বহু দূৰৰ পৰা কেইবাঘৰো মানুহ উঠি আহি এখন নদীৰ পাৰত নতুনকৈ গাওঁ পাতিলে৷ আন আন ঠাইৰ পৰাও ইঘৰ-সিঘৰকৈ মানুহ আহি তাতে নতুনকৈ ঘৰ সাজিবলৈ ধৰিলে৷ এখন-দুখনকৈ কেইবাখনো নতুন গাওঁ হ'ল৷ আকাল-ভঁৰাল একো নথকাকৈ সুখে-শান্তিৰে চবৰে জীৱন পাৰ হৈ গৈ থাকিল৷ কিন্তু লাহে লাহে ইখন-সিখন গাওঁত ইটো-সিটো...

(১) এজন মানুহে এখন ৰেস্তোৰালৈ গৈ মালিকক ক’লে— “মই কাইলৈ দহ হাজাৰ ভেকুলী বেছিব বিচাৰোঁ। আপুনি ল’বনে?” ৰেস্তোৰাৰ মালিকজন আচৰিত হ’ল। মানুহজনে কেনেকৈ একেদিনাই দহ হাজাৰ ভেকুলী যোগাৰ কৰি বেছিব পাৰিব! তেওঁ সুধিলে— “আপুনি একেলগে দহ হাজাৰ ভেকুলী কেনেকৈ গোটাব?” মানুহজনে ক’লে— “মোৰ ঘৰত এটা অতি পকাণ্ড পুখুৰী...