২০২০ চনৰ এগৰাকী আবেল বঁটা বিজয়ী গণিতজ্ঞ হিল্লেল ফুৰ্ষ্টেনবাৰ্গে (২৯ ছেপ্তেম্বৰ, ১৯৩৫) স্নাতক পৰ্যায়তে কেইখনমান গৱেষণা-পত্ৰ উলিয়াইছিল। আৰু তেতিয়া এই বুলি বুবু-বাবা চলিছিল যে এইটো এজন মানুহৰ নাম নহয়; কেইবাজনো গণিতজ্ঞ লগ লাগি সৃষ্টি কৰি লোৱা এটা ছদ্মনামহে। কাৰণ তাত কেইবাধৰণৰ বিষয়-বস্তুৰ ধাৰণা সন্নিৱিষ্ট ঘটিছিল;...

অলিম্পিয়াড আদি গণিত-প্ৰতিযোগিতাসমূহে ভাল গণিতজ্ঞ প্ৰস্তুত কৰে নে? গৱেষণাৰ প্ৰতি উদ্বুদ্ধ কৰিবলৈ এইসমূহে গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰেনে? প্ৰতিযোগিতাত সাফল্য অৰ্জন কৰা কাৰ্যটোৱে ভাল গণিতজ্ঞ হ’ব পাৰিব বুলি বুজায় নেকি? কেইজনমান বিখ্যাত গণিতজ্ঞই এনেকুৱা প্ৰশ্নৰ উত্তৰত বিভিন্ন সময়ত দিয়া কেইটিমান বক্তব্যঃ (১) গাণিতিক প্ৰতিযোগিতাবোৰে নিশ্চিতভাৱে শিক্ষাৰ্থীসকলৰ মাজত গণিত জনপ্ৰিয়...

অসীম সংহতি কাক বোলে? ইয়াৰ উত্তৰত সাধাৰণতে কোৱা হয় যে— যি সংহতি সসীম নহয় তাকে অসীম সংহতি বোলে। এইটো এটা আওপকীয়া উত্তৰ। স্কুলীয়া পৰ্যায়ত ছাত্ৰ-ছাত্ৰীয়ে সাধাৰণতে দেখে যে অসীমটো বাস্তৱ সংখ্যা একোটাৰ দৰেও ব্যৱহাৰ কৰিব পৰা যায়। কিন্তু, বাস্তৱ সংখ্যাৰ তেনেকুৱা দুই-এটা ধৰণ অসীমে মানি চলা...

(৮১) সমবাহু ত্ৰিভুজ, বৰ্গ, সুষম বহুভুজ —এইবোৰ হৈছে দ্বিমাত্ৰীক সুষম বস্তু। সেইদৰে ঘণক হ’ল ত্ৰিমাত্ৰীক এবিধ সুষম বস্তু। এইবোৰৰ চিত্ৰ একোটা আঁকি সিহঁতক কিছুদূৰ আয়ত্ব কৰিব পৰা যায়। তেনেদৰে চতুৰ্থ মাত্ৰাৰ বা তাতকৈয়ো ডাঙৰ মাত্ৰাৰ সুষম বস্তুবোৰক কেনেকৈ বুজাব পৰা যাব? সেইবোৰক চিহ্নিত কৰিব পৰা যাব...

(৭১) সংখ্যা-যাদু : বৰ্গফল সংখ্যা একোটাৰ একেবাৰে সোঁপিনৰ অংকটো ০ হ’লে, আন এটা সংখ্যাৰ লগত তাৰ যোগফল আৰু পূৰণফল উলিয়াবলৈ কিছু সহজ হয়। আন সংখ্যাৰ পৰা তাক বিয়োগ কৰিবলৈ বা তাৰ দ্বাৰা হৰণ কৰিবলৈও কিছু সহজ হৈ পৰে। যেনেঃ ৫৬+৩৯৫৬+৩৯ ৰ ফলাফলটো মুখতে উলিয়াবলৈ ক্ষন্তেক সময় লাগিব;...

"Know what you want, and don't get distracted." — Maryam Mirzakhani ২০১৪ চনৰ ১৩ আগষ্টত মাৰিয়াম মিৰ্জাখানীয়ে ফিল্ডছ্ মেডেল লাভ কৰিলে। ফিল্ডছ্ মেডেল প্ৰতিষ্ঠাৰ পৰা তেতিয়ালৈ ৭৮ বছৰীয়া ইতিহাসত, এই সন্মান পোৱা প্ৰথমগৰাকী মহিলা হিচাপে তেওঁ বহু মানুহৰ হৃদয়ত স্থান লাভ কৰিবলৈ সক্ষম হ’ল। এই উলাহ, আকৰ্ষণ,...