মই পিএইছডি কিয় এৰি দিছিলোঁ

বিভিন্নগৰাকী ছাত্ৰ-ছাত্ৰীয়ে মোক সুধি থাকে যে মই পিএইছডি কিয় এৰি দিছিলোঁ আৰু এতিয়া কিয় গৱেষণা-পত্ৰ উলিয়াইছোঁ। এই প্ৰশ্ন কৰোঁতাসকল প্ৰধানকৈ চাৰি ধৰণৰ:

১) তেওঁলোকে পিএইছডি কৰি আছে আৰু কিছুমান বেলেগ বেলেগ ধৰণৰ সমস্যাত পৰি কষ্টত দিন কটাইছে, আৰু মইয়ো তেনেকুৱা সমস্যাতে পৰি এৰিছিলোঁ নেকি বুলি এনেই কৌতূহলত জানিব খোজে। তেওঁলোকে আন কাৰোবাৰ লগত অভিজ্ঞতাবোৰ আলোচনা কৰাৰ দৰে মোৰ লগতো কেতিয়াবা আলোচনা কৰিব খোজে।

২) তেওঁলোকে ভাবে যে মই পিএইছডিটো অতি সহজেই সোনকালেই কৰি পেলাব পাৰিলোহেঁতেন, কিন্তু কিয়নো এৰিলোঁ বাৰু।

৩) তেওঁলোকে ভাবে যে ই পিএইছডি নোৱাৰি এৰি থৈ আহিল, ই এটা গাধা, কিন্তু ই দেখোন এতিয়া গৱেষণা-পত্ৰ উলিয়াইছে। বিদ্ৰুপ কৰি ভবাসকলৰ দৰে নহয়, এইটো তেওঁলোকে স্বাভাৱিকভাবেই ভাবে। তেওঁলোকৰ এটা চাকৰি গোটোৱাৰ লক্ষ্য আছে; যিকোনো চাকৰি। শিক্ষকতা পালে ভালেই; নতুবা অফিচ-কোম্পানীৰ সৰু-সুৰা চাকৰি এটা পালেও হ’ব। অধ্যয়ন কৰাটো বা পিএইছডি কৰাটো তেওঁলোকৰ সমুলি লক্ষ্য নহয় বা নিজকে যোগ্য বুলিও নাভাবে। কিন্তু, ফ্ৰীতে ভাল ডিগ্ৰী এটা পালে আৰু তাৰফলত অধিক ধন অৰ্জন কৰিব পাৰিলে প্ৰায়ভাগৰে ভাল লগাৰে কথা। সেয়েহে তেওঁলোকে জানিব খোজে যে তেওঁলোকে সহজতে কিবা এটা কৰি পেলাব পাৰিব নেকি।

৪) তেওঁলোক অধ্যয়নৰ প্ৰতি আগ্ৰহী, কিন্তু কিছুমান কথা জনা হোৱাগৈ নাই। তেওঁলোকে ভাবে যে কোনোবাই কেৱল পিএইছডি পাবৰ বাবেহে আৰু কোনোবাই কেৱল পিএইছডি দিবৰ বাবেহে গৱেষণা-পত্ৰ উলিয়ায়, নহ’লে সেইবোৰত লাগিবৰ কি দৰকাৰ। তেওঁলোকে জানিব খোজে যে এনেই অদৰকাৰত এইবোৰ উলিয়াছোঁ, পিএইছডিনো কিয় এৰি দিছিলোঁ।

ইয়াৰ উত্তৰটো তেনেই সহজ, কিন্তু অলপ দীঘলীয়া।

মোৰ ৰাপ আছে বিশুদ্ধ গণিতত। মই পিএইছডি কৰোঁতে এটা কথাত পুৰা দৃঢ় মনোভাৱ ৰাখিছিলোঁ যে মই ভাল গৱেষণা-পত্ৰহে উলিয়াম। যদি অসমৰ ৰাজ্যিক শিক্ষা-প্ৰতিষ্ঠানবোৰ চোৱা যায়, তেন্তে যোৱা প্ৰায় তিনিটা দশক ধৰি বা তাৰ পূৰ্বৰে পৰা বিশুদ্ধ গণিতৰ জগতত অসমত সম্পূৰ্ণ মন্দাৱস্থা চলি আছে। (ইয়াৰ বিভিন্ন কাৰণ আছে, বহুকেইটা সমস্যা আছে; এইবোৰ বিশ্লেষণ নহ’লে এই মন্দাৱস্থা ভৱিষ্যতেও বহু বছৰলৈকে চলিয়েই থাকিব।) অসমত অৱস্থিত কেন্দ্ৰীয় বা ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহৰ বহুতক বাদ দিলে, বিশুদ্ধ গণিতৰ ক্ষেত্ৰত ৰাজ্যত খুৱ সামান্য সংখ্যকহে ভাল কাম হৈছে। অতি কম সংখ্যক মানুহেহে দুই-এটা সামান্য ভাল কাম কৰিছে। সম্ভৱতঃ ৯৮ শতাংশ কামেই গুৰুত্বপূৰ্ণ নহয়, আৰু ইয়াৰ প্ৰায়ভাগেই শিক্ষাজগতৰ বাবে অনিষ্টকাৰক বা দুৰ্গন্ধময় আবৰ্জনা। মই ঠিক কৰিছিলোঁ যে মই কেৱল ভাল জাৰ্নেলতহে গৱেষণা-পত্ৰ উলিয়াম। নৰম জাৰ্নেলত কিবা উলিওৱাৰ পক্ষপাতী মই নহয়। টেৰেন্স টাৱে কৈছে যে “আপোনাৰ এখন গৱেষণা-পত্ৰ আপোনাৰ কৰ্মৰ এখন স্থায়ী দলিল”। বেয়া জাৰ্নেল একোখনত গৱেষণা-পত্ৰ উলিয়াই ডিগ্ৰী লৈ যোৱাৰ পাছত নিঃসন্দেহে অজ্ঞসকলৰ ওচৰত ডিগ্ৰীধাৰী ৰূপে সন্মান পোৱা যায়, ধন-টকা-পইছা হয়, কিন্তু তেওঁলোকে গোটেই জীৱন অপৰাধবোধ আৰু হীনমন্যতাত পাৰ কৰিব লগা হয়।

সেই সময়ত মোৰ ৰাপ বহিছিল Algebraic graph theory ত। ইতিমধ্যে এই সম্পৰ্কীয় কেইখনমান গৱেষণা-পত্ৰ পঢ়িছিলোঁ। পিএইছডি আৰম্ভ কৰাত মই এটা কাম পালোঁ। কেইমাহমান পঢ়ি আৰু অলপ চেষ্টা কৰি মই গম পালোঁ যে এই ক্ষেত্ৰত একো নতুন কথা নোলায়। যিবোৰ ওলায় সেইবোৰ তেনেই সাধাৰণ মানৰ কাম হ’ব আৰু সেয়াও হ’ব একপ্ৰকাৰৰ পুনৰাবৃত্তি। পূৰ্বৰ কোনো সাধাৰণ গৱেষণা-পত্ৰত যদি কখগ বুলি আছে, তেন্তে নতুনটো হ’ব abc। তাতকৈ অধিক একো নহয়, আৰু সেইবোৰ ভাল জাৰ্নেলত সমুলি প্ৰকাশ নাপায়। তেনেকৈয়ে বিভিন্ন প্ৰতিষ্ঠানৰ বহুতে উলিয়াই আছে, কিন্তু মোৰ কোনো ইচ্ছা নাছিল। এই ক্ষেত্ৰত ভাল জাৰ্নেল বুলি ক’লে Journal of Algebra, Journal of Algebraic Combinatorics, আদিৰ পৰা আৰম্ভ হয়। এইবোৰত অসমৰ উপস্থিতি দুখজনক।

গৱেষণাৰ ক্ষেত্ৰত এটা অতি গুৰুত্বপূৰ্ণ কথা হ’ল যে সমাধান কৰিবলৈ সমস্যা এটা বিচাৰি পাব লাগিব। সেই সময়ত মই নতুন আছিলোঁ, গতিকে সমাধান কৰিবলৈ প্ৰশ্ন কিছুমান গঢ়ি তুলিবলৈ সময় লাগিব। সেয়েহে ভাবিলোঁ যে পিছতে কামবোৰ কৰিম আৰু।

উত্তৰটো ইমানেই।

সাধাৰণতে বহুতৰ যিবোৰ বাহিৰা সমস্যা হয়, যেনে গাইডে বৰকৈ খটুৱাইছে, বজাৰ-সমাৰ কৰিবলৈ লগাইছে, বেংকত শাৰী পাতিবলৈ লগাইছে, ঘৰ ৰখিবলৈ লগাইছে, কিবা কথাত কাজিয়া হৈছে, নাতি-ভতিজাকক টিউচন কৰিবলৈ লগাইছে, বা আন কিছুমান কথাও আছে, তেনেকুৱা সমস্যা মোৰ ক্ষেত্ৰত একো নাছিল। মই কিছু পৰিমাণে ইনট্ৰ’ভাৰ্ট, আৰু অতি দৰকাৰী কাম নহ’লে মই বৰকৈ ওলাই-ফুৰি ভাল নাপাওঁ। সেয়েহে মই গাইড বাচি লওঁতে এই কথাবোৰ মনত ৰাখিছিলোঁ। সেই বিষয়ৰ কাম কৰা মানুহো আন নাছিল, আৰু তেওঁক মই বহু আগৰ পৰা চিনি পাওঁ, আগতে তেওঁ মোৰ শিক্ষকো আছিল; তেওঁ নিজৰ কামত তেনেকৈ ছাত্ৰ-ছাত্ৰীক ব্যৱহাৰ নকৰে। বৰং ছাত্ৰ-ছাত্ৰীৰ অতিশয় প্ৰয়োজনত তেওঁ সহায়কাৰী মনোভাৱৰ। মই এনট্ৰেন্স উত্তীৰ্ণ হোৱাৰ পাছত তেওঁৰ অধীনত ডিগ্ৰী ল’ব পাৰিম নেকি বুলি সোধাৰ লগে লগে একেষাৰে তেওঁ মান্তি হৈছিল, সেয়েহে তেওঁৰ ওচৰত মই কৃতজ্ঞ। আৰু তেওঁৰ পৰা এখন খুৱ ভাল কিতাপৰ লগত পৰিচিত হৈছিলোঁ।

অধ্যয়ন আৰু গণিততেই সৰুৰে পৰা মোৰ প্ৰধান নিচা; পাছলৈ লেখা-মেলাতো নিচা বহিল। লিখিবৰ বাবেও কিছু পঢ়া হয়। যেনে “অশ্ৰুসিক্ত এণ্ড্ৰু ৱাইলছ মূক হৈ ৰোৱা মুহূৰ্তটো” শীৰ্ষক প্ৰবন্ধটো লিখিবলৈ কেইবামাহো পঢ়া হৈছিল। সেইবোৰৰ সৰহভাগ আছিল পাঠ্যপুথি আৰু দুই-এটা প্ৰজেক্ট-ৰিপ’ৰ্ট। এনেদৰে অধ্যয়ন কৰি থকা হয় যদিও নিজে কিবা উলিওৱাৰ চিন্তা কৰা হোৱা নাছিল; পাছত কৰিম বুলি ভাবোঁতেই সেইটো ৰৈ গৈছিল। এদিন হঠাতে ভাবিলোঁ যে নিজে কিবা কৰিব লাগে; নিজে কিবা কৰাটো যাতে এতিয়াৰ পৰা জীৱনৰ অন্তিম সময়লৈকে চলি থাকে তাত মন দিব লাগে। লগে লগে সেই দিশৰ কামবোৰৰ চিন্তা-চৰ্চা আৰম্ভ কৰিলোঁ। ঘৰত ক’লো যে মই খুৱ সোনকালেই পেপাৰ উলিয়াম। যিবোৰ জাৰ্নেল আগতে ইমেইল চাবস্ক্ৰাইব কৰা আছিল, কিন্তু চোৱাটো কমি গৈছিল, সেই গোটেইবোৰ নতুন ৰাপ অনুসৰি ঠিক-ঠাক কৰি ল’লোঁ।

তেনেতে এদিন মঞ্জিলৰ পত্নী খিম্পীয়ে মোলৈ ফোন কৰিছিল। তেওঁলোক কাৰ্ডিফত থাকে আৰু খিম্পীয়ে তাৰ পৰা অসমীয়া ভাষাত কিবাকিবি কাম কৰি থাকে। মোক বানান বা শব্দাৰ্থ সুধিবলৈ কেতিয়াবা ফোন কৰে। কথা পাতিলে সাধাৰণতে বানানবোৰৰ কথা পতা হয় আৰু তাৰপাছত খাদ্যৰ ফটোৰ কথা ওলায়। সেইদিনা মই পটকৈ ক’লোঁ যে মই গৱেষণা কৰিবলৈ লৈছোঁ, কিবাকিবি আৰম্ভ কৰিছোঁ। কথাটো শুনি তেওঁৰ ফুৰ্টি লাগিল, ফোনটো ৰখাৰ পাছতে তেওঁ কথাটো মঞ্জিলক কৈ দিলে। মঞ্জিলৰো ফুৰ্টি লাগি গ’ল, আৰু লগে লগে মোলৈ ফোন কৰিলে।

স্নাতকোত্তৰ কৰি উঠি মঞ্জিলে যেতিয়া এটা ডিপ্লমা ল’বলৈ গৈছিল, তেতিয়ালৈ সৰু-সুৰা দুটা ডক্টৰেট ডিগ্ৰী ল’ব পৰা গৱেষণা-পত্ৰ তেওঁৰ প্ৰকাশ হৈ আছিল। যেতিয়া তেওঁ ডক্টৰেট ডিগ্ৰী ল’বলৈ গ’ল, তেতিয়ালৈ আন এটা ভাল ডক্টৰেট ডিগ্ৰী ল’ব পৰা দুখন গৱেষণা-পত্ৰও তেওঁৰ হৈয়েই গৈছিল। মই তেজপুৰত পঢ়ি থকাৰে পৰা তেওঁ মাজে মাজে সোধে, “এনেকুৱা প্ৰব্লেম এটা আছে, আপুনি কৰিব নেকি?” মই কৰিম বুলি কওঁ, কিন্তু কৰা নহয়। সেইবোৰ ইতিমধ্যে হৈ যায়। তাৰ পাছতো কেতিয়াবা দুই-এটা আধা কৰা কাম তেওঁ পঠিয়াই দিয়ে, মই কৰিম বুলি কওঁ, কিন্তু সেইবোৰো লেপটপতে থাকি যায়। সেইদিনা ফোনটো কৰিয়েই তেওঁ ক’লে যে “আমি কিবা কৰিব পাৰোঁ, প্ৰব্লেম কেইটামান ওলাব, হয়তো ভাল ৰিজাল্ট ওলাব।” তেওঁ মোক দিয়া পুৰণা আধৰুৱা কাম এটাৰ কথাও মনত পেলালে আৰু ফাইলটো পুনৰ পঠিয়াম বুলি ক’লে। মোৰ লেপটপত সেয়া আছিলেই, মই লগে লগে পুৰণা ফ’ল্ডাৰ খুলি ল’লোঁ, (অৱশ্যে সেইটোৰ একো ৰিজাল্ট উলিয়াব মই নোৱাৰিলোঁ)। এইবোৰৰ লগে লগে মঞ্জিলে মোক বহুখিনি কথা শিকাই থাকিল। এনেদৰেই আমি কেইবাটাও কাম কৰি আছোঁ, আৰু কেইবাটাও বিফলো হ’ল। মই এই শিতানত, আনক উপকৃত কৰিব পৰা কিছুমান কথা মাজে মাজে লিখি থাকিম, ইয়াত মঞ্জিলৰ নামে পুনৰ ভুমুকি মাৰিব।

বিশুদ্ধ গণিতৰ ক্ষেত্ৰত নিজৰ মনটোৱেই হৈছে প্ৰধান পৰীক্ষাগাৰ, আৰু হাতৰ বহীখন আৰু কলমটোৱেই প্ৰধান সঁজুলি। অৱশ্যে, আজিৰ যুগৰ গণিতৰ বাবে প্ৰয়োজনীয় কিছুমান কেলকুলেছন কৰিবলৈ বিবিধ চফ্টৱেৰ আৰু কম্পিউটাৰ প্ৰগ্ৰামৰো দৰকাৰ হয়। আৰু মোবাইলটোতে আজিকালি বহুতো কাম কৰিব পৰা হৈছে। মোবাইলত মই গৱেষণা-পত্ৰ লিখা-মেলাৰো কাম কৰিছোঁ। যিসকলে এই ক্ষেত্ৰত প্ৰৱেশ কৰিব খুজিছে, তেওঁলোকক প্ৰয়োজন হোৱা বস্তুটো হৈছে জ্ঞান; পাৰ বাগৰি যোৱা পৰিমাণৰ জ্ঞান। মই কাম কৰিবলৈ লৈ দেখিছোঁ যে, যিসকল শিক্ষাগুৰু বা বিভিন্ন গণিতজ্ঞ-বিজ্ঞানীয়ে উন্নত কাম সমাপন কৰিছে, তেওঁলোকে আচলতে এটা পকাণ্ড পাহাৰৰ ওপৰত সৰু ধুনীয়া ঘৰ এটাহে সাঁজিছে, বা লগতে দুটামান টঙি-ঘৰ সাঁজিছে, বা ঝুম-খেতিৰ দৰে সৰু সৰু দুখনমান ফুলনিও গঢ়িছে; কিন্তু যিটো কথা সাধাৰণতে চকুত নপৰে সেইটো হ’ল— তেওঁলোকে গোটেই পাহাৰটোৰ প্ৰতিটো চুক-কোণ তন্ন তন্ন কৈ জানে; প্ৰতিজোপা গছ, প্ৰতিটো গুৰি, প্ৰতিটো সুৰংগ, প্ৰতিটো জুৰি, প্ৰতিটো ডাল, প্ৰতিটো চৰাই, প্ৰতিটো সৰীসৃপ, প্ৰতিটো খলা-বমা, প্ৰতিটো শিল, প্ৰতিটো পুলি, প্ৰতিটো ফলৰ সম্পৰ্কে তেওঁলোকে জ্ঞানী। আমি যিমানখিনি আছে বুলি দেখিছোঁ, তাতকৈ বহু অধিক তেওঁলোকৰ ভিতৰত আছে, যিবোৰ লগত গুচি যাব, আৰু সেইবোৰৰ বাবেই তেওঁলোকে ভাল সৃষ্টিকেইটা সম্পন্ন কৰিবলৈ সক্ষম হৈছে। এই জ্ঞানখিনি আৰু নৱতম সৃষ্টিৰ তথ্যখিনি অতি প্ৰয়োজন। এইখিনিতে পুনৰ টেৰেন্স টাওৰ এষাৰ কথা উনুকিয়াব খুজিছোঁ— “গৱেষণা স্তৰৰ এটা সমস্যা সমাধান কৰাটো ঠিক থিয় পাহাৰ বগোৱাৰ দৰেই; যদি আপুনি খালী হাতেৰে কামটো কৰিব বিচাৰে তেন্তে আপুনি যিমানেই শক্তিশালী আৰু সক্ৰিয় নহওক কিয় আপোনাৰ ব্যৰ্থতা অৱশ্যম্ভাৱী। ইয়াৰ সলনি যদি আপুনি উপযুক্ত সঁজুলী ব্যৱহাৰ কৰে আৰু পূৰ্বসুৰীসকলে বগাবলৈ ব্যৱহাৰ কৰা পদ্ধতিসমূহ, তেওঁলোকে সমুখীন হোৱা বাধা আৰু কোনটো পথ তেওঁলোকৰ বাবে সহজ হৈছিল— এইসমূহ অধ্যয়ন কৰে তেন্তে সফলতা আপুনি অধিক সহজতে লাভ কৰিব।” আজিৰ ইণ্টাৰনেটৰ যুগত, বিশেষকৈ তাত্ত্বিক ক্ষেত্ৰখনত, এই জ্ঞানাৰ্জন আপুনি বাৰীৰ চুকৰ বাঁহ-তলত বহি লৈয়ো কৰিব পাৰে। অৱশ্যে তাৰ পাছতো কিছু জটিলতা আছে, সেয়েহে পিএইছডি পথটোৰে যোৱাটোৱো জৰুৰী।

No Comments

Post A Comment