণ কৰিব পাৰিব, তেওঁলোকৰ দেশ বা তেওঁলোকৰ প্ৰতিষ্ঠানবোৰ আগবাঢ়ি যাব পাৰিব। এআইৰ উন্নত সঁজুলিবোৰ এতিয়াও বিশ্বৰ সৰু বিশ্ববিদ্যালয়সমূহলৈ অহা নাই। যিবোৰ ব্যক্তিগতভাৱে ক্ৰয় কৰাটোও ছাত্ৰ-ছাত্ৰীৰ বাবে সম্ভৱ নহয়। উন্নত বা অনুন্নত দেশ অনুসৰি পূৰ্বতেও যেনেকৈ গৱেষণাত বৃহৎ প্ৰভেদ আছিল, এতিয়া এই কথাবোৰেও তেনেকুৱা প্ৰভেদ ব্যাপক হাৰত বৃদ্ধি কৰিব। কিছুমান দেশৰ পৰা সঘনে উন্নত গৱেষণা-কৰ্ম প্ৰকাশিত হ’ব, সিমান সময়ত অনুন্নত দেশবোৰে একো বুজিয়েই নাপাব।

আমি যদি বিনামূলীয়া সঁজুলিবোৰৰ অতি সহজ উদাহৰণলৈ চাওঁ! সেইবোৰৰ সহায়তে এতিয়াই কিমান সুবিধা পোৱা গৈছে! এতিয়া একো-একোটা চিত্ৰ আঁকিবলৈও আমি পুৰণা চফ্টৱেৰবোৰ শিকি থাকিব নালাগে। বা তাৰবাবে ক’ডবোৰ মনত ৰাখিবও নালাগে। ধৰাহওক, এটা বৃত্ত আঁকিব লগা হৈছে। তাৰবাবে, আগতে এটা চফ্টৱেৰ চলাবলৈ শিকিব লাগিছিল যাতে বৃত্তটো ফটো ৰূপে পাব পাৰি। নতুবা কিছুমান ক’ড শিকিব লাগিছিল, যিখিনিৰ সহায়ত বেলেগ চফ্টৱেৰ চলাই বৃত্তটোৰ বাবে ক’ডখিনি উলিয়াই ল’ব পাৰি। কিন্তু এতিয়া এআই সঁজুলিত নিৰ্দেশ দি বৃত্তটো অঁকাটো ছেকেণ্ডৰ কাম। ফলত, তেনেকৈ কাম কৰিলে বহু সময় বাছি গৈছে। গতিকে, সহজেই অনুমেয় যে এআইৰ উন্নত সঁজুলিবোৰ নোপোৱাসকলৰ কিমান অনিষ্ট হৈ থাকিব!

(১০৮)

গেব্ৰিয়েল মাৰ্কেজৰ অমৰ উপন্যাস ‘One Hundred Years of Solitude’খন লিখোঁতে ওঠৰ মাহ সময় লাগিছিল। বিশ্বত সৰ্বাধিক সংখ্যক পাঠক লাভ কৰা উপন্যাসসমূহৰ ভিতৰত এইখন হেনো অন্যতম। মাৰ্কেজে এইখন লিখিছিল এটা টাইপ-ৰাইটাৰত। আচলতে তেওঁ সকলো লেখাই টাইপ-ৰাইটাৰত লিখিছিল, তেওঁ একোৱেই কাগজত লিখা নাছিল, তাৰ বাবে কলম লোৱাই নাছিল, কলমত চিঞাহী ভৰাই থাকিব লগা হোৱাই নাছিল। ওঠৰ মাহ সময় দিন-ৰাত তেওঁ কেৱল টাইপ-ৰাইটাৰটোত খট খট খট খট কৰি আছিল আৰু গোটেই সাহিত্য জগত সলাই পেলাইছিল। সেই টাইপ-ৰাইটাৰটো কলম্বিয়াৰ ৰাষ্ট্ৰীয় পুথিভঁৰালত সংৰক্ষণ কৰি থোৱা হৈছে। এতিয়া, যদি মাৰ্কেজক কাগজত লিখিবলৈ দিয়া হ’লহেঁতেন, তেন্তে কিজানি এইখন উপন্যাস লিখিব নোৱাৰিলেহেঁতেন। আনহাতে, কেৱল এইখনেই নহয়, তেওঁ অসাধাৰণ গল্প-উপন্যাস আৰু লিখি থৈ গৈছে টাইপ-ৰাইটাৰ ব্যৱহাৰ কৰি। আজিকালি বহু মানুহে কাগজত লিখিব নোৱাৰে, টাইপ-ৰাইটাৰততো নোৱাৰেই। বহুতে কেৱল মোবাইলত লিখে বা কম্পিউটাৰতহে লিখে। তাত নিলিখিলে তেওঁলোকৰ কথাবোৰ ওলাই নাহে। অৰ্থাৎ বহুতো নতুন লেখকৰ সৃষ্টিত মোবাইল আৰু কম্পিউটাৰৰ এইটো ধৰণৰ অৱদানো আছে। সেইদৰে, মোৰ মনলৈ মাজে মাজে ভাব আহে অসমীয়া সাহিত্য জগতত এনে বহু লেখক আছে, যিসকল হয়তো আৰু বহু বিখ্যাত লেখক হ’লহেঁতেন বা মহৎ লেখক হ’ব পাৰিলেহেঁতেন। কিন্তু তেওঁলোক নোহোৱাকৈ থাকিল, যিটো তেওঁলোকৰ লেখাৰ গুণ কম থকাৰ বাবে নহয়, আচলতে তেওঁলোকে লিখিবলৈ নতুন ডিভাইছ এতিয়াও বিজ্ঞান জগতে সৃষ্টি কৰাই নাই। কেৱল অসমীয়াই নহয়, বিশ্বৰ যিকোনো ভাষাৰে লেখক হ’ব পাৰে। সেই নতুন ডিভাইছ এতিয়াও ভৱিষ্যতৰ গৰ্ভত বাবেই বহু মহৎ গল্প-উপন্যাস লিখা হোৱা নাই। এশ বছৰৰ পাছত বা পঞ্চাছ বছৰৰ পাছত যেতিয়া নতুন ডিভাইছ ওলাব, সেই ডিভাইছত হয়তো তেওঁলোকেও মহৎ কিবা লিখি পেলাব!

(১০৯)

গণিত জনপ্ৰিয়কৰণৰ বাবে যিবোৰ কাৰ্যসূচী লোৱা হয়, সেইবোৰত সাধাৰণতে দুটা কামেই প্ৰধানকৈ কৰা হয়। যি মাধ্যমেই নহওক কিয় — প্ৰবন্ধ, ভিডিঅ’, লেকচাৰ — সকলোতে সাধাৰণতে সেই দুটা কামেই প্ৰধানকৈ কৰা হয়।

সেই কাম দুটা হৈছেঃ

ক) কিবা-কিবি বৈশিষ্ট্য কিছুমান মডেলৰ সহায়ত বুজাবলৈ চেষ্টা কৰা হয়। কিবা জ্যামিতিক চিত্ৰ ব্যৱহাৰ কৰাৰ চেষ্টা কৰা হয়। বিভিন্ন আকৃতিৰ বস্তু বা আৰ্হিত প্ৰকাশ কৰি দেখুৱাবলৈ চেষ্টা কৰা হয়। উদাহৰণস্বৰূপে, (a+b)^2 সূত্ৰটো বৰ্গ-আয়ত কেইটামান আঁকি আমোদ দিবলৈ চেষ্টা কৰা হয়।

খ) কিবা-কিবি কিছুমান বৈশিষ্ট্য বাস্তৱত ক’ত প্ৰয়োগ হৈছে, সেয়া তথ্য সহকাৰে ক’বলৈ, সম্ভেদ দিবলৈ চেষ্টা কৰা হয়। উদাহৰণস্বৰূপে, ত্ৰিকোণমিতি ব্যৱহাৰ কৰি মানুহ এজনৰ বা গছ এজোপাৰ ছাঁটোৰ দৈৰ্ঘ্যৰ জোখটো লৈ প্ৰকৃত উচ্চতাটো উলিয়াই লৈ, প্ৰয়োগ কেনেকৈ হৈছে তাকে কোৱা হয়।

গণিত জনপ্ৰিয়কৰণৰ ক্ষেত্ৰত এই দুটা কাম গুৰুত্বপূৰ্ণ, কিন্তু তাৰ মাজত এটা কাম থাকি যায়। এই দুটা পদ্ধতিয়ে প্ৰধানকৈ তিনিধৰণৰ মানুহক আকৰ্ষিত কৰিব পাৰেঃ

১) গণিতত কিছু বেয়া ছাত্ৰ-ছাত্ৰীসকল।

২) গণিত বেয়া পাই এৰি দি বেলেগ বিষয়লৈ গুচি যোৱা সাধাৰণ লোকসকল।

৩) প্ৰায়োগিক গণিতৰ প্ৰতি সহজাত আকৰ্ষণ থকা লোকসকল। যিসকল লোক পাছলৈ গাণিতিক পদাৰ্থবিজ্ঞান আদি আন আন বিষয়লৈ গুচি যাব পাৰে।

কিন্তু, সেই দুয়োটা কাম যদি বিশুদ্ধ গণিতৰ প্ৰতি আকৰ্ষিত হ’বলগীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে কৰি থকা হয়, তেওঁলোক বিৰক্ত হোৱাৰ সম্ভৱনাই প্ৰচুৰ।

(১১০)

কবি নীলমণি ফুকনক ঋষি কবি, কাব্য ঋষি, ঋষি তুল্য, আদিৰে বিভূষিত কৰা হয়। কবিগৰাকীক ঋষি কবি বুলি সৰ্বপ্ৰথমে কোনে কৈছিল? একোজন ব্যক্তিক এনে বিভূষণবোৰ কোনে দিয়ে সিয়ো এক কুইজত পৰিণত হয়। যেনে, মোহনদাসক মহাত্মা গান্ধী বুলি কোনে কৈছিল? শংকৰক শংকৰদেৱ বুলি কোনে কৈছিল? মেৰী কুৰিয়ে মাদাম কুৰি নাম কেনেকৈ পাইছিল?

ধাৰণা হয় যে ১৯৯৩ চনত হীৰেন গোহাঁইয়ে লিখা এটা বিখ্যাত প্ৰবন্ধৰ ভিত্তিত কবিগৰাকীক ঋষিকবি বুলি কোৱা হয়। এয়া মোৰ ধাৰণাহে, শুদ্ধ হয় নে নহয় নাজানো।

কিন্তু, ঋষিকবি মানেনো কি? ঋষি বুলি কৈ তেওঁক কি বুজোৱা হৈছে? তেওঁ কেনেকুৱা ধৰণৰ ঋষি? তেওঁনো কেনেকুৱা কবি?

এই প্ৰশ্নৰ উত্তৰ হীৰেন গোহাঁইৰ সেই বিখ্যাত লেখাটোৰ পৰাই পাব পাৰি। তেওঁ লিখিছিল—

“… এই ৰহস্যভেদী প্ৰায় ঋষিসুলভ চেতনাৰ অধিকাৰী হৈও তেওঁ অতীন্দ্ৰিয় আধ্যাত্মিকতাৰ দূত নহয়। তেওঁ নিবিড়ভাবে পাৰ্থিব, নিতান্ত মানৱীয় জীৱনৰ কবি। তেওঁ আৱিষ্কাৰ কৰা সকলো ৰহস্য মানৱজীৱনৰ ৰহস্য। প্ৰতীকবাদী কালছোৱাত কথাটো কিছু অস্পষ্ট হৈ থাকিলেও পৰিণত কাব্যসাধনাৰ পৰ্যায়ত কথাটো সন্দেহাতীতভাবে প্ৰতীয়মান হৈছে। মানৱজীৱনৰ গৌৰৱ, মহিমা, সংকট আৰু বিপৰ্য্য়য় তেওঁৰ কাব্যৰ উপজীব্য। কোনো আধ্যাত্মিক প্ৰসাধন ব্যৱহাৰ নকৰাকৈ তাৰ অধঃপতনত তেওঁ শিয়ঁৰি উঠিছে আৰু তাৰ গৰিমাত ৰোমাঞ্চিত হৈছে। তেওঁৰ চিন্তা আৰু উপলব্ধিৰ কেন্দ্ৰবিন্দু মানৱতাবাদী।”

(১১১)

দুদিন পূৰ্বে শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াই ইণ্টাৰনেটত অসমীয়া প্ৰবন্ধ, অসমীয়া তথ্য, অসমীয়া সাহিত্য আদি সন্নিৱিষ্টকৰণ, নতুন ৰূপৰ এআই, আদিৰ সম্পৰ্কে দিয়া ভাষণটো কোনো কোনো বিশিষ্ট সাংবাদিক, লেখক আদিয়েও খুব প্ৰশংসা কৰিছে। ইয়াৰে আন প্ৰসংগলৈ নগৈ মই এটা কথাহে ক’ব খুজিছোঁ। অসমীয়া প্ৰেছসমূহে, মানে গ্ৰন্থ প্ৰকাশকসকলেও, ২০০৪ চনতে বন্ধ হোৱা Adobe PageMaker চফ্টৱেৰটো ব্যৱহাৰ কৰি থকা বাবে মন্ত্ৰীগৰাকীয়ে ভাষণটোত সমালোচনা কৰিছে। এতিয়াও PageMaker ব্যৱহাৰ কৰা কাৰ্যটো লৈ আন বিভিন্ন সময়তো আলোচনা হৈ থকা দেখা যায়। এতিয়াও ইয়াক ব্যৱহাৰ কৰি থকা বাবে হোৱা এটা সমস্যা হ’ল— কোনো কিতাপত যদি গাণিতিক বা বৈজ্ঞানিক সূত্ৰ থাকে, তাতে যদি সংখ্যা যুক্ত হৈ থাকে, তেন্তে সেইসমূহ ইংৰাজীতে লিখিব লগা হয়। সূত্ৰসমূহত ‘অসমীয়া আখৰ’ ১, ২, ৩ আদি লিখিব পৰা নাযায়। বা পাৰিলেও, কামটোত বহুতো খেলিমেলি হয় বাবে সূত্ৰসমূহ সাধাৰণতে ইংৰাজীতে থ’ব লগা হয়। কথাটো হ’ল, এতিয়াও PageMaker ব্যৱহাৰ কৰি থাকিব লগা হোৱাৰ কাৰণসমূহ কি? কেৱল সেয়াই নহয়, যদি Latex ব্যৱহাৰ কৰি সূত্ৰসমূহ অসমীয়াত লিখি একোখন আলোচনী বা কিতাপৰ আৰ্হি সম্পূৰ্ণকৈ নিজে প্ৰস্তুত কৰি পিডিএফ কৰি দিয়া হয়, তেতিয়াও সেইখন প্ৰিণ্ট কৰাটোত অসুবিধা থাকে বুলি জানিবলৈ পোৱা যায়। আধুনিক চফ্টৱেৰত নতুন প্ৰযুক্তিৰ সৈতে মিলাকৈ অসমীয়া ইউনিক’ড ফণ্ট ব্যৱহাৰ কৰিবলৈ যিমান খৰচ হয় সিমান ধন অসমীয়া প্ৰেছসমূহে বহন কৰিব নোৱাৰে বাবে এই সমস্যাবোৰ ঘটে নেকি? সেয়ে, উন্নত প্ৰযুক্তি যুক্ত নৱতম চফ্টৱেৰসমূহৰ ব্যৱহাৰ সুচল কৰি দিবলৈ প্ৰকাশকসকলে শিক্ষামন্ত্ৰীক আহ্বান জনোৱাৰ এয়াই হয়তো উপযুক্ত সময়।

(১১২)

এইবাৰ দুদিনীয়াকৈ আয়োজিত সৰস্বতী পূজাৰ মাজতে শিক্ষা-জগতৰ এটা খবৰে সমগ্ৰ দেশ তোলপাৰ লগাইছে। খবৰটো হৈছে, মহাবিদ্যালয়-বিশ্ববিদ্যালয়সমূহক ৰেটিং প্ৰদান কৰা ‘নাক’ৰ মূল্যায়ন গোটৰ অধ্যক্ষকে ধৰি দহজন ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু সেইবাবে, মোৰ বাৰে বাৰে মনত পৰি আছে ‘কুলাংগাৰ’ উপন্যাসখনৰ ‘নাক’ শীৰ্ষক অধ্যায়টোলৈ। এই কাহিনী আন কোনোবাই লিখিছেনে নাই এতিয়াও মই পঢ়িবলৈ পোৱা নাই। (আন এখন উপন্যাসত লিখিছে বুলি শুনিছোঁ, সেইখন কেইমাহমান পাছতহে পঢ়িম।) এই দুটা দিনৰ সংবাদ অনুসৰি, নাকৰ টীমৰ সদস্যকেইজনে ধন লৈ কোনো শিক্ষা প্ৰতিষ্ঠানক উচ্চ গ্ৰেড প্ৰদান কৰিছে। এইধৰণৰ অভিযোগবোৰ বহুযুগীয়া। শেহতীয়া ঘটনাটোত চিবিআয়ে বিছটা স্থানত অভিযান চলাই সাতত্ৰিছ লাখ টকাকে ধৰি আন কিবাকিবি জব্দ কৰিছে। মূল্যায়ন গোটৰ ব্যক্তিসকলক কোনো প্ৰতিষ্ঠানে উচ্চ গ্ৰেড লাভৰ বাবে ধনৰ লগতে সোণ, মোবাইল আদিও বোলে প্ৰদান কৰিছিল।

মানুহে বিনিময়ৰ সুবিধাৰ বাবে মুদ্ৰাৰ প্ৰচলন কৰিছিল। কিন্তু মুদ্ৰা মানে আমি কেৱল ধনকে বুজিলেই নহ’ব। বিনিময়ৰ বাবে বা বিক্ৰীৰ বাবে সকলোকে এতিয়াও কেৱল ধনৰে প্ৰয়োজন নহয়। একোজন ৰাজনৈতিক নেতাই যদি একোজন বুদ্ধিজীৱীক কিনিব বিচাৰে তেন্তে নেতাজনক ধনৰ প্ৰয়োজন নহ’বও পাৰে। নেতাজনে যদি বুদ্ধিজীৱীজনে বিশ্বাস কৰা কথা কিছুমান তেওঁৰ ঘৰলৈ গৈ কৈ শুনায় বা বুদ্ধিৱীজীজনে ভাল বুলি ভবা কথা কিছুমান কৈ নিজৰ কৃত্ৰিম পাণ্ডিত্য প্ৰকাশ কৰিব পাৰে, তেন্তে অনায়াসে বুদ্ধিজীৱীজন বিক্ৰী হৈ যাবও পাৰে। এই ক্ষেত্ৰত মুদ্ৰাটো ধন বুজোৱা কাগজখিলা নহয়। য়ুভাল নোৱা হাৰাৰিয়ে মুদ্ৰাক মানুহে সৃষ্টি কৰা আটাইতকৈ সফল সাধু-কথাটো বুলিও অভিহিত কৰিছে। আপুনি এটা বান্দৰক দহ টকা দি বিনিময়ত দহটা কল তাৰ পৰা ল’ব নোৱাৰে। কিন্তু মানুহৰ পৰা পাৰে। কাৰণ মানুহেহে মুদ্ৰা নামৰ সাধুটো বিশ্বাস কৰে, আন কোনো জীৱই বিশ্বাস নকৰে। এতিয়া, নাকৰ এই টীমটোৰ লগত কিছুমান হাতেৰে চুব পৰা মুদ্ৰা পোৱা গৈছে, কিন্তু হাতেৰে চুব নোৱৰা মুদ্ৰাবোৰ বিচাৰি উলিওৱাৰ কোনো উপায় এতিয়া মানুহে আৱিষ্কাৰ কৰা নাই। যেনে, নাকৰ টীমৰ ভৰি চুই ভাল গ্ৰেড লোৱা, বৃহৎ আয়োজনেৰে মাৰ্চপাষ্ট কৰি তেওঁলোকক সুখী কৰিবলৈ চেষ্টা কৰা, আদি মুদ্ৰাবোৰ চিৰ-গোপন কক্ষত সঞ্চিত হৈ থাকি যায়। এই মুদ্ৰাবোৰৰ বিনিময়ে কিমান গভীৰলৈ প্ৰভাৱ পেলাব পাৰে তাৰে কিছু কথা ‘কুলাংগাৰ’ৰ ‘নাক’ অধ্যায়টোত আছে।

(১১৩)

এইবাৰ বিছখনতকৈও অধিক নতুন অসমীয়া গ্ৰন্থৰ নাম ইংৰাজী দেখিলোঁ। ই এক সাধাৰণ কথা নহয়। এয়া হয়তো বৰ্তমান সময়টোৰ এটা ধাৰা। সেয়েহে কথাটোৱে মনত ক্ৰিয়া কৰে। যদি হোমেন বৰগোহাঞিয়ে ‘আত্মানুসন্ধান’ এতিয়া লিখিলেহেঁতেন, তেন্তে সেইখনৰ নাম তেওঁ Introspection বা Self-discovery বা In search of me আদি ধৰণৰ কিবা এটা দিলেহেঁতেন নেকি? তেওঁতো ইংৰাজী সাহিত্যৰ মানুহ, গোটেই জীৱন ইংৰাজী সাহিত্য পঢ়ি কটালে, আৰু আগতে বহুতে কোৱা বা লিখা পাইছিলোঁ যে হোমেন বৰগোহাঞিৰ বাবেই তেওঁলোকে ইংৰাজী সাহিত্যত স্নাতক বা স্নাতকোত্তৰ পঢ়িবলৈ অনুপ্ৰেৰণা পাইছিল। তথাপি তেওঁ আত্মানুসন্ধানহে দিলে নামটো। সেইদৰে হাৰ্ভাৰ্ডত থকা ৰুবুল মাউতে ‘মোৰো এটা সপোন আছে’ লিখিলে। তেওঁ ‘I too have a dream’ নিলিখিলে। দিগন্ত ওজাৰ এইবাৰ প্ৰকাশিত ‘বাইছ গজৰ যুঁজাৰু’খন দেখাৰে পৰা মনলৈ আহি আছে যে তেওঁ নামটো ‘বাইছ গজৰ ফাইটাৰ’ বা তেনেকুৱা কিবা নিদিলে। অৱশ্যে যদি বেলেগ ভাষাৰ নিদিলেই নহয়, তেতিয়া কথাটো বেলেগ। যেনে, হোমেন বৰগোহাঞিয়েও ‘এপিটাফ’ লিখিছিল।

(১১৪)

গডফ্ৰে হেৰল্ড হাৰ্ডি যদি অসমত জন্ম হ’লহেঁতেন, তেন্তে তেওঁ বাতৰি-কাকতত টুক-টাককৈ চিঠি-পত্ৰ বা নিবন্ধকেইটামান লিখিব লাগিলহেঁতেন। নহ’লে তেওঁৰ কিবা অৱদান আছে বুলি ধৰা নহ’লহেঁতেন। ৰামানুজন তেতিয়া অসমলৈ আহিব লাগিলহেঁতেন, আৰু তেওঁ অসমীয়াত দুষাৰমান বাক্য কৈ এটা ভিডিঅ’ আপলোড কৰিলেহেঁতেন। হেৰল্ড হাৰ্ডিয়ে তাৰ পাছত আমেৰিকা-জাপান-চীনলৈ ফুৰিবলৈ গ’লহেঁতেন। আৰু তেওঁ তিনিখন কিতাপ লিখিলেহেঁতেন। এখনৰ নাম ‘আমেৰিকাৰ ডায়েৰি’, আনখন ‘জাপানৰ চিঠি’, আৰু শেষৰখন ‘চীনৰ সোঁৱৰণি’। লগে লগে তেওঁ অসম সন্তান বুলি পৰিচিত হ’লহেঁতেন। নহ’লে তেওঁৰ অৱদান পাটীগণিতৰ বৃহৎ শূন্যটো বুলি ধৰা হ’লহেঁতেন। 

য়ুভাল ন’ৰা হেৰাৰীয়ে যদি অসমত জন্মগ্ৰহণ কৰিলেহেঁতেন, তেওঁ এখন হ’লেও উপন্যাস, গল্প-পুথি, কবিতা-পুথি বা আত্মজীৱনী লিখিলেহেঁতেন। নহ’লে তেওঁক লেখক বুলি কোনেও নধৰিলেহেঁতেন। তেওঁ বিভিন্ন সভাবোৰলৈ নিমন্ত্ৰণ পালেহেঁতেন। আৰু সভাৰ পৰা উভটি বাতৰি-কাকতত আয়োজক তথা তেওঁৰ আলপৈচান ধৰাকেইজনক প্ৰতিভাৱান বুলি উল্লেখ কৰিবলৈ একোটা প্ৰবন্ধ লিখিলেহেঁতেন।

ষ্টিফেন হকিং যদি অসমত জন্ম হ’লহেঁতেন আৰু ইয়াতেই তেওঁ লিখি পেলালেহেঁতেন তেওঁৰ সেই বিখ্যাত গ্ৰন্থ ‘ব্ৰিফ হিষ্ট্ৰী অব টাইম’, তেন্তে অসমত কমেও দহজন এনেকুৱা ফেন তেওঁ লাভ কৰিলেহেঁতেন, যিসকলে ৰাতিপুৱা ন বজাত ঘড়ীটো চাবলৈ পাহৰি ঘৰৰ পৰা ওলাই গৈছে, আৰু বাটৰ পৰা হকিঙলৈ ফোন কৰিছে—  “হকিং ছাৰ, সময় কেইটা বাজিছে বাৰু?”

(১১৫)

এইবাৰ অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা লাভ কৰা মানুহজন হ’ল প্ৰণৱজ্যোতি ডেকা। এই কথাই নিশ্চয় সকলোকে আনন্দিত কৰিছে। বহুলোকে কৈ থাকে যে যিকেইজনে সাহিত্য অকাডেমী বঁটা নোপোৱা বাবে সাহিত্য অকাডেমীৰ গৰিমা কিছু ম্লান পৰে, তেনে এজন ব্যক্তি হ’ল প্ৰণৱজ্যোতি ডেকা।

প্ৰণব জ্যোতি ডেকাৰ দেউতাক হলীৰাম ডেকা। তেৱোঁ এজন অসাধাৰণ ব্যক্তি। কিন্তু এতিয়া, দেউতাক হলীৰাম ডেকা বেছি প্ৰতিভাৱান নে পুত্ৰ প্ৰণৱজ্যোতি ডেকা বেছি প্ৰতিভাৱান, সেই কথা কোৱাটো টান হৈ পৰে।

বিখ্যাত বিজ্ঞান লেখক অভিজিত শৰ্মা বৰুৱাই এবাৰ সুমন্ত বৰুৱাৰ বিষয়ে লিখা এটা প্ৰবন্ধত কৈছিল যে— আজি সুমন্ত বৰুৱাক পৰিচয় কৰাই দিয়া হয় ক্ষীৰধৰ বৰুৱাৰ পুত্ৰ বুলি, কিন্তু হয়তো এনে এটা দিন আহিব মানুহে ক্ষীৰধৰ বৰুৱাক পৰিচয় কৰাই দিব সুমন্ত বৰুৱাৰ পিতৃ বুলি।

যেনেকৈ আজি মানুহৰ খেলিমেলি লাগিব যে অংগৰাগ পাপন মহন্ত বেছি বিখ্যাত নে খগেন মহন্ত বেছি বিখ্যাত। (অৱশ্যে এই কথাটো অলপ সুকীয়া। অংগৰাগ মহন্ত বিখ্যাত হৈছে প্ৰেম-ধৰ্মী হিন্দী গীতৰ বাবে। অসমীয়াৰ জগতখনত অৱদান হিচাপে খগেন মহন্তৰ যি পৰিসৰ সেয়া তেওঁ অতিক্ৰম কৰিব হয়তো নোৱাৰিব।)

হলীৰাম ডেকা আছিল গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথমগৰাকী অসমীয়া মুখ্য ন্যায়াধীশ। তেওঁ এজন সাহিত্যিকো আছিল। তেওঁৰ জন্ম ১৯০১ চনত, মৃত্যু ১৯৬২ চনত। সেই সময়ত উচ্চ শিক্ষা লোৱা আৰু এনে এখন আসন লাভ কৰা — তেওঁ এজন কেনে পৰ্যায়ৰ বিচক্ষণ মানুহ আছিল সেয়া অনুমান কৰিব পাৰি।

কিন্তু, হলীৰাম ডেকা এনেই মানুহজন আছিল কিছু সহজ, সৰল বা উদাৰ। প্ৰণৱজ্যোতি ডেকাই কৈছিল, “হলীৰাম ডেকাক  ‘দাদা’, ‘খুৰা’, ‘ভিনদেউ’, ‘ছাৰ’ বুলি ফুৰা সৰহভাগ লোকেই স্বাৰ্থান্বেষী।” প্ৰণৱজ্যোতি ডেকাই দেউতাকক কথাটো কৈছিল, কিন্তু দেউতাকে মানি লোৱা নাছিল। প্ৰণৱজ্যোতি ডেকাৰ ভাষাৰে, সেইবোৰ আছিল খাই পাত ফলা মানুহ, তেওঁলোকে অহৰহ সন্ধানত থাকে— শুহিব পৰা একোজনক কেনেকৈ শুহিব পাৰি। 

হলীৰাম ডেকাৰ ঘৰ কলিকতাত আছিল, আৰু সেই ঘৰখন অসমীয়া পৰিব্ৰাজক, তীৰ্থযাত্ৰী, ছাত্ৰ-ছাত্ৰী, বেমাৰীৰ বাবে চাহৰ দোকান, ধন বিচৰা ঠাই, ভাতঘৰ, বা আশ্ৰয়ৰ খলি আছিল। আজিকালি জুবিন গাৰ্গে যেনেকৈ কয়— তেওঁৰ মুম্বাইৰ ঘৰটো মিনি-অসম-হাউচ। কিন্তু জুবিন গাৰ্গৰ কথা সুকীয়া, আজিও যদি তেওঁৰ একাউণ্টটো সম্পূৰ্ণ শূন্য কৰি পেলোৱা হয়, একেটা ব’হাগ বিহুতে তেওঁ কোটিপতি হৈ পৰিব। হলীৰাম ডেকা কলিকতাৰ ঘৰটোত নিজেই বাস কৰিছিল। মানুহে খাইছিল-বৈছিল তেওঁৰ। হলীৰাম ডেকাৰ দেউতাক শিক্ষক আছিল যদিও হলীৰাম ডেকাৰ নিজৰে শৈষৱ-কৈশোৰ আদিৰ সময়বোৰ অভাৱতে গৈছিল।

সেই মানুহবোৰে পাছৰ কালত প্ৰণৱজ্যোতি ডেকাৰ সমুখত হলীৰাম ডেকাৰ যহ মাৰিছিল, কিন্তু প্ৰণৱজ্যোতি ডেকাক তেওঁলোকে কোনেও কোনোদিন সমুলি আতিথ্য আগবঢ়োৱা নাছিল। এবাৰ তেনেকুৱা মানুহ এজনে প্ৰণৱজ্যোতি ডেকাক ক’লে, ‘তোৰ দেউতাই প্ৰতি দেওবাৰে এনেই মোক ঘৰত ভাত খাবলৈ মাতি নিছিল। তই কিন্তু আজি পৰ্যন্ত এসাজো খাবলৈ মোক নামাতিলি।’ তেতিয়া প্ৰণৱজ্যোতি ডেকাই ক’লে যে— ‘আগতে আপুনি খালে, এতিয়া আপুনি মতাৰহে পাল পৰিছে নেকি।’ মানুহটো অতিপাত অসন্তুষ্ট হ’ল। তেওঁ বহুদিন ধৰি গোটেইখনত প্ৰণৱজ্যোতি ডেকাৰ বদনাম গাই ফুৰিলে— ‘এই ল’ৰাটো দেউতাকৰ দৰে নহ’ল।’

(১১৬)

মনোজ কুমাৰ গোস্বামীয়ে ‘ৰাজনীতিৰ অলিয়ে-গলিয়ে’ লিখি আছে। য’ত আছে ৰাজনৈতিক নেতাৰ মজ্জাগত ভণ্ডামী, সাংবাদিক-বুদ্ধিজীৱীৰ গোলামী, নিকৃষ্টতম ষড়যন্ত্ৰ, নিমাখিতজনৰ জীৱনলৈ নামি অহা দুৰ্দশা, ক্ষমতাশালীৰ চতুৰ নিৰ্লিপ্ততা, পৰিণতি, আদি কিছুমান বিভৎস বাস্তৱ কাহিনী। আৰু তাতে মানুহবোৰে অহৰহ বন্দনা কৰে মনোজ কুমাৰ গোস্বামীৰ ভাষাৰ। চমৎকাৰ ভাষাশৈলীৰ গুণ গাই মানুহবোৰ বাগৰি পৰে, পিয়াহগ্ৰস্ত হয়, মধুৰতাত লুতুৰি-পুতুৰি খাই জাপ লয়। দেখি মোৰ এনে লাগে যেন দুৰ্ঘটনাত অকালতে প্ৰাণ যোৱা কাৰোবাৰ চিতা-জুইৰ কাষত বহি লৈ মানুহবোৰে কৈছে— “জুইকুৰা বৰ উম লাগিছে অ’, বৰ মজা লাগিছে, কিমান ধুনীয়াকৈ দপদপকৈ জ্বলিছে চাচোন!” ‘মিঠা জুই’ৰ আমেজত মানুহবোৰে ফুৰ্টি কৰি ক’ব নোৱৰা হৈ পৰে।

মনোজ কুমাৰ গোস্বামীয়েও হয়তো কোনোবা সময়ত ভাবে— ধ্বংস-জুইৰ উম পাবলৈকে, ভাষাৰ চমৎকাৰীত্বৰ সোৱাদ দিবলৈকে এইবোৰ লিখিলোঁ নেকি! অৱশ্যে মইয়ো ভাষাই ভাল পাওঁ। মই মনোজ কুমাৰ গোস্বামীৰ আটাইতকৈ অধিক ভাল পোৱা গল্পটো হ’ল ‘ব্যক্তিগত আৰু নৈৰ্ব্যক্তিক’। তাৰ কাৰণ হ’ল কেৱল ভাষা। একোটা ক্ষুদ্ৰ ক্ষণ তেওঁ তাত যেনেকৈ অংকিত কৰিছে, তাতে অভিভূত হৈ সেইটো মোৰ প্ৰিয় হৈ পৰে। শেহতীয়াকৈ পঢ়িলোঁ তেওঁৰ গল্প ‘ভুলসত্য’। কিতাপখন কিনোতে ভাবিছিলোঁ, এইখন সামাজিক জটিল জগতৰ তৰপবোৰ উদঙাই দিয়া কিবা এখন হ’ব। কাৰণ আজিকালি post-truth শব্দটো সঘনে উচ্চাৰিত হয়; কিজানি তেওঁ তাকেই ভুল-সত্য কৰিছে! কিন্তু নহয়। ‘ভুলসত্য’ মাথোঁ এটা— পুৰণি সহপাঠী বন্ধু-বান্ধৱীকেইটামান পুনৰ লগ হৈ কৰা জৈৱিক বাসনা, ঈৰ্ষা, কল্পনাৰ আলাপ। কিন্তু তাৰ ভাষা ইমান চমৎকাৰ, কিতাপখন কিনি স্বপ্নভংগ ঘটিলেও মোৰ ভাল লাগি গ’ল!

(১১৭)

এঘৰীয়া ঘোষণা কৰে গাৱলীয়া-ভূতবোৰে। চহৰৰ মানুহবোৰ দেখোন নিজে নিজে এঘৰীয়া।

(১১৮)

ৰাছিয়াত গণিতজ্ঞসকলৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলনখন হ’বনে?

ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিবলৈ ওলোৱাৰে পৰা বিশ্বৰ আগশাৰীৰ অলেখ গণিতজ্ঞই ৰাছিয়াৰ প্ৰতি নিন্দাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কিছুমান কথাৰ বাবে ইউক্ৰেইনৰ ওপৰত এই আক্ৰমণ সম্পূৰ্ণ সময়োপযোগী অতি উচিত পদক্ষেপ বুলি কোনো কোনোৱে মত প্ৰকাশ কৰিছে, আৰু এনে কথাতে বহু দেশ মনে মনে আছে। কাৰণ আজি এই শিক্ষা যদি ইউক্ৰেইনক দিয়া নহয়, তেন্তে কাইলৈ ইউক্ৰেইনে আমেৰিকাৰ সহযোগত ইয়াতকৈ হেজাৰগুণ ভয়ংকৰ কাণ্ড সংঘটিত কৰিব। যিটো কৰিবলৈ ইউক্ৰেইনে বাট কটাটোৱেই আজিৰ এই আক্ৰমণৰ কাৰণ। কিন্তু ‘চেপিয়েন্স’ গ্ৰন্থৰ লেখক বিখ্যাত ইতিহাসবিদ যুভাল নআ হেৰাৰিয়ে এনেদৰেও মত প্ৰকাশ কৰিছে যে ৰাছিয়াৰ এই আগ্ৰাসী চৰিত্ৰই যদি এবাৰ প্ৰভুত্ব সাব্যস্ত কৰিব পাৰে তেন্তে ভৱিষ্যতে ই বহু দেশৰ চৰিত্ৰ হৈ উঠিব, যিটো সমগ্ৰ মানৱ জাতিৰ বাবে ভয়ংকৰ কথা হৈ পৰিব। 

এইবোৰ ৰাজনৈতিক, কূটনৈতিক কথা যিয়েই নহওক, বিশ্বৰ শান্তিপ্ৰিয় গণিতজ্ঞসকলে তেওঁলোকৰ এই প্ৰতিক্ৰিয়াক যুদ্ধবিৰোধী এক শক্তি ৰূপে প্ৰতিষ্ঠা কৰিবলৈ এটা বিশেষ কাৰণত সক্ষম হৈছে। কাৰণটো হৈছে, অহা জুলাই মাহত ৰাছিয়াৰ দ্বিতীয় বৃহৎ চহৰ চেইণ্ট পিটাৰ্ছবাৰ্গত গণিতজ্ঞসকলৰ আন্তঃৰাষ্ট্ৰীয় সন্মিলন (ICM) হোৱা কথা। প্ৰতি চাৰি বছৰৰ মূৰে মূৰে পৃথক পৃথক দেশত অনুষ্ঠিত হোৱা এইখন হৈছে গণিতৰ সৰ্ববৃহৎ আৰু ঐতিহাসিক সন্মিলন। এই সন্মিলনৰ এজন প্ৰতিষ্ঠাপক আছিল জৰ্জ কেণ্টৰ, যি আছিল গণিতৰ এক বুনিয়াদী বিষয় সংহতি-তত্ত্বৰ জন্মদাতা, যাৰ কৰ্মৰ বাবেই মানৱ জাতিয়ে অসীমক আয়ত্ব কৰাৰ বাট মুকলি হৈছিল। এই সন্মিলনতেই গণিতৰ অতি সন্মানীয় ফিল্ডছ মেডেলকে আদি কৰি কেইবাটাও সন্মান প্ৰদান কৰা হয়। ফাৰ্মাৰ অন্তিম উপপাদ্যৰ প্ৰমাণ আগবঢ়োৱা এন্দ্ৰু ৱাইলছক এই সন্মিলনতেই বিশেষ মেডেলেৰে সন্মানীত কৰা হৈছিল। ১৯০০ চনত অনুষ্ঠিত এই সন্মিলনতেই ঘোষিত ২৩ টা গাণিতিক সমস্যাই কুৰি শতিকাটোত গণিতৰ বিকাশৰ ধাৰা সলনি কৰি দিছিল। সেই ঘটনাৰ গুৰুত্বক পুনৰ উদযাপন কৰিবলৈকে ২০০০ চনত আগন্তুক সহস্ৰাব্দৰ বাবে ঘোষিত গণিতৰ আটাইতকৈ কঠিন সাতটা সমস্যাৰ ঘোষণা-কাৰ্যসূচী বিশেষ ধৰণে কৰা হৈছিল।

এই সন্মিলনখন আয়োজন কৰিবলৈ, অলিম্পিক বা বিশ্বকাপ আয়োজনৰ দৰেই দেশখনৰ লগতে গোটেই বিশ্বত কেইবাবছৰ ধৰি একধৰণৰ প্ৰস্তুতি চলে। ইয়াৰ লগত সংগতি ৰাখি আন ঠায়ে ঠায়েও চেমিনাৰ আদি আয়োজিত হয়। এনে এখন সন্মিলনলৈ মাথোঁ কেইমাহমান থকা অৱস্থাত সেইখন দেশৰে পৰা যুদ্ধ আৰম্ভ হোৱা বাবে এই গণিতজ্ঞসকলে সন্মিলন বৰ্জনৰ সিদ্ধান্ত ঘোষণা কৰিছে। সন্মিলনলৈ নিমন্ত্ৰিত সন্মানীয় শতাধিক বক্তাই ইতিমধ্যে এখনি পত্ৰত চহী কৰিছে। ইতিমধ্যে American Mathematical Society, London Mathematical Society আদিয়ে সন্মিলনখনলৈ তেওঁলোকৰ প্ৰতিনিধি প্ৰেৰণ নকৰাৰ সিদ্ধান্ত ঘোষণা কৰিছে আৰু প্ৰতিনিধি যাত্ৰাৰ বিত্তীয় অনুদান বন্ধ কৰি দিছে। সন্মিলনখন ৰাছিয়াৰ পৰা উঠাই লৈ যাবলৈয়ো আন্তঃৰাষ্ট্ৰীয় গাণিতিক সংঘৰ ওপৰত বহু গণিতজ্ঞই হেঁচা প্ৰয়োগ কৰিছে। ফলত এইবাৰ সন্মিলনখন সময় মতে অনুষ্ঠিত হয় নে নহয়, বা ইয়াৰ কি গতি হয় সেয়া সন্দেহৰ আবৰ্তত।

পূৰ্বতেও এই সন্মিলনখনত বিশ্বৰ ৰাজনৈতিক প্ৰেক্ষাপট জড়িত হৈ পৰিছিল। ১৯৬৬ চনতো ৰাছিয়াত এইখন সন্মিলন অনুষ্ঠিত হৈছিল, আৰু সেইবাৰ ফিল্ডছ মেডেল লাভ কৰা এজন গণিতজ্ঞই দেশখনৰ প্ৰতি এনে এক প্ৰতিবাদতে সন্মিলন বৰ্জন কৰিছিল। এইবাৰৰ যুদ্ধৰ বাবে ইউক্ৰেইনীয় গণিতজ্ঞসকলে ইতিমধ্যে সন্মিলনখন বৰ্জন কৰিছে। ৰাছিয়াক এইবাৰ আন এক বাৰ্তা দিয়াৰ দাবীও উত্থাপিত হৈছে। এইবাৰ ফিল্ডছ মেডেলৰ এগৰাকী প্ৰবল দাবীদাৰ হ’ল ইউক্ৰেইনীয় গণিতজ্ঞ মেৰিনা ভিয়াজভস্কা। ফিল্ডছ মেডেল পোৱাৰ সম্ভাৱনা থকা মহিলা গণিতজ্ঞৰ কথা ওলালেই, মেৰিনা ভিয়াজভস্কাৰ নাম বহু বছৰ পূৰ্বৰে পৰা চৰ্চিত হৈ আহিছে। ২০১৮ চনত অনুষ্ঠিত আগৰখন সন্মিলনতেই মেৰিনা ভিয়াজভস্কাই ফিল্ডছ মেডেল পাব নেকি বুলি চৰ্চিত হৈছিল। যিহেতু ফিল্ডছ মেডেল চল্লিছ বছৰতকৈ কম বয়সৰ গণিতজ্ঞক দিয়া হয়, সেয়েহে মেৰিনাই এইবাৰ মেডেল লাভৰ অন্তিম সুযোগ। ফলত এই দাবীও উঠিছে যে তেওঁক এইবাৰ ফিল্ডছ মেডেল দিবই লাগে, নহ’লে বিশেষ মেডেলেৰে সন্মানীত কৰি ৰাছিয়ালৈ এটা বাৰ্তা প্ৰেৰণ কৰি লাগে। অৱশ্যে এনে দাবী উঠিলেও ৰাজনৈতিক কাৰণত ফিল্ডছ মেডেল দিয়া নহয়, দিয়া হয় গাণিতিক অসামান্য কৰ্মৰ স্বীকৃতি স্বৰূপেহে। তথাপি মেৰিনা ভিয়াজভস্কাই ফিল্ডছ মেডেল পালে এইবাৰ বহুতো কাৰণত ই অতি ভাল লগা কথা হৈ পৰিব।

(১১৯)

কেতিয়াবা বিফলতায়ো সাংঘাটিক ডাঙৰ সফলতাত সহায় কৰিব পাৰে।

ভাৰতৰ আটাইতকৈ বিখ্যাত কম্পিউটাৰ বিজ্ঞানী আৰু লগতে গণিতজ্ঞ তিনিজন হ’ল মনীন্দ্ৰ আগ্ৰৱাল, নীৰজ কয়াল, আৰু নীতিন চাক্সেনা। আটাইতকৈ বিখ্যাত বুলি এই কাৰণেই ক’ব পাৰি যে একবিংশ শতিকাৰ আৰম্ভণিতে তেওঁলোকে আনন্দ মিশ্ৰই সংবাদ দখল কৰা দৰে বিশ্বৰ সংবাদ জগতত খলকনি লগাইছিল। অৱশ্যে তেওঁলোকে খলকনি লগোৱাৰ গভীৰ কাৰণো আছিল আৰু সেই খলকনি তেওঁলোকে নিজে লগাও বুলি লগোৱা নাছিল। আৰু সচৰাচৰ ধৰণেই, বৈজ্ঞানিক কথাখিনি প্ৰকাশ কৰোঁতে সংবাদসমূহে সামান্য খুঁতো তৈয়াৰ কৰি দিছিল। তেনে খলকনি আন কোনো ভাৰতীয় কম্পিউটাৰ বিজ্ঞানী-গণিতজ্ঞৰ ক্ষেত্ৰত হয়তো হোৱা নাই।

এটা নতুন আৰু প্ৰায় যুগান্তকাৰী বস্তু উলিওৱা বাবে তেওঁলোক তেনেকৈ বিখ্যাত হৈছিল। সেই কামটো কৰাৰ মাথোঁ দুমাহমান পূৰ্বে নীৰজ কয়াল আৰু নীতিন চাক্সেনাই বিটেক ডিগ্ৰী সম্পূৰ্ণ কৰিছিল। মনীন্দ্ৰ আগ্ৰৱাল আছিল তেওঁলোক দুয়োৰে বিটেকৰ প্ৰজেক্টটোৰ তত্ত্বাৱধায়ক। সেইকেইদিন নীৰজ কয়াল প্ৰতিষ্ঠানটোতে আছিল, আৰু তেওঁ বিটেকৰ প্ৰজেক্টটোৰ পৰৱৰ্তী স্তৰটোৰ কিবা কাম অলপত লাগি আছিল। পৰৱৰ্তী শিক্ষাৰ বাবে তেওঁ ভাৰততে থকাৰ কথা।

কিন্তু নীতিন চাক্সেনাই উচ্চশিক্ষাৰ বাবে বিদেশলৈ যাম বুলি ঠিক কৰিছিল। কিন্তু মন পচন্দৰ এখনো প্ৰতিষ্ঠানত নীতিন চাক্সেনাই সুযোগ নাপালে। ফলত তেৱোঁ বাকী ক’লৈকো নগৈ সেইকেইদিন নিজৰ প্ৰতিষ্ঠানটোতে আছিল, আৰু নীৰজ কয়ালৰ লগত কামটোত লাগি পৰিছিল। বিটেকৰ পৰা ইমানদিন কৰি অহা প্ৰজেক্টটোৰ পৰৱৰ্তী স্তৰটোত, তেওঁলোক তিনিওৱে সেই মাথোঁ কেইদিনমানতে বিখ্যাত আৱিষ্কাৰটো উলিয়াই পেলালে। লগে লগে বিশ্বত খলকনি উঠিল। 

এইটোৱো এটা চৰ্চিত কথা যে– যদিহে নীতিন চাক্সেনাই মন পচন্দৰ প্ৰতিষ্ঠান এখনত ছীট পাই গুচি গ’লহেঁতেন, সেই কাম তেওঁৰ দ্বাৰা নহ’লহেঁতেন, আৰু আমিও তেওঁলোকক ইমানকৈ চিনি নাপালোহেঁতেন।

তেওঁলোকৰ সেই কামটো এতিয়া তেওঁলোক তিনিওৰে নামেৰে AKS primality test বুলি পৰিচিত।

(১২০)

পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলে শিক্ষক-শিক্ষয়িত্ৰী, পিতৃ-মাতৃ, ঘৰুৱা শিক্ষক আদিৰ অৱদানৰ কথা স্বীকাৰ কৰে। কিন্তু তেওঁলোকৰ উপৰি কেতিয়াবা সহপাঠী বা অনুজ একোজনেও শিক্ষকৰ ভূমিকা গ্ৰহণ কৰিব পাৰে। মোৰ ক্ষেত্ৰত তেনেকুৱা হৈছিল। আৰু এতিয়াও হৈ থাকে।

মেট্ৰিক পৰীক্ষাৰ সময়ত সমাজ-অধ্যয়ন আৰু অসমীয়াত মোৰ সমুলি ৰাপ নাছিল। মোৰ বানান ভুল আৰু হাতৰ-আখৰ বেয়া বাবেও নম্বৰ কম পাইছিলোঁ। আনকি এতিয়াও মোৰ হাতৰ-আখৰ ইমানেই বেয়া যে নিজে লিখি থৈ দিয়া কথা কেইসপ্তাহমানৰ পাছত পুনৰ চাব লগা হ’লে বুজিবলৈ নিজৰে অসুবিধা হয়। ফলত, মেট্ৰিকৰ সময়ত মই সমাজ-অধ্যয়ন আৰু অসমীয়াত কেনেকৈ এটা এটা নম্বৰ গোটাম সেই কথা হিচাপ-নিকাচ কৰিব লগা হৈছিল।

তেতিয়া সমাজ-অধ্যয়নৰ প্ৰশ্ন-কাকতখনত কেতিয়াবা অশোক-স্তম্ভটো আঁকিবলৈ আহিছিল। নম্বৰ ৫-৬। অশোক-স্তম্ভটো অঁকা মানে তাৰ লগত জড়িত ভালেখিনি কথা জানিব লাগিব। নিঃসন্দেহে, ছাত্ৰ-ছাত্ৰীয়ে সেই কথাখিনি জানিবৰ বাবেই সেইটো প্ৰায়ে আঁকিবলৈ আহিছিল। একো নিলিখাকৈ সমাজ-অধ্যয়নত ৫-৬ নম্বৰ পোৱাটো বহুতৰ বাবে উৎসাহৰ কথা আছিল। কিন্তু মই ছবি আঁকিব জনা নাছিলোঁ, মই অঁকা অশোক-স্তম্ভত শূন্য নম্বৰ পাইছিলোঁ। নিগেটিভ নম্বৰ থকা হ’লে হয়তো -১০ দিলেহেঁতেন। অশোক-স্তম্ভটো অঁকাটো বৰ সৰু কথা নহয়, কাৰণ চাৰিটা সিংহ আছে বুলি বুজাব লাগিব, লগতে আন কথাবোৰো আছেই। সেইটো বিষয়ত নম্বৰ কম পোৱা মোৰ দৰে ছাত্ৰ এজনে সেই ৫-৬ টো কেনেকৈ ইমান সহজে এৰি দিওঁ!

আমাৰ ক্লাছত বেদব্ৰত ভূঞা নামৰ অতিশয় ভাল ছবি অঁকা ছাত্ৰ এজন আছিল। চবেই জানিছিল, তেওঁ ছবি অঁকাত ভাল বুলি। তেওঁ পঢ়াতো চোকা, আন বিষয়বোৰতো ভাল আছিল। নৱম শ্ৰেণীত মই নতুনকৈ চাইকেল এখন লৈ টিউচনলৈ গৈছিলোঁ। আৰু তেওঁ ধেমালি কৰি, মই চাইকেল চলাই থকা ছবি এখন ঘৰত আঁকি আনি চবকে টিউচনত দেখুৱাইছিল। ছবিখন ধুনীয়া হৈছিল আৰু আমাৰ চবৰে হাঁহি উঠিছিল। অশোক-স্তম্ভটোৱো তেওঁ বৰ ধুনীয়াকৈ আঁকিছিল। তেওঁ অঁকা অশোক-স্তম্ভটো দেখিলে পৰীক্ষকৰ ৬ ৰ ভিতৰত ৭-৮ দিবলৈও মন যাব পাৰে, যদিহে সেই উপায় থাকিলহেঁতেন। যিটো চিত্ৰ মই চাই চায়ো কোনোপধ্যেই নিজে আঁকিব নোৱাৰিছিলোঁ।

দশম শ্ৰেণীত, শিক্ষান্ত পৰীক্ষাৰ সময় কাষ চাপি আহিছিল আৰু মোৰ চিন্তা বাঢ়ি গৈছিল। অসমীয়াত ফেইল কৰি মেট্ৰিক পাছ নকৰিম বুলি ভয় এটাও আছিল। তাৰ ওপৰতে আকৌ সমাজ-অধ্যয়নৰ নম্বৰ! সেই ৫-৬ নম্বৰটো কি কৰা যায়? এদিন মই লগৰ সেই ছাত্ৰজনক ক’লোঁ, “তুমি মোৰ কাৰণে অশোক-স্তম্ভটো অলপ বেয়াকৈ আঁকি আনিব পাৰিবানে?” তেওঁ হ’ব বুলি ক’লে। মই পুনৰ ক’লোঁ, “তুমি তোমাৰ বাবে অঁকা দৰে নাআঁকিবা। বেয়াকৈ আঁকিবা, যাতে মই সেইটো মতে আঁকিব পাৰোঁ আৰু নম্বৰো পাব পাৰোঁ।”

এদিন নে দুদিন পাছত, সঁচাকৈ তেওঁ মই আঁকিব পৰা ধৰণৰ কৰি অশোক-স্তম্ভটো কাগজ এখিলাত আঁকি আনি দিলেহি। দেখিয়েই মই গম পালোঁ যে মই এইটো অন্ততঃ চেষ্টা কৰিব পাৰিম, যিটোৰ পৰা মই নম্বৰো পাম।

সমাজ-অধ্যয়নৰ সেইবাৰৰ পৰীক্ষাত সঁচাকৈ অশোক-স্তম্ভটো আঁকিবলৈ আহি গ’ল। আৰু মই পাছত হিচাপ কৰি পোৱা মতে মোৰ ছবিখনত ভাল নম্বৰ এটাই লাভ কৰিলোঁ।

আন এটা কাহিনীঃ

বিএছচি পাছ কৰি মই প্ৰথমে গুৱাহাটী বিশ্ববিদ্যালয়লৈ গৈছিলোঁ। তেতিয়া পঢ়াৰ প্ৰতি আগ্ৰহ সমুলি হেৰুৱাই পেলাইছিলোঁ, কিন্তু মনত অহৰহ ক্ৰিয়া কৰি আছিল যে পুনৰ এদিন পঢ়াত লাগিম, সেয়েহে মই ভাল পোৱা বিশুদ্ধ গণিতৰ অপচনবোৰ গ্ৰহণ কৰিছিলোঁ। তাত Mathematica এটা অপচনেল বিষয় আছিল। এটা নে দুটা চেমিষ্টাৰত এই বিষয়টো পঢ়ুৱাইছিল। এইটো হৈছে এটা software, যিটো গণিত-বিজ্ঞান জগতৰ অতিশয় গুৰুত্বপূৰ্ণ সঁজুলিবোৰৰ মাজৰ এটা। যিটোত ডাঙৰ ডাঙৰ কেলকুলেচন কৰাৰ লগতে অলেখ কাম কৰিব পাৰি। সেইটো মই লোৱা নাছিলোঁ, ভাবিছিলোঁ যে বিশুদ্ধ গণিতত ইয়াক নহ’লেও হয়। কিন্তু সেইটো লৈ ক্লাছবোৰ কৰি থকা হ’লে মোৰ লাভ হ’লহেঁতেন।

পাছতো Mathematica শিকিম শিকিম বুলি কিমান বছৰ নিশিকাকৈ পাৰ হৈ গ’ল! এদিন দেখিলোঁ যে মই গৱেষণা কৰিব বিচৰা বিশুদ্ধ গণিতৰ শাখা এটাত Mathematica ব্যৱহাৰ কৰিলে বহুত কামত আহে। কিবা অনুমান কৰা আৰু সেইবোৰ সত্যাপন কৰিবলৈ কেলকুলেচন কৰাটোত ই সহায় কৰিব পাৰে।

একেলগে গৱেষণামূলক বা ইটো-সিটো কাম কৰা অনুজ এজনক এদিন ক’লোঁ যে মই Mathematica শিকিব লাগিছিল, ক্লাছ কেইটামান কৰিব পৰা কোনোবা আছে নেকি। তেওঁ আন এজনক কথাটো ক’লে, তেওঁ লগে লগে সন্মত হ’ল আৰু অনলাইন ক্লাছ এটা এঘণ্টামান কৰি আমাক মূল মূল কথা কিছুমান শিকাই দিলে। যাৰ জৰিয়তে এতিয়া নিজে কামবোৰ কৰিব পাৰোঁ, অন্ততঃ যিখিনি নিজক লগা হয়। আৰু নতুন কিবা লগা হ’লে নিজে নিজে শিকাৰ এক বুনিয়াদো তেওঁৰ সেই ক্লাছটোৰ জৰিয়তে লাভ কৰিলোঁ।

No Comments

Post A Comment