এজন দাৰ্শনিকে প্ৰসংগক্ৰমে লিখিছিল যে— “বৰ্তি থাকিবলৈ কৰিবলগা হোৱা সংগ্ৰামখনৰ বাবে আদি সময়খিনিত মানুহৰ বৰ এটা আস্বাসজনক-যেন অৱস্থা নাছিল। বন্য জন্তু-দানৱৰ পৰা নিষ্কৃতি পাবৰ বাবে গছত বগাবলৈ বান্দৰৰ তুলনাত থকা অতি কম ক্ষ্ৰিপ্ৰতা; প্ৰচণ্ড শীতৰ পৰা ৰক্ষা পাবলৈ জন্মগত ৰক্ষণ হিচাপে প্ৰায় নোমহীন শৰীৰ; দীঘলীয়া...

একেটা পৰিয়ালতে কেইবাজনো প্ৰতিভাৱান মানুহে ভৰি থকাতো এটা খুব দুৰ্লভ আৰু আনৰ বাবে কৌতুহল তথা খুব আকৰ্ষণীয় কথা। হয়তো অটাইতকৈ বিখ্যাত তেনে উদাহৰণটি হ’ল: মেৰী কুৰীৰ পৰিয়ালটো। মেৰী কুৰী হ’ল ন’বেল বঁটা লাভ কৰা প্ৰথম মহিলা। ইফালে, তেঁৱেই দুবাৰ ন’বেল বঁটা লাভ কৰা প্ৰথম ব্যক্তি।...

“Few results have as rich a mathematical history and as dramatic a proof as Fermat’s Last Theorem.” — The Abel Committee. (১) প্ৰায় ৩৫০ বছৰৰো অধিক কাল ধৰি গণিতৰ অলেখ তীক্ষ্ণধী ছাত্ৰ-ছাত্ৰীৰ উপৰি নিজৰ নিজৰ শতিকাৰ স্বনামধন্য বহুকেইজন মহান গণিতজ্ঞৰ দ্বাৰাও অপ্ৰমাণিত হৈ থকা “ফাৰ্মাৰ অন্তিম প্ৰমেয়” (Fermat’s...

বিহ খাই কাণ-মূৰ পেলোৱা নিগনি এটাৰ নিচিনাকৈ জীৱনৰ বিহ খাই খাই শইকীয়াৰ চেহেৰাটো মৰিশালি-যাত্ৰালৈ বেছিদিন নথকা মানুহ যেন লগা হৈ পৰিছে। কিন্তু বয়সেতো ভাটী দিয়াই নাই, বৰং অৱসৰ ল’বলৈ এতিয়াও সাত বছৰ বাকী আছেই। “আগতে সকলো ভাল আছিল, এতিয়া সব বেয়া। এতিয়াৰ ল’ৰা-ছোৱালীবোৰ ইমান বেয়া...

নবেম্বৰ-ডিচেম্বৰ— এই সময়খিনিত কিছুসংখ্যক সংবাদ-প্ৰতিষ্ঠান বা আন অনুষ্ঠান-প্ৰতিষ্ঠানে বছৰটোৰ বিশেষ দহজন বা বিশজন ব্যক্তি আদিৰ তালিকা উলিওৱাৰ যো-যা চলায়। এইসমূহৰ প্ৰত্যেকৰে উদ্দেশ্য পৃথক পৃথক। বহুতে “আনেও উলিয়াই যেতিয়া, আমিও পাৰোঁচোন” বুলি উলিয়ায়। বহুতে, বছৰটোত ইতিমধ্যে যিসকল অলপ বিখ্যাত হ’ল বা কিবাকৈ বিদেশৰ পৰা কিবা এটা-দুটা...

C++ জনা ডিপিপি হোষ্টেলৰ ল’ৰাবোৰে হাতত দা আৰু হকী-ষ্টিক লৈ কেএনপি হোষ্টেলৰ C++ নজনা, কেৱল C জনা ল’ৰাবোৰক কাটিবলৈ খেদি গ’ল। কেএনপি হোষ্টেলৰ Python জনা একমাত্ৰ ল’ৰাটোৱে সেই মুহূৰ্তত হোষ্টেলৰ সমুখতে ৰৈ আকাশলৈ চাই চাই কেইটামান বাগ কেনেকৈ আঁতৰাব পাৰি তাকে ভাবি আছিল। সংখ্যালঘু বুলি...