* আপুনি কি ত্যাগ কৰা উচিত, সেই বিষয়ে জনাৰ পৰিৱৰ্তে আপুনি কি গ্ৰহণ কৰা উচিত সেইটো বিচাৰি উলিওৱাটোহে সকলোতকৈ কঠিন কাম। * জীৱনৰ বিফলতাবোৰে মোক আচল বন্ধু বিচাৰি পোৱাত সহায় কৰিছিল। মই প্ৰকৃত বন্ধুবোৰ আৰু সম্বন্ধবোৰৰ সততা এনেবোৰ সময়তেই পৰীক্ষা কৰি চোৱাৰ সুযোগ পাইছিলো। * বিফলতাৰ পৰা...

* সকলো ফালৰ পৰা মুক্ত আৰু সঁচা অৰ্থত এজন স্বাধীনচিতীয়া ব্যক্তিক চাৰিও দিশৰ পৰাই শিকলি লগাবলৈ চেষ্টা কৰাটো প্ৰায় সকলো সমাজ বা জাতিৰ এটা স্বভাৱজাত বৈশিষ্ট। প্ৰথমতে তেওঁলোকে শিকলি লগাবলৈ বিচৰা স্বাধীনচিতীয়া ব্যক্তিজনৰ কাম-কাজত কুঠাৰাঘাত কৰিবলৈ চেষ্টা কৰে। আৰু যদিহে ইয়াত কৃতকাৰ্য নহয়, তেন্তে তেওঁৰ...

গৌতমে নিশাৰ ভাতমুঠি খাই ঘামিজামি চিলিং ফেনখনৰ একেবাৰে ঠিক তলতে চকী এখন পাৰি বঢ়িবলৈ লওঁতেই কাৰেণ্টটোৱে ভুৰুং কৰিলে। খঙতে সি সেই আন্ধাৰতে দাঁতকেইটা কামুৰি উঠিল আৰু আন্দাজ মতে দুৱাৰখন খেপিয়াই খেপিয়াই খুলি চকীখন এহাতে দাঙি লৈ বাহিৰত বহিবলৈ বুলি ওলাই গ’ল। চকীত বহোঁতেই এছাটি বতাহে...

‘ফেৰাৰী বিক্ৰী কৰি দিয়া সন্যাসীজন’ (The Monk Who Sold His Ferrari) নামৰ বিশ্ববিখ্যাত গ্ৰন্থখনৰ মুখ্য চৰিত্ৰ উকীল জুলিয়ান মেন্টোলে আনটো চৰিত্ৰৰ আগত আগবঢ়াই থকা বক্তব্যবোৰৰ মাজৰ এটা বাক্য এনে ধৰণৰ— “সন্যাসীসকলে মোক শিকাইছিল যে গড় হিচাপৰ দিন এটাত গড় হিচাপৰ মানুহ এজনৰ মনৰ মাজেৰে ষাঠি...

তেজপুৰ বিশ্ববিদ্যালয়ত কি আছে, কি নাই: আমাৰ কৈশোৰত প্ৰভাৱ পেলোৱা প্ৰবন্ধসমূহৰ ভিতৰত এটা প্ৰবন্ধ হ’ল হোমেন বৰগোহাঞিৰ ‘উপাচাৰ্যৰ যোগ্যতা’। প্ৰবন্ধটোত কোৱা হৈছিল যে- এজন উপাচাৰ্য এনে ব্যক্তিত্বৰ অধিকাৰী হ’ব লাগিব যে তেওঁক সবেই ভয় কৰিব লাগিব আৰু তেওঁ নিজে ভয় কৰিব লাগিব কেৱল নিজৰ বিবেকক। আমাৰ শিক্ষা-ব্যৱস্থাই...

► পক্ষীয়ে কি উদ্দেশ্যেৰে মাতিছে বুজি নাপালেও শুনি ভাল লগাৰ দৰে, তুমি কি উদ্দেশ্যেৰে হাঁহিছা বুজি নাপালেও তোমাৰ মুখৰ হাঁহি দেখি বহুত ভাল লাগে। ► মানুহবোৰে কৈছিল, মোৰ জপৰা চুলিত এদিন কাউৰীয়ে বাহ সাজিব বুলি কিন্তু কাউৰীয়ে চোন বাহ নাসাজিলে, বাহ সাজিলে তোমাৰ হাতৰ লিহিৰি আঙুলিয়েহে৷ ► যিদিনা তোমাৰ দুপাৰি দাঁতৰ অন্তিম...