'Mathematical Cranks' -- এইখন এখন বিখ্যাত কিতাপ। Mathematical Association of America য়ে প্ৰকাশ কৰা। অসমীয়া ভাষাত এনে কিতাপ নাই। Cranks. অসমীয়ালৈ অনুবাদ কৰিলে এনেকুৱা শিৰোনাম এটা দিব পাৰি-- 'গণিত জগতৰ চেৰাবলীয়াবোৰ' বা 'গণিত জগতৰ ঢিলাসকল' বা 'গাণিতিক ঢিলা-কৰ্মসমূহ'। কেৱল এটা বিষয় নলৈ, গোটেই বিষয়বোৰ সামৰি অসমীয়া...

হাইস্কুলত ছাত্ৰ-ছাত্ৰীয়ে logarithm বা log ৰ বিষয়ে অলপ শিকিবলৈ পায়। আমি উচ্চ গণিতত পাইছিলো, আৰু পাঠটো আৰম্ভ কৰা দিনা প্ৰথমেই ছাৰে এটা উদাহৰণ দি লৈছিল যে [latex]\text{২}^\text{৩}=\text{৮}[/latex], আৰু ইয়াৰ বিপৰীতে এই কথাটোকে log ত বুজোৱা হ'ব এনেদৰে: [latex]\log_\text{২}\text{৮}=\text{৩}[/latex]। ইয়াত ২ টোক ভূমি বা আধাৰ বুলি...

একোখন জাৰ্নেল ভাল হয় নে নহয় সেইটো ঠিৰাং কৰিবলৈ লৈ বিভিন্ন বিষয়ৰ বহুতো ছাত্ৰ-ছাত্ৰী বিবুধিত পৰে। কলা শাখাৰ ছাত্ৰ এজনে ডেৰ বছৰৰ আগতে এখন গৱেষণা-পত্ৰ জাৰ্নেল এখনত প্ৰকাশ কৰিছিল, যিখনৰ সহ-লেখক আছিল দুজন অধ্যাপক। সেইখনৰ বাবে তেওঁলোক তিনিওৱে জাৰ্নেলখনক দহ হাজাৰ টকা দিছিল। আৰু ডেৰ...

(১) চছিয়েল মেডিয়াৰ জৰিয়তে নিজৰ পৰিসৰত যিমানবোৰ মানুহক ধনীৰাম বৰুৱাৰ ফেন ৰূপে দেখা পাওঁ, তেওঁলোকৰ ৯৫ শতাংশই হৈছে বিএ পাছ। ই এক আচৰিত কথা নহয় নে? সাধাৰণতে দেখা যায় যে অতি সামান্য সংখ্যক কলাৰ ছাত্ৰ-ছাত্ৰীক বাদ দি বাকীসকলৰ বিজ্ঞান শিক্ষা নিউটনৰ ‘গতিৰ’ তৃতীয় সূত্ৰটো অতি মনোযোগেৰে...

পূজাৰ বতৰত হঠাৎ মাছ বজাৰখনৰ নাম নিউয়ৰ্ক চহৰ বুলি ঘোষণা কৰি দিয়া হ’ল। হাফপেণ্ট আৰু হাৱাই চেণ্ডেল পিন্ধি সদায় গধূলি বজাৰলৈ যোৱা মানুহবোৰে কোট-টাই মাৰি বজাৰলৈ যোৱা আৰম্ভ কৰিলে। নিউয়ৰ্ক চহৰ চাবলৈ মহানগৰৰ পৰা টিভিৰ কেমেৰাসমূহ ঢপলিয়াই আহিল, “এইখনেই সেইখন, এইখনেই সেই নিউয়ৰ্ক চহৰ, আপোনাৰ...

কোভিদ-১৯ ৰ প্ৰভাৱত গোটেই বিশ্ব বিভিন্ন ধৰণে বন্ধ হৈ পৰা লগে লগে কিছুমান নতুন শব্দৰ লগতো জনসাধাৰণ পৰিচিত হ’ল। তেনে এটা শব্দ হ’ল ৱেবিনাৰ। অৱশ্যে শব্দটো সিমান নতুনো নহয়। এইদৰে কেইমাহমান যোৱাৰ পিছত অসমত আন দুটা শব্দও ওলাল; এটা হ’ল ‘ইণ্টাৰনেছনেল ৱেবিনাৰ’, আৰু আনটো ‘নেছনেল...