Vol. 67 গণিত-বিজ্ঞানৰ গ্লেমাৰাছ লেখক, বক্তা, অক্সফ’ৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক মাৰ্কাছ ডু চুতয়ে (২৬ আগষ্ট, ১৯৬৫) কৈছিল— “মই ভাবোঁ, মোৰ প্ৰজন্মটোৱে এনে এটা বাৰ্তাৰ এক ৰকমৰ অপ-প্ৰভাৱত বাস কৰিছে যে— ‘হয়, যদি তুমি এজন গণিতজ্ঞ হোৱা তেন্তে তুমি কেৱল মাথোঁ গণিত কৰি থকাই উচিত। তুমি ইয়াক জনপ্ৰিয়...

‘নিজৰ শীততাপ নিয়ন্ত্ৰিত গাড়ীৰ ভিতৰত চিনেটৰ ওনেচিমো চান্সেজ শান্ত আৰু ভাবালেশহীন হৈ বহি আছিল, কিন্তু দুৱাৰখন মেলি দিয়াৰ লগে লগে এচাটি গৰম বতাহে তেওঁক জোকাৰি গ’ল আৰু ঘামেৰে চপ্‌চপীয়া হৈ পৰিল। ...

(১২১) বহুতো লেখকে তেওঁলোকৰ গ্ৰন্থ, কাহিনী বা প্ৰবন্ধৰ প্ৰথম আৰু শেষ বাক্যটো লিখিবলৈ বহু সাধনা কৰে। কেতিয়াবা সেয়া হয়তো স্বতঃস্ফূৰ্তভাৱেও ওলাই যায়। এই প্ৰথম আৰু শেষ বাক্যটোৱে সাংঘাটিক প্ৰভাব পেলাব পাৰে। যেনে, উইল ডুৰাণ্টৰ ‘The Story of Philosophy’ৰ প্ৰথম বাক্যটোৱে সকলোকে নতুন অভিজ্ঞতাৰে মহিমামণ্ডিত কৰি তুলিব...

(১০১) হান কাঙে সাহিত্যৰ নোবেল বঁটা পাওঁতে আৰু তাৰ এবছৰ পূৰ্বে মিলান কুন্দেৰা ঢুকাওঁতে মই অসমীয়া সাহিত্য আলোচনীসমূহৰ লেখাবোৰ গোটাই লৈছিলোঁ। কাৰণ, সাহিত্য সমালোচনা পঢ়াটো সৰুৰে পৰা মোৰ হবি। কিন্তু, এই দুয়োবাৰেই এনেকুৱা অনুভৱ আৰু সন্দেহ হৈছিল যে কেইবাটাও প্ৰবন্ধত সমালোচকসকলে কিতাপবোৰ পঢ়া নাই। এনেকুৱা লাগিছিল...

(৮১) 'The Old Man and the Sea', 'দেৱ দুন্দুভি বাজে কাৰ বাবে' আদি অমৰ উপন্যাসৰ লেখক আৰু সাহিত্যৰ নোবেল বঁটা বিজয়ী আৰ্নেষ্ট হেমিংৱেৰ এষাৰ উক্তিয়ে অজস্ৰ মানুহক অনুপ্ৰাণিত কৰি আহিছেঃ "The first draft of anything is shit." ফাৰ্ষ্ট-ড্ৰাফ্টটো সম্পূৰ্ণ কৰাটোৱেই হৈছে crucial কাম। কিন্তু, এইটোৱেই আটাইতকৈ...

১+২+⋯+n=n(n+১)২১+২+\cdots+n = \dfrac{n(n+১)}{২} ৰ অনেক প্ৰমাণ লেখকঃ টম এডগাৰ আৰু এনৰিকে ট্ৰেবিনো (অনুবাদঃ পংকজ জ্যোতি মহন্ত) টম এডগাৰ (Tom Edgar) পেচিফিক লুথেৰাণ বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক আৰু 'Mathematical Association of America'ই প্ৰকাশ কৰা আলোচনী 'Math Horizons'অৰ সম্পাদক। এনৰিকে ট্ৰেবিনো (Enrique Trevin~\tilde{\text{n}}o) আমেৰিকাৰে লেক ফৰেষ্ট মহাবিদ্যালয়ৰ গণিত বিভাগৰ...