(১) চছিয়েল মেডিয়াৰ জৰিয়তে নিজৰ পৰিসৰত যিমানবোৰ মানুহক ধনীৰাম বৰুৱাৰ ফেন ৰূপে দেখা পাওঁ, তেওঁলোকৰ ৯৫ শতাংশই হৈছে বিএ পাছ। ই এক আচৰিত কথা নহয় নে? সাধাৰণতে দেখা যায় যে অতি সামান্য সংখ্যক কলাৰ ছাত্ৰ-ছাত্ৰীক বাদ দি বাকীসকলৰ বিজ্ঞান শিক্ষা নিউটনৰ ‘গতিৰ’ তৃতীয় সূত্ৰটো অতি মনোযোগেৰে...

আপোনাৰ দৃষ্টিত অসমীয়া সাহিত্য জগতত নিজৰ পাঠক বৃদ্ধিৰ বাবে আটাইতকৈ শ্ৰেষ্ঠ বিজ্ঞাপন দিওঁতাজন কোন? মোৰ দৃষ্টিত সেই ব্যক্তিজন হ’ল শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি। তেওঁ অতি জনপ্ৰিয় হোৱাৰ ক্ষেত্ৰত তেওঁৰ সেই কৌশলৰ প্ৰৱল প্ৰভাৱ আছে। তেওঁৰ অধিক সংখ্যক গ্ৰন্থ অধিক সংখ্যক মানুহৰ মাজলৈ যোৱাৰ ক্ষেত্ৰত সেই পদ্ধতিয়ে বহু...

মাতৃভাষাত উচ্চ শিক্ষা আহৰণ সম্পৰ্কে আলোচনা কৰোতে এটা উদাহৰণ বহু বেছি পৰিমাণে দিয়া হয় যে— “ফ্ৰান্স, জাৰ্মান, চীন, জাপান আদি দেশত নিজৰ ভাষাতে সকলো শিক্ষা লৈ আছে, আৰু দেশবোৰে ইমান উন্নতি কৰিছে, গতিকে আমাৰ ইয়াত অসমীয়াত কিয় নোৱাৰিব?" শেহতীয়াকৈ বহুতো বিজ্ঞান-প্ৰতিষ্ঠানলৈ এই আহ্বানো আহিছে যে...

(১) এই বছৰটো বিজ্ঞান জগতত এটা ডাঙৰ ইতিহাস ৰূপে ৰৈ যাব। কাৰণ এইবাৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা পাইছে দুগৰাকী মহিলাই। তেওঁলোক হ’ল ইমানুৱেল চাৰপেন্‌টিৰ আৰু জেনিফাৰ ডাউড্‌না। আনহাতে পদাৰ্থ বিজ্ঞানত এগৰাকী মহিলাইয়ো নোবেল পাইছে। তেওঁ হৈছে এণ্ড্ৰিয়া গেজ। নোবেল বঁটাৰ ১২০ বছৰৰ ইতিহাসত মাথোঁ ৬ শতাংশহে...

“প্ৰান্তিক” আলোচনীৰ শেহতীয়া এটা সংখ্যা প্ৰকাশ পোৱা নাই। ক’ৰোনা ভাইৰাছৰ বাবে যাতায়ত ব্যৱস্থা, বজাৰ আদি বন্ধ হৈ পৰাত আলোচনীখন প্ৰকাশ কৰাটো অসম্ভৱ হৈ পৰিছে। ই বাতৰিৰ শিৰোনাম দখল কৰিছে। ফে’ছবুক আদিত বহুতো বিশিষ্ট ব্যক্তিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আলোচনীখনৰ পৰৱৰ্তী কেইবাটাও সংখ্যাও প্ৰকাশ নাপাব পাৰে। আন...

ডিচেম্বৰ মাহৰ ২২ তাৰিখে ৰাষ্ট্রীয় গণিত দিৱস। ৰামানুজনৰ জন্মদিনটোত আমাৰ দেশত এই দিৱস পালন কৰা হয়। যোৱা কেইবছৰমান আগতে এই দিৱস প্ৰতিষ্ঠা কৰা হৈছে। ১৯২০ চনত, ৩২ বছৰ বয়স হওঁতেই ৰামানুজনৰ মৃত্যু হৈছিল। তেতিয়া তেওঁৰ পত্নী জানকীৰ বয়স হৈছিল ২১ বছৰ। সেই সময়ৰ সামাজিক অৱস্থা, আৰু...