মই এবাৰ এজনী ছোৱালীৰ প্ৰেমত পৰিছিলোঁ, এটা খুব ভাল ব্যক্তিত্বশালী এজনী ছোৱালী

(১)

মই এবাৰ এজনী ছোৱালীৰ প্ৰেমত পৰিছিলোঁ। এটা খুব ভাল ব্যক্তিত্বশালী এজনী ছোৱালী। যাৰ কথা-বতৰা আৰু ব্যক্তিগত চিন্তাধাৰাবিলাক যথেষ্ট ভাল। প্ৰেমত পৰিছিলোঁ মানে, পৰিছিলোঁ নহয়। এতিয়াও তেওঁক লগ পালেই প্ৰতিটো দিনতে প্ৰথমবাৰ লগ পোৱাৰ দৰে নতুন যেন অনুভৱ হয়। সদায় প্ৰথমবাৰ দেখাৰ দৰে মই তেওঁলৈ চাব বিচাৰোঁ। প্ৰতিটো দিনতে বহুদিনৰ মূৰত লগ পোৱাৰ দৰে মাতিব বিচাৰোঁ। দিনটোত এবাৰ লগ পোৱাৰ পাছতো পুনৰ লগ পাবলৈ মোৰ মন গৈ থাকে আৰু ক’ৰবাত দেখা পাম বুলি জানিলে পুনৰ তালৈ যাবলৈ মনে বিচাৰি থাকে। সদায় তেওঁৰ প্ৰতি কেয়াৰ ল’ব বিচৰা ভাব আহে। কতদিন লগ পোৱাৰ পাছতো প্ৰথম চিনাকিৰ দৰে মই প্ৰায়ে সল্‌সলীয়াকৈ মাত দিব নোৱাৰোঁ। ছোৱালীজনী বহুত বেছি introvert. তাই শান্তকৈ নিজৰ মাজতে ব্যস্ত থাকে, অহৰহ কামত যত্ন কৰি থাকে, আৰু কেতিয়াবা মনটো ক’ৰবাত হেৰাই যায় ভাবনাত। ধুনীয়াকৈ ষ্টাইল কৰি থকা, অত্যন্ত সংবেদনশীল, মৰমলগা এজনী ছোৱালী। যাৰ প্ৰতি মোৰ মনলৈ প্ৰথমবাৰ সমুখত দেখা পোৱা মুহূৰ্তৰ পৰাই খুব সন্মান জাগিছিল। তেওঁৰ আচৰণত সঁচাকৈ সন্মান কৰিবলগীয়া ধৰণ এটা আছে। কিন্তু তেওঁক লৈ তেতিয়া খুব অসন্মানজনকভাৱে চৰ্চা চলি আছিল। ইমান backbiting দেখি মই আচৰিত হৈ গৈছিলোঁ। তেওঁক অকণো সন্মান নকৰাৰ কাৰণ আছিল কেৱল এখন গৱেষণা-পত্ৰ। যিটো কথাক লৈ তেওঁৰ বিষয়ে বেয়াকৈ চৰ্চা কৰিবলগীয়া আচলতে একো নাছিল। যেতিয়া মই তেওঁকে ভাল পাওঁ বুলি সকলোৱে গম পাই গৈছিল, বহুজনে চক খাই গৈছিল, তেওঁলোকে এবাৰো ভবা নাছিল যে মই সেইজনী ছোৱালীকে ভাল পাব পাৰোঁ, তেওঁলোকৰ আচৰণবোৰ হঠাতে সলনি ঘটিছিল, আৰু মই আগতে ভালকৈ কৈ থকা কথাবোৰ মোকে ওলোটাই ক’বলৈ ধৰিছিল। কেতিয়াবা হঠাতে বেলেগৰ কথা উলিয়াইছিল আৰু নিজৰ মাজতে পাতিবলৈ ধৰিছিল যে সি হে এনেকৈ কৈ আছিল, আমিতো নাজানিছিলোঁৱেই, বেয়াকৈ কিয় ক’ব লাগে। এদিন নিজৰ নিয়ন্ত্ৰণেই হেৰুৱায় কেইজনমানে মোকো অসন্মান কৰা নিচিনাও কৰিছিল। মোক তেওঁলোকে চিনি পাইছিল মোৰ কামৰ জৰিয়তে, মোৰ পৰা সহায় লৈছিল, মোক লগ পোৱাৰ পাছৰে পৰা তেওঁলোকে মোৰ লগত লাগি থাকিছিল, মই ক’ৰবাত থাকিলে তেওঁলোক এনেই মোৰ কাষ পাইছিলগৈ, মোক ক’ৰবালৈ মাতি নিছিল, একেলগে খাবলৈ সদায় ফোন কৰিছিল, কিন্তু তাৰ পাছৰ পৰা তেওঁলোকে সেইবোৰ কৰিব নোৱৰা হৈ পৰিছিল। মোৰ পৰা সহায় বিচাৰিলে মই তেতিয়াও লগে লগে কৰি দিছিলোঁ। মই কোনো প্ৰতিক্ৰিয়া নিদিলেও তেওঁলোকে মোৰ ওচৰত পুনৰ সহজভাৱে থাকিব নোৱৰা হৈছিল, মোৰ লগত এটা ডাঙৰ গেপ আহি গৈছিল। মোক বিশেষ হিচাপে লৈ প্ৰথমে ভালেখিনি যত্ন কৰা, প্ৰায়ে মোৰ সৈতে লাগি থকা বা আগৰ পৰাই যোগাযোগ কৰি থকা ল’ৰাকেইজনৰ লগত কেনেকৈ গেপ আহি গ’ল, এই কথাটোত কেতিয়াবা মনতে হাঁহিও উঠিছিল। ছোৱালীজনীৰ প্ৰতি মোৰ মনৰ ভাববোৰ, তেওঁ ধুনীয়াকৈ নিজৰ মতে ব্যস্ততাৰে চলাই থকা নিজৰ জীৱনটো, আৰু লগত এই বাহিৰা কথাবোৰ — এই গোটেইবোৰে একেলগে মিলি মোক সাংঘাতিকভাৱে জোকাৰি পেলাইছিল। কোনোবা সময়ত মই তেওঁৰ প্ৰতি আৱেগত একো কৰিব নোৱৰা হৈ পৰিছিলোঁ, কোনোবা সময়ত সপোনে খেদি ফুৰিছিল মোক, কোনোবা সময়ত বাহিৰা কথাবোৰে মোক অস্থিৰ কৰি পেলাইছিল, কোনোবা সময়ত এইবোৰে মোক তীব্ৰ আঘাত দিছিল, মই disturbed ফিল কৰিছিলোঁ, কেতিয়াবা হতাশাৰ ভাব আহিছিল তেওঁৰ সৈতে মোৰ অকণো সংযোগ গঢ়ি নুঠিব নেকি বুলি। এনেকৈ বহু কথাই মোক এটা দিনো সাধাৰণভাৱে পাৰ কৰিবলৈ দিয়া নাছিল। মই কাম কৰিবলগীয়া হৈছিল বৰ কষ্টৰে। মোৰ কাম হৈও আছিল বাবে আনে বাহ্যিকভাৱে দেখাত মই সকলো ঠিকেই কৰি থকা যেনো হৈছিল। কিন্তু মই নিজে যিমান কৰিব বিচাৰিছিলোঁ, যিমান কৰিব পাৰিলোঁহেঁতেন, বা আগতে যিমান কাম কৰি আছিলোঁ, সিমানখিনি কৰিব পৰা নাছিলোঁ। নিজৰ এটা সুকীয়া পৰিচয় গঢ়ি তুলিবলৈ মানুহে সাধাৰণ জোখতকৈ অধিক কাম কৰিবই লাগিব। ভবা মতে পূৰ্বৰ দৰে কাম কৰিব নোৱাৰিও মোৰ অস্থিৰতা বাঢ়ি গৈছিল। সকলোৱেই আছিল তীক্ষ্ণধী, প্ৰায়ভাগেই overqualified. কিন্তু, তীক্ষ্ণধী হ’লেও ছাত্ৰৰ পৰা গৱেষকলৈ নিজক ৰূপান্তৰিত কৰাটো এটা ব্যতিক্ৰমী প্ৰক্ৰিয়া। ছাত্ৰই আনৰ বস্তু পঢ়ে, মুখস্থ কৰে, উত্তৰ লিখে। গৱেষকে আনৰ পৰা আহৰণ কৰাটো এৰি নিজৰ পৰা দিয়াটো আৰম্ভ কৰিব লগা হয়। এই প্ৰক্ৰিয়াটোত সোমাবলৈ বিভিন্ন কাৰণত বহুতক তিনি-চাৰিবছৰ লাগি যায়। কিছুমানৰ ডিগ্ৰীটো হৈ যোৱাৰ পাছতো প্ৰক্ৰিয়াটোত কেতিয়াও সোমাবগৈয়ে নোৱাৰে। বিশেষকৈ তাত্ত্বিক জগতখনত। ফলত বহুতে চাপত থাকে, অহৰহ হতাশাৰ সৈতে যুঁজিব লগাও হয়। আনতকৈ উচ্চ স্থান পোৱাৰ হাবিয়াসে বহুতকে ক্ৰিয়া কৰে। অলপ বেলেগ কিবা এটা ঘটিলে সহজভাৱে লোৱাটো কঠিন হৈ পৰে তেতিয়া, বেয়াকৈ ক’বলৈ সুৰুঙা বিচৰা হয় তেতিয়া। হয়তো ফ্ৰাষ্ট্ৰেচন, ঈৰ্ষা, ইগ’ প্ৰব্লেম, superiority complex, inferiority Complex আদিৰ সংমিশ্ৰণত এইবোৰ হয়। ছোৱালীজনীক লৈ আলোচনা হোৱাৰ কাৰণ আছিল, তাইৰ কম সময়তে এখন গৱেষণা-পত্ৰ প্ৰকাশ হৈছিল আৰু এখন কনফাৰেন্সত তাই টক্‌ দিছিল। লগে লগে হৈ-চৈ আৰম্ভ হৈ গৈছিল, “কাৰোৰেই ওলোৱা নাই। কিছুমানৰ তিনিবছৰ হৈ গ’ল। কিছুমানে extension ল’ব লগা হৈছে, এখনো চাব্‌মিটেই কৰিব পৰা নাই। ড্ৰাফ্ট লিখিয়েই পেপাৰ হৈ গ’ল। পেইড জাৰ্নেলহে। ফ্ৰড। ছমাহতে টক্‌ দিলেই।……” আলোচনাবোৰ এনেকৈ কৰিছিল যেন তাই গোটেইখন নষ্ট কৰি পেলাইছে। সেইবোৰ শুনি শুনি নতুন বহুতেও তাইৰ প্ৰতি মনত সন্মান নাৰাখিছিল। অন্য বিষয়ৰো কাৰোবাৰ সোনকালে পেপাৰ ওলালে নতুন কেইজনমানেও কামোৰ দিয়া দেখিছিলোঁ— “তয়ো ড্ৰাফ্টটো টাইপ কৰিয়েই পেপাৰ উলিয়ালি নেকি?” মোৰ বেয়া লাগিছিল। মই গৱেষণা-পত্ৰখন আৰু বিভিন্ন তথ্যবোৰ বিচাৰি চালোঁ। জাৰ্নেলখন Elsevier এ প্ৰকাশ কৰা, Q1 জাৰ্নেল। তথাপি উচ্চ পৰ্যায়ৰ জাৰ্নেল নহয় বাৰু। তাত বহুত বেছিকৈও পেপাৰ প্ৰকাশ কৰে। কিন্তু তাকে চাই কামটো পেলাই দিবলগীয়া বস্তুও নহয়। সেইখন পইছা দিলেই প্ৰকাশ কৰা জাৰ্নেলো নহয়। আৰু ছোৱালীজনীয়ে নিশ্চয়কৈ প্ৰথম কাম কৰি বেছি কথা নাজানেও, গাইডে যি কৰিবলৈ কৈছে সেইমতে কৰিছে। মই প্ৰথম পিএইছডি কৰিবলৈ যাওঁতেও সেইবোৰ জানিছিলোঁ, কাৰণ মই আগৰ পৰাই বিভিন্ন প্ৰবন্ধ আদি অধ্যয়ন কৰোঁ, তেনেকৈয়ে মই পিএইছডি এৰি দিছিলোঁ। কিন্তু ছোৱালীজনীৰ কামটো তেনেকুৱা নহয়। পাছত জাৰ্নেলখনৰ পৰা কেইবাশ পেপাৰ ৰিট্ৰেক্ট কৰা হৈছে, সেইবিলাক বেলেগকৈ আলোচনা হ’ব পৰা প্ৰসংগ। তাত তেওঁৰ পেপাৰখন নাই, গতিকে নিশ্চয়কৈ অদৰকাৰী কাম বুলিব নোৱাৰি। তাই কাকো ক’তো কৈও ফুৰা নাই যে তাই সাংঘাতিক ডাঙৰ কাম কৰিছে। এটা সাধাৰণ কাম কৰিছে, যিটো ধৰণৰ কামকে প্ৰায়ভাগেই কৰিব। যিটো কোনোবাই তিনি বছৰৰ মূৰত কৰিলে বুলিয়েই তিনি বছৰৰ মূৰত কৰাজন বিশেষ হৈ নাযায়, তেওঁলোকেও একেধৰণৰ কামেই কৰিব পাৰে বা বহুতে কৰিও আছে। ছোৱালীজনীক বেক্‌বাইটিং কৰা এজনে নিজে পাছত তলৰ পৰ্যায়ৰ জাৰ্নেলত প্ৰকাশ কৰা দেখিছিলোঁও। কামবোৰ পলমকৈ কৰা মানে বহুতৰ ক্ষেত্ৰতে সময়বোৰ সাধনা কৰি থকা নুবুজায়, সময়বোৰ এনেই যোৱাহে বুজায়। এই ক্ষেত্ৰত এনেই যোৱা মানে ঘূৰি-ফুৰি বা ব্যক্তিগত কাৰণত এনেই যোৱাটোও নহয়। ‘গৱেষণা-পত্ৰ কেনেকৈ পঢ়িব লাগে’ শীৰ্ষক এটা মূল ইংৰাজীৰ বিখ্যাত প্ৰবন্ধ আছে। বহুতে কিবাকিবি কাৰণত অপ্ৰয়োজনীয় গৱেষণা-পত্ৰ পঢ়ি থাকিবলৈ বা তেনেই কম সংখ্যক গৱেষণা-পত্ৰ পঢ়িবলৈ বাধ্য হয়। বহুদিনৰ মূৰত তেওঁলোকেও সৰু কাম একোটাকে কৰে, যেনেকুৱা কাম আগতেই কৰিব পাৰিলেহেঁতেন। মই লাহে লাহে বিভিন্নজনক উত্তৰ দিবলৈ ধৰিছিলোঁ যে কথাবোৰ এনেকুৱা নহয় নেকি। পইছা দি উলিওৱা পেপাৰ নহয় নেকি। তাইৰ প্ৰতি মোৰ ভাবটো প্ৰকাশ হৈ যোৱাৰ চিন্তাত উত্তৰবোৰ খুব চমু কৰিবলগা হৈছিল। মই নিজৰ কথাও কৈছিলোঁ, মোৰ প্ৰথম গৱেষণা-পত্ৰখন মই পাঁচদিনত সম্পূৰ্ণ কৰিছিলোঁ। এখন তেনেই সৰু পেপাৰ, তাতে তিনি বছৰীয়া এটা কনজেকচাৰ প্ৰমাণ কৰিছিলোঁ। কিন্তু মোক কোনেও একো ক’ব নোৱাৰিছিল, কাৰণ সেইখন উচ্চ ৰেংকৰ নহ’লেও পুৰণি reputed জাৰ্নেল। উচ্চ ৰেংকৰ লগতে যথেষ্ট নামী জাৰ্নেলত প্ৰকাশিত পেপাৰো মই দুমাহ কাম কৰি সম্পূৰ্ণ কৰিছিলোঁ, তেনেকুৱা জাৰ্নেলত প্ৰকাশ কৰিবলৈ সৱেই আশা কৰি থাকে।

ছোৱালীজনীয়ে মোৰ মনত বিশেষ স্থান লাভ কৰিছিল বহু আগতেই। এঠাইত মই পাছপ’ৰ্টৰ নিচিনা ফটো এখনত তাইক দেখা পাইছিলোঁ আৰু মোৰ মনলৈ ভাব আহিছিল যে ছোৱালীজনী সকলোতকৈ সুকীয়া। এনেকুৱা লাগিছিল যেন যিকোনো স্থানত যিকোনো ধৰণে থাকিলেও তাইৰ মনটো ক’ৰবাত একাগ্ৰ হৈ আছে আৰু মুখখন তিৰ্‌বিৰাই তোলা হাঁহিটোৰ সিপাৰে আছে এক সংযত আৰু নিৰ্লিপ্ত-নিৰ্বিকাৰ মনোভংগী। মোৰ মনলৈ কেতিয়াবা কিছুমান intuition আহে। বহু সময়ত মানুহ একোজনৰ গুণবোৰ মই ধৰিব পাৰোঁ, সেইমতে মই কিবা কৰিবলৈ দি সফল হওঁ, যিটো কাম বহুতে কৰিব নোৱাৰে। আনে কৰিবলৈ চিন্তিত হোৱা কাম কিছুমান কৰাটোতে মোৰ সামান্য পৰিচয় এটা গঢ়ি উঠিছিল। তেনেকৈয়ে মই ভাবি থৈছিলোঁ যে এই ছোৱালীজনীয়ে কি কৰে, তাই কেনেকুৱা, পাছত চাম। তেতিয়া এইবোৰ মোৰ মনৰ তেনেই সাধাৰণ কথা নিচিনাই লাগিছিল। পাছত মই বিচাৰি আছিলোঁ ছোৱালীজনীক সমুখত দেখা পাবলৈ। কিয় সুকীয়া যেন লাগিছিল জানিব খুজি আছিলোঁ মই। যেতিয়া প্ৰথমবাৰ দেখা পালোঁ, তেতিয়া তেওঁ কৃষ্ণচূড়া এজোপাৰ তলত অকলে বহি আছিল আৰু ভাবুক হৈ কোনোবা এফালে চাই আছিল। বিশেষ কাৰণ এটাত মই তেওঁক বেছি সময় চাব নোৱাৰি বেলেগ ফালে মূৰ ঘূৰালোঁ। অলপ পাছত পুনৰ তেওঁক বিচাৰি ঘূৰি চালোঁ। ফটো তুলিবৰ কাৰণে তেওঁ তাৰ পৰা উঠি গৈ একাষৰ কাঞ্চন এজোপাৰ সমুখ পাইছিলগৈ। এখন হাতৰ আঙুলিকেইটা নিজৰ গাল এখনত আলফুলে লগাই মূৰটো কাষলৈ আলসুৱাকৈ হাওলাই তেওঁ ধুনীয়া প’জ এটা দিছে। যেন আঙুলিকেইটাৰ স্পৰ্শ আকুলভাৱে বিচাৰি গালখন নিজে নিজে হাউলি গৈছে আৰু চকু দুটা তৰাৰ নিচিনাকৈ তিৰ্‌বিৰাই উঠিছে। তেওঁ বিভিন্ন পজ দি দি ফটো উঠিবলৈ ধৰিলে। তেওঁৰ প’জবোৰ আৰু ষ্টাইলবোৰ মোৰ প্ৰিয় বস্তু যেন অনুভৱ হ’ল। তেনেকুৱা প’জ এটা বা ষ্টাইল এটা যিকোনো মানুহেই দিব পাৰে, কিন্তু তেওঁৰ মাজত থকা ধীৰ ৰহস্যপূৰ্ণ কিবা এটাই সেইখিনিক বেছি ভাল লগাবলৈ ধৰিছিল মোৰ মনত। ষ্টাইল কৰা মানুহবোৰ মোৰ খুব ভাল লাগে। যি মানুহে নিজক সজাই ৰাখে, যাৰ নিজৰ সুকীয়া ধৰণ থাকে, তেওঁলোকে যিকোনো কাম সুন্দৰকৈ কৰিব যেন ধাৰণা আহে, তেওঁলোকে যিকোনো ঠাই সুন্দৰকৈ সজাই নতুন কৰি তুলিব যেন ভাব হয়। কথাটো সদায় সত্য নহ’লেও বহু সময়ত সত্য। তেনেতে কোনোবাই গ্ৰুপ ফটো তুলিবলৈ সকলোকে চিঞৰিলে। তেওঁ গম্ভীৰ আৰু মৃদু লয়লাসৰ খোজ এটাৰে আহি আমাৰ কাষ পালেহি, gracefulness ৰ এটা উদাহৰণ হৈ। গ্ৰুপ ফটো তুলি কেইজনমান কৃষ্ণচূড়া জোপাৰ তললৈ গ’ল। তেৱোঁ আকৌ কৃষ্ণচূড়া জোপাৰ তলত বহিলগৈ। ময়ো সেইফালে গৈ অকণমান দূৰত বহিলোঁগৈ। তেওঁ মোৰ ফালে অলপ কৌতূহল আৰু আগ্ৰহেৰে চোৱা মই দেখা পালোঁ। এই দৃষ্টিটো মোৰ চিনাকি। মই চিনি নোপোৱা কিছুমান মানুহে মোক চিনি পায়, মোৰ কামবোৰৰ বাবে, আৰু তেওঁলোকে সেইটো চাৱনিৰে মোলৈ চায়, কেতিয়াবা কোনোবা কাষ চাপি আহি নিজে চিনাকি দি মাতো দিয়ে। তেৱোঁ মোক তেনেকৈ চিনি পোৱাটো অসম্ভৱ নহয়। কিন্তু মই চকুৱে চকুৱে চাব নোৱাৰিলোঁ, কাৰণ তেওঁৰ দুচকুৰ পৰা মই মোৰ দুচকু সহজে আঁতৰাই নিব নোৱাৰিম যেন লাগিছিল। অকণমান সময়ৰ পাছত সকলো পুনৰ দিশে দিশে গুচি যাব লগা হ’ল। তেওঁক ধুনীয়া লাগিছিল যদিও, কেৱল ধুনীয়াটোৱে মোক অহৰহ আকৰ্ষণ কৰিব নোৱাৰে। তাত বেলেগ কিবা এটা থাকিব লাগিব। হয়তো অলপ ব্যতিক্ৰমী টেলেণ্ট থাকিব লাগিব, সুকীয়া ভাবনা থাকিব লাগিব, সুকীয়া লক্ষ্য থাকিব লাগিব। আনকি, আলিয়া ভাট আৰু শ্ৰদ্ধা কাপুৰৰ অভিনয় প্ৰথমে ভাল লগা নাছিল বাবে মই তেওঁলোককো ধুনীয়া দেখা নাছিলোঁ কেইবাবছৰলৈ। তেওঁলোকে মোক প্ৰথমে আকৰ্ষিত কৰিব পৰা নাছিল। মানুহে ধুনীয়া ধুনীয়া বুলি কৰা অসংখ্য কমেণ্টবোৰ দেখি আচৰিতো হৈছিলোঁ— কিনো ইমান ধুনীয়া দেখে। সেইদিনা মোৰ মনলৈ ভাব আহিছিল, “এজনী গতানুগতিক ছোৱালী হিচাপে মোৰ কৌতূহল ইমানতে শেষ হৈ যাব নে তেওঁ বেলেগ কিবা এটা হয়? মোৰ মনত আগতে যিটো ক্ৰিয়া হৈছিল, সেইটো তেওঁ হয় নে নহয়? আগতে কিয় বেলেগ যেন লাগিছিল? সেই বেলেগটো কি আছিল?” কিবা এটা ৰহস্যই মোক টানি থাকিবলৈও ধৰিছিল। মোৰ মনৰ ভিতৰৰ ৰূপটোৰ লগত বাস্তৱৰ মিল আছে নে নাই জানিবলৈ মই তীব্ৰ কৌতূহলী হৈ পৰিছিলোঁ।

দ্বিতীয়বাৰ মই দেখা পাইছিলোঁ বেলেগৰ এখন চেমিনাৰত। সেইদিনা চেমিনাৰ ৰূমটোলৈ সোমাই মোৰ চকুৱে ছোৱালীজনীকে বিচাৰিবলৈ ধৰিছিল। মই দেখিছিলোঁ, একাষে অকলে বহি আছে ছোৱালীজনী। তাইৰ introvert, ভাবুক, গম্ভীৰ, নিজৰ এখন সুকীয়া জগতত আবদ্ধ ৰূপটো ফুটি উঠিছিল। মই আগতে কি বেলেগ বুলি ভাবিছিলোঁ সেয়া অনুভৱ কৰিব পাৰিছিলোঁ। বহু সম্ভাৱনা পৰিস্ফূট হৈ পৰিছিল মোৰ মনত। এজনী টেলেণ্টেড, স্বপ্নাৱিষ্ট, আৰু আগলৈ বহু সফলতা অৰ্জন কৰিব পৰা এজনী ছোৱালী। সকলোতকৈ বেলেগ লাগিছিল তাইক। মই বাৰে বাৰে চাই আছিলোঁ। মই গোটেই জীৱনত লগ পোৱা সকলো ছোৱালীতকৈ তাইক সুকীয়া লাগিছিল। মই ভাবিছিলোঁ, মই দেখাটো আনে কিয় দেখা নাই, কিয় আনে বেয়াকৈ কয়। ইমান সহজেই কেনেকৈ তাইক তুচ্ছতালৈ নমাই দিব পাৰে? তাই থকা বাবেই সকলো বিশুদ্ধ হৈ পৰিব যেন লাগিবলৈ ধৰিছিল মোৰ মনত। তাই যি কৰে নিৰ্দোষভাৱে কৰে যেন ভাব হৈছিল। মোৰ জগতখন অৰ্থপূৰ্ণ যেন লাগিবলৈ ধৰিছিল। কিন্তু মোৰ মনটো বেয়াও লাগিছিল, মই তাইতকৈ বহুত ডাঙৰ, অথচ যোগ্যতাত মই তাইৰ জুনিয়ৰ, মোৰ কেৰিয়াৰটো মই নষ্ট কৰি পেলাইছোঁ, মোৰ একো নিশ্চিত ভৱিষ্যৎ নাই, মই ধুনীয়াও নহয়। মোৰ তাইৰ সৈতে ঢেৰ কথা পতাৰ আৰু একেলগে কাম কৰাৰ হেঁপাহ জাগিছিল। এটা বিশ্বাস জাগিছিল মনত। অলেখ বিশ্বাসহীনতাৰ মাজত তাইক বিশ্বাসত ল’ব পাৰিছিলোঁ মনতে। চেমিনাৰৰ শেষত আমি কেইজনমানৰ কাষতে ছোৱালীজনী ঘূৰি আছিল, নিজৰ মাজতে বিভোৰ ইটো-সিটো কৰি। মই সুধিছিলোঁ, “আপোনাৰ নামটো কি?” তাই চক খোৱাৰ দৰে কৈছিল, “অহ, ……।” লগতে মোক ওলোটাই সুধিছিল, “আপুনি ……ত ন?” তাই চক খোৱাৰ দৰে উত্তৰ দিয়া ধৰণটো আৰু মোকো সোধাখিনি ভাল লাগিছিল। মই তাইৰ মুখলৈ আৰু চকুলৈ চাব বিচাৰিও চাব পৰা নাছিলোঁ। আৰু একো পাতিব নোৱাৰিছিলোঁ। মোৰ ভাববোৰ মুখত প্ৰকাশিত হৈ তাইক অশান্তি দিব বুলি চিন্তা লাগিছিল, মই ভিতৰি আৱেগত কঁপি উঠিছিলোঁ। মই তাইক সপোনত দেখি থাকিবলৈ ধৰিছিলোঁ। কেতিয়াবা দেখোঁ, মই তাইক ক’ৰবাত লগ পাওঁ, আৰু তেনেতে চক খাই সাৰ পাই যাওঁ। প্ৰায়ে এনেকুৱা হৈছিল— মই সপোনত দেখা ধৰণেই দিনত তাইক দেখি গৈছিলোঁ। মই destiny বিশ্বাস নকৰোঁ। এইবোৰ ইমানেই ঘটিছিল যে তেনেকুৱা বিশ্বাস ৰখা মানুহৰ এনে লাগিলহেঁতেন যে সকলো destiny এ ঘটায় আছে। মই বিশ্বাস নকৰিলেও তাইৰ প্ৰতি মনৰ দুৰ্বলতাখিনিৰ বাবেই এই কথাটোকে মনলৈ বাৰে বাৰে আহি আছিল যে— তেনেকুৱা মানুহে এনেকৈ ভাবিলেহেঁতেন। গুগলত তাইৰ নামটো চাৰ্চ কৰি চোৱাটো মোৰ hobby নিচিনা হৈ পৰিছিল। মাজতে এটা চাকৰিৰ লিখিত পৰীক্ষাৰ ৰিজাল্ট ওলাইছিল। মই নটিফিকেচনটো চাওঁতে তাইৰ নামটো দেখা পালোঁ। তাইক তীব্ৰভাৱে backbiting কৰি থকা কেইবাজনো উত্তীৰ্ণ হোৱা নাছিল। তেওঁলোকো তীক্ষ্ণধী, সফল হ’বই তেওঁলোকো বেলেগ সময়ত, তেওঁলোকো বহুত বেছিকৈয়ে সফল হ’ব। কিন্তু, তাইৰ সফলতাই মোক সুখী কৰিছিল। অন্ততঃ এটা প্ৰমাণ ওলাইছে যে তাইৰো গুণ আছে। তাইৰ নিজৰ যিমান ভাল লাগিছিল, হয়তো মোৰ তাতোকৈ বেছি ভাল লাগিছিল। মোৰ নিজৰ ক্ষেত্ৰত এনেকুৱা নহয়, বহু সময়ত মোৰ প্ৰতিক্ৰিয়া নাহে, মই উপেক্ষা কৰি দিওঁ। কিন্তু নিজৰ কাৰোবাক কোনোবাই বেয়াকৈ ক’লে, তাকো বিনা দোষত ক’লে, সেইটো বাৰে বাৰে মনলৈ আহে, বহু দিনলৈ আহি থাকে। আচলতে, সমালোচনা কৰিলেও কোৱাজনক মই বেয়া নাপাম, মাথোঁ কোৱাৰ সেই ধৰণটো ঠিক হ’ব লাগিব। কাৰণ পেপাৰখনৰ ক্ষেত্ৰতেই দেখা যায় যে তাই অপৰাধ কৰি থকা নাই বা কাৰোৰে অনিষ্ট কৰা নাই। তাই মোৰ নিজৰে কোনোবা নিচিনাকৈ সেই খবৰটোত মই সুখ পাইছিলোঁ। কিন্তু তেতিয়ালৈ তাইৰ সৈতে পুনৰ এটি ক্ষণৰ বাবেও এবাৰো কথা পতাও হোৱাই নাছিল। মোৰ ভাববোৰ কোনেও সমূলি জনা নাছিল। তাই উত্তীৰ্ণ হোৱাত ভাল লাগিলেও মোৰ মনটোৱে মানি ল’ব পৰা নাছিল যে তাই সেই চাকৰিটো পাওক। কাৰণ, সেইটোত সোমাৱা মানেই তাই আন কাম কৰিব নোৱাৰিব, তেতিয়া তাই পাছলৈ পাব পৰা অধিক উচ্চ পৰ্যায়ৰ চাকৰিটো নাপাব। মোৰ তীব্ৰভাৱে মন গৈছিল কথা পাতিবলৈ, চাকৰি এতিয়াই নকৰিবা বুলি ক’বলৈ মন গৈছিল, মই ভাল পাওঁ বুলি কৈ দিবলৈ মন গৈছিল, ঘৰলৈ গৈ মোৰ ভাববোৰ কৈ আহিবলৈ মন গৈছিল। মই মন কৰিছিলোঁ, ছোৱালীজনী ঘূৰি নুফুৰে, বেছি কথা পাতি নাথাকে, পঢ়াতে বেছিকৈ লাগি থাকে। সেইবাবে মোৰ বেছি বেয়া লাগিছিল তাইলৈ ঘটনাবোৰৰ বাবে। তাইৰ ৰাপ থকা কিছুমান চিৰিয়াছ বস্তু মোৰ ভাল লাগে। তাইৰ চিন্তাশীল মন এটা আছে। বাহিৰৰ ড্ৰামাবোৰক লৈ তাইৰ যেন একো মতলব নাই। তাইক বেকত সমালোচনা কৰি থকাবোৰেও সমালোচনা কৰি ফুৰে অ’ত-ত’ত, কিন্তু সেইবোৰ সময়তো তাই নিজে যি পাৰিছে-নোৱাৰিছে কেৱল নিজৰ কামত লাগি থাকে। তাই নিজে তৈয়াৰ কৰি লোৱা নিজৰ জগতখনতেই ব্যস্ত। মই তাইৰ প্ৰেমত হাবুডুবু খাই পৰিছিলোঁ। মনটো তাইৰ চিন্তাই ভৰি পৰিছিল। মোৰ মনত চিৰদিন সোমাই থকা খালি খালি যেন অৱস্থাটো তাইৰ বিষয়ে ভাবিলে ভাল লগা হৈছিল। তাই আছে বাবেই পৃথিৱীখন সুন্দৰ যেন লগা হৈছিল। মোৰ তাইৰ সৈতে কাম কৰিবলৈ মন গৈছিল। মই যদি তাইক দিনে দুঘণ্টাকৈ চিষ্টেমেটিক পোন্ধৰদিন পঢ়িবলৈ দিওঁ, তাই পাৰ্টিচন থিয়ৰিৰো কাম আৰম্ভ কৰিব পাৰিলেহেঁতেন। অধিক জটিল প্ৰক্ৰিয়াবোৰলৈ যাবলৈ সময় লাগিব, কিন্তু ভালকৈ সেইকেইদিন পঢ়ি লৈ প্ৰাৰম্ভিক পৰ্যায়ৰ এটা কাম কৰিব পাৰিব। আৰু প্ৰাৰম্ভিক পৰ্যায়ৰ হ’লেও সেইটো নামী জাৰ্নেলত প্ৰকাশো হ’ব। মোৰ মন গৈছিল, তাইৰ সৈতে পাৰ্টিচন থিয়ৰিৰ এখন গৱেষণা-পত্ৰ লিখি এনে এখন জাৰ্নেলত প্ৰকাশ কৰিবলৈ, যিখনৰ দৰে জাৰ্নেলত তাইক নিন্দা কৰি থকাসকলেও প্ৰকাশ কৰে বা প্ৰকাশ কৰিব বিচাৰি থাকে। তেতিয়া সকলো চুপ হৈ যাব। তাইৰ লগত তিনিটা কাম কৰিবলৈ মোৰ মন গৈ থাকে। পাৰ্টিছন থিয়ৰিৰ এখন গৱেষণা-পত্ৰ লিখিবলৈ, elementary number theory ৰ এখন গৱেষণা-পত্ৰ লিখিবলৈ, আৰু এখন কিতাপ লিখিবলৈ। কেতিয়াবা একোটা প্ৰবন্ধ লিখি মই আধৰুৱাকৈ পেলাই থৈ দিলে তাইলৈ মনত পৰে, তাইৰ সৈতে সেইটো সম্পূৰ্ণ কৰি দুয়ো সহ-লেখক হিচাপে প্ৰকাশ কৰিব পাৰিলোঁহেঁতেন। কিছুমান কথা তাই নাজানে, সেইবোৰ মোৰ শিকাবলৈ মন যায়, আৰু তাইৰ পৰাও মোৰ শিকিবলৈ মন যায়। আমি আৰু বহুতো বেলেগ বেলেগ কামো একেলগে কৰিব পাৰিলোঁহেঁতেন, যিবোৰ কাম অকল এজনে কৰিব খুজিলে কৰা নহয় বা নকৰাকৈয়ে থাকি যায়। বহুতো কাম কৰিব পৰা বিভিন্নজন থাকে যদিও কামটো কৰি থাকিবলৈ হ’লে প্ৰশিক্ষিত দক্ষতা বা অৰ্হতাৰ উপৰি স্বভাৱজাত গুণ বা নিজস্ব বৈশিষ্ট্য কিছুমানৰ প্ৰয়োজন হয়। তাইৰ আছিল তেনে গুণ।

শুভাকাংক্ষী এগৰাকীয়ে কৈছিল— কথাবোৰ যে কোনোবাই কয়, সেয়া কেৱল এজনে কোৱা কথা নহয়, কেইবাজনেও আলোচনা কৰে, গচিপ কৰে, কাৰোবাৰ পৰা শুনি কোনোবাজন influence হয় আৰু পাছত বেয়াকৈ কৈ ফুৰে। মানুহবোৰৰ এনেকুৱা কথাবোৰত অতিষ্ঠ হৈ এদিন মই বেলেগ মানুহৰ তেনেকুৱাই কাহিনী লৈ এটা দীঘল লেখা লিখিছিলোঁ। প্ৰতি বছৰে সেই সময়খিনিত ওলোৱা একোটা সংবাদৰ কাৰণে সেই কাহিনীখিনি মোৰ মনলৈ আহি থাকে। সেইবাৰ কথাখিনি মই লিখি পেলাইছিলোঁ। লেখাটোত মই কেইবাবছৰ আগতে মোৰ এমএছচিৰ সময়ত চিনি পোৱা এজনী ছোৱালীৰ কাহিনীও আছিল। গোটেই এমএছচিৰ সময়টোত মই মাথোঁ এবাৰমান তাইক দেখা পাইছিলোঁ, কিন্তু তাইক লৈ গচিপ শুনিছিলোঁ অলেখ। পাছত কেতিয়াবা ফুৰিবলৈ আহিও বা আন ধৰণেও সেইবোৰ কাণত পৰিছিল। সেয়া বছৰৰ পাছত বছৰ ধৰি চলিছিল। সেই গচিপবোৰ চলি থকা সময়বোৰতো ছোৱালীজনীৰ ব্ৰিলিয়েন্সটো মোৰ চকুত পৰিছিল। মানুহে পতাবোৰ তাই জানিও সেইবোৰ উপেক্ষা কৰি নিজৰ মতে জীৱনটো উপভোগ কৰিছিল আৰু আনক অনুপ্ৰাণিত কৰিব পৰা ধৰণে কাম কৰি আছিল। কেতিয়াবা মই দুই-এজনৰ সৈতে তৰ্ক কৰি কৈছিলোঁও যে সেইবোৰ সম্পূৰ্ণ মিছা। এদিন তাইৰ যোগ্যতা কোনেও নুই কৰিব নোৱৰাকৈ প্ৰমাণিত হৈছিল। তেতিয়া সকলো চুপ হৈ পৰিছিল। তেনেকৈয়ে মোৰ ভাল লগা এই ছোৱালীজনীও এদিন জয়ী হ’ব যেন মোৰ ধাৰণা হৈছিল। মোৰ লেখাটো ফেচবুকতে দিছিলোঁ আৰু বহুতে পঢ়িছিল। সেইদিনাই নিশালৈ নেটৰ ৰিজাল্ট দিছিল। আৰু ছোৱালীজনীয়ে জেআৰএফ পাইছিল। এইবোৰ মোৰ কিবা অদ্ভুত সংযোগ যেন লাগিছিল। তাইৰ ৰিজাল্টটো পোৱাৰ লগে লগেই আন এগৰাকী ছোৱালীৰ মনলৈও মোৰ লেখাটোৰ সৈতে এটা সংযোগ আহি গৈছিল। লগে লগে তেওঁ মোলৈ মেছেজ দিছিল যে লেখাটো বেলেগৰ বিষয়ে যদিও এই ছোৱালীজনীৰ কাহিনীৰ সৈতেও মিলি যোৱা যেন লাগিছে। মোৰ মনলৈ আৰু ভাব আহিছিল— তাই আগলৈ আৰু ভালকৈ আগবাঢ়ি যাব পাৰিব। তাইৰ সৈতে কথা পাতিবলৈ মই ব্যাকুল হৈ পৰিছিলোঁ। তাইৰ প্ৰতি ভাবনাই মন ভৰি পৰিছিল। মই মাথোঁ মেছেজ দিছিলোঁ— “Congrats!” তাৰ এসপ্তাহৰ পাছত মই পুনৰ মেছেজ দিলোঁ যে তোমাৰ কথা কেইটামান জানিব বিচাৰোঁ, সুধিব পাৰোঁনে। তাই পুৱা উত্তৰ দিছিল। মেছেজটো দি মই গোটেই ৰাতি তাইক বিছবাৰমান সপোনত দেখি সাৰ পাই গৈছিলোঁ। পিছদিনা দিনটো টোপনি খতিৰ দৰে পাৰ হৈছিল। মই শেষত সুধিছিলোঁ, তুমি পাৰ্টিচন থিয়ৰি আৰু কম্বিনেটৰিক্স কেতিয়াবা পঢ়িছিলা নে? এই বিষয়ে তাতকৈ বেছি মই সুধিব নোৱাৰিছিলোঁ। কাৰণ, তাই মোৰ লগৰ নহয়, মোৰ ফ্ৰেইণ্ডৰ দৰেও নহয়, সদায় কথা পতা বা সমুখতে সদায় লগ পাই থকাও নহয়, collaboration ৰ পৰিৱেশটোও সিমান নাই, তেনে অৱস্থাত মই ছোৱালী এজনীৰ সৈতে কাম কৰিব বিচাৰিলে, কথাটো তাই কি ধৰণে ল’ব! এয়া প্ৰফেচনেল ধৰণৰ কথা হ’লেও বেলেগ আছিল, তেনেকুৱা হ’লে কাম কৰিব বিচৰাটোত মোৰ কোনো সমস্যা নাথাকে। ফলত সেয়া তেনেকৈয়ে থাকি গৈছিল অধিক সুধিব নোৱৰাকৈয়ে।

(২)

তাইৰ লগত কথা পাতিবলৈ, লগ পাবলৈ, এবাৰ দেখা পাবলৈ মই বলিয়াৰ দৰে হৈ পৰিছিলোঁ। কিন্তু এটা সময়ত আমি মন যোৱা সকলো কাম কৰিব নোৱাৰোঁ, নিজক নিয়ন্ত্ৰণ কৰিব লগা হয়, মৰ্যাদাক অধিক গুৰুত্ব দিবলগা হয়। এটা সময়ত আমি মনে কৰিবলৈ বিচৰা কামটো কৰিলে বহুত বেছি অনিষ্টহে হ’ব পাৰে। পিছে পিছে অহৰহ ঘূৰি ফুৰিবলৈ মন গ’লেও নোৱাৰোঁ এবাৰো সেইটো কৰিব। তাই যিখন কনফাৰেন্সত টক্‌ দিছিল, আৰু বিৰূপ আলোচনাবোৰ চলিছিল, তাৰে ভিডিঅ’ চাবলৈ মোৰ খুব মন গৈ আছিল। ভিডিঅ’ মই পোৱা নাছিলোঁ। তাই কেনেকৈ টক্‌ দিয়ে, কেনেকৈ কথা কয়, চাবলৈ মোৰ খুব মন গৈছিল। বিশেষকৈ তাইৰ মাতটো কেনেকুৱা সেয়া বেছি সময় ধৰি শুনিবলৈ পোৱা নাছিলোঁ। মাতটো শুনি থাকিবলৈও মই উদ্বাউল হৈ আছিলোঁ। এখন চেমিনাৰ আহিছিল আৰু মই তাইৰ টক্‌ চাম বুলি ঠিক কৰিছিলোঁ। তাইৰ টক্‌ চাবলৈ মই যোৱাৰ সময়ত ৰোমাঞ্চকৰ কাহিনী এটা ঘটিছিল আৰু টক্‌টো চাবলৈ পাই মই বিৰাট ফূৰ্তিত আছিলোঁ। কিন্তু গধূলি কেইবাজনো একেলগে বহি চাহ খাই থাকোঁতে বেলেগ এজন ল’ৰাই ছোৱালীজনীকে গালি পাৰিবলৈ ধৰিলে। আগতে শুনা সেই একেবোৰেই কথা, একেবোৰেই বাক্য। চেমিনাৰত ল’ৰাটোক ছোৱালীজনীৰ গাইডজনে প্ৰশ্ন সুধিছিল, সেইটো তেওঁৰ ডিউটি। ল’ৰাজনে উত্তৰ দিব পৰা নাছিল। ল’ৰাজনক নিজৰ গাইডে কাড়াকৈ কৈ বুজাইছিল। কেইদিনমানৰ আগৰ পৰা ল’ৰাজনক নিজৰ গাইডে কাম-কাজ কৰা-নকৰাৰ সম্পৰ্কত টানকৈ কথা কৈ আছিল, বেলেগৰ সৈতে তুলনা কৰিও গালি পাৰিছিল। টানকৈ আচলতে ক’ব নালাগে বা তেনেকুৱা তুলনা কৰিব নালাগে, কিন্তু বহু সময়ত এইবোৰ সাধাৰণ কথা যেন হৈ পৰে, অন্ততঃ humiliation, bullying বা abuse পৰ্যায়লৈ নোযোৱালৈকে। গাইডজনে প্ৰশ্ন সোধাৰ পৰাই নিজৰ গাইডে পুনৰ গালি দিয়া পৰিস্থিতিটো হৈছিল বাবে ল’ৰাজনৰ নিশ্চয় ইগ’ত লাগিছিল। ল’ৰাজনে ছোৱালীজনীৰ গাইডজনক গালি দিছিল আৰু তাইৰ কথাও উলিয়াইছিল, “এজনী আছে, মই নাম নকওঁ এতিয়া, ছমাহতে পেপাৰ উলিয়াইছে। ছমাহতে পেপাৰ উলিয়াব পাৰেনে? সেইবোৰ কাম হ’লনে! আমি তিনি বছৰ কৰি আছোঁ হোৱা নাই।………” গাইডজনক সি গালি পাৰিলেও, ছোৱালীজনীক টানি আনিবলগীয়া একো নাছিল। তাই কাকো আমনি নকৰাকৈ নিজৰ কাম কৰি আছে। আৰু গাইডজনক গালি পাৰিবলগীয়াও একো নাছিল, সেইটো তেনেই সাধাৰণ কথা। পাছতো বেলেগ বেলেগ সময়ত তেওঁ তেনেকৈ তুচ্ছ-তাচ্ছিল্য কৰি বদনাম কৰিছিল। বেলেগৰ সমুখত পূৰ্বতেও কৰিছে। এই ধৰণৰ কথাবোৰে মোৰ মনত তীব্ৰ অশান্তিৰ সৃষ্টি কৰিছিল। বিশেষ কাৰণত আন দুই-এজনকো এইবোৰে ষ্ট্ৰেছ দিছিল। কোনোজনে মোক ষ্ট্ৰেছবোৰ কৈ কৈ মনটো পাতল কৰিছিল।

এদিন এজন সন্মানীয় ব্যক্তিয়ে মোক এটা দল গঠন কৰি কৰিবলগীয়া কাম এটাৰ দায়িত্ব দিলে। ছোৱালীজনীৰ নামটোৱেই প্ৰথমে মোৰ মনলৈ আহিছিল যদিও মই বাৰে বাৰে ফোনটো লৈ ৰৈ থাকিব লগা হৈছিল। কেনেকৈ কথা পাতিম ভাবি আৱেগত মই ৰৈ আছিলোঁ কেইবাজনক ফোন কৰাৰ পাছতো। সেইদিনা ফোনত শুনা তাইৰ মাত-কথা কেইটামান এতিয়াও কেতিয়াবা মোৰ কাণত বাজি থাকে। তাইৰ সৈতে কথা পাতিবলৈ উপায় এটা ওলোৱাত মোৰ খুব ফূৰ্তি লাগিছিল। ব্যক্তিজনে যেন দেৱদূতৰ নিচিনাকৈ আহিহে মোক কামটোত লগাই দিছে তাইৰ সৈতে কথা পাতিবলৈকে, মোৰ তেনে অনুভৱ হৈছিল। ………যেতিয়া আমি বহি আছিলোঁ, মই তাইৰ কাগজখন বিচাৰিছিলোঁ। ………কাগজখন লৈ মই পঢ়ি থাকোঁতে তাই সুধিছিল, “কেনেকুৱা হৈছে, ঠিকে আছেনে?” তাই লিখা কাগজখন আৰু তাইৰ আখৰখিনি চুই, আৰু তাইৰ আখৰবোৰলৈ চাই, মই আৱেগত কঁপি গৈছিলোঁ। মই মাত মাতিব পৰা নাছিলোঁ। মই উত্তৰ নিদিয়া দেখি তাই আকৌ সুধিছিল, “কেনেকুৱা হৈছে? ভাল হৈছেনে?” সেইকেইদিনত এঠাইত এটা অনুষ্ঠানত মোক সম্বৰ্ধনা জনাবলৈ মাতিছিল। মোৰ আৰু একো কাম নাছিল যদিও তাইক হঠাতে লগ কৰিব পৰা কিবা ওলাব পাৰে, যিটো মই হেৰুৱাব লগা হ’ব পাৰে বুলি সম্বৰ্ধনা ল’বলৈ যোৱা নাছিলোঁ। পাছত এদিন তাৰ মানুহ নিজে আহি মোক সম্বৰ্ধনা জনাই গৈছিল। ………তাই জিলিকি থাকিলে মোৰ খুব ভাল লাগে। এইটো ভাবত মই খুব আনন্দিত হৈছিলোঁ। ………তাই কাগজখন লৈ ৰৈ আছিল ভিৰৰ মাজত। মই খুজিছিলোঁ, “এইখন মই থৈ দিম। মোক দিয়া।” তাই দি দিছিল। সেইখন মই কি কৰিম, কি কৰিলোঁ, কিয় লৈছোঁ, এইবোৰ কিবা কৌতূহল তাইৰ মনলৈ আহিছিল নে নাই বুজি নাপালোঁ। মোৰ আৱেগক সামান্যতমো গুৰুত্ব নিদিয়ে যেনো ভাব আহিছিল! সেইখন মই মোৰ ফাইলটোত ভৰাই থৈছোঁ। সেইখন লগত থকা বাবে কিবা এটা পৰিপূৰ্ণ হৈ থকা যেন ফিল আহে। বহু বছৰৰ পাছত সেইখন বাৰ্থডে’-গিফ্ট হিচাপে দিবলৈ মন আছে।

(৩)

কাকো ক’বলৈ মুখেৰে নোলোৱা মোৰ মনৰ কথা তাইক ক’বলৈ, তাইক জানিবলৈ দিবলৈ, মোৰ মনত অকণো সংকোচ নালাগে। সেয়া তাইৰ বাবে মেটাৰ নিশ্চয় নকৰিব, কিন্তু কাৰোবাক তেনেকৈ ক’ব পৰাটো মোৰ বাবে বহুত ডাঙৰ কথা। তেনেকৈ কথা কাৰোৰে লগত পাতিবলৈ মোৰ সাধাৰণতে আগ্ৰহ নাথাকে। মই বাৰে বাৰে সপোনত দেখাটো প্ৰায় সদায়েই ঘটি আছিল। যিদিনা নেদেখোঁ, সেইদিনা সপোন কি বাস্তৱ কি — খেলিমেলি নিচিনা হৈ পৰিছিল দিনটোৰ বহু মুহূৰ্তত। তাইৰ জন্মদিন আহি আছিল আৰু মোৰ মনটোত এনেকুৱা লাগিবলৈ ধৰিছিল যে তাইৰ জন্মদিন পতাসকলৰ মাজত ময়ো কিবাকৈ সোমাই পৰিম। এইটো এটা অদ্ভুত যেন কথা। সেইটো সম্ভৱেই নহয়। কিন্তু মনে অহৰহ ক্ৰিয়া কৰি আছিল যে মই তাইৰ সেই দিনটোত কিবাকৈ যুক্ত হ’বলৈ পামেই। সেইবাবে মই lighthouse ৰ নিচিনা ধুনীয়া সজোৱা বস্তু এটা ফ্লিপকাৰ্টত অৰ্ডাৰ দিলোঁ। সেইটো চাৰ্জ কৰিব পাৰি। তাত এটা projection lamp আছে। যিটো অন কৰিলে ৱাল এখনত গৈ পোহৰ পৰে আৰু পোহৰটো পূৰ্ণিমাৰ জোনটোৰ নিচিনা দেখা যায় ধুনীয়াকৈ। সেইটোত ১২০০ টকা লৈছিল। মোৰ মনলৈ আহিছিল, যেতিয়া বাৰ্থডেটো পতা হ’ব, তেতিয়া মই বাকীবোৰক ক’ম যে গিফ্ট কিনিব নালাগে, মোৰ হাতত নতুন বস্তু এটা আছে, সেইটোকে সৱেই মিলি দি দিওঁ। সবেই মিলি ১২০০ টকীয়া বস্তুটো দিলে তাই বেয়া পাবলগীয়া একো নাথাকিব, গিফ্টটো তাই বহুত ভাল পাব, সেইটো চাই ভাল লাগিব তাইৰ। বস্তুটো আহিল, বাৰ্থডেও পালেহি। কিন্তু, মোৰ মনটোত বাস্তৱে ক্ৰিয়া কৰিবলৈ ধৰিলে। মই এইবোৰ কি অদ্ভুত কথা ভাবি কি কাণ্ডখন কৰিছোঁ! কি অলীক কল্পনা কৰি আছোঁ মই! নিজৰ কাণ্ডটোত মোৰ নিজৰে কিবা লাগিল। বস্তুটো মই ঘূৰাই পঠালোঁ। বাৰ্থডেৰ নিশা তাইৰ লগৰ ছোৱালীবোৰে কাটিবলগীয়া কেকটো অৰ্ডাৰ দিবলৈ আবেলি মোকে এগৰাকীয়ে লৈ গৈছিল। পিছদিনা আন এটা পাৰ্টিত কি কি কৰিব সেয়াও মোৰ সৈতে আলোচনা কৰি গৈছিল। তেতিয়া মই বাস্তৱতে আছিলোঁ, কোনো পাৰ্টিৰ সৈতে যুক্ত হোৱাৰ স্বপ্ন অহা নাছিল মনলৈ, ইতিমধ্যে মই মনটো বহু বেছিকৈ দমন কৰি ৰাখিছিলোঁ। কিন্তু পিছদিনা হঠাতে মোক আন এগৰাকীয়ে ক’লে যে, “বাৰ্থডেটোত কিবা এটা এনেকৈ কৰোঁ বুলি ভাবিছোঁ আমিকেইজন মিলি, কি কৰোঁ কওক।” মই চক খাই গৈছিলোঁ, কি অদ্ভুত কথা! মোৰ মনলৈ আহি থকা অদ্ভুত কথাটোৱেইচোন মিলি গ’ল! বেলেগ বস্তু দিবলৈ মোৰ মন নাছিল তেতিয়া, lighthouse টো ঘূৰাই নিদিয়া হ’লে মই গিফ্টৰ কথাও উলিয়ালোঁহেঁতেন, সেইটো ৰৈ গ’ল।

(৪)

মোৰ কেতিয়াও নষ্টালজিয়া নাছিল। আকুল হৈ অতীতক মনত পেলাবলগীয়া নাছিল একো। মই যি মনত পেলাও, সদায় সেয়া অভিজ্ঞতাৰ দৰে কাৰণতহে মনত পেলোৱা হয়। নষ্টালজিয়াই মানুহক কষ্ট দিয়া ধৰণৰ কথা পঢ়িবলৈ পালে, মই কেতিয়াবা ভাবিছিলোঁ যে— আচলতে মানুহক সুখী হ’বলৈ নষ্টালজিয়াও লাগে, পৃথিৱীখন ভাল লাগিবলৈ নষ্টালজিয়াই দিয়া কষ্টটোও লাগে। এইবাৰ মোৰ জীৱনত নষ্টালজিয়া যোগ হৈ পৰিল।

(৫)

মানুহক এটা সপোন লাগে, এটা fairy tale লাগে, যিটো নহয় বুলি জানিলেও হয় বুলি বিশ্বাস কৰি থাকিবলৈ এটা কল্পনা লাগে। ঈশ্বৰৰ একো অস্তিত্বই নাই মোৰ মনত, কিন্তু মই বুজি পাওঁ কেনেকৈ ঈশ্বৰ নাই বুলি জানিও অলেখ মানুহে কল্পনা কৰে যে ঈশ্বৰ আহিব। গোড়া, ধৰ্মান্ধ বা ঈশ্বৰতে সকলো সপি দিয়াসকলক বাদ দিয়ো এনে বহু লোক থাকে যি এটা বিশ্বাসত সুখী হয়। তেওঁলোক সম্পূৰ্ণ ঈশ্বৰ বিশ্বাসীও নহয় বা মোৰ দৰে নাস্তিকো নহয়। মোৰ প্ৰিয় এষাৰ উক্তি হৈছে, “Fairy tales are more than true: not because they tell us that dragons exist, but because they tell us that dragons can be beaten.” ভয়ংকৰ অবাস্তৱ বাস্তৱ হৈ আহিলেও তাক পৰাজিত কৰাৰ সাধুকথাও প্ৰকৃততে সাধুতকৈও বাস্তৱেই হয়। ই মানুহৰ অজেয় শক্তিক নিৰ্দেশ কৰে। কেৱল সেয়াই নহয়, ই এনে ধাৰণাও দিয়ে যে— অবাস্তৱ সুন্দৰো কেৱল সাধুকথাই নহয়, অবাস্তৱ সুন্দৰকো স্পৰ্শ কৰিব পাৰি। সেই ধৰণৰেই মোৰ এই সপোনটো— যে………

(৬)

………ওপৰৰ কথাখিনি, প্ৰায় ৪৫ পৃষ্ঠা, লিখি শেষ কৰোঁতেই তাইৰ এখন গৱেষণা-পত্ৰ প্ৰকাশ পোৱাৰ খবৰ পালোঁ। আগৰখনতকৈ যথেষ্ট ভাল জাৰ্নেল। মোৰ বহুত ভাল লাগিছে। প্ৰথমখন প্ৰকাশ হোৱাৰ ডেৰ বছৰৰ পাছত এইখন প্ৰকাশ হৈছে। মানুহ একোজনে আন একোজনৰ প্ৰতি কৰা আচৰণবোৰ কিছুমান কনচেপ্টত চলে। সেয়া বহু সময়ত বাস্তৱ ভিত্তিক বা ফেক্ট ভিত্তিক নহয়। তাইৰ ডেৰ বছৰৰ কষ্টখিনি বহুতে নেদেখাকৈ থকা নাই, কিন্তু তাৰে মাথোঁ দুই-এজনেহে সেই কষ্টখিনি উপলব্ধি কৰা যেন লাগে তেওঁলোকৰ কথাৰ পৰা। সেইখন পেপাৰত ডেৰ বছৰ লগা নাই, কিন্তু এই ডেৰটা বছৰ তাই কেনেকৈ কামত লাগি আছে সেয়া মই অনুভৱ কৰোঁ, মন কৰোঁ। যিকোনো কাম তাই যেতিয়া চিৰিয়াছ হৈ কৰি থাকে, মনটো যেতিয়া নিজে নিজে involved হৈ যায়, সেইবোৰ মোৰ বহুত ভাল লাগে। তাইৰ ভাবুক, চিন্তাশীল অভ্যাসবোৰে মোক তাইৰ প্ৰতি চূড়ান্তভাৱে আকৰ্ষিত কৰি নিয়ে, তাইৰ জগতখনেই মোৰ আটাইতকৈ প্ৰিয় কল্পনাৰ জগতখন যেন হৈ যায়, সেই জগতখন ওচৰতে পাবলৈ মন যায়, মনটো তাইৰ প্ৰতি বলিয়া নিচিনা হৈ পৰে। স্বতঃস্ফূৰ্তভাৱে ঘটা তাইৰ সেই ৰূপটো মোৰ মনৰ গভীৰত ৰৈ গ’ল। ………মোৰ প্ৰেমৰ সৈতে তাইৰ গৱেষণা-পত্ৰৰ প্ৰসংগ অনাহকত জড়িত হৈ পৰিল। এই প্ৰসংগ অন্ততঃ বহুদিনলৈ মনলৈ আহি থাকিব। ভাল গৱেষক হিচাপে তাই নিজৰ নাম প্ৰতিষ্ঠা কৰিবলৈ সেয়ে তাইৰ ৰিজাল্টবোৰৰ দৰে গৱেষণাতো অলপ বেলেগ কিবা এটা কৰিব লাগিব। যাতে আনে ঘূৰি চাবলৈ বাধ্য হয়। এদিন তাই এখন সাংঘাতিক ভাল পেপাৰ প্ৰকাশ কৰাৰ সপোন দেখোঁ মই। সেইদিনা গধূলি তাইৰ মনৰ ফূৰ্তিবোৰ, তাইৰ সপোনবোৰ অহৰহ মোৰ কল্পনালৈ আহি আছিল বিমূৰ্তভাৱে। নিশা এফালেদি গৈ থাকোঁতে ছাঁ-পোহৰৰ মাজেৰে টাৰ্নিং এটা ঘূৰি তাই হঠাতে সমুখতে ওলাইছিল আনন্দিত মুখখন লৈ। মই চক খাই গৈছিলোঁ। গধূলিৰে পৰা তাইৰ খবৰটোৱেই মোৰ মনত অহৰহ ক্ৰিয়া কৰি আছিল বাবে হঠাতে দেখি মোৰ খেলি-মেলি লাগি গৈছিল— ক’ত ওলালোঁহি মই! হেজাৰ দিনৰ মূৰত আপোন মানুহক অপ্ৰত্যাশিতভাৱে লগ পোৱাৰ দৰে বা বিজয়ী প্ৰিয়গৰাকীক লগ পোৱাৰ দৰে লাগিছিল। তাই কেতিয়াও কল্পনাও কৰিব নোৱাৰিব, মই তাইৰ আনন্দৰ ভাৱনাৰে কিমান উল্লসিত হৈ আছিলোঁ। মই বাৰে বাৰে পিছলৈ ঘূৰি ঘূৰি তাইকে চাই চাই গৈ আছিলোঁ। শীতৰ কেইটামান দিনত সেইদিশেই আকাশৰ তলৰফালে জোনটো ওলাইছিল। এদিন নিশা সেইখিনিতে মই কুঁৱলীৰ মাজৰ জোনটোলৈ চাই থকা ভাগে কাৰোবাক ফটো তুলিবলৈ দিছিলোঁ। সেইদিশে গৈ থকা তাইকো জোনটো যেন লাগিছিল। মই বাস্তৱলৈ ঘূৰি অহাটো কঠিন হৈ পৰে এনেকুৱা মুহূৰ্তবোৰত। মোৰ লগত যোৱাজনে জোকাইছিল, “কেইবাৰ ঘূৰি চাই আৰু! দিনত দেখিছেই দেখোন! কাইলৈ লগ পাবই।”

………পূৰ্বতে অকণো নভবাকৈ ব্যক্তিগৰাকীৰ সৈতে মোৰ এইটো সংযোগ ঘটিছিল। মাজে মাজে ভাব হৈছিল, এয়া তাইৰ সৈতেই মোৰ এটা সংযোগৰে অংশ নেকি? এবাৰো চিন্তা নকৰাকৈ কেনেকৈ অকণোৱেই সম্ভাৱনা নথকা নিচিনা এনেকুৱা সংযোগ ঘটিব পাৰে? কামটো কৰি মোৰ একপ্ৰকাৰৰ নিচা লাগিছিল ইমানকৈ যে একেধৰণৰ বেলেগ দুটা পৰিকল্পনা মই আধাতে এৰি দিছিলোঁ। মোক অকণমান চিন্তাতো পেলাইছিল, কোনোবাই মোকো অনাহকত সমালোচনা কৰিবলৈ চাব নেকি। কিন্তু সেইটো কৰিলে তেওঁলোকৰ নিজৰে ভুল হ’ব, কাৰণ ইয়াৰ দ্বাৰা বহুতো উপকৃত হ’ব পাৰিব। কেতিয়াবা এনেকুৱাও লাগিছিল, মোক সমালোচনা কৰক, পাৰিলে মই জনাকৈ কৰক যিটো মই চাম, মাথোঁ ছোৱালীজনীক নকৰক। এটা কথাত মোৰ বিশেষকৈ ভাল লাগিছিল যে ব্যক্তিগৰাকীয়ে মোক ব্যৱহাৰ কৰিব বিচৰা নাছিল। তেওঁ মোক ব্যৱহাৰ কৰিব খোজা হ’লেও মই কাম কৰি দিলোঁহেঁতেন। মোৰ কিছুমান বেলেগ বেলেগ কাম কৰাৰ দক্ষতা আছে অলপ অলপকৈ হ’লেও, যিবোৰ আচলতে দক্ষতা নাছিল। যেতিয়া মই কিবা এটা কৰোঁ, তাতে আনে কৰিবলগীয়া কামো যেতিয়া থাকে, আনে কৰাটো মোৰ পচন্দ নহ’লে বা বাৰে বাৰে ঠিক কৰিবলৈ কৈ থাকিবলৈ বেয়া লাগিলে মই নিজে শিকি নিজৰ ভাল লগাকৈ কৰি লওঁ। তেনেকৈ কিছুমান বেলেগ বেলেগ কথা মোৰ শিকা হয়। তাৰ বাবেই বহুতে মোৰ সৈতে কামৰ বাবে যোগাযোগ কৰে। কিছুমানে কেৱল নিজৰ লাভ বা নাম হোৱা কামত মোক খটুৱাব খোজে, সেইবোৰৰ পৰা মোৰ একো কাম নাহে বা মোৰ সময় নষ্টহে হয়, বহুতৰ কোনো কৃতজ্ঞতাও নাথাকে। মোৰ কামত আহিব পৰা স্থানলৈ তেওঁলোকে মোক আগবঢ়াই দিয়াৰ চিন্তা ৰাখে নে নাৰাখে মোৰ সন্দেহ হয়। তথাপি মই কথা পেলাব নোৱাৰি বহুতে দিয়া কাম কৰি সময় খটুৱাব লগাতো পৰি যাওঁ। মই কষ্টৰে যিখিনি আয়ত্ব কৰিছোঁ, সেয়া বুজি লৈ তাৰ পৰৱৰ্তী স্তৰলৈ যদি কোনোবাই মোক যাবলৈ দিয়ে, তেতিয়া মোৰ বহুত ভাল লাগে। তেৱোঁ মোক তেনেদৰেই কামটোত লাগিবলৈ দিছিল, নিজৰ নাম কৰিবলৈ মোক ব্যৱহাৰ কৰিব খোজা নাছিল। এইটোও একোজন মানুহৰ এটা বিশেষ গুণ।

মই কেতিয়াও মোৰ লগৰবিলাকৰ মাকক মা বুলি মতা নাছিলোঁ। তেওঁলোকে মোৰ মাক মা বুলি মাতিলেও মই তেওঁলোকৰ মাকক খুৰী বুলিহে মাতিছিলোঁ। তেনেকৈ লগ পোৱা বেলেগ কাকো মা বুলি মাতিবলৈ মোৰ কেতিয়াও মন যোৱা নাছিল। কাৰণ, মা পৃথিৱীত এজনীয়েই আছে, বেলেগৰ মাকক মই কিয় মা বুলি মাতিম! এদিন ছোৱালীজনীৰ মাকৰ ফটো দেখিছিলোঁ। তেওঁক দেখি মোৰ মনলৈ কিছুমান আৱেগিক ভাব আহিছিল। অতি সুন্দৰ লাগিছিল তেওঁৰ মাতৃসুলভ ৰূপটো। মোৰ তেওঁক মা বুলি মাতিবলৈ মন গৈছিল। আগতে মোৰ ক্ৰাছো আছিল বা প্ৰেমো হৈছিল, বহুতে মোক প্ৰপ’জ দিছিল, কিন্তু পূৰ্বতে কাৰোৰে মাকৰ প্ৰতি মোৰ তেনে ভাব অহা নাছিল, তেওঁলোকক সন্মান কৰিলেও মই তেওঁলোককো মা বুলি মতা নাছিলোঁ। ………কোনোদিন নেদেখাকৈ, প্ৰথমে ফটোতো নেদেখাকৈ, তাইৰ মাকৰ অনুভৱী ৰূপ এটা মোৰ মনত গঢ়ি উঠিছিল।

(৭)

এজন ছাত্ৰই অধ্যাপক এজনলৈ ফোন কৰিছিল, ক্লাছ হ’ব নে নাই সুধিবলৈ। অধ্যাপকজনে গালি পাৰিছিল। সেইবাবেই গোটেই বেট্‌ছ্‌টোৱে কেতিয়াও এজনো অধ্যাপকলৈ ফোন কৰা নাছিল। দৰকাৰ হ’লে বেলেগ বিভাগৰ অধ্যাপকৰ লগতে কথা পাতিব, কিন্তু নিজৰ বিভাগৰ কাৰোলৈ ফোন কৰা নাছিল তেওঁলোকে। এটা ইন্‌ভাইটেচন দিবলৈ এজন অধ্যাপকক ফোন কৰিবলৈ মই দুজনমান ছাত্ৰ-ছাত্ৰীক কওঁতে এই কাহিনীটো গম পাইছিলোঁ। মই ফোনটো কৰিবলৈ কৈছিলোঁ তেওঁলোকে শিকিবৰ বাবে, কাৰণ তেওঁলোক সৰু সৰু। পাছত ময়ে ফোন কৰিব লগা হৈছিল। ইমান অভিমানী ছাত্ৰ-ছাত্ৰীবিলাক! ইমান আলসুৱা নিচিনা!

(৮)

এয়া মনলৈ অহা ধৰণে লিখি গৈছোঁ মাথোঁ। বাক্যৰ গাঁথনিও সঠিক নহয়। মনতে ভাল লগা বহু কথা লিখাও নাই। আঘাত কৰা কথাবোৰ পাহৰিবলৈ বা সহ্য কৰিবলৈ আৰু আৱেগবোৰ নিয়ন্ত্ৰণ কৰিবলৈ এয়া লিখি পেলালোঁ।

এই গোটেই কাহিনীটোৱে প্ৰথম দিনৰ পৰাই মোক একে সময়তে বহুকেইটা বিচিত্ৰ অনুভূতি দি গৈছে। ইমানবোৰ অনুভূতি একেলগে সহ্য কৰাটো সকলোৰে বাবে হয়তো সম্ভৱ নহয়। বহুকেইটা দিনত মোৰো সহ্যৰ বাহিৰ হৈ গৈছে। ইজন-সিজনে কৈছিল, “আজিকালি আপোনাৰ চকুত দুখ এটা লাগি থাকে। মুখলৈ চালে দুখত থকা যেন লাগে। হাঁহিলেও দুখৰ হাঁহি ওলায় মুখৰ পৰা, হঁহিটোত উজ্জ্বলতা নাই।” মই যত্ন কৰিছিলোঁ হাঁহিটো ঘূৰাই আনিবলৈ।

(৯)

অ-সমাপ্ত

[কাহিনীটো ৭৫ পৃষ্ঠা দীঘল। পাছলৈ ৫০ পৃষ্ঠামান যোগ হ’ব। এক-দুই বছৰত সম্পূৰ্ণ কৰি হয়তো প্ৰকাশ কৰিম। ইয়াত এতিয়া মাথোঁ ১৫ পৃষ্ঠাৰ সামান্য অংশহে থোৱা হৈছে।]

No Comments

Post A Comment