তেজপুৰ বিশ্ববিদ্যালয়লৈ অহাৰ ছমাহ পূৰ্বে মোৰ লগত এগৰাকী depression ৰ ঔষধ খোৱা লোকে কথা পাতিছিল। সকলোৱে ভাবে তেওঁ হাঁহিমুখীয়া আৰু সৰল, কিন্তু কেৱল চাৰি-পাঁচজনে গম পায় যে তেওঁৰ মনৰ অৱস্থা ঠিক নহয়। তেওঁ আছিল সাংঘাতিক চোকা, সুপ্ৰতিষ্ঠিত, কেৰিয়াৰৰ প্ৰতিটো পৰীক্ষাতে অসমৰ ভিতৰত স্থান প্ৰাপ্ত, কিন্তু...

এই কাহিনীটো বিন্যাস তত্ত্ব (Combinatorics) জড়িত বিভাজন তত্ত্বৰ (Partition Theory) কাহিনী। মোৰ প্ৰিয় বিষয় আছিল বিমূৰ্ত বীজগণিত (Abstract Algebra)। বিমূৰ্ত বীজগণিতৰ মাথোঁ এটা হ’লেও কাম কৰিবলৈ এতিয়াও মন আছে, যাতে সেইখন গৱেষণা-পত্ৰ ‘Journal of Algebra’ আদি ধৰণৰ উন্নত জাৰ্নেলত প্ৰকাশ হয়। কিন্তু তাৰ বাবে সেই সম্পৰ্কত...

নতুন বছৰৰ পৰা দুটা কাম কৰিবলৈ লৈছোঁ: এটা হৈছে খোজ কঢ়া, আনটো ডায়েৰি লিখা। প্ৰথমটোত আধা ঘণ্টা, দ্বিতীয়টোত পাঁচ-দহ মিনিট। ডায়েৰি লিখিম বুলি ভবাৰ কাৰণটো হ’ল-- অসমৰ বিভিন্ন প্ৰান্তত বা অসমৰ বাহিৰত থকা কিছুমান বিশিষ্ট ব্যক্তি বা গুৰুত্বপূৰ্ণ কাম কৰি থকা ব্যক্তিৰ লগত, প্ৰায় প্ৰতিদিনে কমেও...

হোমেন বৰগোহাঞি: কেইজনমান লেখকৰ নাম বা উপাধিকেইটাই তথা সেইসমূহ উচ্চাৰণ কৰোঁতে সৃষ্টি হোৱা ধ্বনিবোৰে সৰুকালত মোৰ মনত এটা বেলেগ প্ৰভাৱ পেলাইছিল৷ যেনেঃ পদ্মনাথ গোহাঞিবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, মৌলবী মফিজুদ্দিন আহমদ হাজৰিকা, নলিনীবালা দেৱী, ……৷ ডাঙৰ সাহিত্যিকসকলৰ নামবোৰ জন্মৰ পৰাই বেলেগ হয় বুলি ধাৰণা এটা মনত লাগি ধৰিছিল৷...

হায়াৰ ছেকেণ্ডাৰী দুঠাইত পঢ়িছিলোঁ৷ এখন হায়াৰ ছেকেণ্ডাৰী স্কুল আৰু আনখন কলেজ৷ দুয়োখনৰে গণিতৰ শিক্ষককেইজন কিছু ভালেই আছিল৷ বেলেগ দুখন কলেজৰ দুজন গণিতৰ শিক্ষকৰ ওচৰত কেইমাহমান/কিছুদিন টিউচন কৰিছিলোঁ৷ তেওঁলোকো কিছু ভালেই আছিল৷ কিন্তু তেওঁলোক আটাইকেইজনৰ লগত একেধৰণৰ এটা "কিন্তু" লাগি আছিল৷ তেওঁলোকে পাঠ একোটা আৰম্ভ কৰে, তাত...

১) জুবিন গাৰ্গ আশাবাদৰ এটা প্ৰতীক৷ যি সময়ত জুবিন গাৰ্গ নামৰ গায়কজন সৃষ্টি হৈছিল, সেই সময়ত অসমত জুই, ধোঁৱা, মাৰণাস্ত্ৰ, বিভেদ আৰু চকুপানীৰে নৰক সদৃশ পৰিৱেশ৷ ধ্বংসৰ মুহূৰ্তত ধ্বংসৰ গান এটি, দুখৰ মুহূৰ্তত দুখৰ গান এটি বা নানা কথা সোঁৱৰাই দিয়া গান এটিয়ে মানুহক অধিক...