হাজৰিকাৰ ঘৰৰ হায়দৰাবাদত থকা জীয়েকজনী পূজাত ঘৰলৈ আহি উভটি যোৱাই নাই নেকি অ'? - শইকীয়াৰ ঘৰৰ মানুহজনীয়ে নিজৰ জীয়েকক সৰুকৈ সুধিলে৷ "মইনো কেনেকৈ জানোঁ নো", জীয়েকে ভেকাহী মাৰি মাকৰ পিনে মূৰ ঘুৰাওতেই দেখিলে দেখোন মাকে খিৰিকীৰ পৰ্দাৰ ফাকেৰে বাহিৰলৈ জুমি চাই আছে৷ হাজৰিকাৰ ঘৰৰ জীয়েকজনী বাহিৰলৈ...

বিহ খাই কাণ-মূৰ পেলোৱা নিগনি এটাৰ নিচিনাকৈ জীৱনৰ বিহ খাই খাই শইকীয়াৰ চেহেৰাটো মৰিশালি-যাত্ৰালৈ বেছিদিন নথকা মানুহ যেন লগা হৈ পৰিছে। কিন্তু বয়সেতো ভাটী দিয়াই নাই, বৰং অৱসৰ ল’বলৈ এতিয়াও সাত বছৰ বাকী আছেই। “আগতে সকলো ভাল আছিল, এতিয়া সব বেয়া। এতিয়াৰ ল’ৰা-ছোৱালীবোৰ ইমান বেয়া...

(১) বৰষুণ “বৰষুণজাক আজিও নাহে। আকাশখনক ফাগুণে পিহি পিহি ইমান ধূলি উলিয়াইছে!” ফাগুণে ছাই বৰণীয়া কৰি পেলোৱা আকাশখনৰ বিষয়ে সবৰে মুখত শুনি শুনি কণমান নাতিটোৱে অভিজ্ঞ মানুহৰ দৰে ক’লে। “ভালেই হৈছে দে। আকাশে ডাৱৰবোৰ বাৰিষালৈ সাঁচি থৈছে।” ককাকে উত্তৰ দিলে। বাৰিষা পথাৰে চিৰাল-ফাট মেলিলে। নাতিটোৱে ক’লে, “ককা, আকাশে...