"ভাৰতে টাইফুন আৰু ৰাফেলৰ দৰে নিজা যুঁজাৰু-বিমান নিৰ্মাণ কৰিবলৈ কিয় সক্ষম নহয়? নিজা প্ৰযুক্তি নিৰ্মাণ কৰাৰ সলনি ভাৰতে কিয় আমদানি কৰিব লগা হয়??" এই ক্ষেত্ৰত আটাইতকৈ মৌলিক সমস্যাটো হ'ল প্ৰযুক্তি/অভিযান্ত্ৰিকী মেধাৰ অতি সংকটজনক অভাৱ৷ মই বহলাই কওঁ ৰ'ব৷ মোৰ এজন ৮১ বছৰীয়া খুড়া আছে, তেওঁ এজন শৈল্য-চিকিৎসক...

যোৱা জানুৱাৰী মাহৰ ১১ তাৰিখে প্ৰসিদ্ধ গণিতজ্ঞ মাইকেল আটিয়া ৮৯ বছৰ বয়সত মৃত্যু হয়৷ কুৰি শতিকাটোত যিসকল গণিতজ্ঞই পৃথিৱী সলনি কৰিছে, সেইসকলৰ ভিতৰত তেৱোঁ এজন৷ তেওঁ গণিত জগতৰ দুটা শ্ৰেষ্ঠ বঁটা ফিল্ডছ মেডেল আৰু এবেল বঁটা -- দুয়োটা লাভ কৰিবলৈ সক্ষম হৈছিল৷ তেওঁৰ সম্পৰ্কে বহু...

পিঠিত বা মূৰত পকাণ্ড টোপোলা একোটা লৈ কিছুমান বেপাৰীয়ে মানুহৰ ঘৰে ঘৰে বস্তু বিক্ৰী কৰি ফুৰে৷ পোচাক, কাপোৰ, গহনা, বাচন-বৰ্তন আদিৰ বেলেগ বেলেগ বেপাৰী থাকে৷ তেওঁলোকৰ কিছুমানে ২০০ টকীয়া বস্তুটোৰ দাম ৭০০ টকা বুলিও কয়, ১১০০ টকা বুলিও কয়৷ বস্তু চিনি নোপোৱা বা দৰ-দাম নজনা...

২০১৮ চনৰ আটাইতকৈ উল্লেখযোগ্য বৈজ্ঞানিক আৱিষ্কাৰকেইটা বা আটাইতকৈ ডাঙৰ বৈজ্ঞানিক কামকেইটা কি কি? এই সম্পৰ্কে আন্তঃৰাষ্ট্ৰীয় বিভিন্ন কাকত-আলোচনীয়ে তালিকা প্ৰকাশ কৰিছে৷ আৰু স্বাভাৱিকভাৱেই এই তালিকাবোৰত সামান্য তাৰতম্য আছে৷ একেষাৰে ক'ব পাৰি যে ২০১৮ চনত মহাকাশ অভিযানত অতি গুৰুত্বপূৰ্ণ কাম হৈ গৈছে৷ ইলন মাস্কে এখন গাড়ী...

১) জুবিন গাৰ্গ আশাবাদৰ এটা প্ৰতীক৷ যি সময়ত জুবিন গাৰ্গ নামৰ গায়কজন সৃষ্টি হৈছিল, সেই সময়ত অসমত জুই, ধোঁৱা, মাৰণাস্ত্ৰ, বিভেদ আৰু চকুপানীৰে নৰক সদৃশ পৰিৱেশ৷ ধ্বংসৰ মুহূৰ্তত ধ্বংসৰ গান এটি, দুখৰ মুহূৰ্তত দুখৰ গান এটি বা নানা কথা সোঁৱৰাই দিয়া গান এটিয়ে মানুহক অধিক...

আকস্মিকভাৱে কিবা সুযোগ পাই ডাঙৰ সফলতা অৰ্জন কৰিলেও বা জন্মগত আজৱ দক্ষতাৰে বিশ্বৰ ভিতৰতে বিৰল বুলি স্বীকৃত হ'লেও, তেনে মানুহে আনক অনুপ্ৰাণিত কৰিব নোৱাৰে৷ এজন ব্যক্তিৰ কৃতকাৰ্যতাৰ লগত তেওঁৰ নিজক অতিক্ৰম কৰাৰ সাধনা, কঠোৰ অনুশীলন, একাগ্ৰতা আদি যুক্ত থাকিলেহে সেই কৃতকাৰ্যতাই আনক প্ৰেৰণা যোগাব পাৰে৷...