“বাজানাৰ শেষ মূৰ্ছনা” মাৰ যোৱাৰ পিছতে দুজন বন্ধুৰ কথা-বতৰাৰ সামান্য এটা মুহূৰ্ত। যেন এটা ঝলক। গল্পটো আৰম্ভ হৈছে, আৰু শেষ হৈছে। সাধাৰণ আকৃতিৰ কিতাপৰ মাথোঁ পাঁছটা পৃষ্ঠা। যাৰ বিষয়ে গল্পটো লিখা হৈছে তেওঁৰ নামটো গল্পটোৰ ভিতৰত এবাৰো নাই। মাথোঁ শিৰোনামটোতহে আছে— বে’থ’ফে’ন। বে’থ’ফে’ন শৈশৱতেই সংগীতৰ বিস্ময়ৰূপে...

মানৱৰ আদিম প্ৰজাতিৰ এতিয়ালৈকে আৱিষ্কৃত আটাইতকৈ পুৰণি কংকালটোৰ নাম হ’ল লুচি। ৩২ লাখ বছৰ পূৰ্বৰ এই কংকালটোৰ প্ৰায় ৪০ শতাংশ পোৱা গৈছিল। আফ্ৰিকাৰ ইথিওপিয়াৰ খুৱ ভিতৰুৱা এটি অঞ্চলত ১৯৭৪ চনৰ ২৪ নবেম্বৰত আৱিষ্কৃত এই স্ত্ৰী কংকালটোৱে আজিৰ মানুহৰ অন্বেষণ-ভাৱনা-কল্পনাত প্ৰৱল প্ৰভাৱ পেলাই আহিছে। দুবাৰ বুকাৰ...

“প্ৰচীন গ্ৰীকসকলে মনটো আৰু শৰীৰটোৰ মাজৰ পূৰ্ণ সংযোগ উপলব্ধি কৰিছিল, কিন্তু এই ধাৰণা তুলি ধৰিবলৈ পশ্চিমীয়া চিকিৎসাক এটা বহু দীঘলীয়া সময় লাগিল। এতিয়াও বিজ্ঞানে ধাৰাবাহিকভাৱে পুনঃ পুনঃ দেখুৱাই আহিছে যে আমাৰ শাৰীৰিক স্বাস্থ্য আৰু আমাৰ মানসিক স্বাস্থ্যৰ মাজত এক প্ৰগাঢ় সংযোগ আছে। যদি আপুনি হীনমন্যতা অনুভৱ...

১৮৩২ চনৰ ৩০ মে’ৰ দিনা এখনি দ্বন্দ্বযুদ্ধ(duel)ত ২০ বছৰ ৭ মাহ বয়সীয়া ইভাৰিষ্ট গেল্ওৱাৰ গুলীবিদ্ধ শৰীৰটো পেৰিছৰ এখনি পথাৰত ঢলি পৰিছিল। তাতেই তেওঁক এৰি থৈ গুচি যোৱা হৈছিল আৰু পৰি থকা যন্ত্ৰণাদগ্ধ শৰীৰটো পিছত কোনো কৃষকে দেখা পাইছিল। আৰু পিছদিনা হস্পিটেলত তেওঁৰ মৃত্যু হৈছিল। তেওঁৰ...

(১) ডাঃ নোমল চন্দ্ৰ বৰা Neurologyৰ প্ৰতি কিয় আকৃষ্ট হ’ল? হোমেন বৰগোহাঞি:— আপোনাৰ ডাক্তৰ হোৱাৰ মূলতে বাৰু আপোনাৰ মাৰ অসুস্থতা আছিল; কিন্তু আপুনি Neurology-ৰ প্ৰতি কিয় আকৃষ্ট হ’ল? ডাঃ নোমল চন্দ্ৰ বৰা:— এই বিষয়টোৰ প্ৰতি আকৃষ্ট হ’লো...

(১) ন’বেল বঁটা বিজয়ী সাহিত্যিক টনি মৰিছনে ২০১৫ চনত এটা বিশেষ প্ৰবন্ধত লিখিছিল যে— ২০০৪ চনত জৰ্জ ডব্লিউ বুশ্ব ৰাষ্ট্ৰপতিৰূপে পুনৰ নিৰ্বাচিত হোৱাৰ ঠিক পিছৰে খ্ৰীষ্টমাছৰ পিছদিনা, পুৱা তেওঁ বিৰাট গোমা মন এটাৰে দগ্ধ হৈ খিৰিকীৰে দূৰলৈ চাই আছে, নিজকে সম্পূৰ্ণ অসহায় অনুভৱ কৰিছে। তেনেতে এজন...