টোকাবহী (অণু-প্ৰবন্ধ) : ১২১ – ১৪০
(১২১)
বহুতো লেখকে তেওঁলোকৰ গ্ৰন্থ, কাহিনী বা প্ৰবন্ধৰ প্ৰথম আৰু শেষ বাক্যটো লিখিবলৈ বহু সাধনা কৰে। কেতিয়াবা সেয়া হয়তো স্বতঃস্ফূৰ্তভাৱেও ওলাই যায়। এই প্ৰথম আৰু শেষ বাক্যটোৱে সাংঘাটিক প্ৰভাব পেলাব পাৰে। যেনে, উইল ডুৰাণ্টৰ ‘The Story of Philosophy’ৰ প্ৰথম বাক্যটোৱে সকলোকে নতুন অভিজ্ঞতাৰে মহিমামণ্ডিত কৰি তুলিব পাৰে। তেনেদৰে, এটা বিখ্যাত বাক্য হৈছে ফ্ৰান্জ কাফ্কাৰ মেটামৰ্ফ’চিছৰ প্ৰথম বাক্যটো। ‘As Gregor Samsa awoke one morning from uneasy dreams he found himself transformed in his bed into a gigantic insect.’ প্ৰথমে জাৰ্মান ভাষাত লিখা কাহিনীটো বহুজনে ইংৰাজী ভাষালৈ অনুবাদ কৰিছে। অসমীয়ালৈকো দুজনমানে কৰিছে। আৰু এই প্ৰথম বাক্যটোৰ গঠন বা শব্দৰো সলনি ঘটিছে, আৰু সেইবোৰৰ জোৰো কম-বেছি হৈছে। কিন্তু মূল বাক্যটোৰ যি প্ৰবল জোৰ, তাৰ উল্লেখবোৰে পাঠকক ৭০ পৃষ্ঠাৰ দীঘল কাহিনীটোলৈকে কেৱল লৈ যায় এনে নহয়, সেই বাক্যটোৱে ফ্ৰান্জ কাফ্কাক আজি এশ বছৰৰ পাছতো জীয়াই ৰখাত সহায় কৰিছে। কেৱল সিমানেই নহয়, সেই বাক্যটোৱে সৃষ্টিত অৰিহণা যোগাইছে গেব্ৰিয়েল মাৰ্কেজৰ দৰে আন এজন অমৰ লেখককো। এসময়ত গেব্ৰিয়েল মাৰ্কেজে নিশা টোপনি যাবলৈ কিতাপ পঢ়াৰ অভ্যাস কৰিছিল। এদিন তেনেকৈ গেব্ৰিয়েল মাৰ্কেজে ফ্ৰান্জ কাফ্কাৰ মেটামৰ্ফ’চিছ পঢ়িবলৈ ল’লে আৰু প্ৰথম বাক্যটো পঢ়োঁতেই গেব্ৰিয়েল মাৰ্কেজৰ লগত সম্পূৰ্ণ ওলোটা ঘটনা সংঘটিত হ’বলৈ ধৰিলে। গেব্ৰিয়েল মাৰ্কেজ শান্তিত টোপনি যাব নোৱৰা হ’ল। তেওঁৰ প্ৰাণত সৃষ্টিৰ অসাধাৰণ প্ৰেৰণা জাগ্ৰত হৈ উঠিল। মেটামৰ্ফ’চিছ সম্পূৰ্ণ কৰি গেব্ৰিয়েল মাৰ্কেজ উদ্বাউল হৈ পৰিল— ফ্ৰান্জ কাফ্কাই সৃষ্টি কৰা জগতখন নিজেও বিকশিত কৰি তুলিবলৈ…।
(১২২)
কালি ঘোষণা কৰা এইবাৰৰ (২০২২) পদাৰ্থবিজ্ঞানৰ নোবেল বঁটা বিজয়ী তিনিজন বিজ্ঞানীৰ মাজৰ এজন হৈছে জন ক্ল’জাৰ। কালি টুইটাৰত এই সম্পৰ্কত কিছু আমোদদায়ক আৰু বিশেষ চিন্তাৰ খোৰাক যোগাব পৰা এটা আপডেট দেখিলোঁ, য’ত কোৱা হৈছে যে– মাথোঁ ২৯ h-index লৈ আপুনিও নোবেল বঁটা লাভ কৰিবলৈ সক্ষম হ’ব পাৰে; য’ত নেকি জন ক্ল’জাৰৰ h-index হৈছে মাথোঁ ২৯। মনুষ্যত্বৰ উৎকৰ্ষ সাধনৰ বাবে বৈজ্ঞানিক সাধনাৰ মান সংখ্যাৰ হিচাপেৰে নিৰ্ণয় কৰিব নোৱাৰি।
তাৰেই প্ৰতিক্ৰিয়া ৰূপে আন এজনে এটা টুইটত লিখিলে যে— তাতোকৈ কম h-index তো নোবেল জয় কৰিব পাৰি; ডনা ষ্ট্ৰিকলেণ্ডে নোবেল বঁটা লাভ কৰা সময়ত h-index সম্ভৱতঃ ১৫ আছিল।
কৌতূহল বশতঃ ডনা ষ্ট্ৰিকলেণ্ডৰ h-index টো চালোঁ। এতিয়াও মাত্ৰ ২৩ হে। এই কথাখিনিৰ জৰিয়তে বুজোৱা হৈছে যে গৱেষণা-পত্ৰৰ সংখ্যা, সেইবোৰৰ citation আদিয়ে সদায় কৰ্মৰ মান নিৰ্ণয় নকৰিবও পাৰে। পঞ্চাছখন গৱেষণা-পত্ৰ আছে, এশখন আছে, দুশখন আছে, হেজাৰ হেজাৰ চাইটেচন আছে — এইসমূহে মান নিৰ্ণয় কৰিব নোৱাৰিবও পাৰে। citation এটা পোৱা মানে হৈছে এখন গৱেষণা-পত্ৰই আনৰ গৱেষণা-পত্ৰত পোৱা এটা উল্লেখ বা ৰেফাৰেন্স। আৰু h-index ২৯ মানে হৈছে এজন গৱেষকে কমেও ২৯ খন গৱেষণা-পত্ৰত কমেও ২৯ টা citation পাইছে। যদি কোনো এজন ব্যক্তিৰ ১০০ খন গৱেষণা-পত্ৰ থাকে, আৰু তেওঁৰ কমেও ৫০ খনৰ চাইটেচন কমেও ৫০, তেন্তে h-index তেওঁৰ হ’ব ৫০। অৰ্থাৎ, বাকীসমূহৰ চাইটেচন ৫০ তকৈ কম। যদিহে কমেও ৫১ খনৰ চাইটেচন কমেও ৫১ হয়, তেন্তে তেওঁৰ h-index হ’ব ৫১। শ শ h-index লাভ কৰা মানুহৰ ভীৰত ২৯ পাই নোবেল পোৱাটো এটা খোৰাক যোগাব পৰা কথাই হয়।
এই কথাটোৱে আন এটা কাহিনীলৈ মনত পেলাই দিলে। ইটাং ঝাং নামৰ এজন অখ্যাত মানুহে কেইবছৰমান আগতে এটা যুগান্তকাৰী কাম সম্পন্ন কৰিছিল। ‘যমজ মৌলিক অনুমান’ (Twin Prime Conjecture) নামেৰে কেইবাশ বছৰ ধৰি সমাধান নোহোৱা এটা সমস্যা আছে, যিটো আৰু কেইশ বছৰৰ পাছত সমাধান হয়গৈ কোনেও ক’ব নোৱাৰে। অনুমানটো হ’ল: ২ ব্যৱধানৰ মৌলিক সংখ্যাৰ যোৰ অসীম সংখ্যক আছে। অৰ্থাৎ, যমজ মৌলিক অসীম সংখ্যক আছে। যেনে: ৩ আৰু ৫ যমজ মৌলিক, ১৭ আৰু ১৯ যমজ মৌলিক। এই ধৰণৰ যোৰ অসীম সংখ্যক আছে বুলি প্ৰমাণ কৰিব লাগে। এই সম্পৰ্কত প্ৰথমটো যুগান্তকাৰী কাম সম্পন্ন কৰিলে ইটাং ঝাঙে। তেওঁ প্ৰমাণ কৰিলে যে ৭০০০০০০০ তকৈ সৰু কোনো এটা ব্যৱধানৰ মৌলিক সংখ্যাৰ যোৰ অসীম সংখ্যক আছে। সেই কৰ্মই সকলোকে আচৰিত কৰি তুলিলে আৰু মহান গণিতজ্ঞ টেৰেন্স টাও আদি কেইজনমান গণিতজ্ঞই সেই পথেৰে আগবাঢ়ি কেইমাহমানৰ ভিতৰতে এই সংখ্যাটো ২৪৬ লৈ কমাই আনিলে। (সেইটো যদি ২ লৈ কমাই আনিব পৰা যায়, তেন্তে যমজ মৌলিক অনুমানটোৰ প্ৰমাণ হৈ যাব।)
ইয়াৰ পাছত, টেৰেন্স টাৱে ৰসিকতা কৰি কৈছিল যে তেওঁলোকৰ এই কামখিনিয়ে গাণিতিক বা বৈজ্ঞানিক ৰচনাৰ জগতখনক ৫০ খনমান গৱেষণা-পত্ৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হ’ল। কাৰণ এইখিনি কাম নোহোৱা হ’লে, নতুনকৈ অতি সামান্য সাল-সলনি এটা কৰি এখন গৱেষণা-পত্ৰত অলপ, আন এখনত অলপ মানটো কমাই কমাই ৫০ খনমান গৱেষণা-পত্ৰ ওলালহেঁতেন। তেওঁ কৈ কৈ হাঁহিছিল।
এতিয়া কথাটো হ’ল, যদি সেই ৫০ খন গৱেষণা-পত্ৰ ওলালহেঁতেন, তেন্তে ইটাং ঝাঙে ৫০ টা চাইটেচন অধিক পালেহেঁতেন। কিন্তু সেইকেইখন নোলোৱাৰ ফলত, টেৰেন্স টাও আদিৰ কেইজনমানৰ কামখিনিৰ ফলত তেওঁ চাইটেচন পালে মাথোঁ দুটা নে তিনিটা। তেন্তে, এতিয়া ৩ ৰ ফলখিনি ভাল নে ৫০ ৰ ফলখিনি ভাল?
(এটা কথা ঠিক যে, এই কথাবোৰৰ কোনটোৱেই চূড়ান্ত বা সাধাৰণ নহয়। ইয়াৰ দ্বাৰা আকৌ এইটোও কৈ দিব নোৱাৰি যে সংখ্যা কম মানেই ভাল। আৰু ওপৰত কোৱা সেই ৩ ৰ ফলখিনি যদি নহ’লহেঁতেন, তেন্তে ৫০ ৰ ফলখিনিৰ চেষ্টাই জগতখনে কৰি থকাটো দৰকাৰি হৈ উঠিলহেঁতেন।)
আনহাতে, citation বা h-index আদিৰ ক্ষেত্ৰত এটা কথা হ’ল— সেইবোৰ ক’ত প্ৰকাশিত গৱেষণা-পত্ৰৰ বাবে পাইছে? নিম্ন কাম কিছুমানৰ h-index কেনেকৈ বাঢ়ে? যদি এটা নিম্ন কাম কৰে সেইটোৰ ৰেফাৰেন্সত এশটা-দুশটা নিম্ন কাম হ’ব পাৰে। তেন্তে তাৰ মুঠ চাইটেচন হ’ল ১০০ বা ২০০। কিন্তু সেই এশ বা দুশখন বিশ্বত আন কোনেও নাচায় বা চোৱাৰ প্ৰয়োজন সমুলি নহয়। কিন্তু সেইটো চাইটেচনৰ হিচাপত উচ্চ। কিন্তু সেইটো বিষয়-বস্তুতে যদি এটা গুৰুত্বশীল কাম সম্পন্ন হয়, সেইটো উন্নত স্থানত প্ৰকাশিত হয়, তাক উপযুক্তভাবে বিশ্বৰ বিজ্ঞানীমহলত গ্ৰহণযোগ্য হয়, তাৰ ওপৰত ভিত্তি কৰি আন এটা বা দুটা গুৰুত্বপূৰ্ণ কাম সম্পন্ন হৈ যায়, আৰু একেবাৰে শেষত সেই কামটোৱে লাভ কৰিলে কেৱল সেই এটা বা দুটা চাইটেচন। অৰ্থাৎ চাইটেচনৰ হিচাপত সি হৈ পৰিল নিম্ন। এনেদৰেই সংখ্যাৰ হিচাপে প্ৰায়ভাগ সময়তে উৎকৃষ্ট কৰ্মৰ নিদৰ্শন নিৰ্ণয় নকৰে। যেনেকৈ ৫০০ টা গল্প লিখাজনো মহৎ নহ’ব পাৰে, কিন্তু ৬০ টামান গল্প লিখিও শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ সক্ষম হ’ব পাৰে।
আকৌ, গণিতৰ অতি গুৰুত্বপূৰ্ণ ডেটাবেচটো হৈছে MathSciNet. তাত চাইটেচনৰ হিচাপসমূহ তাত সন্নিৱিষ্ট জাৰ্নেলত প্ৰকাশিত গৱেষণা-পত্ৰৰ ভিত্তিতহে হয়। সেয়ে, সেই তথ্যয়ো আন এক সুকীয়া নিৰ্দশন দেখুৱায়।
(১২৩)
জে এম কুৎসিৰ সম্পৰ্কে দুআষাৰ
তলৰ উদ্ধৃত কথাখিনি ডা৹ ধ্ৰুৱজ্যোতি বৰাই ২০০৩ চনত ‘গৰীয়সী’ত এটা প্ৰবন্ধৰ আৰম্ভণিতে লিখিছিলঃ
“সঁচাকৈয়েই আচৰিত আছিল যোগাযোগটো। সঁচাকৈয়ে আচৰিত যোগাযোগ।
পোন প্ৰথমবাৰৰ বাবে কয়েৎজেক আৱিষ্কাৰ কৰাটো মোৰ বাবে আচৰিত যোগাযোগেই আছিল। অভাৱনীয়ভাৱে আচম্বিতে হৈছিল এইটো।
তাৰ আগলৈকে মই কয়েৎজেৰ নামেই শুনা নাই। তেনে নামৰ লিখক এজনৰ অস্তিত্ব আছে বুলিও নাজানো। মোৰ ঘনিষ্ঠ বন্ধু মহলেও তেতিয়ালৈকে কয়েৎজেৰ নাম শুনিছে বুলি মই নাভাবোঁ। কোনেও কেতিয়াও তেওঁৰ নাম লোৱাটো মনত নপৰে। ইংৰাজী সাহিত্যৰ লগত নিবিড় সম্পর্ক থকা কলেজ-বিশ্ববিদ্যালয়ৰ কোনোবাই হয়তো জানে, কিন্তু কাৰো মুখৰ পৰা এই বিষয়ে মই একো শুনা নাছিলোঁ।
কয়েৎজেক আৱিষ্কাৰ কৰিছিলোঁ গুৱাহাটী গ্ৰন্থমেলাত।
সেইবাৰ গুৱাহাটীলৈ কলিকতাৰ ‘চীগাল’ নামৰ বিখ্যাত গ্রন্থ পৰিবেশকজন আহি দোকান দিছিলহি। বিৰাট ভিৰ। গুৱাহাটীৰ সকলো গ্রন্থপ্রেমী, বিশেষকৈ বিদেশী আৰু ইংৰাজী সাহিত্যৰ প্ৰতি আগ্ৰহী সকলো লোকৰে ‘চীগাল’ৰ বিপণীত ভিৰ লাগিছিল। কান্ধত তেতিয়া মোনা ওলমাই লোৱা প্ৰগতিশীলৰ পৰা বিশ্ববিদ্যালয়ৰ অধ্যাপক— সকলো আছিল। কিতাপ দেখুৱাই ৰচিদ কাটি দোকানীজনৰ প্রাণান্তকৰ অৱস্থা। সেই দিনা আলেঙে আলেঙে চাই গুচি আহিলোঁ। গ্রন্থপ্ৰেমীসকলৰ আগ্ৰহ আৰু উচ্ছ্বাসৰ ভিৰত ভিতৰলৈ সোমাবলৈ, তাতে তেওঁলোকৰ উত্তেজিত আলোচনা দেখি ভয় লাগিল।
পাছত এদিন, গ্রন্থমেলা শেষ হোৱাৰ আগৰ দিনা হ’ব, চীগালৰ ষ্টলৰ ফালে গৈ দেখোঁ কিতাপ প্রায় শেষ। সামান্য কিছু কিতাপহে ষ্টলৰ ৰেক্বোৰত সিঁচৰতি হৈ আছে। গ্রাহক আৰু গ্ৰন্থাগাৰবোৰে কিনাৰ পাছত ভাল কিতাপ চাগে নাইগৈয়ে। বিক্রেতাজনো অকলে বহি আছে।
দোকানখনত সোমাই ষ্টলবোৰত চকু ফুৰালোঁ। সদায় চোৱাৰ দৰে ‘ফিক্শ্যন’ৰ কিতাপবোৰত হাত ফুৰাওতে এখন সৰু কিতাপত চকু পৰিল। প্ৰথমে দৃষ্টি টানি নিলে কিতাপখনৰ বেটুপাতে।
এক যুদ্ধবিধ্বস্ত প্রান্তৰৰ ছবি! সেইফালেদি যেন এদল অশ্বাৰোহী সেনাই সন্মুখৰ সকলো বাধা চূর্ণ-বিচূর্ণ কৰি পাৰ হৈ গৈছে। চেপীয়া ৰঙৰ ফটোখনত আছে এখন জীর্ণ ফেনচিঙৰ ছবি— আৰু সেই কাঁটাতাঁৰৰ বেৰত লাগি ৰৈছে পাখী-তাখি লগোৱা এক বিধ্বস্ত জনজাতীয় শিৰস্ত্ৰাণ— ঠিক এটা মৰা শগুণৰ দৰে। নহ’লে সেইটো এটা মৰা শগুণো হ’ব পাৰে যিটোক জনজাতীয় শিৰস্ত্ৰাণ যেন লাগিছে। নির্দয় ধ্বংসৰ এক অর্থবহ বার্তা বহন কৰি আনিছে কিতাপখনৰ বেটুপাতটোৱে।
নামটো চালোঁ— ৱেইটিং ফৰ ডা বার্বেৰিয়ান্স— বৰ্বৰসকলৰ বাবে অপেক্ষা।
তাৰ পাছতহে লিখকৰ নামটো চালোঁ। অচিনাকি আচহুৱা এটা নাম। জে এম কয়েৎজে।
কিতাপখনৰ বেটুপাতত এটা কথা লিখি থোৱা আছিল— বুকাৰ পুৰস্কাৰ বিজয়ী! আগ্ৰহটো বাঢ়ি গ’ল। বুকাৰ বাবে সাধাৰণতে নির্বাচিত হয় অগতানুগতিক, প্ৰায় পৰীক্ষামূলক গ্রন্থ। কিতাপখন ভালদৰে লিৰিকি-বিদাৰি চাবলৈ ধৰিলোঁ।
দোকানীজনে মইনো কি কিতাপ চাইছোঁ মন কৰিলে।
‘খুব ভাল কিতাপ’, তেওঁ ক’লে। ‘মাত্র এটা কপিয়েই আনিছিলোঁ।’
আৰু সেই একমাত্র কপিটোৱেই বিক্ৰী নোহোৱাকৈ থাকি গ’ল।
মই মনে মনে ভাবিলোঁ। তথাপি কিতাপখন কিনিলোঁ। সৰু কিতাপখন যথেষ্ট দামী। বাটত বন্ধু-বান্ধবে কিতাপখন চালে। কাৰো মুখত কোনো ভাবান্তৰ নেদেখিলোঁ। এজনে সুধিলে, ‘ভাল কিতাপ নহয়নে?’ ময়ো মূৰ দুপিয়াই থ’লোঁ। ময়ো নাজানো কেনেকুৱা।
ভালেমান দিন কিতাপখন নপঢ়াকৈয়ে সজাই থোৱা আছিল। বেটুপাতখন চাও আৰু চাই আকৌ থৈ দিও। অৱশেষত এদিন পঢ়িবলৈ আৰম্ভ কৰিলোঁ।
আৰু পঢ়িবলৈ আৰম্ভ কৰাৰ লগে লগে বিস্ময় আৰু আশ্চর্যত বুকুখন দুৰু-দুৰুকৈ কঁপিবলৈ ধৰিলে। কিছুদূৰ পঢ়িয়েই গম পালোঁ মই এক নতুনত্বৰ সন্মুখীন হৈছোঁ। নতুন লিখনি— আৰু, কি শক্তিশালী লিখনি! আগেয়েতো এনে ধৰণৰ, এই সুৰৰ লেখা পঢ়া নাই। যিমানেই পাত লুটিয়ালোঁ এই ধাৰণা আৰু গাঢ় হৈ উঠিবলৈ ধৰিলে।
সঁচাকৈয়ে নিজকে এখন ৰহস্যময় নতুন পৃথিৱীৰ দুৱাৰমুখত আহি থিয় দিয়া যেন লাগিল। এক আশ্চৰ্যকৰ নতুন পৃথিৱী!
আৰু এই আগ্ৰহে লৈ গ’ল কয়েৎজেৰ আনবোৰ লিখনিৰ সন্ধানত। এখন এখনকৈ প্ৰায়বোৰেই সংগ্ৰহ কৰি পঢ়িলোঁ— আৰু সঁচাকৈয়ে এখন নতুন আৰু অদ্ভুত জগতৰ সন্মুখীন হ’লোঁ।
কি বিশাল ব্যপ্তি, কি গভীৰতা, কি বিচিত্ৰ আৰু বৰ্ণাঢ্য বিষয়বস্তু তেওঁৰ লিখনিৰ!
সঁচাকৈয়ে এক দুৰন্ত সাহিত্য প্ৰতিভা কয়েৎজেৰ।”
*** *** ***
আৰু মোৰ ধাৰণা হয়, অসমত আজিও জে এম কুৎসিৰ অৱস্থাটো সেই একে ধৰণৰে হৈ আছে। পামুক, মুৰাকামি, কুন্দেৰা আদি যিমান চৰ্চিত, সম্ভৱতঃ তাৰ দহ ভাগৰ এভাগো কুৎসিৰ চৰ্চা অসমত হোৱা নাই। কুৎসিক মই আৱিষ্কাৰ কৰিছিলোঁ সেই প্ৰবন্ধটো পঢ়াৰ তিনি বছৰ আগতে। সেই আৱিষ্কাৰ আছিল অতি ৰোমাঞ্চকৰ। দুবাৰ বুকাৰ বঁটা বিজয়ী আৰু এবাৰ নোবেল বঁটা বিজয়ী একমাত্ৰ লেখকজন, যি ছবাৰকৈ বুকাৰ মনোনয়ন লাভ কৰিছে, তেওঁৰ প্ৰতি এতিয়াও সদায় অনুভৱ কৰোঁ তীব্ৰ কৌতূহল। আজি বহু বছৰ ধৰি জে এম কুৎসিৰ তিনিখন উপন্যাস মোৰ নিয়ত সংগী।
গৰীয়সীৰ সেই সংখ্যাত জে এম কুৎসিৰ সম্পৰ্কে আৰু এটা বিশেষ লেখা প্ৰকাশ হৈছিল, যিটো লিখিছিল প্ৰয়াত ড৹ অৰ্পণা মহন্তই। দুয়োটা প্ৰবন্ধ পঢ়ি মই ইমানেই ভাল পাইছিলোঁ যে, আলোচনীখনৰ পৰা প্ৰবন্ধ দুটা ফালি মোৰ টোকাবহীত আঠা লগাই লৈছিলোঁ।
এই কথাখিনি মনলৈ আহিল ডা৹ ধ্ৰুৱজ্যোতি বৰাৰ উপন্যাস ‘ইনাৰ লেণ্ডস্কেইপ্ছ’ত কুৎসি নামোল্লেখেৰে দুটামান বাক্য দেখা পাই।
উপন্যাসখনৰ এটা চৰিত্ৰই তেওঁৰে ‘আজাৰ’খনত সন্নিবিষ্ট বক্তব্যৰ উদ্ধৃতি দিছে যে— “উপন্যাস ইতিহাস নহয়। কোনেও উপন্যাসক ইতিহাস বুলি বা ইয়াৰ বিকল্প বুলি নাভাবে। কিন্তু উপন্যাস অবিহনে ইতিহাস সম্পূৰ্ণ নহয়। কোনো ছিৰিয়াছ ইতিহাসৰ ছাত্ৰৰ Napoleonic Warৰ (নেপোলিয়ন বোনাপাৰ্টৰ কালত ৰাছিয়াত হোৱা যুঁজ-বাগৰ) অধ্যায়, টলষ্টয়ৰ ‘ৱাৰ এণ্ড পীচ’ উপন্যাসখন ভালদৰে নপঢ়ালৈকে সম্পূৰ্ণ নহয়। … … বা আফ্ৰিকা মহাদেশৰ শ্বেতাংগসকলৰ সাম্ৰাজ্য প্ৰতিষ্ঠা আৰু বৰ্ণবৈষম্যবাদৰ বিষয়ে কয়েৎজেৰ … … উপন্যাস অবিহনে গভীৰভাৱে অনুধাৱন কৰা নাযায়।”
‘ইনাৰ লেণ্ডস্কেইপ্ছ’ৰ চৰিত্ৰকেইটামানে বিশ্বজুৰি উপন্যাসলৈ অহা সমস্যা আৰু মনোৰঞ্জনধৰ্মী উপন্যাসে গ্ৰাস কৰা সমাজৰ সম্পৰ্কেও চৰ্চা কৰিছে। তেওঁলোকৰ চৰ্চাৰ স্থান অসমলৈও নামি আহিছে। এই পৰিস্থিতিত ‘ইউলিছিছ’ৰ পৰ্যায়ৰ উপন্যাস সৃষ্টি হ’ব নে? — কোনোবাটো চৰিত্ৰ চিনিক হৈ পৰিছে। কোনোবাজনে কৈছে, ‘বৰ টান উপন্যাস বুলি শুনিছোঁ।’ আন এজনে কৈছে, ‘টান নহয়। কিন্তু এইটো ঠিক যে সেইখন পঢ়ি শেষ কৰিবলৈ ধৈৰ্য লাগে। আৰু সেইখনৰ কিছুমান কথা আলোচনা নকৰালৈকে হৃদয়ংগম কৰিব পৰা নাযায়।’ এই পৰিক্ৰমাতে চৰিত্ৰ এটাই কৈছে, ‘এতিয়াও অতি উন্নত সাহিত্য সৃষ্টি হৈ আছে। উদাহৰণস্বৰূপে তুমি কয়েৎজেৰ কথা ক’ব পাৰা— পাৰানে নোৱাৰা? …’
(১২৪)
ক)
‘গণিত বিকাশ’ আলোচনীখন সম্পাদনা আৰম্ভ কৰিবলৈ লৈ প্ৰথমেই কেইটামান বিশেষ শিতানৰ কথা চিন্তা কৰিছিলোঁ, আৰু সেই সম্পৰ্কে মঞ্জিলৰ (মঞ্জিল পি. শইকীয়া) লগত আলোচনা কৰিছিলোঁ। তাৰে দুটা শিতান হ’ল— ‘Problem Section’ আৰু ‘মোৰ শেহতীয়া এখন গৱেষণা-পত্ৰ’।
এই ‘Problem Section’ৰ বৈশিষ্ট্যটো হ’ল, তাত প্ৰতিটো সংখ্যাতে দুটা বা তিনিটা প্ৰশ্ন থাকিব, প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিবলৈ বিশেষ গাণিতিক জ্ঞান নালাগে, অৰ্থাৎ বহুত বেছি কিতাপ পঢ়াৰ প্ৰয়োজন নাই, প্ৰায় সকলোৱেই সেই প্ৰশ্নকেইটা চেষ্টা কৰিব পাৰিব, কিন্তু তাৰে এটাৰ উত্তৰ দিবলৈ ছমাহো লাগি যাব পাৰে, বা কোনেও নোৱাৰিবও পাৰে। ইয়াত ছমাহ লাগি যোৱাৰ অৰ্থ হৈছে, প্ৰশ্নটো পুনঃ পুনঃ চেষ্টা কৰিব লগা হ’ব পাৰে, বেলেগ বেলেগ দিশেৰে চাব লগা হ’ব পাৰে, খণ্ড খণ্ড কৰি চেষ্টা কৰিব লগা হ’ব পাৰে; যিখিনি কৰাটো একেদিনাই সম্ভৱ নহ’বও পাৰে বা সেইখিনি সমাধানৰ আচল ইংগিতটো মনলৈ একেদিনাই নাহিবও পাৰে।
মই প্ৰথমে মঞ্জিলক ক’লোঁ যে “তুমি এইটো শিতান পৰিচালনা কৰিবা। কিন্তু আমি সেইধৰণৰ প্ৰশ্ন পাম কেনেকৈ? মই হয়তো সদ্যহতে এটামান প্ৰশ্ন দিব পাৰিম, তুমি দুটামান দিবা, আৰু আমাৰ মাজত কেইবাজনো তেনেকুৱা সমসাময়িক ছাত্ৰ-ছাত্ৰী-গৱেষক আছে যিকেইজনে তেনেকুৱা প্ৰশ্ন দিব পৰিব। হয়তো কষ্ট হ’ব, কিন্তু এটাকৈ প্ৰশ্ন দিলেও বহুত।”
মঞ্জিলে ক’লে যে এটা কাম কৰোঁ, প্ৰশ্নবোৰ প্ৰথমে অধ্যাপক অনুপম শইকীয়া, অধ্যাপক বি. শ্বোৰীৰ দৰে গণিতজ্ঞৰ পৰাতো বিচাৰিব পাৰোঁ।
অনুপম শইকীয়া হৈছে ৰেংলাৰ আৰু স্বনামধন্য অসমীয়া গণিতজ্ঞ। আনহাতে বিখ্যাত গণিতজ্ঞ বি. শ্বোৰী হৈছে ভাৰতীয় ৰাষ্ট্ৰীয় গাণিত অলিম্পিয়াডৰ লগত বহুবছৰ ধৰি জড়িত। আমাৰ উদ্দেশ্যটো জনাই মঞ্জিলে তেওঁলোকৰ লগত যোগাযোগ কৰিলে। কেইদিনমানৰ পাছতে তেওঁলোকে প্ৰদান কৰিলে কেইবাটাকৈ প্ৰশ্ন, আৰু লগত প্ৰতিটোৰে উত্তৰ। আমাৰ যিটো চিন্তা আছিল যে প্ৰশ্ন কেনেকৈ পাম, সেয়া একেবাৰেই নোহোৱা হৈ গ’ল, আলোচনীৰ বহুকেইটা সংখ্যাৰ বাবে প্ৰশ্ন আৰু উত্তৰ গোট খাই গ’ল। এই কথাটোৱে আমাক অতি উৎসাহিতও কৰিলে যে মানুহৰ প্ৰডাক্টিভিটি কেনেকৈ বাঢ়ে— তেওঁলোকে সেইখিনি প্ৰদান কৰিলে, তাৰ জৰিয়তে তেওঁলোকে এটা অৱদানো দিলে, আৰু তাৰ চিন্তাৰ পৰা তেওঁলোক মুক্ত হৈ পৰিল। আনহাতে, আমিও এটা চিন্তাৰ পৰা তৎক্ষণাৎ মুক্ত হৈ পৰিলোঁ যাৰ বাবে আনখিনি কামত মনোনিবেশ কৰিবলৈ কিছু সহজ হৈ গ’ল।
এই শিতানটোৰ ধাৰণাটো আহিছিল ‘Mathematical Association of America’ ই প্ৰকাশ কৰা দুখন বিখ্যাত পত্ৰিকা ‘The American Mathematical Monthly’ আৰু ‘Mathematics Magazine’ ৰ পৰা। তাৰ প্ৰতিটো সংখ্যাত এনেকুৱা প্ৰশ্ন-প্ৰশ্নোত্তৰ থাকে। তাৰ একো একোটা প্ৰশ্নৰ উত্তৰটোৱেই কেতিয়াবা একো একোখন গৱেষণা-পত্ৰ হৈ পৰে।
সেই শিতানটো পাৰ হৈ যোৱা ছমাহৰ পাছত আমাৰ আকৌ আলোচনা চলিল যে— পাঠকৰ পৰা উত্তৰ আহিব নে নাই? এইটো চলাই থকা উচিত নে অনুচিত? উত্তৰটো হ’ল, উচিত। ‘The American Mathematical Monthly’ বা ‘Mathematics Magazine’ ৰ পাঠক গোটেই বিশ্বজুৰি আছে। যিহেতু ‘গণিত বিকাশ’ৰ পৰিসৰ সীমিত, গতিকে তাৰ উত্তৰ দিওঁতা অতি কম হ’ব বা কেতিয়াবা নাথাকিবই, তথাপি শিতানটো চলাই থকা উচিত। এতিয়া কেইবাটাও সংখ্যা পাৰ হৈ গ’ল, শিতানটো চলি আছে, আগলৈও চলি থাকিব, আৰু বহু বছৰৰ আগলৈও এইটো চলি থকা দৰকাৰ।
ওপৰৰ কথাখিনিত এতিয়ালৈকে উত্তৰ অহাৰ কথা কৈ থকা হৈছে, কিন্তু প্ৰশ্ন অহাটোৱো এটা অতি গুৰুত্বপূৰ্ণ কথা। সাহিত্য-সমালোচকসকলে কেতিয়াবা কি কৰে, তেওঁলোকে গল্প এটা বা উপন্যাস এখনৰ সম্পৰ্কত নিজে কেইটামান প্ৰশ্ন সৃষ্টি কৰি লয়, আৰু সেই প্ৰশ্নকেইটাৰ উত্তৰকে নিজে লিখি থাকে, আৰু ফলত তেওঁলোকৰ সমালোচনা-মূলক প্ৰবন্ধটো ধুনীয়াকৈ হৈ পৰে। গণিত-বিজ্ঞানতো একোটা উদ্ভাৱনী বিষয়-বস্তু জড়িত প্ৰশ্ন সৃষ্টি কৰিব পৰাটো এটা গুৰুত্বপূৰ্ণ কাম। সেইটো কৰিব নোৱৰা বাবেই বহু মানুহ তীক্ষ্ণ হোৱাৰ পাছতো উদ্ভাৱনী কামত আগবঢ়িবলৈ সক্ষম নহয়। একোটা মৌলিক প্ৰশ্ন সৃষ্টি কৰিব পৰাটো অতি গুৰুত্বপূৰ্ণ দক্ষতা, যিটো কৰ্ষণ কৰা প্ৰয়োজন। সেই চৰ্চা অব্যাহত ৰাখিবলৈ ‘গণিত বিকাশ’ৰ শিতানটোলৈ মৌলিক প্ৰশ্ন প্ৰেৰণ কৰিবলৈ আহ্বান জনালোঁ। ‘The American Mathematical Monthly’, ‘Mathematics Magazine’ আদিত সৰু ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি বয়সস্থ বিখ্যাত গণিতজ্ঞলৈকে সকলো শ্ৰেণীৰ মানুহে প্ৰশ্ন দিয়ে। সেই পত্ৰিকা দুখনলৈও প্ৰশ্ন প্ৰেৰণৰ চেষ্টা কৰিব পাৰি।
খ)
যোৱা ২০-২৫ বছৰত অসমৰ পৰা বিশুদ্ধ গণিতৰ যিমান কাম হ’ব লাগে, তাৰ হয়তো ৫-৬ শতাংশও হোৱা নাই। সেই ৫-৬ শতাংশৰ মূলত আছে অতি সীমিত সংখ্যক কেইজনমান মানুহ। সেয়েহে, ‘মোৰ শেহতীয়া এখন গৱেষণা-পত্ৰ’ শিতানটো লোৱা হ’ল, য’ত যথেষ্ট ভাল কাম কৰা অসমীয়া নতুন গৱেষক একোজনে নিজৰ কামৰ বিষয়ে নিজে লিখিব। তেওঁলোকৰ নিজৰ সেই লেখাটো তেওঁলোকক সন্মান জনোৱাৰ এটা উপায় বুলিও ধৰা হ’ল। ইয়াত কেৱল বিশুদ্ধ গণিত বুলি কথা নাই, কিন্তু বিশুদ্ধ গণিতক অগ্ৰাধিকাৰ দিয়া হয়। ইয়াৰ আন উদ্দেশ্যেবোৰ হ’ল, যাতে ইয়াৰ জৰিয়তে পাঠকে ভাল কামবোৰ কেনেকুৱা তাৰ এটা পৰিচয় পায়, ভাল ভাল জাৰ্নেলবোৰৰ নাম জানিবলৈ পায়, ভাল কিতাপৰ পৰিচয় পায়, ভাল কাম কেনেকৈ কৰিব পাৰি তাৰ ধাৰণা হয়, ইত্যাদি।
এই শিতানটোৰ ক্ষেত্ৰত তিনিটা সমস্যা দেখা পোৱা যায়:
১) যিহেতু ভাল কাম কৰা মানুহ কম, গতিকে লিখিবলগীয়া মানুহ কেইজন পোৱা যাব?
২) মানুহ কম হ’লেও, কেইজনমান কিন্তু আছে। কিন্তু, তেওঁলোকৰ কেইবাজনৰো বিষয়বিলাক একে একে। ফলত, একেটা বিষয়-বস্তুৰে লেখাকে উলিয়াই থাকিলে প্ৰকৃত উদ্দেশ্য সিদ্ধি নহয়।
৩) আনহাতে কেইজনমান আছে, তেওঁলোকে অতি ভাল কাম কৰি আছে, কিন্তু প্ৰবন্ধটো পঢ়িবলৈ বেয়া হ’ব বুলি তেওঁলোকে লিখিবলৈ লাজ কৰে, সংকোচ কৰে। যিহেতু এইটো বিশেষ লেখা, সেইটো জনপ্ৰিয় ধাৰাৰ গণিত-বিজ্ঞান প্ৰবন্ধ হোৱাৰ প্ৰয়োজন নাই, আৰু তেওঁলোকে লিখিব নজনাৰ কোনো কথাই নাই। তথাপি লেখাটো পঢ়িবলৈ বেয়া হ’ব বুলি তেওঁলোকে সংকোচ কৰা বাবেই কেইবাটাও ভাল লেখা অলিখিত হৈ থাকি গৈছে।
এই সকলোৰে শেষত, এই শিতানটোত ইতিমধ্যে প্ৰকাশিত প্ৰতিটো লেখাই একো একোটা গুৰুত্বপূৰ্ণ দিশ প্ৰকাশিত কৰি তুলিছে। আমাৰ আহ্বান অনুসৰি তেওঁলোকে পুনঃ পুনঃ নতুন তথ্য সংযোগ কৰি পৰিসৰ বৃদ্ধি কৰি বা লিখাৰ ধৰণ সলনি কৰিও লেখাবোৰ সম্পূৰ্ণ কৰিছে আৰু পাঠকলৈ একোটা বিশেষ লেখা আগবঢ়াই দিছে।
(১২৫)
আজি প্ৰসিদ্ধ ভাৰতীয় বিজ্ঞানী জয়ন্ত বিষ্ণু নাৰ্লিকাৰৰ ছয়াশী বছৰ বয়সত মৃত্যু হৈছে। বহুসময়ত চৰ্চিত হৈছিল যে ভাৰতৰ পৰা নোবেল বঁটা লাভ কৰিব পৰা বৰ্তমান কালৰ যিকেইজন বিজ্ঞানী আছে, তাৰে এগৰাকী অন্যতম বিজ্ঞানী হৈছে জয়ন্ত বিষ্ণু নাৰ্লিকাৰ। তেওঁ পদ্মবিভূষণেৰে সন্মানিত হৈছিল। কেৱল এয়াই নহয়, তেওঁ সাহিত্য অকাডেমি বঁটাও লাভ কৰিছিল, আৰু তেওঁ আছিল দেশত বিজ্ঞানমনস্কতা প্ৰসাৰৰ এগৰাকী মহাৰথী। তেওঁৰ কিছুমান কথা, ঘটনা, বা তেওঁ যুক্ত থকা কিছুমান কাহিনী খুৱ ভাল লাগে। যেনেঃ
১) তেওঁ আছিল এগৰাকী ৰেংলাৰ। আৰু তেওঁৰ দেউতাকো এগৰাকী ৰেংলাৰ আছিল। সকলোৱে নিশ্চয় জানে যে, বৰ্তমানলৈকে অসমৰ পৰা কেৱল এগৰাকীয়েই ৰেংলাৰ ওলাইছে। তেওঁ হৈছে গণিতজ্ঞ অনুপম শইকীয়া। যেতিয়া জয়ন্ত বিষ্ণু নাৰ্লিকাৰে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ত পঢ়ি আছিল, তেতিয়া ষ্টিফেন হকিং তেওঁৰ সমসাময়িক আছিল। সেই সময়ত সম্পূৰ্ণ সুস্থ হৈ থকা ষ্টিফেন হকিঙৰ সৈতে তেওঁ টেবুল-টেনিছ খেলিছিল। হকিং তালৈ গৈছিল অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা আৰু লাহে লাহে হকিঙে কথাবোৰ খোকোজা লগা ধৰণে ক’বলৈ ধৰিছিল, উচ্চাৰণবোৰ সঠিককৈ নকৰিছিল। তেতিয়া বহুতে ভাবিছিল যে অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ পৰা অহা বুলি দেখুৱাবলৈকে হকিঙে কথাবোৰ এনেই তেনেকৈ কৈছে। কিন্তু এটা সময়ত তেওঁৰ মাত সম্পূৰ্ণ বন্ধ হৈছিল, তেওঁ সম্পূৰ্ণৰূপে হুইল-চেয়াৰত আবদ্ধ হৈ পৰিছিল, আৰু শেষলৈ তেওঁৰ দুটামান আঙুলি আৰু চকুৰ ওপৰৰ কেইডালমান পেশীতহে সংবেদন বাকী ৰৈছিলগৈ। চিকিৎসকসকলে কৈছিল যে তেওঁ অতি বেছি মাথোঁ দুবছৰ বাচি থাকিব। কিন্তু তাৰ পাছত তেওঁ পঞ্চাছ বছৰৰ অধিক কাল বাচি আছিল আৰু পৃথিৱী জয় কৰিছিল।
২) জয়ন্ত বিষ্ণু নাৰ্লিকাৰে শিক্ষা শেষ কৰি যেতিয়া ভাৰতলৈ উভতি আহিছিল, তেতিয়া তেওঁক বহুতো উদ্বোধনী অনুষ্ঠান আদিলৈ নিমন্ত্ৰণ জনোৱা হৈছিল। তেওঁ গৈছিলও সেইবোৰলৈ। এবাৰ তেনে এটা অনুষ্ঠানৰ পাছত এখন কাকতৰ সম্পাদকীয়ত লিখিলে যে জয়ন্ত বিষ্ণু নাৰ্লিকাৰে টেলিস্ক’প মুকলি কৰি ফুৰাটো সময়ৰ অপচয় মাথোঁ। তেতিয়াহে জয়ন্ত বিষ্ণু নাৰ্লিকাৰে ভাবি চালে যে কথাটো শুদ্ধ। সেইধৰণৰ কাম যিকোনো মানুহে কৰিব পাৰে, যিটো তেওঁ কৰি ফুৰা অনুচিত। তেতিয়াৰ পৰা তেওঁ মঞ্চত ঘূৰি ফুৰা, ফিটা কটা আদি কামবোৰ সম্পূৰ্ণৰূপে বাদ দিলে। এই কথাটো আন আন বহুতো ক্ষেত্ৰৰ সৃষ্টিশীল ব্যক্তি আৰু অনুপ্ৰেৰণাদায়ক বক্তাসকলেও কয়। যিসকল মানুহ সৃষ্টিশীল, যিসকলে নানা গুৰুত্বপূৰ্ণ কাম সমাধা কৰে, তেওঁলোকে বৰকৈ সভা-সমিতি কৰি নাথাকে। সৃষ্টিশীলতাৰ বাবে ব্যস্ততা এৰাই চলিব লাগিব। সভা-সমিতিত যিসকলে বৰকৈ ভাগ লৈ ফুৰে তেওঁলোকৰ প্ৰডাক্টিভিটি সিমানতে শেষ হৈ পৰে, তেওঁলোকৰ কোনো প্ৰডাক্টিভ কাম নাথাকে। যিসকলে বৃত্তি হিচাপে বা বিষয়া হিচাপে সঘনে সভা আদি কৰিবলৈ বাধ্য হয়, তেওঁলোকৰো উৎপাদনশীলসকলে উৎপাদনক্ষম হৈ থাকিবলৈ কিছুমান একান্ত নিৰৱ মুহূৰ্ত হাতত ৰখাৰ অভ্যাস কৰা দেখা যায়।
৩) জয়ন্ত বিষ্ণু নাৰ্লিকাৰে কৈছিল যে আমাৰ সমাজৰ বিভিন্ন স্তৰত থকা অশিক্ষিতসকলৰ দৰেই বহুতো শিক্ষিত লোকো নানা অন্ধবিশ্বাসেৰে প্ৰভাৱিত হৈ থাকে। যিসকলে বিজ্ঞান জনপ্ৰিয়কৰণ বা বিজ্ঞানমনস্কতা প্ৰসাৰৰ বাবে কাম কৰে, তেওঁলোকে অন্ধবিশ্বাসী লোকসকলৰ সমুখত নিজকে অধিক বিদ্বান যেন দেখুৱাই কথাবোৰ ক’ব নালাগে। তেনেকুৱা কৰি অন্ধবিশ্বাসীসকলক মুৰ্খ যেন অনুভৱ কৰিবলৈ দিব নালাগে। তেনে কৰিলে অন্ধবিশ্বাসীসকলে জেদত পূৰ্বতকৈ বেছিকৈহে অন্ধবিশ্বাসী হৈ পৰে আৰু তাৰে প্ৰভাৱত অন্ধবিশ্বাসী মানুহৰ সংখ্যা বাঢ়ি গৈ হে থাকে। ইয়াৰ পৰিৱৰ্তে কথাবোৰ এনেকৈ বুজাই ক’ব লাগে যাতে অন্ধবিশ্বাসীসকল বিজ্ঞানৰ প্ৰতি আকৰ্ষিত হয় বা বৈজ্ঞানিকভাবে কথাবোৰ ভাবিবলৈ উদ্বুদ্ধ হয়।
৪) এবাৰ তেজপুৰ বিশ্ববিদ্যালয়ৰ Students’ Science Council ৰ অমন্ত্ৰণ মৰ্মে জয়ন্ত বিষ্ণু নাৰ্লিকাৰ তেজপুৰ বিশ্ববিদ্যালয়লৈ আহিছিল। তেতিয়া সংযুক্ত স্নাতকোত্তৰৰ কেইজনমান ছাত্ৰ-ছাত্ৰীয়ে ‘গণিত চ’ৰা’ৰ বাবে তেওঁৰ এটি আছুতীয়া সাক্ষাৎকাৰ লৈছিল। সেই সাক্ষাৎকাৰটোৰ অসমীয়া অনুবাদো ‘গণিত চ’ৰা’ত প্ৰকাশ হৈছিল। ওপৰৰ প্ৰায়খিনি কথা সেই সাক্ষাৎকাৰটোৰ পৰা লোৱা। পাছলৈ সাক্ষাৎকাৰটোৰ অসমীয়া অনুবাদটো ‘অসম বিজ্ঞান সমিতি’এ প্ৰকাশ কৰা আলোচনী ‘বিজ্ঞান জেউতি’তো প্ৰকাশ পাইছিল। এই গোটেই কামখিনিত জড়িত আছিল সংযুক্ত স্নাতকোত্তৰৰ তেতিয়াৰ সৰু সৰু ছাত্ৰ-ছাত্ৰী কিছুমান।
(১২৬)
অসম গণিত শিক্ষায়তনক নতুন গতি দিবলৈ সক্ষম হোৱা অধ্যাপক নন্দ ৰাম দাস ছাৰৰ নেতৃত্বৰ গুণে তেখেতৰ ছাত্ৰ-ছাত্ৰীসকলকো প্ৰভাৱিত কৰিবলৈ সক্ষম হৈছিল যেন ধাৰণা হয়। নেতৃত্ব প্ৰদান কৰাটো যে কেৱল এটা দায়িত্ব পালন আৰু পৰিকল্পনা কাৰ্যকৰী কৰাই নহয়, সফল নেতৃত্ব প্ৰদান হৈছে ব্যক্তিগৰাকীৰ এক অভ্যাস — সেই ৰূপটো অধ্যাপক নন্দ ৰাম দাস ছাৰৰ গাত দেখা পোৱা গৈছিল। এটা ইতিবাচক মন আৰু কাম একোটা হৈ নুঠিলে তাক কাৰ্যকৰী কৰিবলৈ নিজ হাতে লোৱা প্ৰচেষ্টা — তেখেতৰ অনুকৰণীয় গুণ। তেখেতৰ আটাইতকৈ কৰ্মঠ সময়খিনিতে আমি লগ পাইছিলোঁ। প্ৰথম প্ৰথম লগ পোৱা সময়ত, তেখেতে নতুনক কৰা আদৰৰ ধৰণবোৰ দেখি আমি সামান্য আচৰিতো হৈছিলোঁ। নতুনে ভাল পোৱা সৰু-সুৰা কথাবোৰত কেতিয়াও তেখেতে হকা-বধা নকৰিছিল। তেখেতৰ ছাত্ৰ-ছাত্ৰীখিনিয়ে অলিম্পিয়াডৰ বহী চোৱা আদি কিবা কাম কৰি থকাৰ মাজতে, তেখেতৰ নিজৰে ছাত্ৰ-ছাত্ৰীকেইজনকো লগৰ নিচিনাকৈ নিজেই গাড়ীত তুলি কেণ্টিনলৈ লৈ গৈছিল। নতুনৰ লগত সমিলমিল কৰিও কেনেকৈ এক সন্মানীয় আৰু নেতৃত্বসুলভ ব্যক্তিত্ব ধৰি ৰাখিব পাৰি, সেয়া তেখেতৰ গাত দেখা গৈছিল।
(১২৭)
কিছুমান কথা বা ঘটনা যেতিয়া পোহৰলৈ আহে, কথাটো আনে যেতিয়া জানিবলৈ পায়, তেতিয়া সাধাৰণতে ধাৰণা কৰা হয় যে এটা নতুন অধ্যায়ৰ আৰম্ভ ঘটিছে, এটা নতুন কাহিনী সৃষ্টি হ’বলৈ ধৰিছে, কিন্তু বহু সময়ত দেখা যায় যে কথাটো পোহৰলৈ অহাৰ লগে লগেই আচলতে ঘটনাটো ইতিমধ্যেই শেষ হৈছে। নতুনকৈ তাত সৃষ্টি হ’বলৈ একোৱেই নাথাকে, কাহিনী ইতিমধ্যেই খতম। উদাহৰণস্বৰূপে, যেতিয়া ডিজিটেল কেমেৰাৰ যুগ অহা নাছিল, ৰিলত ফটো তুলিব লগা হৈছিল, সেই ৰিলবোৰ এন্ধাৰত ৰাখিব লগা হৈছিল, আৰু কেনেবাকৈ যদি সেইটো পোহৰলৈ উলিয়াই দিয়া হয় লগে লগে ফটোবোৰ ধ্বংস। সৌৰভ কুমাৰ চলিহাৰ সম্ভৱতঃ আটাইতকৈ প্ৰিয় উপমা এইটোৱেই আছিল। আটাইতকৈ প্ৰিয় নহ’লেও এইটোৱে তেওঁক প্ৰবলভাৱে ক্ৰিয়া কৰি ৰাখিছিল। আজি কেইবাবছৰ ধৰি এই কথাখিনি মোৰ মনলৈ বাৰে বাৰে আহি থাকে প্ৰশান্ত কিশোৰৰ নাম শুনিলে। ২০১৪ চনৰ আগলৈকে প্ৰশান্ত কিশোৰক কোনেও জনা নাছিল। হয় জানিছিল, বিশেষ কিছুমান মানুহে জানিছিল, কিন্তু সাধাৰণ মানুহে তেওঁৰ চমৎকাৰ কাৰবাৰৰ বিষয়ে জানিবলৈ পাইছিল ২০১৪ চনত। আৰু লগে লগে সকলোৱে অপেক্ষা কৰিছিল আগলৈ তেওঁ কি কৰিব। কিন্তু আচলতে ইতিমধ্যেই প্ৰশান্ত কিশোৰৰ যুগৰ অন্ত পৰিছিল। যেতিয়াই তেওঁৰ বিষয়ে মানুহে প্ৰবলভাৱে জানিবলৈ পাইছিল, তেতিয়াই শেষ হৈছিল তেওঁৰ অধ্যায়ৰ।
(১২৮)
বিশিষ্ট বুদ্ধিজীৱী ময়ূৰ বৰা ডাঙৰীয়াই এবছৰৰ পূৰ্বে কিছুমান মিছা কথা আৰু বাক্যৰ চাতুৰ্যৰে যেনেকৈ জুবিন গাৰ্গক হেয় কৰিবলৈ চেষ্টা কৰিছিল, তাৰ বাবে ময়ূৰ বৰা ডাঙৰীয়াই এতিয়া পুনৰ ব্যাপক নিন্দা লাভ কৰিছে। কেইবাজনো বুদ্ধিজীৱীয়েও এতিয়া তেওঁক নিন্দা কৰিছে। আৰু তেওঁ নিজেও নিজৰ কিছু ভুল স্বীকাৰ কৰিছে। সেইদিনা তেওঁ কোৱা কিছুমান কথা সকলো মানুহে জুবিন গাৰ্গক কয়, আদৰত কয়, মৰমত কয়, কিন্তু ময়ূৰ বৰাই যিধৰণে কৈছিল সেয়া আছিল নিকৃষ্ট। তাৰ বাবেই এতিয়া তেওঁক অত্যন্ত সমালোচনা কৰা হৈছে যদিও এই সমালোচনাবোৰত এটা কথা কোনেও স্পৰ্শ কৰা দেখা পোৱা নাই। সেইটো হৈছে, তেওঁ জুবিন গাৰ্গক হেয় কৰাৰ সময়টো কেতিয়া বাছি লৈছিল? সেই সময়খিনি কোনখিনি আছিল?? সেই সময়ত এটা প্ৰতিবাদ চলি আছিল, দীঘলীপুখুৰীৰ পাৰৰ শ বছৰীয়া প্ৰৱীণ ঐতিহাসিক গছবোৰ কটাৰ বিৰুদ্ধে প্ৰতিবাদ। য’ত জুবিন গাৰ্গে সবলভাৱে পদাৰ্পণ কৰিছিল আৰু প্ৰতিবাদটো তীব্ৰ কৰি তুলিছিল। সেয়ে, তেনে সময়ত জুবিন গাৰ্গক হেয় কৰাৰ চেষ্টা কৰিলে ক্ষমতাশালীসকলৰ পৰা নানা সা-সুবিধা যে লাভ কৰিব বা বিশেষ কিছুমান মানুহৰ আস্থাভাজন হৈ হাই-প্ৰফাইল সভা-সমিতি কিছুমানলৈ যে নিমন্ত্ৰণ লাভ কৰিব সেয়া নিশ্চিত আছিল। কোনোবাই ক’ব নেকি যে সেই সময়টো কাকতালীয় আছিল? ময়ূৰ বৰা ডাঙৰীয়াই সমাজ-ৰাজনৈতিক বিষয়ত কয়, বিশেষকৈ ধৰ্মীয়-সংস্কৃতিক বিষয়ত তেওঁ কথা কয়, লিখে। বহু সভাত তেওঁ গৌৰৱেৰে বাৰে বাৰে কয় যে তেওঁ ইতিহাসৰ ছাত্ৰ। গতিকে, তেনে এজন ব্যক্তিয়ে জুবিন গাৰ্গক হেয় কৰাৰ সেই সময়টো নিশ্চয় নুবুজাকৈ থকা নাছিল। যদি তেওঁ বুজাই নাছিল, যদি সেয়া কাকতালীয়ই আছিল, তেওঁ যদি সেয়া ভবা নাছিল, তেন্তে তেওঁৰ বুদ্ধিজীৱীসুলভ সূক্ষ্ণ দক্ষতাতো বিৰাট প্ৰশ্ন আহি পৰিব।
কিছুমান বিশ্বাস-অযোগ্য মানুহৰ পৰাও এইধৰণৰ প্ৰচেষ্টা আগলৈ চলিব বা এতিয়া চলিছেই। সেই লগ-বন্ধুসকলে জুবিন গাৰ্গক বিহ খুৱাই হত্যা কৰিছিল নেকি সেই প্ৰশ্নটো ধৰক বাদেই দিয়া হৈছে। তাৰপাছতো আমি যদি চাওঁ, সেই ২০-৩০ জন মানুহ, তেওঁলোকে যোৱা কেইদিনত যিখিনি আচৰণ কৰিলে, তাৰ দ্বাৰা তেওঁলোকৰ পৰা ন্যূনতম মানৱীয়তাও আশা কৰা নাযায়। জুবিন গাৰ্গৰ মৃত্যুৱে কি কৰি থৈ গ’ল? সকলো মানুহক এক কৰি থৈ গ’ল। জীৱন্ত মহানায়কজনতকৈও হেৰাই যোৱা মানুহজন অধিক ডাঙৰ মহানায়ক হৈ উঠিল। এতিয়া বিভেদৰ বাবে, সংঘাতৰ বাবে, নানা বক্ৰ সা-সুবিধাৰ বাবে, আন ধৰণে বলে নোৱাৰিলে সেই মহানায়কজনক হেয় কৰিবলৈ চেষ্টা কৰিব কিছু লোকে। অভিযুক্তই জুবিন গাৰ্গক হেয় কৰিব পৰা বক্তব্য দাঙি ধৰা, আৰু সেই বক্তব্য অনাহকত ভাইৰেল হৈ পৰাৰ কাৰণো এনেকুৱা হ’ব পাৰে। যিবোৰ কথাৰ সত্যতা থাকিবও পাৰে নাথাকিব পাৰে, কিন্তু সত্যতা থাকিলেও সেইখিনি এতিয়া প্ৰাসংগিক নহয়। পাছত তেওঁৰ জীৱনীত সকলো কথা থাকিব পাৰে। কিন্তু, এতিয়া সেয়া হৈছে তেওঁক দুৰ্বল কৰাৰ চেষ্টাৰে অংশ।
(১২৯)
চৈয়দ আব্দুল মালিকৰ এটা বহুচৰ্চিত গল্পৰ শিৰোনাম ‘বীভৎস বেদনা’। ই কেৱল এটা গল্পই নহয়, ইতিহাসৰ স্ফুলিংগক কেনেকৈ সাহিত্যলৈ তুলি আনিব পাৰি, সাহিত্যত কেনেকৈ তাক প্ৰতিষ্ঠা কৰিব পাৰি, ই তাৰো এক অসাধাৰণ উদাহৰণ। সেই স্ফুলিংগৰ পৰাই পাঠকে সমগ্ৰ জুইকুৰাৰ সম্ভেদ ল’বলৈ সচেতন হৈ পৰিব পাৰে। গল্পটো বা তাৰ লেখকৰ বিষয়ে ক’বলৈ মই এতিয়া পাতনি মেলা নাই। ক’ব খুজিছোঁ, ‘বীভৎস’ শব্দটোৰ কথা। জীৱনত এই শব্দটো প্ৰথম শুনিবলৈ পাইছিলোঁ সেই গল্পটোৰ জৰিয়তেই। কিছুমান শব্দৰ উচ্চাৰণ আৰু আকৃতিয়ে বিৰাট আকৰ্ষিত কৰে। বীভৎস। ইয়াৰ উচ্চাৰণটোও আনতকৈ বেলেগ, চেহেৰাটোও বেলেগে। তাতে আকৌ বীভৎসকৈ বেদনাও থাকিব পাৰে নে?
আৰু এতিয়া মূল কথাটো হ’ল, ‘কুলাংগাৰ’ উপন্যাসখনত সমাজৰ বীভৎস কথায়েই ভৰপূৰ হৈ আছে। আনন্দদায়ক, বিনোদন যোগোৱা, মিঠা মিঠা ভাব অহা উপন্যাস এইখন নহয়। সেয়েহে, ইজনে-সিজনে যেতিয়া মোক কয় যে উপন্যাসখন পঢ়ি শেষ কৰিলোঁ, তেতিয়া মোৰ অকণমান নিজৰে অশান্তি লাগে। মনতে ভাবোঁ যে কেনে কষ্টৰে পাৰ কৰিলে পঢ়ি থকা সময়খিনি! গুৱাহাটীৰ গ্ৰন্থমেলাত মোৰ সমুখত কেইজনমানে কিতাপখন কিনোতেও মই চঁক খাই গৈছিলোঁ। কাৰণ মোৰ ধাৰণা আছিল যে তেওঁলোকৰ ৰাপবোৰ বেলেগ। তেওঁলোকক কৈছিলোঁ যে এইখনত কিন্তু মই আগতে লিখাৰ দৰে গণিত-বিজ্ঞানৰ প্ৰবন্ধ, সৰু-সুৰা সামাজিক প্ৰবন্ধ, বা উৎসাহ যোগোৱা লেখা নাই। গতিকে চাই-চিটি কিনিবা।
এইবিলাককে ভাবি মই দুদিনমান আগতে বেলেগ এজনক কৈ আছিলোঁ যে মানুহে কিতাপখন পঢ়ি শেষ কৰিলোঁ বুলি ক’লে মোৰ চিন্তা হৈ যায়, কিজানি তেওঁলোকৰ দুখ লাগি মন একেবাৰে বেয়া হৈ গৈছে বা পৃষ্ঠাই পৃষ্ঠাই অশান্তিবোৰ দেখি মনত খেলি-মেলি লাগি সম্পূৰ্ণ কিবা হৈ পৰিছে! তেতিয়া তেওঁ মোক James Baldwin ৰ এষাৰ বাক্যৰ ভিত্তিত ক’লে যে “এজন শিল্পীৰ কাম হ’ল মনত অস্থিৰতাৰ সৃষ্টি কৰা”, গতিকে মই সেই লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই। তাৰ আগলৈকে মই James Baldwin ৰ কথা জনা নাছিলোঁ। James Baldwin-এ মূল উক্তিটো এটা দীঘলীয়া সাক্ষাৎকাৰত কৈছিল এনেদৰে— “Artists are here to disturb the peace”। মানুহৰ মনত এই অস্থিৰতা সৃষ্টি কৰাটো, মনৰ শান্তিক নষ্ট কৰাটো ইতিবাচক অৰ্থত কোৱা হৈছে। মানুহক বিনোদন দি থকাটো, আমোদ দি থকাটো, বা ৰস দি উৎফুল্লিত কৰি ৰখাটো শিল্পী-সাহিত্যিকৰ দায়িত্ব নহয়। সেয়াও সামান্য দায়িত্ব হ’ব পাৰে, কিন্তু প্ৰকৃত দায়িত্ব মানুহক সমস্যাবোৰ দেখুৱাই মন বেয়া কৰি তোলাটোহে, যাতে তেওঁলোকে ভাবিব পাৰে, তেওঁলোকক চিন্তিত কৰি তোলাটোহে কৰ্তব্য। শিল্পীসকলকে তেনেকৈ কৈছে, গতিকে মোৰ দৰে মানুহে সামান্য অশান্তি মনত যোগালেনো মই চিন্তা কৰিবলৈ কি আছে! আৰু সেয়েহে এতিয়া মোৰ চিন্তাটো নোহোৱা হৈ পৰিল।
(১৩০)
সাহিত্যৰ গৱেষণা, তাত্ত্বিক বিজ্ঞানৰ গৱেষণা, পৰিসংখ্যাৰ বিশ্লেষণসমূলক গৱেষণা আদিৰ বুনিয়াদী পাৰ্থক্য কিছুমান আহি পৰে। অলপতে এটা ঘটনাৰ খবৰ ওলাইছিল, অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ত সাহিত্যত পিএইচডি কৰি থকা ভাৰতীয় ছাত্ৰী এগৰাকীক তেওঁৰ গৱেষণাসমূহ পিএইচডি ডিগ্ৰীৰ অযোগ্য তথা পুনৰাবৃত্তি বুলি ঘোষণা কৰি পিএইচডি নিদি তাৰ তলৰ পৰ্যায়ৰ এটা ডিগ্ৰী প্ৰদান কৰা হৈছে। এই লৈ বিৰোধ কৰি ছাত্ৰীগৰাকীৰ ফালৰ পৰা সংবাদ প্ৰকাশ পাইছে। কিন্তু, যিহেতু অক্সফ’ৰ্ড বিশ্ববিদ্যালয়, তাতে সাহিত্যৰ বিষয়, যি বিষয়ত হেজাৰ গৱেষণা-পত্ৰ ওলাইছে, সেয়ে কথাটোত বিশ্ববিদ্যালয়খনকে সমৰ্থন জনাবলগীয়া যেন ধাৰণা হয়। অৱশ্যে সাধাৰণ বিশ্ববিদ্যালয়ৰ পিএইচডিবোৰতকৈ ছাত্ৰীগৰাকীৰ কাম এতিয়াও নিশ্চয় উচ্চ পৰ্যায়ৰে হ’ব।
(১৩১)
তেজপুৰ বিশ্ববিদ্যালয়লৈ মই প্ৰথম যেতিয়া আহিছিলোঁ, এমএছচি কৰিবলৈ, তেতিয়া বিশ্ববিদ্যালয়খনত সাহিত্যৰ পৰিৱেশ একেবাৰে নাছিল। আৰু সেইবাবে সঘনে এটা বৌদ্ধিক বিৰক্তি অনুভৱ কৰিছিলোঁ। তেতিয়া দুটা বছৰত সাহিত্য সম্পৰ্কীয় এখনো সভা পোৱা নাছিলোঁ। এই কথা তেতিয়া আৰু পাছতো বহুবাৰ মই কেইবাজনকো কৈছিলোঁ। তেতিয়াও সাহিত্য জগতৰ কেইবাজনো বিশিষ্ট ব্যক্তি ইয়াত আছিল, কিন্তু সামগ্ৰিক পৰিৱেশ বুলি ক’লে যিটো বুজা যায় সেইটো নাছিল। তেওঁলোকো গুৱাহাটীলৈ বা ক’ৰবালৈ ঢাপলি মেলিব লগা হৈছিল। এই কথাখিনিৰ জৰিয়তে মই এইটো বুজোৱা নাই যে সেয়া এটা বেয়া দিশ আছিল। আচলতে প্ৰতিখন বিশ্ববিদ্যালয়ৰে একো একোটা নিজস্ব চৰিত্ৰ থাকে। সেইটো বিভিন্ন উপাদানৰ প্ৰভাৱত ক্ৰমবিকাশৰ জৰিয়তে গঢ়ি উঠে। যেনেকৈ গুৱাহাটী বিশ্ববিদ্যালয় সাংস্কৃতিক পৰিৱেশত আগবঢ়া, কটন বিশ্ববিদ্যালয় সাহিত্যিক পৰিৱেশ আদিত আগবঢ়া, তেনেকৈ তেজপুৰ বিশ্ববিদ্যালয় বৈজ্ঞানিক উৎসৱত আগবঢ়া আছিল। সেই সময়ত তেজপুৰ বিশ্ববিদ্যালয় কুইজৰ দিশতো আগবঢ়া আছিল। কুইজৰ বহুকেইজন তাৰকা একেসময়তে বিশ্ববিদ্যালয়খনত তেতিয়া সোমাই পৰিছিল।
তেজপুৰ বিশ্ববিদ্যালয়লৈ সাহিত্যৰ পৰিৱেশ এতিয়াও সম্পূৰ্ণকৈ আহিছে বুলি ক’ব নোৱাৰি, এতিয়াও ই দুৰ্বল। কিন্তু এটা সুকীয়া পৰিৱেশ গঢ়ি উঠাৰ অজস্ৰ সমল ইয়াত আছে। ইয়াৰ সুন্দৰ সুন্দৰ প্ৰেক্ষাগৃহবোৰেই নহয়, আনকি কেন্দ্ৰীয় পুথিভঁৰালৰ সমুখৰ অৰণ্যখনৰ দৰে ঠাইবোৰেও গোপনে যেন আহ্বান জনাই থাকে যে— ইয়াতো গল্পৰ আড্ডা অনুষ্ঠান এটা হ’ব পাৰে, ইয়াতো কবিতাৰ আলাপ অনুষ্ঠান এটা বহিব পাৰে। চৰ্চাৰ পৰিৱেশটো সম্পূৰ্ণকৈ আহিছে বুলি ক’ব নোৱাৰিলেও, ই কিন্তু উন্নত হোৱাৰ দিশে ইতিমধ্যে অগ্ৰসৰ হৈছে বুলিব পাৰি। ইয়াত প্ৰধান অৰিহণা যোগাইছে অসমীয়া বিভাগটোৱে। পূৰ্বতে যি পৰিৱেশ নাছিল বুলি কৈছোঁ, সেয়া নথকাৰ এটা কাৰণ এইটোও আছিল যে— অসমীয়া বিভাগটো প্ৰতিষ্ঠা হৈছে মাথোঁ কেইবছৰমান পূৰ্বেহে।
এইবাৰ ইয়ালৈ আহি প্ৰথম মাহতে সাহিত্যিক জড়িত এখন সভা চাবলৈ পালোঁ। নক’লেও হ’ব যে, উদ্যোক্তা অসমীয়া বিভাগ। পূৰ্বতে বিভাগটোৰ দুই-এখন অনলাইন সভা চাইছিলোঁ যদিও অফলাইন সভাবোৰৰ আমেজ সুকীয়া। সেইদিনা সভালৈ আহিছিল বিশিষ্ট গল্পকাৰ, সাংবাদিক মনোজ কুমাৰ গোস্বামী। হোমেন বৰগোহাঞিয়ে এবাৰ কিবা প্ৰসংগত লিখা যেন মনত পৰিছে যে তেওঁ নিজকে ডাক্টৰ জেকিল আৰু মিষ্টাৰ হাইড ৰূপত আৱিষ্কাৰ কৰিছিল। মনোজ কুমাৰ গোস্বামীকো মাজে সময়ে ডাক্টৰ জেকিল আৰু মিষ্টাৰ হাইড ৰূপে দেখা যায়। সেয়ে তেওঁৰ প্ৰতি একেসময়তে অনুৰাগ আৰু ক্ৰোধ সমানে আহে।
যি কি নহওক, সেইদিনা সভাখন চাবলৈহে গৈছিলোঁ, কিন্তু অন্তৰংগ আলাপ অনুষ্ঠানত হঠাতে তেওঁক দুটা প্ৰশ্নও সোধা হ’ল। তাৰে এটা প্ৰশ্ন আছিল গল্প সম্পৰ্কীয়। সাহিত্যৰ শ্ৰেণী-কোঠাৰ আলাপবোৰ বেছিভাগ সময়ত শ্ৰেণী-কোঠাৰ বাহিৰৰ মানুহকহে প্ৰকৃত কামত লাগে যেন ধাৰণা হয়। তেনেকৈয়ে সেইদিনা উত্তৰত মনোজ কুমাৰ গোস্বামীয়ে কোৱাখিনি বহুতৰ কামত আহিব বা চিন্তাৰ খোৰাক যোগাব। মোৰ সেই প্ৰশ্নটো আছিল এনে ধৰণৰ— মনোজ কুমাৰ গোস্বামী বুলি ক’লে কোনো কোনো সময়ত সৌৰভ কুমাৰ চলিহাৰ কথা মোৰ মনলৈ আহে। সৌৰভ কুমাৰ চলিহাক এবাৰ কোনোবাই সুধিছিল যে তেওঁৰ দৰে গল্প তেওঁৰ পাছৰ প্ৰজন্মৰ কোনে লিখিব পাৰিব বুলি তেওঁ ভাবে। তেতিয়া সৌৰভ কুমাৰ চলিহাই কৈছিল যে মনোজেই পাৰিব। সেয়ে মই মনোজ কুমাৰ গোস্বামীক সুধিব খুজিছোঁ যে মনোজ কুমাৰ গোস্বামীৰ গল্পৰ লগত সৌৰভ কুমাৰ চলিহাৰ গল্পৰ কি মিল আছে আৰু কি অমিল আছে।
তেতিয়া মনোজ কুমাৰ গোস্বামীয়ে এই কথাখিনি কৈছিল—
সৌৰভ কুমাৰ চলিহাৰ ব্যক্তিগত সান্নিধ্যৰ পূৰ্বেই আমি মানে সৌৰভ কুমাৰ চলিহাৰ দ্বাৰা আচ্ছন্ন সম্পূৰ্ণ। আচ্ছন্ন বুলি নকয় আৰু, প্ৰভাৱ বুলিও নকয়, প্ৰায় নকলেই কৰিছিলোঁ। কেতিয়াবাতো এনেকুৱা আছিল যে দুই-এটা শাৰীও উঠাই দিছিলোঁ। নকল বুলি, মানে plagiarize কৰা বুলিয়েই ক’ব পাৰা। তাৰ পাছত চেষ্টা কৰিছিলোঁ যে লাহে লাহে তাৰ পৰা ওলাই আহিব পাৰি নে নোৱাৰি। হয়তো পৰা নাই বা পাৰিছোঁ, সেইটোতো সমালোচকে ক’ব। কিন্তু, এটা কথা কিন্তু ঠিক যে সৌৰভ কুমাৰ চলিহাৰ সেই দ্বিতীয় বিশ্বযুদ্ধৰ পাছত যি অস্থিৰতা…, আৰু মোৰ সুবিধা হ’ল কি— মই পদাৰ্থ বিজ্ঞানৰ ছাত্ৰ, অকণমান মই relate ও কৰিব পাৰোঁ, আৰু তাৰ পাছত হাইজেনবাৰ্গৰ অনিশ্চয়তা সূত্ৰ বা কোৱাণ্টাম তত্ত্ব লৈ তেওঁৰ অকণমান বেলেগ বেলেগ ধৰণৰ হয়তো তেওঁৰ প্ৰভাৱ আছে। কিছুমান সমালোচকে মানে, কিছুমানে নামানে। সেই একেখিনিয়েই… নিখিল… সৌৰভ চলিহাৰ নিখিল, এতিয়াও ৰাস্তাই-ঘাটে ঘূৰি ফুৰিছে। সলনি খুৱ এটা হোৱা নাই। সেই অস্থিৰতা, সেই অনিশ্চয়তা, সেই হতাশা, সেই বিভিন্ন ধৰণৰ বঞ্চনা, একেই, একে ধৰণে চলি আছে। কমা নাই। চৌৰাল্লিছ লাখ নিবনুৱা আছে এতিয়াও। গতিকে, মই ভাবোঁ যে, পৰিস্থিতি-পৰিৱেশ প্ৰায় একেই আছে। আৰু তাৰ মাজত যদি আমি দুই-এটা চৰিত্ৰ তেওঁৰ নিচিনাকৈ সৃষ্টি কৰিব খুজিছোঁ, তেতিয়াহ’লে হয়তো সেইটো তুমি প্ৰভাৱ বুলি ক’ব পাৰা বা পৰিৱেশ-পৰিস্থিতিগত সৃষ্টি বুলি ক’ব পাৰা। কিন্তু আমি চেষ্টা কৰিছিলোঁ যে তেওঁৰ যি একদম সৰ্বগ্ৰাসী প্ৰভাৱ আমাৰ ওপৰত, তেতিয়াৰ, তাৰ পৰা ওলাই অহাৰ চেষ্টা কৰিছিলোঁ। সেইখিনি সফল হৈছোঁ নে নাই নাজানো। অপূৰ্ব শৰ্মায়ো কেতিয়াবা কয় যে মোকো বহুত মানুহে সৌৰভ চলিহাৰ অনুসৰণ কৰা বুলি কয়, আৰু মই নহয় বুলি এইকাৰণেই কওঁ যে মই সৌৰভ চলিহাতকৈ বেছি বিশেষণ ব্যৱহাৰ কৰোঁ। তেওঁ কয়। তেনেকুৱা কথা, বেলেগ বেলেগ ধৰণৰ। কিন্তু আমাৰ ওপৰত প্ৰভাৱ আছিল, সেইটো এটা ধ্ৰুৱ সত্য।
(১৩২)
মহাকাব্যিক চৰিত্ৰক লৈ অসমীয়া ভাষাত লিখিত উপন্যাসৰ মুঠ সংখ্যা হেনো ৪১ খন। এই তথ্যটো ২০১৯ চনৰ। যোৱা চাৰি বছৰত সংখ্যাটো নিশ্চয়কৈ বৃদ্ধি পাইছে। সেইদৰে প্ৰতিভাৱান ব্যক্তি বা ঐতিহাসিক চৰিত্ৰক লৈ লিখা উপন্যাসো অসমীয়া ভাষাত কম নহয়। এই উপন্যাসসমূহৰ বহুকেইখন চৰ্চিত বা অসমীয়া ভাষাৰ একোখন শ্ৰেষ্ঠ উপন্যাস। যেনে: চন্দ্ৰপ্ৰসাদ শইকীয়াই কৰ্ণক লৈ লিখা ‘মহাৰাথী’, নিৰুপমা বৰগোহাঞিয়ে চন্দ্ৰপ্ৰভা শইকীয়ানীক লৈ লিখা ‘অভিযাত্ৰী’, অনুৰাধা শৰ্মা পূজাৰীয়ে ইন্দিৰা মিৰিক লৈ লিখা ‘মেৰেং’, চৈয়দ আব্দুল মালিকে শংকৰ-মাধৱক লৈ লিখা দুখন উপন্যাস, ইত্যাদি।
সেইদৰে, ৰাৱণ, দ্ৰৌপদী, শংকৰদেৱ, বিষ্ণু ৰাভা, আদিক লৈ অসমীয়া কবিতাও লিখা হৈছে আৰু সেইবোৰৰো চৰ্চা আছে।
কিন্তু, অসমীয়া ভাষাত এনে চুটিগল্প বৰ এটা দেখা নাযায়। সেই সম্পৰ্কীয় আলোচনাও আজিলৈকে ক’তো পোৱা নাই। আজি পৰ্যন্ত তেনেকুৱা তিনিটা গল্পহে পঢ়িবলৈ পাইছোঁ। তাৰে এটা মহাকাব্যিক চৰিত্ৰক লৈ লিখা আৰু বাকী দুটা বিশ্ব-প্ৰসিদ্ধ দুই অমৰ প্ৰতিভাক লৈ লিখা। তিনিওটাৰে গল্পকাৰ বেলেগ বেলেগ। অজ্ঞাতে আন গল্পও থাকিব পাৰে বা চৰ্চাও অলপ হ’ব পাৰে, কিন্তু উপন্যাস বা কবিতাৰ দৰে সেয়া ব্যাপক নহয় বাবেই হয়তো আজিলৈকে পোৱা নাই।
সেই তিনিটা গল্পৰ মাজৰ এটা হৈছে স্বনামধন্য গল্পকাৰ ড৹ প্ৰণৱজ্যোতি ডেকাই লিখা ‘শ্ৰীকৃষ্ণৰ শেষ দিনটো’।
এইটো এটা ৰাজনৈতিক গল্প। মাত্ৰ ছয় পৃষ্ঠাৰ দীঘল গল্পটো ৰাজনৈতিক নেতাসকলৰ বাবে এখন দাপোনৰ দৰে থিয় হৈ আছে। কেৱল ৰাজনীতিয়েই নহয়, ই হৈছে সকলো মানৱেই উপলব্ধি কৰিবলগীয়া এটা চৰম সত্যৰ সুন্দৰ ব্যাখ্যা।
(এই কথাখিনিৰ লিখাৰ পাছত তেনে কেইবাটাও গল্পৰ বিষয়ে আনৰ পৰা জানিবলৈ পাইছিলোঁ আৰু এইখিনি লিখাৰ পাছত নতুনকৈ প্ৰকাশ পোৱা তেনে এটা নে দুটা গল্প পঢ়িছিলোঁ।)
(১৩৩)
মোকে কেন্দ্ৰ কৰি প্ৰায় এক-দুই কিলোমিটাৰ ব্যাসাৰ্ধৰ এটা বৃত্তৰ পৰিধিত কেইবাখনো গাঁও অৱস্থিত। গাঁওবোৰৰ সাংস্কৃতিক সংগঠন বা নামঘৰসমূহে নানা অনুষ্ঠান প্ৰায়ে পাতি থাকে, যেনেকৈ যোৱা আটাইকেইদিন ক’ৰবাত চলি আছে ৰাস। এতিয়াও ক’ৰবাত ৰাসে ভৰপক অৱস্থা লাভ কৰিছে। বাঁহী আৰু কণ্ঠৰে নিগৰা বিবিধ সুৰে বায়ুত বিচিত্ৰ ঢৌ তুলি ৰজনজনাই গৈছে গোটেইখন। “আহা সখী হে বৃন্দাবনে যাওঁ।” “কৰা বনমালী ৰৈ ৰৈ ধেমালি কৰা। এ বনমালী ৰৈ ৰৈ ধেমালি কৰা।” মাইকৰ ডাঙৰ মাতত মাজে মাজে এনে লাগিছে যেন বৃন্দাবনখনেই উঠি আহিছে পদূলিলৈকে। এই মুহূৰ্ততেই যেন এন্ধাৰৰ পৰা উঠি অহা সমস্ত অসুৰ ক্ষণিকতে বধ কৰা হ’ব, আৰু শান্তিৰ মধুময় জোনাকত নৱ সৃষ্টিৰ প্ৰেৰণা জাগ্ৰত হৈ পৰিব। আচলতে এইটো অনুভৱ মনলৈ অহাৰ কাৰণটো সুকীয়া। এই মুহূৰ্ততে মোৰ সম্পূৰ্ণ হ’ল এটা কনজেকচাৰৰ প্ৰমাণ। যোৱা ২২ অক্টোবৰৰ পৰা সম্পূৰ্ণ এমাহ একেৰাহে লাগি লাগি এই মুহূৰ্তত প্ৰমাণটো সম্পূৰ্ণ হ’লগৈ। কনজেকচাৰটো পাইছিলোঁ শিক্ষাগুৰু এজনৰ এখন গৱেষণা-পত্ৰত। এতিয়া এইটো লিখোঁতে দুদিন-তিনিদিন লাগিব, দহ-বাৰ পৃষ্ঠা হ’ব পাৰে। তাৰ পাছত arXiv ত দিব লাগিব। মাইকত এতিয়াও ৰাস-লীলা বাজি আছে। এই ৰাগি উপভোগ কৰি জগতখন নিস্তব্ধ হৈ পৰিছে। টোপনিৰ জালত সৰি পৰা লোকসকলেও হয়তো সুন্দৰ সপোন দেখিছে। ময়ো কল্পনা ইমানতে সামৰি কিবা এটা খাই শুই থকাই ভাল। (২০২৪)
(১৩৪)
মোৰ দহ-এঘাৰখনমান প্ৰকাণ্ড টোকাবহী আছিল আৰু সেইবোৰ একো কামত নাহে বুলি এবাৰ সাতখনমান বহী পুৰি পেলাইছিলোঁ। যিটো মনত পৰিলে এতিয়া বেয়া লাগে, কাৰণ বহু দৰকাৰী বস্তু হেৰাই গ’ল বা পাবলৈ অতি কঠিন হৈ পৰিল। প্ৰতিখনৰে মুঠ চাৰিশকৈ পৃষ্ঠাৰ আধৰুৱা তিনিখন বহী এতিয়াও আছে। আৰু তাৰে এখনৰ এটা পৃষ্ঠাত হোমেন বৰগোহাঞিৰ এই লেখাটো আঠা লগাই থোৱা আছিল। এয়া আছিল ২০০৬ চনৰ ১-১৫ নৱেম্বৰ সংখ্যাৰ ‘সাতসৰী’ত তেওঁৰ সম্পাদকীয়। আজি সমীৰ তাঁতীয়ে সাহিত্য অকাদেমি পোৱাত লেখাটোলৈ মনত পৰিল। ইয়াত উল্লেখিত সমীৰ তাঁতীৰ কবিতাটোত যে আছে— “আঘাত আহক। কোবাল ধুমুহাৰ দৰে হোহোৱাই আঘাত আহক। অকস্মাৎ দুখৰ দৰে আঘাত আহক। … তথাপিতো তোমালোকে থিয় হৈ থকা।” ইয়াত যি পচি যোৱা ব্যৱস্থা, আদৰ্শহীনতা বা মামৰ সদৃশ উন্মাদনা ধ্বংস হৈ যোৱাৰ কামনা কৰা হৈছে, আৰু সেইবোৰৰ একোৱেই স্পৰ্শ কৰিব নোৱৰাকৈ দুৰ্জয়জন হৈ সেই আঘাতৰ মাজতো থিয় হৈ থকাৰ কথা কোৱা হৈছে, এইখিনিয়ে মানুহক ব্যক্তিগত আঘাতৰ মাজতো থিয় দি থকাৰ আৰু নতুন হৈ উঠাৰ উদ্যম প্ৰদান কৰে। এই অৰ্থত, ই আমাক আৰু এটা কবিতালৈ মনত পেলাই দিয়ে। নৱকান্ত বৰুৱাৰ ‘ফিনিক্সৰ জন্ম-যন্ত্ৰণা’। “এই, এইমাত্ৰ মই মোক জ্বলাই দিলোঁ/ জ্বলাই দিলোঁ মোৰ প্ৰাচীন ডেউকা/ যি ডেউকাৰে মই আৰু উৰিব নোৱাৰিছিলোঁ/ ঢপঢপনিৰে কেৱল বতাহ কোবাইছিলোঁ—বতাহ/ … জ্বলাই দিলোঁ মোৰ হেজাৰ বছৰীয়া ৰাজহাড়/ য’ৰ পৰা ওলাইছিল অসংখ্য ঠুনুকা কামিহাড়ৰ ঠেঙুলি/ … জ্বলাই দিলোঁ স্থাণু অহমিকাৰ মেদত পোত খোৱা মোৰ স্থবিৰ প্ৰজ্ঞা। … মোৰ জন্ম হ’ল/ মোৰ জন্ম হ’ল।”
(১৩৫)
লজ্জিত সন্তান
ৰাজকন্যাৰ গাড়ীৰ খুন্দাত ভৰি ছিগি এমাহৰ পাছত শ্ৰমিক এজনৰ মৃত্যু হ’ল। তেওঁৰ শাস্তি হয়তো এতিয়া বৃদ্ধি পাব আৰু এনেকুৱা লাগে যেন তেওঁ দীৰ্ঘদিনীয়া বন্দিত্ব পালে মুকলিত থকা সহ-দোষীসকলেও সকাহেই পাব। যি কি নহওক, সন্তানৰ কু-কৰ্মৰ বাবে পিতৃ-মাতৃ লজ্জিত হোৱাৰ এটা চূড়ান্ত উদাহৰণ হিচাপে এই কাহিনীটো চৰ্চা হৈছে। পিতৃ-মাতৃৰ কু-কৰ্মৰ বাবে সন্তান লজ্জিত হোৱাৰ কাহিনী আছে নে? এনেকুৱা কাহিনীও হেজাৰ-বিজাৰ আছে। তাৰে দুটামান কাহিনী মনত পৰিছে।
১) এবাৰ দেউতাকহঁতৰ গেং এটাই এঠাইত বহু উদ্ভণ্ডালি কৰিছিল। পিছত কলেজীয়া ভদ্ৰ পুতেক এটা গৈ সমিলমিল ঘটাইছিল, আৰু লগতে ভুক্তভোগীবিলাকক কৈছিল, “আমাৰ দেউতাহঁত অভদ্ৰ বহুত। এইবোৰেই কৰি ফুৰে। বেয়া নাপাব।”
২) দহ বছৰমান আগৰ কথা। মই গুৱাহাটীত আছিলোঁ। ল’ৰা এটাই দূৰৰ কলেজ এখনত চাকৰি পাইছিল। সি বৰ চোকা ল’ৰা আছিল। তাৰ মাক-দেউতাক আৰু গোটেই পৰিয়ালটো বেয়া আছিল, একদম বেয়া আছিল। একেবাৰে পিছপৰা গাঁৱত তাৰ ঘৰ। ঘৰত এপালমান ল’ৰা-ছোৱালী, কন্দলো নুগুচে, অন্ধ-বিশ্বাস আৰু কু-সংস্কাৰৰ ভাণ্ডাৰ আছিল, আৰু অকল কপটীয়া কথা-বতৰা। নিজৰ মাজতে কূট-চক্ৰান্ত কৰাই তেওঁলোকৰ কাম। সেইবাবে সি ঘৰলৈ যাবলৈ অশান্তি পাইছিল। যেতিয়া কলেজত গৰম বন্ধ আদি দীঘলীয়া বন্ধ দিয়ে, তাৰ দৰে দূৰৰ সহকৰ্মী শিক্ষকবোৰ নিজৰ ঘৰলৈ গৈছিল বা আন কিছুমানে পৰিয়াল লৈ গোৱা-মুম্বাইলৈ ফুৰিবলৈ গৈছিল। তেতিয়া সি অকলে তাতে সোমাই থাকিবলৈ লাজ কৰিছিল, সেয়েহে সিও ঘৰলৈ যাওঁ বুলি গুৱাহাটীলৈ গুচি আহিছিল। সি লগৰ মানুহ চাই চাই ঘূৰি ফুৰিছিল গোটেই বন্ধটো। কেইবাবাৰো মোৰ ৰূমতো আছিল। মই কথা পাতি বা তেনেকৈ আলহি-চালহিৰ লগত থাকি বৰ ভাল নাপাওঁ। সি সেই কথা জানিছিল, আৰু মোক কথাবোৰ কৈছিল। মোৰ কিতাপ-পত্ৰ পঢ়াত ৰাপ থকা বুলি সি জানে, আৰু সেয়েহে সি বাৰে বাৰে আক্ষেপ কৰিছিল মানুহবোৰে এইবোৰ কিয় নিলিখে, তই লিখচোন বুলি বহুবাৰ কৈছিল। কিন্তু মই তেনেকৈ লিখিব পৰা মানুহ নহয়। মই তাক কৈছিলোঁ যে তই এনেকৈ পলাই ফুৰি লাভ নাই। তই গাঁৱলৈ যা, মাজে মাজে সজাগতা সভা আদি পাত, মা-দেউতাক ভাল কথাবোৰ শিকা, বুজাই ক ভাল ভাল চিন্তাধাৰাৰ কথা। কিন্তু সি নোৱাৰে। সি কয় যে মানুহে গোটেই জগত সলাব পাৰে, কিন্তু মাক-দেউতাক যদি ফাল্টু হয় তেন্তে আৱেগে নিজক স্তব্ধ কৰি পেলায়। আৰু সি কোৱা একো কথা তেওঁলোকে নুশুনেই। সি ইমান পঢ়া-শুনা কৰা, চোকা, আৰু সৎ বুলিও তেওঁলোকে জ্ঞানেই নকৰে। সেইবিলাক কথাৰ মানটো বা পৰ্যায়টো তেওঁলোকে সমুলি বুজিয়েই নাপায়। গোটেই ঘৰ-পৰিয়াল খেচৰ বা কপটীয়া হ’লে তাৰে দুই-এটা সন্তান কেনেবাকৈ উচ্চ ডিগ্ৰীধাৰী হ’লেও তেওঁলোকৰো কপটীয়া স্বভাৱ এটা সাধাৰণতে থাকেই। কিন্তু সি তেনেকুৱা ল’ৰা নাছিল, সি ভাল স্বভাৱৰ আছিল, কপট চিন্তা কাৰোৰে প্ৰতি নকৰিছিল, সততাৰে কাম কৰিছিল। সেয়েহে মই বাৰে বাৰে কৈছিলোঁ যে তই যা আৰু নিজে ঠিক কৰ। সি তাৰ মনৰ সন্তুষ্টিৰ বাবে কাহিনীবোৰ মোক বাৰে বাৰে লিখাৰ কথাহে কৈছিল, আৰু সদায় তাক আৱেগে বাধা দিছিল মাক-দেউতাক বা পৰিয়ালটো সামান্য ঠিক কৰাৰ প্ৰতি। হয়তো মই তেনেকৈ কৈ থকা বাবেই পিছত সি মোৰ খা-খবৰ লৈ আছিল যদিও মোৰ ৰূমত থাকিবলৈ যোৱাটো বাদ দিছিল। সেয়েহে সি পিছত কিবা চেষ্টা কৰিলে নে অকণো চেষ্টা নকৰি আগৰ দৰে পলাই ফুৰে এতিয়া গম নাপাওঁ।
৩) দেউতাক এজনে ঘাটিত ফতিকা খাই গৈ ঘৰত সদায় গণ্ডগোল কৰে। ঘৰলৈকো বটল-চটল লৈ যায়। ল’ৰা-ছোৱালীকেইটা সৰু সৰু, স্কুলত পঢ়ি আছিল। ঘৰখনৰ কন্দলত সিহঁতৰ পঢ়া-শুনা নষ্ট হয়। আৰু নম্বৰ কম পালেও দেউতাকে গৰুপিটন দিয়ে। এদিন খাই-বৈ টুং হৈ দেউতাকে বটল এটা লগত নি ঘৰত থ’লেগৈ। তাৰ পাছত তেওঁ বাৰান্দাতে সদায় বহা দৰে অলপপৰ বহিল শান্তিৰে। ক্ষন্তেক পাছতে তেওঁ সেইটো গিলিব আৰু ঘৰত কন্দল আৰম্ভ কৰিব। পুতেক এটাই সেইদিনা মনে মনে বটলটো নি ক’ৰবাত লুকুৱাই থ’লে। সি সেইটো কাম কৰিম বুলি বহুদিনৰ পৰা পাঙি আছিল, কিন্তু সাহে কুলোৱা নাছিল। দেউতাকে ক্ষন্তেক পাছত বটলটো বিচাৰি বুজি পালে যে কোনোবা এটা সন্তানেই বটলটো লুকুৱাইছে। তেওঁ বহুত বিচাৰিলে। কিন্তু নাপালে বটলটো। তেওঁ সিহঁতক সুধিবলৈও সাহ নকৰিলে বা লাজ কৰিলে। সেইদিনাৰ পৰা তেওঁ কমকৈ মদ খাবলৈ ল’লে, আৰু ঘৰত কন্দল লগাবলৈ বাদ দিলে। সেই কাহিনীটো ল’ৰাটোৱে আমাক নিজে কৈছিল। ল’ৰাটো বৰ বলৱান আছিল। সি বলৱান বুলি কাজিয়া কৰি নুফুৰে, কিন্তু কোনোবাই কাজিয়া লগালে নিজেও মাৰি দিব নিচিনা আছিল, সাহসী আছিল। কিন্তু যেতিয়া সি কাহিনীটো কৈ আছিল, তাক বৰ দুৰ্বল দেখা গৈছিল। তাৰ সেইটো ৰূপ আনে আগতে বা পাছতো আৰু কেতিয়াও দেখা নাছিল।
(১৩৬)
আজি হোমেন বৰগোহাঞিৰ প্ৰথম মৃত্যুবাৰ্ষিকী। লেখক সৃষ্টিত হোমেন বৰগোহাঞিৰ বিৰল অৰিহণা আছে। এবাৰ তেওঁ গৌৰৱেৰে বক্তব্য আগবঢ়াইছিল যে সেই লেখকসকল তেওঁৰ সংস্পৰ্শৰ পৰা যেতিয়াই আঁতৰি গৈছে, লগে লগে প্ৰায়সকল হেৰাই গৈছে। সেয়েহে, তেওঁৰ বিয়োগৰ লগে লগে এচাম লেখকৰো মৃত্যু ঘটিল নেকি? বা ভৱিষ্যতৰ অতি বিখ্যাত বহু লেখক কোনোদিন এটা শব্দও নিলিখাকৈয়ে চিৰদিনৰ বাবে হেৰাই গ’ল নেকি?
আচলতে, হোমেন বৰগোহাঞিয়ে সেই কথাষাৰ কৈছিল কেইজনমান প্ৰতিভাশালী লেখকৰ সম্পৰ্কত। যিকেইজনে অসমীয়া সাহিত্য জগতত নিজৰ চাপ ৰাখিবলৈ সক্ষম হৈছে। কিন্তু তেওঁ লগতে এনে বহুতো লেখক সৃষ্টি কৰিছে, যিসকল প্ৰতিভাশালী বুলি প্ৰতিপন্ন নহয়, কিন্তু তেওঁলোকৰো কিছু গুণ থাকে, যাৰ ফলত তেওঁলোকে কিছু লিখিব পাৰে আৰু তাৰেই কিছু অৱদান আগবঢ়াব পাৰে। গতিকে, তেওঁলোকৰ কি হ’ব? আকৌ, পুঠী-খলিহনা বা দৰিকণা চালনীৰে ধৰি উঠাই আনোতে কেতিয়াবা লালুকীও উঠি অহা দৰে হোমেন বৰগোহাঞিৰ হাতত ধৰি কিছুমান বাৰেবাংকৰা লেখাও উঠি নোযোৱা নহয় বা গুৰুত্বপূৰ্ণ লেখাও তল পৰি নোযোৱা নহয়। গতিকে, হোমেন বৰগোহাঞিৰ ভাষাৰেই এতিয়া তেওঁলোক হেৰাই যাব নেকি?
এই হেৰাই যোৱা ক্ৰিয়াটোৰ বাবেই, হোমেন বৰগোহাঞিৰ ছত্ৰছায়াত লেখক হোৱা বহু সংখ্যকৰ দেখা যায় যে তেওঁলোকে যেন একেটা লেখাকে বছৰ বছৰ ধৰি লিখি থাকে। বছৰত যদি তেওঁলোকে চৌব্বিছটা লেখা লিখে, তেন্তে শেষৰ তেইছটা প্ৰথম লেখাটোকে পুনঃ পুনঃ লিখি থকা দৰে। ফলত নিজত্ব পৰিচয়তকৈ ‘হোমেন বৰগোহাঞিয়ে সৃষ্টি কৰা লেখক’ বোলা পৰিচয়টোৱে সদায় চেপি ধৰি থাকে।
এবাৰ চন্দ্ৰপ্ৰসাদ শইকীয়াই গৰীয়সীৰ সম্পাদকীয়ত এনেকুৱা এষাৰ কথা লিখিছিল যে কীৰ্ত্তণঘোষা কোনে উন্মোচন কৰিছিল? লক্ষ্মীনাথ বেজবৰুৱাৰ কিতাপ কোনে উন্মোচন কৰিছিল?
অৰ্থাৎ, কাৰোৰে বাহুত বেঁজা দি স্বকীয়তা গঢ়িব নোৱাৰি।
সেয়েহে, এতিয়া হোমেন বৰগোহাঞিৰ অনুপস্থিতিত হেৰাই নগৈ আন এক সুযোগ গ্ৰহণৰো পথ ল’ব পাৰি। সেয়া হৈছে নিজত্ব পৰিচয়েৰে অৱদান আগবঢ়োৱাৰ কণ্টকময় পথ। এবাৰ তেঁৱেই লিখিছিল, “আত্ম দীপো ভৱ।”
No Comments