Depression আৰু শ্ৰোতা

তেজপুৰ বিশ্ববিদ্যালয়লৈ অহাৰ ছমাহ পূৰ্বে মোৰ লগত এগৰাকী depression ৰ ঔষধ খোৱা লোকে কথা পাতিছিল। সকলোৱে ভাবে তেওঁ হাঁহিমুখীয়া আৰু সৰল, কিন্তু কেৱল চাৰি-পাঁচজনে গম পায় যে তেওঁৰ মনৰ অৱস্থা ঠিক নহয়। তেওঁ আছিল সাংঘাতিক চোকা, সুপ্ৰতিষ্ঠিত, কেৰিয়াৰৰ প্ৰতিটো পৰীক্ষাতে অসমৰ ভিতৰত স্থান প্ৰাপ্ত, কিন্তু মনৰ মাজত সম্পূৰ্ণৰূপে ভংগুৰ, অসহায় আৰু জীৱনৰ অৰ্থ বিচাৰি হাহাকাৰ অৱস্থা। ক’বলৈ আন কোনো নাই বাবে তেওঁ মোক সমস্ত কথা কৈ গৈছিল কেইমাহমান ধৰি। Stress, frustration, emptiness, melancholy, anxiety, depression, self-harm tendency এইবোৰ প্ৰতিটোৰে সংযোগ থাকিলেও ইহঁতৰ কিছুমান পাৰ্থক্য আছে। Depression ত ভোগা মানুহৰ ওচৰত motivation talk, philosophy আদিয়ে একো কাম নিদিয়ে। সেইবোৰে তেওঁলোকক অশান্তিহে কৰে। তেওঁলোকৰ জগতখন সম্পূৰ্ণ বেলেগ। আমাৰ জগতখনৰ সৈতে একো নিমিলেই। মই প্ৰায় দহ বছৰ Psychology Today আলোচনীখনৰ বিভিন্ন লেখা পঢ়িছিলোঁ আৰু তেওঁ কথা কৈ থাকিলে সেইবোৰ প্ৰয়োগ কৰিছিলোঁ। তেওঁলোকৰ বাবে আনে কৰিব পৰা এটা প্ৰধান কাম হ’ল— তেওঁলোকৰ কথাবোৰ শুনাটো। তেওঁলোকে নিজৰ কাহিনী ক’বলৈ ধৰিলে মানুহে সাধাৰণতে motivation দিয়ে বা philosophy কয়, আৰু তেতিয়া লগে লগে তেওঁলোকে শ্ৰোতাজনক নিৰাপদ বুলি নভবা হয় আৰু আচল কথাবোৰ নোকোৱা হৈ পৰে। মটিভেচন বা ফিল’ছ’ফি নিদিয়াকৈ যদি তেওঁলোকৰ জগতখনক গুৰুত্ব দিয়া হয়, যদি তেওঁলোকৰ এজন শ্ৰোতা হোৱা যায়, তেতিয়া তেওঁলোকে অনুভৱ কৰিব পাৰে যে সেইখন জগতত তেওঁৰ সৈতে আন কোনোবা আছে আৰু তেতিয়া তেওঁলোকে আৰোগ্য হোৱাত কিছু সহায় হয়। কিন্তু আটাইতকৈ ডাঙৰ অভাৱটোৱেই হৈছে শ্ৰোতা। বিশেষকৈ আধুনিক সময়ৰ তীব্ৰ গতিৰ প্ৰতিযোগিতা বা যুঁজৰ মাজত, বা সকলোৰে অত্যন্ত ব্যস্ততাৰ মাজত শ্ৰোতা পোৱাটো প্ৰায় অসম্ভৱেই হৈ পৰে। তাৰ বাবে এটা অভ্যাসে মানুহক সহায় কৰে। সেইটো নিজে গঢ়িব লগা বস্তু। সেইটো হ’ল, কথাবোৰ লিখিব লাগে। মোক কোনোবাই নিজৰ কষ্ট, হতাশা আদিৰ কথা ক’লে মই তেওঁলোকক লিখিবলৈ লগাওঁ। লিখি লৈ পেলায়েই দিয়া হওক, কিন্তু লিখিব লাগে। ষ্ট্ৰেচ, তীব্ৰতৰ আৱেগ, প্ৰেচাৰ, অৱমাননা, অসহায় অৱস্থা, বা যিকোনো ক্ষেত্ৰতে কথাবোৰ লিখি পেলালে শান্তি আৰু নিয়ন্ত্ৰণ ঘূৰি আহে। মই বিশ্ববিদ্যালয়লৈ অহাৰ পাছত প্ৰায় ডেৰবছৰেই অত্যন্ত অস্থিৰতাৰ মাজত পাৰ কৰিছিলোঁ। আহিয়েই দুগৰাকী ব্যক্তিৰ বিষয়ে সাংঘাতিক বেক্‌বাইটিং শুনিছিলোঁ আৰু দুয়োগৰাকীয়েই মোৰ মনৰ বিশেষ স্থান অধিকাৰ কৰিছিল, ফলত মই বেলেগ বেলেগ পৰিৱেশৰ মুখামুখি হ’বলগীয়াত পৰিছিল, যিবোৰে মোক সাংঘাতিকভাৱে জোকাৰি পেলাইছিল। বেক্‌বাইটিংবোৰত বিভিন্নজনৰ হতাশাও সোমাই আছিল। সকলো দেখি মই disturbed ফিল কৰিছিলোঁ। লগত আন আন অনুভূতি মিলি প্ৰতিটো ক্ষণ মোৰ পাৰ হৈছিল অস্থিৰতাৰে। কিন্তু ষ্ট্ৰেছ, vulnerability, দুঃসময় আদি নিয়ন্ত্ৰণ কৰি একদম প্ৰশান্ত ধৰণেৰে কাম কৰি চলি যাব পৰা দক্ষতা এটাও মোৰ সৰুৰে পৰা আছে। সেয়ে সময়বোৰ মই উপভোগো কৰিছিলোঁ। তথাপি, অস্থিৰতাৰ পৰা সম্পূৰ্ণকৈ মুক্ত হ’ব নোৱাৰি শেষত মই কথাবোৰ লিখি পেলালোঁ। ৭৩ পৃষ্ঠা হ’ল। লিখি লৈ ১০ জনমানক পঢ়িবলৈ দিলোঁ। লিখাৰ পাছতো সকলো স্পন্দন একেই থাকিলেও মনটো আগতকৈ শান্তি লগা হ’ল।

No Comments

Post A Comment