ষ্টিভ জবছৰ (২৪/০২/১৯৫৫ - ০৫/১০/২০১১) চিন্তাধাৰা তথা নেতৃত্ব, দক্ষতা আদি সম্পৰ্কীয় তেওঁৰ বক্তব্য, তেওঁৰ সম্পৰ্কে আন কেইজনমান বিশেষ ব্যক্তিৰ অভিব্যক্তি, কেইটামান প্ৰবন্ধ-সাক্ষাৎকাৰৰ অংশবিশেষ আদি ইয়াত সংগ্ৰহ কৰা হৈছে; যিখিনিয়ে কোনো এজন ব্যক্তিৰ মনোভংগীলৈ আনিব পাৰে অশেষ উদ্যম আৰু লগতে সৃষ্টিশীলতাৰ প্ৰতি আনিব অযুত কৌতুহল...

শিক্ষিতসকলৰ এটা অতি ডাঙৰ চাৰিত্ৰিক দুৰ্বলতা আছে। ধৰক, এজন শিক্ষিত ব্যক্তিয়ে সপ্তাহত পাঁচখন কিতাপ পঢ়ে, পাঁচখন আলোচনী পঢ়ে, আৰু দহখন চিনেমা চায়। এইয়া কোনো বেয়া কথা নহয়। কিন্তু সততে দেখা যায়, যদি সপ্তাহটোত তেওঁ কৰিব লগা অন্য কোনো এটা কাম কৰি উঠিব নোৱাৰে তেন্তে তেওঁ...

বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক কৰ্তৃপক্ষৰ দক্ষতাৰ বাবে তেজপুৰ বিশ্ববিদ্যালয় ৰেগিঙৰ পৰা সম্পূৰ্ণৰূপে মুক্ত। সেইবাবে বিশ্ববিদ্যালয়খনে খুব গৌৰৱ কৰিব পাৰে। উদণ্ড আৰু হীনমন্যতাৰে আক্ৰান্ত হৈ সন্মান ভিক্ষা কৰি ফুৰিব বিচৰা, অথচ একপ্ৰকাৰৰ অহংকাৰী কিছুমান যুৱক-যুৱতীয়ে চোৰৰ মানসিকতাৰে কিছু অপ-সংস্কৃতি এতিয়াও প্ৰচলন কৰিবলৈ যত্ন কৰে যদিও সিহঁতো সফল(?) হ’ব...

১৯৫৭ চনত সেই সময়ৰ ছোভিয়েট ৰাছিয়াই বিশ্বৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ স্পুটনিক মহাকাশলৈ উৎক্ষেপণ কৰোঁতে কোনোবাই ঠাট্টা কৰিছিলনে? ধাৰণা হয়— নিশ্চয় কৰিছিল। এবাৰ ক’ৰবাত পঢ়া মনত পৰে – ৰাইট ভাতৃদ্বয়ে মানবচালিত প্ৰথমখন বিমান নিৰ্মাণ কৰি উৰণৰ পৰীক্ষণ কৰোঁতেও হেনো বহুতে ঠাট্টা কৰিছিল। ইমান দূৰলৈ বা ইমান...

২০০২ চনত প্ৰতি নিযুত জনতাৰ বিপৰীতে ভাৰতত গৱেষকৰ সংখ্যা আছিল ১১২ জন; আনহাতে চীনৰ এই সংখ্যা আছিল ৬৩৩ জন আৰু আমেৰিকাৰ আছিল ৪৩৭৪ জন৷ এই তথ্য ৰাষ্ট্ৰীয় জ্ঞান আয়োগ (National Knowledge Commission) ৰ৷ (http://knowledgecommission.gov.in/downloads/recommendations/NoteMoreQualityPhD.pdf ৷) শেহতীয়া আন এক তথ্য অনুসৰি, প্ৰতি নিযুত লোকৰ বিপৰীতে ভাৰতত...

প্ৰেক্টিকেল, চেমিনাৰ, Assignment আদিৰ নম্বৰবোৰ বহুতো শিক্ষক বা অধ্যাপকে পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰে। ইয়াৰ বাবে তেওঁলোকে কিছুমান পৰম্পৰা নিৰ্ধাৰণ কৰি লয়, যিবোৰে সমাজ বা শিক্ষা-ব্যৱস্থাক বহু অনিষ্ট কৰি আহিছে। আমি ৰাজনৈতিক নেতাৰ দুৰ্নীতিৰ বিৰুদ্ধে সততে সোচ্চাৰ হৈ থাকোঁ, কিন্তু শিক্ষক-অধ্যাপকৰ দুৰ্নীতিৰ কথাত সদাই নিমাত...