জুবিন বিহীন ব’হাগত
জুবিন গাৰ্গৰ সম্পৰ্কে বহুদিনলৈ একো নিলিখোঁ বুলি ভাবি আছিলোঁ। প্ৰবন্ধই হওক বা ফেচবুক-ইনষ্টাগ্ৰামতে হওক। কিন্তু তেওঁ এনে এজন মানুহ, যাক আঁতৰাই ৰাখিব বিচাৰিলেও বা উপেক্ষা কৰিব বিচাৰিলেও, খোলা দুৱাৰেদি সোমাই অহা এছাটি কোমল বতাহৰ দৰে নিজৰ অজ্ঞাতেই তেওঁ মনৰ ভিতৰত প্ৰৱেশ কৰে আৰু এটা সপোনলৈ ৰূপান্তৰিত হয়।
মোৰ কেতিয়াবা এনেকুৱা হয়, মই কিবা এটা লিখিব বিচাৰোঁ আৰু সেইটো মনৰ ভিতৰত একপ্ৰকাৰৰ সম্পূৰ্ণ হৈ যায়, কিন্তু সেই সময়খিনিত সেইটো লিখি উলিয়াবলৈ মন নাযায়। পাছত দেখা পাওঁ যে এটা নিৰ্দিষ্ট সময়ত সেইটো অতি সুন্দৰকৈ খাপ খাই পৰিছে।
জাৰৰ দিনবোৰৰ পুৱতি-নিশা ঘৰৰ মোৰ কোঠাটোৰ এফালৰ ভেণ্টিলেচনখনেদি জোনবাইটো দেখা পোৱা যায়। আগতে মই গোটেই নিশা সাৰে থাকোঁ আৰু সৰু হ’লেও বা ডাঙৰ হ’লেও কিবা নহয় কিবা কাম কৰি থাকোঁ। এদিন নিশা মই তেনেকৈ কিবা কৰি আছিলোঁ আৰু ভেণ্টিলেচনখনেদি তীব্ৰভাৱে জিলিকি থকা জোনটোৱে মোক বাৰে বাৰে আমনি কৰিছিল। মই বাৰে বাৰে উপেক্ষা কৰিব বিচাৰিছিলোঁ, কিন্তু তাৰ উজ্জ্বলতম ৰূপটোৱে মোৰ ৰূমত জ্বলি থকা লাইটটোৰ পোহৰকো তল পেলাই চকুত আঘাত কৰিছিল। বাহিৰত কুঁৱলীও আছিল। আৰু তাক স্পন্দিত যেন দেখা গৈছিল। সেই সৌন্দৰ্য অসহ্য হৈ উঠিছিল। সৌন্দৰ্যৰ এখনি নৈৰ দৰে সি কুঁৱলীৰ কণিকাত ওলমি বিয়পি আহিছিল আকাশৰ পৰা মোৰ কোঠাটোলৈকে। মোৰ মনলৈ আহিছিল জুবিন গাৰ্গৰ কণ্ঠৰ ‘জোনাক গলা জাৰৰ নিশা’ গীতটো। বহু সময় বিভোৰ হৈ থাকি মই আন একো কৰিব পৰা নাছিলোঁ। কিছুসময় পাছত মই জোনাকত ডুব যোৱা আৰু বৰফ পৰি থকা এখন সুন্দৰ চহৰৰ কল্পনা কৰি কিবা অলপ লিখি পেলাইছিলোঁ।
কিন্তু, সেই লেখাটো সম্পূৰ্ণ কৰিবলৈ মোৰ মন নগ’ল। পাছত বহুদিন সেইটো সম্পূৰ্ণ কৰি বাতৰি-কাকতলৈ প্ৰেৰণ কৰাৰ কথা ভাবিলোঁ, কিন্তু কোনোদিন সম্পূৰ্ণ কৰিবলৈ মন নগ’ল। এয়া কেইবাবছৰ আগৰ কথা। বিভিন্ন দিন মিলাই মুঠতে অন্ততঃ দহ-পোন্ধৰ বাৰ মই সেইটো সম্পূৰ্ণ কৰাৰ কথা ভাবিছিলোঁ।
যেতিয়া জুবিন গাৰ্গ ঢুকাল, মোৰ পুনৰ সেইটোলৈ মনত পৰিল। আন কথা অলপ মিলাই তৎক্ষণাতে মোৰ লেখাটো সম্পূৰ্ণ হৈ পৰিল আৰু ‘আমাৰ অসম’লৈ প্ৰেৰণ কৰিলোঁ। লেখাটো প্ৰকাশ হ’ল আৰু বেলেগ মানুহ এজনে বিচাৰি এখন কিতাপতো সন্নিৱিষ্ট কৰিলে। কিন্তু মই কেতিয়াও বিচৰা নাছিলোঁ বা কল্পনাও কৰা নাছিলোঁ যে তেওঁৰ মৃত্যু হ’ব আৰু তেওঁৰ মৃত্যুৰ পাছত কিবা লিখিব লাগিব।
এইকেইদিন প্ৰতিটো দিনতে মোৰ বাৰে বাৰে ভেণ্টিলেচনখনলৈ চকু গৈছে। এতিয়া নিশা এইফালে জোনটো নোলায়, কিন্তু মোৰ বাৰে বাৰে মনত পৰিছে কেইবছৰমান আগৰ সেই অনুভৱখিনিলৈ। তেতিয়া মই লিখি উলিওৱা ৱৰ্ড ফাইলটো ফ’ল্ডাৰ খুঁচৰি বিচাৰি চাইছোঁ। ফাইলটোত সময় আছে পুৱা চাৰি বাজি চৌত্ৰিছ মিনিট। জোনটো সেইফালেদি ওলোৱাৰ সময়খিনি হয়তো আছিল নিশা তিনি বজাৰ পৰা চাৰিমান বজালৈ।
যদিও জুবিন গাৰ্গে মানুহৰ ৰোমাণ্টিক আৱেগ আৰু সংবেদনশীলতাৰ এটা বিশাল দিশ প্ৰতিনিধিত্ব কৰে, তেওঁ প্ৰধানকৈ আছিল উদ্যমিতাৰো প্ৰতিনিধি। সেয়ে তেওঁক লৈ হোৱা আৱেগিক কথাবোৰ উপেক্ষা কৰিবলৈও মন গৈছিল যোৱা কিছুমান দিনত, কিন্তু তেওঁৰ প্ৰতি আৱেগক উপেক্ষা কৰাটো নিজৰ বাবেও সহজ নহয়। তথাপি আমি মনত ৰাখিব লাগিব যে তেওঁ কান্দি কান্দি বোকাত বাগৰি পৰা মানুহ নহয়, তেওঁ চকুলো টুকিও হাল বাই থাকিব জনা মানুহ। ব’হাগত সেয়ে তেওঁক কেৱল এজন গায়ক বা শিল্পী ৰূপেই দেখা নগৈছিল। তেওঁ কি পিন্ধি কি ভংগীৰে আহিছে সেইটো চাবলৈও মানুহে কৌতূহলেৰে ৰৈ আছিল। এই ক্ষেত্ৰত, তেওঁৰ ষ্টাইল আৰু অদ্ভুত কাৰ্যতকৈও ডাঙৰ যিটো বস্তুৰ দ্বাৰা তেওঁ মানুহক মুগ্ধ কৰিব পাৰিছিল সেইটো হৈছে তেওঁৰ attitude, মনোভংগী। যি মনোভংগীত নিহিত আছিল প্ৰচণ্ড আৱেগিক এটা মানুহ, কিন্তু লগত আছিল সেই সকলো আৱেগ সহ্য কৰি কাম কৰি থাকিব পৰাৰো সুবিশাল আকাংক্ষা আৰু উদ্যম। তেওঁৰ মনোভংগীত থকা যিটো বস্তুৱে তাতোকৈ অধিক আকৰ্ষিত কৰে সেইটো হৈছে, একো আঘাত বা পুৰস্কাৰেও টলাব নোৱৰা স্থিতি। কিন্তু সেইখিনি সম্পূৰ্ণকৈ ব্যৱহাৰ নোহোৱাকৈ থাকি গ’ল!
No Comments