জুবিন গাৰ্গ আৰু ভৱিষ্যতৰ অসমীয়া গীত
জুবিন গাৰ্গে বিদায় লোৱাৰ পাছত, আৰু দহ বছৰৰ পাছত, মানুহে আকৌ নতুন অসমীয়া গীত শুনিবনে? জুবিন যুগৰ পূৰ্বৰ সম্ভৱতঃ দুটা দশকত যিটো ঘটিছিল বুলি কোৱা হয়, সেই সময়ত লাহে লাহে মানুহে অসমীয়া গীত শুনিবলৈ বাদ দিছিল, পুনৰ তেনে দিন আহি আছে নেকি! সেই সময়ত হিন্দী গীতৰ প্ৰভাৱ অসমৰ সমাজ জীৱনত কেনে বীভৎস আছিল সেয়া হোমেন বৰগোহাঞিৰ ‘পিতা-পুত্ৰ’ উপন্যাসতো কিছু পৰিমাণে চিত্ৰিত হৈছে।
পূৰ্বৰ সেই সময়খিনিতো বহুকেইজন নতুন শিল্পী আছিল। তেতিয়াও নতুন গীত ওলাইছিল। মানুহে সেইসমূহো শুনিছিল। কিন্তু শ্ৰোতাৰ হৃদয়ৰ বহু অংশ স্পৰ্শহীন হৈ ৰৈ গৈছিল। মাঘৰ পথাৰৰ নৰা-ঠাৰিৰ দৰে শুকাই পৰিছিল সেই অংশবোৰ। সংগীতৰ প্ৰৌঢ় মহানায়কসকলো স্তিমিত হৈছিল গতানুগতিকতাত।
এটা কবিতা আছে— “এদিন এটা কুলি চৰায়ে বাট হেৰুৱাই নৰকত সোমালগৈ। নৰকৰ জুয়ে পোৰা এজোপা গছৰ ডালত বহি সি গান গাবলৈ ধৰিলে। তাৰ গান শুনি শুনি নৰকত বাস কৰা প্ৰেতাত্মাবোৰৰ মনত পৰি গ’ল গছ আৰু বতাহ আৰু সোণোৱালী দিনৰ কথা।
নৰকত কুলি চৰাইটোৰ গান শুনাৰ পাছতহে প্ৰেতাত্মাবোৰে জানিলে যে সিহঁত ইতিমধ্যেই মৰিছিল। গান শুনি শুনি সিহঁতৰ মনত মনুষ্যত্ব সাৰ পাই উঠিল। এজনে হাত দুখন মেলি আন এজনক ভাই বুলি বুকুৰ মাজলৈ টানি ল’লে।”
জেইমছ এলৰয় ফ্লেকাৰৰ এই কবিতাটোৰ বিষয়ে এডুইন মৰ্খামে কৈছিল— “পৰম উৎকৰ্ষৰ নিদৰ্শন এই কবিতাটো শতাব্দীৰ পাছত শতাব্দী ধৰি মানুহৰ মনত সজীৱ হৈ থাকিব।”
জেইমছ এলৰয় ফ্লেকাৰ আৰু এডুইন মৰ্খাম কোন মই বৰ বিশেষ নাজানো। এই কবিতাটো আৰু কথাখিনি পাইছিলোঁ, হোমেন বৰগোহাঞিয়ে সম্পাদনা কৰি থকা সময়ৰ ‘সাতসৰী’ আলোচনীত।
জুবিন গাৰ্গো আছিল জেইমছ এলৰয় ফ্লেকাৰৰ কবিতাৰ সেই গান গোৱা চৰাইটোৰ দৰে, যি ক’ৰবাৰ পৰা বাট হেৰুৱাই আহি অসমৰ শুকান বনত পৰিছিল আৰু বতাহত অমিয়া সুৰ আৰু জীপাল সংগীত মিহলাই দিছিল। সদায় চিনাকি শব্দবোৰেই হৈ উঠিছিল নতুন আৰু বুকুৰ আপোন। হৃদয়ৰ ছাই বৰণীয়া নৰকত তেওঁ হৈ পৰিছিল ঢৌ তুলি থকা বিশুদ্ধ পোচাক পিন্ধি বিচৰণ কৰি থকা এটি পৰী বা দেৱদূতৰ দৰে, যি বিলাই দিছিল মাথোঁ আত্মীয়তা।
স্বনামধন্য অসমীয়া গণিতজ্ঞ অনুপম শইকীয়াৰ মই দুটা সাক্ষাৎকাৰ লৈছিলোঁ। তাৰে এটাত এবাৰ সুধিছিলোঁ যে— সংখ্যাতত্ত্বৰ লগত জড়িত আপোনাৰ এটা প্ৰিয় বিষয় হ’ল ইৱাচাৱা তত্ত্ব (Iwasawa theory); ইয়াৰ সম্পৰ্কে অলপ ক’বনে?
অনুপম শইকীয়াই উত্তৰ দিছিল যে— “ইৱাচাৱা তত্ত্বত বিষয়বস্তুটো সসীমৰ পৰা অসীম পৰ্যায়লৈ যোৱা হয়, সেই পৰ্যায়ত সমাধান বিচৰা হয় আৰু শেষত পুনৰ অসীম পৰ্যায়ৰ পৰা সসীমলৈ অহা হয়। ইৱাচাৱা তত্ত্ব হৈছে এনে এবিধ আহিলা যাৰ যোগেদি এলিপ্তিক কাৰ্ভ সম্বন্ধীয় বহুতো জটিল প্ৰশ্নৰ সমাধানো সুন্দৰকৈ পাব পাৰি।”
ইৱাচাৱা তত্ত্ব এটা উচ্চ পৰ্যায়ৰ বিষয়। বিষয়টো শিকিবলৈ এমএছচি কৰাৰ পাছতো দুটামান ক’ৰ্চ কৰিব লগা হ’ব পাৰে। তেনে এটা বিষয়ৰ সম্পৰ্কত তেওঁ তেনেই সাধাৰণভাৱে কোৱা কথাখিনিয়ে মোক আকৰ্ষিত কৰিছিল।
সেই সাক্ষাৎকাৰটো জনপ্ৰিয় হৈছিল, বহুতক ই উপকৃত কৰিছিল, আৰু মোৰ ওপৰতো ভালেখিনি প্ৰভাৱ পেলাইছিল। তেওঁৰ এই বাক্যটোৱে গণিতৰ বহুকেইটা বিষয়-বস্তু উপলব্ধি কৰিবলৈ মোক সহায় কৰাৰ লগতে, সাধাৰণ পাঠকে বুজি পোৱাকৈ লিখিবলৈ গণিতৰ কিছুমান বিষয়-বস্তু মোৰ সমুখলৈ নিজে নিজে আহি পৰিছিল বাক্যটোৰ প্ৰভাৱতে।
ৰোমাণ্টিক গীতৰ ক্ষেত্ৰতো আমি এই একেটা কথাই ক’ব পাৰোঁ। ই আমাক প্ৰথমে বাস্তৱৰ পৰা অসীমলৈ লৈ যায়, এখন কল্পনাৰ জগতলৈ লৈ যায়, ডাৱৰৰ ওপৰলৈ লৈ যায়। ই একেসময়তে আমাক বিচৰণ কৰায় কেইবাখনো সুকীয়া সুকীয়া জগতত। মানৱ মনৰ concrete সমস্যাক ই abstract কৰি তোলে। সমুখৰ ঢুকি নোপোৱা দূৰত্বক ই লৈ যায় আকাশলৈ, যেনেকৈ জুবিন গাৰ্গে গাইছিল— “তথাপি আমি যেন মেঘৰ আঁৰত”। পুনৰ ই আমাক নমাই আনে অসীমৰ পৰা বা কল্পনাৰ পৰা সম্পূৰ্ণ বাস্তৱলৈ। এইবাৰ ই আমাক নতুন কৰি লৈ আনে। বাস্তৱৰ বহুতো উত্তৰৰ সৈতে লৈ আনে।
ড৹ দিলীপ কুমাৰ দত্তই ‘প্ৰান্তিক’ত ধাৰাবাহিকভাৱে লিখা এলানি লেখাতো ৰোমাণ্টিকতাৰ সম্পৰ্কত এনেকুৱা কথা অলপেই উল্লেখ কৰিছিল। এই ৰোমাণ্টিকতা মানে কেৱল এজনে আন একোজনলৈ অনুভৱ কৰা অনুৰাগেই নহয়। ৰোমাণ্টিকতা হৈছে মানুহৰ সীমাহীন মধুৰ কল্পনাৰ এটা স্তৰ। য’ত কল্পনা, অনুভৱ, আনন্দ, বাস্তৱ, আৰু জগতক সলনি কৰাৰ হেঁপাহ — সকলো একাকাৰ হৈ পৰে।
এনে পৰ্যায়লৈ শ্ৰোতাক নিবলৈ গীতবোৰৰ কেৱল কথায়েই যথেষ্ট নহয়। আৰু এইখিনিতেই জুবিন গাৰ্গৰ গুৰুত্বটো ওলাই পৰে।
শেহতীয়াকৈ মহেন্দ্ৰ হাজৰিকাই জুবিন গাৰ্গে গোৱা “বাটৰে শেষতে বাট চাওঁ তোমালে” গীতটি কোনোবা মঞ্চত বিকৃত কৰি গোৱা বুলি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বহু লোকে তেওঁক সাংঘাতিক সমালোচনা কৰিছে। গালি পাৰিছে। এইসমূহ দেখি মই বেলেগ এটা কথাহে মন কৰিছোঁ। দুয়োজন শিল্পীয়ে গোৱাখিনি মই তুলনা কৰি চাইছোঁ। মহেন্দ্ৰ হাজৰিকাই গীতটো নিজৰ ধৰণে গাইছে। তেওঁ জুবিন গাৰ্গক অসন্মান কৰিবলৈ গোৱা নাই। মঞ্চৰ পৰা সন্মান জনাবলৈহে গাইছে। যিহেতু তেওঁ এজন সৃষ্টিশীল মানুহ, সেয়ে তেওঁ অকণমান সৃষ্টিশীল অধিকাৰ লৈছে। কিন্তু, সেইটো কৰোঁতেই, তেওঁ আগতে গোৱা নিজৰ গীতবোৰৰ সৈতে এইটো গীতো একেই হৈ পৰিছে। আৰু তেতিয়াই ওলাই পৰিছে জুবিন গাৰ্গৰ বিশালতা।
মহেন্দ্ৰ হাজৰিকাই মঞ্চত গাইছে সেই গীতটোৰ কথা অলপমান। লগত অলপ সুৰ আছে। সেই সুৰত অলপ আহ্বান আছে। শ্ৰোতাই ভাবিব পাৰে যে— অ’ এটা ৰোমাণ্টিক গীত এইটো। কিন্তু, শ্ৰোতাই ইচ্ছাকৃতভাৱে ভাবিবলৈ নাপাওঁতেই নিজে নিজেই ৰোমাণ্টিকতালৈ গুচি যোৱাৰ পৰ্যায় দিয়ে জুবিন গাৰ্গে গোৱাটো শুনিবলৈ পালেহে। জুবিন গাৰ্গে যেতিয়া প্ৰাণ ঢালি গায়, বিচিত্ৰ অনুভৱৰ উঠা-নমাবোৰ যেতিয়া পৰিস্ফুট হৈ উঠে, তেতিয়া শ্ৰোতা কেৱল এজন শ্ৰোতা হৈয়ে নাথাকে, তেওঁ নিজেই গম নোপোৱাকৈ “বাটৰে শেষতে” ৰৈ থকা এজন পথিকলৈ ৰূপান্তৰিত হৈ পৰে, যি পথিকে বাট চাইছে বিশেষ “তুমি”জনলৈ। আৰু তেতিয়া এইটো সমুখৰ গায়কজনে গাই থকা গীত নহয়, শ্ৰোতাই নিজেই গাই থকা গীত হৈ পৰে।
এতিয়া যদি একেটা ঠাঁচত নতুন গানবোৰ সৃষ্টি হৈ থাকে, তেন্তে মানুহে পুনৰ অসমীয়া গান শুনিবলৈ এৰি দিয়াৰ দিন অতি শীঘ্ৰে আহিও যাব পাৰে। অনুভৱৰ বিভিন্ন স্তৰ স্পৰ্শ কৰিব পৰা গান সৃষ্টি নহ’লে এই সম্ভাৱনা তেনেই ওচৰত। জুবিন গাৰ্গকে অনুকৰণ কৰি সৃষ্টি হোৱা গানবোৰেও আমাক ৰক্ষা কৰিব নোৱাৰিব। অনুকৰণ কৰিবলৈ জুবিন গাৰ্গেও হাক দিছিল। যিবোৰ গান এতিয়াই এবাৰ-দুবাৰ শুনি পাছত বাৰে বাৰে শুনিবলৈ মন নাযায়। তাৰোপৰি জীৱনমুখী কিছুমান গান সৃষ্টি হ’বলৈ জুবিন যুগতো বাকী ৰৈ গ’ল। আমাৰ দৰে জুবিন গাৰ্গৰ বহু অনুৰাগীৰ মনত সদায় আক্ষেপ ৰৈ গ’ল— জুবিন গাৰ্গে সেয়া কিয় নকৰিলে। জয়ন্ত হাজৰিকাই গাই যোৱা “মোৰ এই নাও” গীতটি যিজন জুবিন গাৰ্গে এটা বছৰ অসমৰ প্ৰতিখন মঞ্চই মঞ্চই গাই ফুৰিছিল, তেওঁৰ প্ৰাণত কিবা এটা শকতি নিশ্চিতকৈ আছিল। তেওঁ কৰিছিলও কিছুমান, কিন্তু আৰু আশা কৰা হৈছিল, যিটো পৰ্যায় লগতে হেৰাই গ’ল।
No Comments