সহযোগিতা (collaboration)

আজিৰ যুগত কাম কৰিবলৈ আটাইতকৈ প্ৰয়োজনীয় এটা বস্তু হৈছে collaboration. এইবাৰ ব’হাগ বিহুত মই এখন কিতাপ লিখিবলৈ আৰম্ভ কৰিছিলোঁ। গণিতৰ এটা বস্তুক লৈ এখন সৰু কিতাপ। ১০০ পৃষ্ঠামান দীঘল। স্কুলীয়া ছাত্ৰ-ছাত্ৰী, সাধাৰণ পাঠক, আৰু গণিত-বিজ্ঞানৰ যিকোনো লোকে পঢ়িব পৰা অসমীয়া কিতাপ। পৰিকল্পনাটো কেইবাবছৰ আগৰ। সেয়েহে, দিনে তিনি ঘণ্টাকৈ তিনিমাহ লাগিলেই সম্পূৰ্ণ হ’ব। বিহুত কেইপৃষ্ঠামান লিখা হ’ল, কিন্তু বিহুৰ পাছৰ পৰা মোৰ এটাও শব্দ লিখা নহ’ল। এনেকুৱা ক্ষেত্ৰত collaboration কৰিলে সহায় হয়। এই সহায়সমূহ এনেধৰণৰ—

ক) এজনৰ অনুপ্ৰেৰণা কমি যোৱাৰ সময়ত আনজনৰ সামান্য অৱদানেও প্ৰথমজনৰ অনুপ্ৰেৰণা ঘূৰাই আনে।

খ) দুজনৰ ব্যস্ততাই পৰস্পৰৰ মাজত এটা পজিটিভ পৰিৱেশ গঢ়ি দিয়ে।

গ) এজনে আগবঢ়োৱা কামখিনি আনজনে আগবঢ়াই লৈ যোৱাৰ পাছত পুনৰ প্ৰথমজনে বহু বেছি দূৰলৈ লৈ যাব পাৰে।

ঘ) নিজে নভবা ধাৰণা এটা আনজনৰ পৰা আহি যাব পাৰে আৰু নিজৰ কামটোত খাপ খাই পৰিব পাৰে। ফলত কামটো অধিক উন্নত হয়। এইটোক 1+1=3 Effect বুলিও কোৱা হয়। দুয়োৱে অকলে অকলে কৰা হ’লে এজনৰো সেই ধাৰণাখিনি সঠিককৈ ক’তো কামত নাহিলহেঁতেন।

ঙ) কম সময়ত অধিক উৎপাদন কৰিব পৰা যায়।

বিভিন্ন কিতাপ-আলোচনীত collaboration সম্পৰ্কীয় মটিভেচনেল আৰু মনস্তাত্ত্বিক প্ৰবন্ধ পঢ়িবলৈ পাওঁ। লগতে নিজৰো অভিজ্ঞতাৰ ভিত্তিত ধাৰণা হয় যে, collaboration সফল হ’বৰ বাবে প্ৰয়োজনীয় কেইটামান বস্তু হৈছে—

১) কামটো কিবা ক্ষেত্ৰত বিফল হ’লে, পৰস্পৰৰ দক্ষতাত সন্দেহ কৰি বা হতাশ হৈ কামটো সম্পূৰ্ণৰূপে বাদ দিয়া মনৰ হ’ব নালাগিব। তৎক্ষণাৎ বিকল্প স্তৰটোৰ পৰিকল্পনাহে মনলৈ আহিব লাগিব।

২) কামটো নিখুঁত কৰিবলৈ পৰস্পৰে বাৰে বাৰে শুধৰাব লাগিব। তেতিয়া এজনে আনজনক ভুল ধৰা যেন অনুভৱ কৰিব নালাগিব। এই সমালোচনাখিনি গ্ৰহণ কৰিব লাগিব বা বেছিকৈ বিচাৰিবহে লাগিব।

৩) কোনোবা সময়ত এজনৰ অৱদান আনজনতকৈ কম-বেছি হ’লে পৰস্পৰৰ মাজত সমালোচনাৰ পৰিৱেশ সৃষ্টি হ’ব নালাগিব। এটা সময়ত কমকৈহে অৱদান দিবলৈ সক্ষম হোৱাজনে বেছি কাম নকৰিলেও হ’ব বুলি ভাবিব নালাগিব। তাৰ পৰিৱৰ্তে, তেওঁ আন সময়ত আনজনক অতিক্ৰম কৰাৰ চেষ্টাহে কৰিব লাগিব নিজে নিজে। দুয়োজনৰে পৰস্পৰৰ প্ৰতি এই দায়িত্ব আৰু আস্থাই কামটো বহু উন্নত কৰি তুলিব পাৰে।

৪) কোনোবা সময়ত সম্পূৰ্ণ উদ্দেশ্যহীনভাৱেই কামটোতে লাগি থাকিব লাগিব। কামটো যেন কেৱল নিজৰে, তেনে অনুভৱ হ’ব লাগিব। এটা সময়ত উদ্দেশ্যহীনতা দূৰ হৈ যায় আৰু নিজে কল্পনাও নকৰা ধৰণৰ আনন্দময় পৰিৱেশ কামটোৰ মাজলৈ নামি আহে।

৫) পৰস্পৰৰ প্ৰতি সন্মান থাকিব লাগিব। সন্মানটো বাহ্যিক নহয়, মনৰ ভিতৰৰ সঁচা সন্মান। মই নিজৰ ক্ষেত্ৰতে দেখোঁ, মই বহুতো কথাত একেবাৰেই দুৰ্বল আৰু কিছুমান দক্ষতা মোৰ সম্পূৰ্ণ শূন্য। কিন্তু তথাপি মই কাম কৰোঁ দক্ষতাহীনতাখিনি একাষৰীয়া কৰি লৈ। এনেকুৱা ক্ষেত্ৰত এজনে আনজনক ঠাট্টা কৰিব নালাগিব বা সেই দুৰ্বলতাৰ সুযোগ লৈ অন্যধৰণে ব্যৱহাৰ কৰিব নালাগিব। মই কাম কৰোঁতে মোৰ নথকা দক্ষতাখিনি বাৰে বাৰে দেখা পোৱা যায়। মই বহুকেইজনৰ লগত বিভিন্ন কাম কৰিছোঁ, তাৰে ৯৫ শতাংশয়েই মোক কেতিয়াও হঁহা নাই বা ব্যৱহাৰ কৰা নাই। মোৰ কেতিয়াবা আচৰিত লাগে, তেওঁলোক মোৰ প্ৰতি সদয় আৰু মোৰ পৰাও অতি গুৰুত্ব সহকাৰে পৰামৰ্শ বিচাৰি সেইখিনি কামত খটুৱায়। ফলত আমি ভালকৈ কাম কৰি যাব পাৰোঁ। ইয়াৰ মাজত কেইবাজনো মোৰ শিক্ষকো আছে। এয়া তেওঁলোকৰ collaborative দক্ষতাৰ বাবে সম্ভৱ হয়।

৬) এজনে আনজনক স্বাধীনতা দিব লাগিব। এজনে এটা নতুন বা অদ্ভুত ধৰণৰ কাম সংযোগ কৰা দেখা গৈছে। আনজনে আচৰিত হৈ তৎক্ষণাৎ বেয়া বুলি ধৰিলে নহ’ব। আনজনে ভাবি চাব লাগিব যে সেইটোৰ পৰা সঁচাকৈ নতুন দিশ ওলাব নেকি। নতুবা সেইটো থাকিলেও বা নাথাকিলেও বিশেষ একো প্ৰভাৱ নপৰে নেকি। তেনে ক্ষেত্ৰত দুয়োৱেই নিজৰ মতটো ধৰি নাথাকিবলৈ সাজু থাকিব লাগিব।

No Comments

Post A Comment