হোমেন বৰগোহাঞিৰ এটা গাণিতিক বাক্য

কেইবাবছৰ আগতে ক’ৰবাত পঢ়িছিলোঁ যে এণ্ট্ৰপিৰ বিষয়ে কোনোবা এজন বিজ্ঞানৰ ছাত্ৰক সুধিলে তেওঁ হয়তো ক’বলৈ অসুবিধা পাব, কিন্তু সেই সম্পৰ্কতো হোমেন বৰগোহাঞিয়ে ধুনীয়াকৈ বুজাই ক’ব পাৰে। ইয়াৰ দ্বাৰা এই কথাই জনাব বিচৰা হৈছিল যে তেওঁ বিজ্ঞানৰ নানা বিষয় পঢ়ে, আৰু সেইবোৰৰ কেৱল খা-খবৰ ৰখাই নহয়, তেওঁ সেইবোৰ খৰচি মাৰি পঢ়ি হৃদয়ঙ্গম কৰিবলৈ চেষ্টা কৰে। তেওঁৰ চিকিৎসা-বিজ্ঞান সম্পৰ্কীয় লেখা আৰু আলোচনাবোৰে কিমান মানুহক উপকৃত কৰিছে! সেইদৰে, বৈজ্ঞানিক মানসিকতা আৰু বৈজ্ঞানিক কাম-কাজৰ সম্পৰ্কে তেওঁ বহুতো লেখাই লিখিছিল। বৈজ্ঞানিক উৎকৰ্ষ সাধনৰ প্ৰক্ৰিয়াৰ প্ৰতি তেওঁ আজীৱন অতি আগ্ৰহী আছিল। সাংবাদিক আৰু সম্পাদক ৰূপেও তেওঁ বিজ্ঞান-লেখা প্ৰকাশত যথেষ্ট গুৰুত্ব দিছিল।

তেওঁ এটা প্ৰবন্ধত লিখা এটা বাক্য হ’ল— “এটা ক্ষণভংগুৰ ক্ষুদ্ৰকায় প্ৰাণী মানুহ— সেই মানুহে সমগ্ৰ পশু জগতৰ ওপৰত নিজৰ আধিপত্য স্থাপন কৰিছে, মহাসমুদ্ৰ অতিক্ৰম কৰিছে, অবিশ্বাস্য গতি-বেগ অৰ্জন কৰিছে, প্ৰকৃতিৰ ৰহস্যময় শক্তিসমূহ নিজৰ সেৱাৰ কামত লগাইছে, চিন্তা আৰু কল্পনাৰ বলেৰে অসীম আৰু অনন্তক উপলব্ধি কৰিছে।” ১৯৬৯ চনত নীল আমষ্ট্ৰঙে চন্দ্ৰত প্ৰথম খোজ দিয়াৰ পিছতে হোমেন বৰগোহাঞিয়ে বিজ্ঞানৰ জয়গান গাই লিখা সৰু সৰু দুটা প্ৰবন্ধৰ এটাত এই বাক্যটো লিখিছিল। বাক্যটোৰ শেষৰ অংশটোৰ পিনে লক্ষ্য কৰিব বিচাৰিছোঁ— “(মানুহে) চিন্তা আৰু কল্পনাৰ বলেৰে অসীম আৰু অনন্তক উপলব্ধি কৰিছে।”

একোজন লেখকে বিস্তৃত অভিজ্ঞতা, প্ৰচুৰ অধ্যয়ন, গভীৰ উপলব্ধিৰ শেষত যেতিয়া একো একোটা বাক্য লিখে, তেতিয়াই লেখকজন অতি গুৰুত্বপূৰ্ণ হৈ পৰে। একোটা ক্ষুদ্ৰ জীৱকোষৰ আঁৰতে অণুবীক্ষণিক দৃষ্টিত এখন বিশাল জগত থকাৰ দৰে, তেনেকুৱা একোটা মাথোঁ বাক্যতে থাকে বিশাল এক প্ৰকাশ। সেই বাক্যটোৱো হৈছে তেনেকুৱা এটা বাক্য আৰু তাৰ শেষৰ অংশটোত সোমাই আছে এক গাণিতিক কথা।

অসীমক মানুহে বিজ্ঞান-সন্মতভাৱে উপলব্ধি কৰাটো বৰ সহজ কথা নাছিল। জৰ্জ কেণ্টৰ নামৰ গণিতজ্ঞ এজনে অসীমক আয়ত্ব কৰাৰ অভিনৱ বিশ্লেষণ পদ্ধতি উলিয়াইছিল, যাৰ দ্বাৰা তেওঁ গণিতৰ নতুন ধাৰাই সৃষ্টি কৰি পেলাইছিল; আনকি তেওঁ গণিতৰ এটা নতুন শাখাৰো সৃষ্টিকৰ্তা আছিল। অসীমৰ সম্পৰ্কে তেওঁ আৱিষ্কাৰ কৰা কথাবোৰ ইমান অভিনৱ আছিল যে সমসাময়িক কেইবাজনো বিশ্ববিখ্যাত গণিতজ্ঞইয়ো তেওঁক আক্ৰমণ কৰিছিল, আৰু বিষন্নতাত ভুগি তেওঁ জীৱনৰ শেষ সময়লৈকে পগলা-ফাটেকত থাকিব লগা হৈছিল।

মানুহে অসীমক আয়ত্ব কৰিবলৈ সক্ষম হোৱাটোত এক বৃহৎ কৃতিত্ব জৰ্জ কেণ্টৰে লাভ কৰে। তেওঁৰ পৰা বহু শতিকাৰ পূৰ্বে গ্ৰীচত প্ৰমাণ হৈছিল যে মৌলিক সংখ্যাৰ পৰিমাণ সসীম নহয়। সৰু গাণিতিক ব্যাখ্যা এটাৰ জৰিয়তে প্ৰমাণ হৈছিল যে মৌলিক সংখ্যা অসীম সংখ্যক আছে। ফলত গ্ৰীকসকলে হেনো ভাবিবলৈ লৈছিল যে চিন্তা আৰু কল্পনাৰ জৰিয়তেই তেওঁলোকে অসাধ্য সাধন কৰিব পাৰিব। হোমেন বৰগোহাঞিয়ে প্ৰাচীন গ্ৰীকসকলৰ বিষয়ে অলেখ লিখিছে। ইমানেই অধিক লিখিছে যে তাৰ বাবে তেওঁ বহুতৰ পৰা বিদ্ৰুপো লাভ কৰিছিল। গণিতৰ ইতিহাসক বাদ দিলে প্ৰাচীন গ্ৰীকসকলৰ ইতিহাস সম্পূৰ্ণ আধৰুৱা। গতিকে চিন্তা আৰু কল্পনাৰে জগত জিনাৰ কাহিনী তেওঁৰ মনত কেতিয়াবাই শিপাই আছিল। ইয়াৰ পাছতে আহিল কুৰি শতিকাৰ এখন জনপ্ৰিয় গ্ৰন্থ “One Two Three… Infinity: Facts and Speculations of Science”। লেখক জৰ্জ গেমউ। এই কিতাপখনৰ বিষয়ে হোমেন বৰগোহাঞিয়ে লিখিছিল যে “গণিতৰ প্ৰতি মোৰ হৃদয়ত নতুনকৈ প্ৰেম জগাই তোলা প্ৰথমখন কিতাপ”; “কিতাপখন পঢ়ি থাকোঁতেই মোৰ মনত এনেকুৱা ভাৱ হ’ল যে মই যদি হাইস্কুলৰ নৱম শ্ৰেণীতেই এইখন কিতাপ পঢ়িবলৈ পালোহেঁতেন, তেন্তে বোধহয় গণিতৰ অধ্যয়নকেই মই জীৱনৰ প্ৰধান ব্ৰত হিচাপে গ্ৰহণ কৰিলোহেঁতেন।” জৰ্জ কেণ্টৰে যি বিশ্লেষণ আগবঢ়াইছিল, সেই সম্পৰ্কে এই কিতাপখনত বৰ সৰল আৰু মনোগ্ৰাহীকৈ লিখা হৈছে। ইয়াত মৌলিক সংখ্যাৰ প্ৰাচীন কাহিনী সম্পৰ্কেও লিখা হৈছে। আৰু এয়া হ’ল কিতাপখনৰ দুটা অধ্যায়হে। কিতাপখনত আছে মুঠতে ১১ টা অধ্যায়, য’ৰ বাকীসমূহত বিশুদ্ধ গণিতৰ পৰা প্ৰাকৃতিক বিশ্বলৈ সংযোগ ঘটিছে। আৰু এই সমস্ত কথা আঁৰত লৈ ‘অসীম আৰু অনন্ত’ৰ সম্পৰ্কে সেইদৰে লিখাটো হোমেন বৰগোহাঞিৰ বাবে সাধাৰণ কথা হৈ পৰিছে।

পুনশ্চঃ “One Two Three… Infinity: Facts and Speculations of Science” কিতাপখন হাইস্কুলীয়া ছাত্ৰ-ছাত্ৰী, স্কুলীয়া গণিত-বিজ্ঞানৰ শিক্ষক, আৰু নতুনকৈ বিজ্ঞান-লেখক হ’ব বিচৰাসকলে পঢ়িলে বহু উপকৃত হ’ব। পদাৰ্থবিজ্ঞান পঢ়িম বুলি ভবা ছাত্ৰ-ছাত্ৰীকো কিতাপখনে সহায় কৰিব পাৰে। এইখন মৌলিক গ্ৰন্থ নহয়; সাধাৰণ পাঠকৰ বাবে লিখা বহু জনপ্ৰিয় আৰু বিখ্যাত গ্ৰন্থ এইখন। লেখক হ’ল এজন তাত্ত্বিক পদাৰ্থবিজ্ঞানী।

No Comments

Post A Comment