গণিতৰ কেইটামান শাখাৰ লগত জড়িত কেইখনমান জাৰ্নেলৰ নাম তলত তালিকাভুক্ত কৰিছোঁ। নতুন ছাত্ৰ-ছাত্ৰীক এই তালিকাখনে সহায় কৰিব পাৰে। যদিহে এই বিষয়কেইটা তেওঁলোকৰ প্ৰিয়, তেন্তে এই জাৰ্নেলসমূহ চাব পাৰে আৰু নিজৰ পছন্দৰ গৱেষণা-পত্ৰ বিচাৰিব পাৰে। আৰু এইসমূহত তেওঁলোকে নিজৰ গৱেষণা-পত্ৰ প্ৰকাশ কৰাটো ন্যূনতম লক্ষ্য হিচাপে ল’ব...

বিভিন্নগৰাকী ছাত্ৰ-ছাত্ৰীয়ে মোক সুধি থাকে যে মই পিএইছডি কিয় এৰি দিছিলোঁ আৰু এতিয়া কিয় গৱেষণা-পত্ৰ উলিয়াইছোঁ। এই প্ৰশ্ন কৰোঁতাসকল প্ৰধানকৈ চাৰি ধৰণৰ: ১) তেওঁলোকে পিএইছডি কৰি আছে আৰু কিছুমান বেলেগ বেলেগ ধৰণৰ সমস্যাত পৰি কষ্টত দিন কটাইছে, আৰু মইয়ো তেনেকুৱা সমস্যাতে পৰি এৰিছিলোঁ নেকি বুলি এনেই...

কেইবছৰমান আগতে এজন নামী মানুহে এটা কথা কৈছিল; সেই কথাটোৱে মোক আচৰিত কৰি দিছিল। তেওঁ এজন অতিশয় বিজ্ঞ, দক্ষতাসম্পন্ন মানুহ; ছাত্ৰ-ছাত্ৰী তথা উচ্চশিক্ষা জগতত তেওঁ এজন গ্লেমাৰাছ মানুহ; কেইবাখনো প্ৰতিষ্ঠানৰ পদবী শুৱনি কৰিছে তেওঁ। তেওঁলোকৰ গোটেই পৰিয়ালটোৰ এটা নাম আছে। মানুহজনে তাহানিৰ কটন কলেজত পঢ়ি...

(৭১) বৰগোহাঞিদেৱলৈ শ্ৰদ্ধাঞ্জলি হোমেন বৰগোহাঞিদেৱৰ নিজৰে ভাষা ধাৰ কৰি আমি ক’ব পাৰোঁ যে— ঘৰখনত হোমেন বৰগোহাঞিৰ এখনো কিতাপ নথকা বা হোমেন বৰগোহাঞিৰ এখনো কিতাপ পঢ়ি নোপোৱা কোনোবা শিক্ষিত অসমীয়া মানুহ আছেনে? নিশ্চিতভাবে নাই। তেখেতৰ সম্পৰ্কে আমি আন এক ধৰণেও চাব পাৰোঁ। আমাৰ মাজত এটা বস্তুৰ ডাঙৰ অভাৱ আছে।...

কেইবাবছৰ আগতে ক’ৰবাত পঢ়িছিলোঁ যে এণ্ট্ৰপিৰ বিষয়ে কোনোবা এজন বিজ্ঞানৰ ছাত্ৰক সুধিলে তেওঁ হয়তো ক’বলৈ অসুবিধা পাব, কিন্তু সেই সম্পৰ্কতো হোমেন বৰগোহাঞিয়ে ধুনীয়াকৈ বুজাই ক’ব পাৰে। ইয়াৰ দ্বাৰা এই কথাই জনাব বিচৰা হৈছিল যে তেওঁ বিজ্ঞানৰ নানা বিষয় পঢ়ে, আৰু সেইবোৰৰ কেৱল খা-খবৰ ৰখাই নহয়,...

০৯-০৫-২০২১, অসমৰ বাবে এক ঐতিহাসিক দিন। এই দিনটোৱে অসমৰ ৰূপ সলনি কৰি পেলাব। সমাজ, বিজ্ঞান, সংস্কৃতি সকলো ক্ষেত্ৰতে মানুহে পূৰ্বানুমান কৰে। আগন্তুক দহটা বছৰ শেষ হোৱাৰ পাছত অসমত কি কি পৰিৱৰ্তন দেখা যাব পাৰে, তাৰ কিছু পূৰ্বানুমান আমিও কৰিব পাৰোঁ। আমাৰ পোন্ধৰটা পূৰ্বানুমান এনেধৰণৰ: ১) সৰু...