কোনো কোনো সংবাদ-মাধ্যমে মেট্ৰিকৰ ৰিজাল্টৰ পাছত এনে এটা কথা প্ৰচাৰ কৰে যে "অসমীয়া মাধ্যমৰ অগ্ৰগতি"৷ কিন্তু সেয়া সঁচাকৈ কিবা অগ্ৰগতি নে ভৱিষ্যতৰ এখন পংগু সমাজৰ সংকেতহে? এচামে যিমানেই গালি-গালাজ নাপাৰক কিয় আমি সকলোৱেই আমাৰ অনুজ প্ৰজন্মক ইংৰাজী মাধ্যমতহে পঢ়ুওৱা উচিত৷ আমাৰ মানুহে চিকিৎসা-বিজ্ঞান পঢ়িব লাগে...

এইবাৰৰ নিৰ্বাচনৰ ফলাফলৰ সম্পৰ্কত বহুদিনৰ পৰা যি পাঁচটামান কৌতুহল প্ৰধানকৈ আছিল তাৰে মাজৰ অন্যতম দুটা হ’ল— ১) চি পি আখৰ দুটাৰে আৰম্ভ হোৱা দলবোৰে কিমান ভোট পাব?? আৰু ২) অসমৰ আটাইতকৈ অধিক উচ্চ-শিক্ষিত প্ৰাৰ্থী, সাংঘাটিক চোকা, এইবাৰৰ আটাইতকৈ চোকা বিধায়ক-প্ৰাৰ্থীজন বুলি ক’ব পৰা ব্যক্তিজনে কিমান ভোট পাব?? এই...

এজন দাৰ্শনিকে প্ৰসংগক্ৰমে লিখিছিল যে— “বৰ্তি থাকিবলৈ কৰিবলগা হোৱা সংগ্ৰামখনৰ বাবে আদি সময়খিনিত মানুহৰ বৰ এটা আস্বাসজনক-যেন অৱস্থা নাছিল। বন্য জন্তু-দানৱৰ পৰা নিষ্কৃতি পাবৰ বাবে গছত বগাবলৈ বান্দৰৰ তুলনাত থকা অতি কম ক্ষ্ৰিপ্ৰতা; প্ৰচণ্ড শীতৰ পৰা ৰক্ষা পাবলৈ জন্মগত ৰক্ষণ হিচাপে প্ৰায় নোমহীন শৰীৰ; দীঘলীয়া...

একেটা পৰিয়ালতে কেইবাজনো প্ৰতিভাৱান মানুহে ভৰি থকাতো এটা খুব দুৰ্লভ আৰু আনৰ বাবে কৌতুহল তথা খুব আকৰ্ষণীয় কথা। হয়তো অটাইতকৈ বিখ্যাত তেনে উদাহৰণটি হ’ল: মেৰী কুৰীৰ পৰিয়ালটো। মেৰী কুৰী হ’ল ন’বেল বঁটা লাভ কৰা প্ৰথম মহিলা। ইফালে, তেঁৱেই দুবাৰ ন’বেল বঁটা লাভ কৰা প্ৰথম ব্যক্তি।...

“Few results have as rich a mathematical history and as dramatic a proof as Fermat’s Last Theorem.” — The Abel Committee. (১) প্ৰায় ৩৫০ বছৰৰো অধিক কাল ধৰি গণিতৰ অলেখ তীক্ষ্ণধী ছাত্ৰ-ছাত্ৰীৰ উপৰি নিজৰ নিজৰ শতিকাৰ স্বনামধন্য বহুকেইজন মহান গণিতজ্ঞৰ দ্বাৰাও অপ্ৰমাণিত হৈ থকা “ফাৰ্মাৰ অন্তিম প্ৰমেয়” (Fermat’s...

২০ দিন মানৰ আগৰ কথা, মানুহ এজনে কৈছিল— "জুবিনক অকণো শান্তি নিদিয়াকৈ সদায় গালি পাৰি থকা, আৰু জুবিনৰ একো কামেই নাই বুলি কৈ থকা সেই মানুহকেইটাই এতিয়া জুবিনকে নিজৰ লগত ল'ব বিচাৰি আছে। তাতেই গম পোৱা যায় সিহঁতকেইটা কিমান হাৰামী।" এইষাৰ কথাত গুৰুত্ব দিয়া নাছিলোঁ, দিলেও...