পুনৰাবৃত্ত লঘিষ্ঠ অংশ যুক্ত বিভাজন সম্পৰ্কীয় এটা বিন্যাস তাত্ত্বিক প্ৰমাণ — (নয়নদীপ ডেকা বৰুৱা আৰু পংকজ জ্যোতি মহন্ত)
এই লেখাটো অসম সাহিত্য সভাৰ ২০২৬ চনৰ বিশেষ অধিৱেশনৰ সৈতে সংগতি ৰাখি বিজ্ঞান-সাহিত্য উপ-সমিতিয়ে প্ৰস্তুত কৰা বিজ্ঞানভিত্তিক গৱেষণামূলক গ্ৰন্থ ‘বোধিবৃক্ষ’ত প্ৰকাশ পাইছিল। ইয়াত ক্লিক কৰি পিডিএফ ৰূপত লেখাটো ডাউনলোড কৰি পঢ়িব পাৰিব। তলত ইয়াৰ দুটা অংশ দিয়া হ’ল।
বিন্যাস তত্ত্বৰ সহজবোধতা আৰু জটিলতা
বহু সময়ত দেখা যায় যে, বিন্যাস তাত্ত্বিক প্ৰমাণ বা ব্যাখ্যা একোটাত বহু তৰপীয়া অন্বেষণ জড়িত থাকিলেও সেইটো বুজি পাবলৈ গণিতৰ আন শাখাতকৈ তুলনামূলকভাৱে যথেষ্ট সহজ হয় বা বুজোঁতে কম সময় লাগে। কিন্তু, সেই প্ৰমাণ বা ব্যাখ্যাটো এবাৰো নোচোৱা পৰ্যন্ত মনলৈ কোনো বাট নাহিবও পাৰে। অৰ্থাৎ সেইটো প্ৰমাণ বা ব্যাখ্যা কৰিবলৈ মৌলিক চিন্তাৰ প্ৰয়োজন হয়। কেতিয়াবা এনেকুৱাও হয় যে বিন্যাস তত্ত্বই প্ৰশ্ন একোটাৰ অধিক তথ্য প্ৰদান কৰে, যিবোৰ বিশ্লেষণাত্মক পদ্ধতি বা আন পদ্ধতিৰে পোৱা নাযায়। আনহাতে, কেতিয়াবা ওলোটাটোও ঘটে। আৰু গণিতজ্ঞসকলে কোনো এক পদ্ধতিৰে প্ৰমাণ একোটা দিয়াৰ পাছতো, আন পদ্ধতিৰে প্ৰমাণ কৰিব পাৰি নেকি তাৰো সন্ধান কৰি থাকে। আন ধৰণে প্ৰমাণ হোৱা বহু উপপাদ্যৰ বিন্যাস তাত্ত্বিক প্ৰমাণ এতিয়াও কৰিব নোৱৰা অৱস্থাত পৰি আছে।
এটা নতুন কাম
২০২৫ চনৰ মাৰ্চ মাহত জৰ্জ এণ্ড্ৰুজ আৰু মহম্মদ বাচ্চাৰৱৈৰ এখন গৱেষণা-পত্ৰ ‘Journal of Mathematical Analysis and Applications’ জাৰ্নেলত প্ৰকাশিত হয়। তাত তেওঁলোকে বিশেষ কেইটামান বিভাজন ফলনৰ সৃষ্টক ফলন উলিয়াইছিল, সেইসমূহ ব্যৱহাৰ কৰি কেইটামান অনুসিদ্ধান্ত প্ৰমাণ কৰিছিল, আৰু সেই অনুসিদ্ধান্তসমূহৰ কেইটামানত আছিল যে বিশেষ একোটা প্ৰকাৰৰ বিভাজনৰ সংখ্যা অন্য বিশেষ একাধিক প্ৰকাৰৰ বিভাজনৰ সংখ্যাৰ যোগফলৰ সৈতে সমান। উল্লেখযোগ্য যে জৰ্জ এণ্ড্ৰুজ ‘ৰামানুজনৰ হেৰোৱা টোকাবহী’ উদ্ধাৰ কৰা আৰু পাছলৈ সেইসমূহ সম্পাদিত কৰি গ্ৰন্থ ৰূপত প্ৰকাশৰ কামত জড়িত হোৱা প্ৰসিদ্ধ গণিতজ্ঞগৰাকী। তেওঁ আমেৰিকান গাণিতিক সমিতিৰ সভাপতিও আছিল। বিভাজন তত্ত্ব, বিশেষকৈ -series ৰ বিশ্লেষণত তেওঁৰ দৰে সিদ্ধহস্ত গণিতজ্ঞ বিশ্বত কমেই আছে। তেওঁ লিখা ‘The Theory of Partitions’ গ্ৰন্থখন বিভাজন তত্ত্বৰ বাইবেলস্বৰূপ।
উল্লিখিত গৱেষণা-পত্ৰখনত তেওঁলোকৰ প্ৰমাণসমূহ আছিল বিশ্লেষণাত্মক। তেওঁলোকে সেই অনুসিদ্ধান্তসমূহৰ বিন্যাস তাত্ত্বিক প্ৰমাণ অন্য গৱেষকৰ বাবে মুকলি সমস্যা ৰূপে আগবঢ়াইছিল।
আমি তাৰে কেইটামান অনুসিদ্ধান্তৰ বিন্যাস তাত্ত্বিক প্ৰমাণ আগবঢ়াবলৈ সক্ষম হওঁ। এই সম্পৰ্কীয় ‘Bijective proofs of some results on partitions with repeated smallest parts’ শীৰ্ষক আমাৰ গৱেষণা-পত্ৰখন ২০২৫ ৰ ডিচেম্বৰত ‘The Ramanujan Journal’ শীৰ্ষক জাৰ্নেলখনত প্ৰকাশ পায়। তলৰ অনুচ্ছেদত আমি তাৰে এটা প্ৰমাণৰ এটা অংশ পাঠকলৈ আগবঢ়াইছোঁ।
সম্পূৰ্ণ লেখাটো তলত দিয়া ধৰণেও পঢ়িব পাৰিবঃ
No Comments