‘ফেৰাৰী বিক্ৰী কৰি দিয়া সন্যাসীজন’ (The Monk Who Sold His Ferrari) নামৰ বিশ্ববিখ্যাত গ্ৰন্থখনৰ মুখ্য চৰিত্ৰ উকীল জুলিয়ান মেন্টোলে আনটো চৰিত্ৰৰ আগত আগবঢ়াই থকা বক্তব্যবোৰৰ মাজৰ এটা বাক্য এনে ধৰণৰ— “সন্যাসীসকলে মোক শিকাইছিল যে গড় হিচাপৰ দিন এটাত গড় হিচাপৰ মানুহ এজনৰ মনৰ মাজেৰে ষাঠি...

তেজপুৰ বিশ্ববিদ্যালয়ত কি আছে, কি নাই: আমাৰ কৈশোৰত প্ৰভাৱ পেলোৱা প্ৰবন্ধসমূহৰ ভিতৰত এটা প্ৰবন্ধ হ’ল হোমেন বৰগোহাঞিৰ ‘উপাচাৰ্যৰ যোগ্যতা’। প্ৰবন্ধটোত কোৱা হৈছিল যে- এজন উপাচাৰ্য এনে ব্যক্তিত্বৰ অধিকাৰী হ’ব লাগিব যে তেওঁক সবেই ভয় কৰিব লাগিব আৰু তেওঁ নিজে ভয় কৰিব লাগিব কেৱল নিজৰ বিবেকক। আমাৰ শিক্ষা-ব্যৱস্থাই...

► পক্ষীয়ে কি উদ্দেশ্যেৰে মাতিছে বুজি নাপালেও শুনি ভাল লগাৰ দৰে, তুমি কি উদ্দেশ্যেৰে হাঁহিছা বুজি নাপালেও তোমাৰ মুখৰ হাঁহি দেখি বহুত ভাল লাগে। ► মানুহবোৰে কৈছিল, মোৰ জপৰা চুলিত এদিন কাউৰীয়ে বাহ সাজিব কিন্তু কাউৰীয়ে চোন বাহ নাসাজিলে, বাহ সাজিলে তোমাৰ হাতৰ লিহিৰি আঙুলিয়েহে৷ ► যিদিনা তোমাৰ দুপাৰি দাঁতৰ অন্তিম দাঁতটো...

(১) বৰষুণ “বৰষুণজাক আজিও নাহে। আকাশখনক ফাগুণে পিহি পিহি ইমান ধূলি উলিয়াইছে!” ফাগুণে ছাই বৰণীয়া কৰি পেলোৱা আকাশখনৰ বিষয়ে সবৰে মুখত শুনি শুনি কণমান নাতিটোৱে অভিজ্ঞ মানুহৰ দৰে ক’লে। “ভালেই হৈছে দে। আকাশে ডাৱৰবোৰ বাৰিষালৈ সাঁচি থৈছে।” ককাকে উত্তৰ দিলে। বাৰিষা পথাৰে চিৰাল-ফাট মেলিলে। নাতিটোৱে ক’লে, “ককা, আকাশে...

(১) লোতকবোৰ বৰফ বৰফৰ বসু-আইনষ্টাইন ঘণীভূত অৱস্থা ইমানো উষ্ণ-তীক্ষ্ণ অনুভূতি নাই যে এই পৃথিৱীত নোৱাৰে পুনৰ চকুলো বোৱাব নোৱাৰে পুনৰ প্লাজমা আনিব (২) বিদায় ধুমুহা কিছুদিনলৈ মই নিজৰ কামত লাগোঁ ইমান আবদাৰ কিয় তোমাৰ? তুমি আহিলে কেৱল তোমাৰ লগতে যে ব্যস্ত হ’ব লাগে! (৩) মোৰ 600 GB ৰ হৃদয়খনৰ 50 GB ৰ ড্ৰাইভ এটা তোমাৰ ফটোৰে ভৰপুৰ কৰিম...

বেদান্ত শইকীয়া আজি প্ৰথমবাৰ বিপ্লৱ মহন্তৰ ঘৰলৈ আহিছে। তেওঁলোকৰ চিনাকী হোৱা পাঁচ বছৰ হ’ল। পিছে, কেৱল এটা প্ৰসংগতহে তেওঁলোকৰ প্ৰায়ে যোগাযোগ হৈছিল, টেলিফ’ন, ম’বাইল, ইমেইল আৰু ফেচবুকত মেছেজেৰে। কামৰ কথাতেই তেওঁলোকৰ হাঁহি-ধেমালীবোৰো সদায় সীমাবদ্ধ আছিল। ঘৰুৱা কথা বা ব্যক্তিগত প্ৰসংগ কোনো দিন ওলোৱাই নাছিল। আজি...