12 Oct টোকাবহী (অণু-প্ৰবন্ধ) : ১২১ – ১৪০
(১২১) বহুতো লেখকে তেওঁলোকৰ গ্ৰন্থ, কাহিনী বা প্ৰবন্ধৰ প্ৰথম আৰু শেষ বাক্যটো লিখিবলৈ বহু সাধনা কৰে। কেতিয়াবা সেয়া হয়তো স্বতঃস্ফূৰ্তভাৱেও ওলাই যায়। এই প্ৰথম আৰু শেষ বাক্যটোৱে সাংঘাটিক প্ৰভাব পেলাব পাৰে। যেনে, উইল ডুৰাণ্টৰ ‘The Story of Philosophy’ৰ প্ৰথম বাক্যটোৱে সকলোকে নতুন অভিজ্ঞতাৰে মহিমামণ্ডিত কৰি তুলিব...