টোকাবহী (অণু-প্ৰবন্ধ) : ৭১ – ৮০

(৭১)

বৰগোহাঞিদেৱলৈ শ্ৰদ্ধাঞ্জলি

হোমেন বৰগোহাঞিদেৱৰ নিজৰে ভাষা ধাৰ কৰি আমি ক’ব পাৰোঁ যে— ঘৰখনত হোমেন বৰগোহাঞিৰ এখনো কিতাপ নথকা বা হোমেন বৰগোহাঞিৰ এখনো কিতাপ পঢ়ি নোপোৱা কোনোবা শিক্ষিত অসমীয়া মানুহ আছেনে? নিশ্চিতভাবে নাই।

তেখেতৰ সম্পৰ্কে আমি আন এক ধৰণেও চাব পাৰোঁ। আমাৰ মাজত এটা বস্তুৰ ডাঙৰ অভাৱ আছে। সাহিত্যিক, গায়ক, অভিনেতা, বিজ্ঞানী, খেলুৱৈ, আদি যিকোনো ধৰণে অসাধাৰণ প্ৰতিভা দেখুওৱা আৰু সাংঘাটিক জনপ্ৰিয় হোৱা এনেকুৱা খুৱ কম মানুহ আমাৰ মাজত আছে, যিসকল সামাজিক তথা ৰাজনৈতিক চিন্তাতো অতিশয় তীক্ষ্ণধী! ভূপেন হাজৰিকা গায়ক ৰূপে পাৰ ভাঙি যোৱা জনপ্ৰিয়তাৰ অধিকাৰী আছিল; কিন্তু তেওঁ আছিল সমাজ-ৰাজনৈতিক চিন্তাতো অসাধাৰণ তীক্ষ্ণধী। হীৰেন গোহাঁই সাহিত্য-সমালোচক ৰূপে অসাধাৰণ, কেৱল সেই পৰিচয়েৰেই তেওঁ অমৰ; কিন্তু সমাজ-ৰাজনৈতিক চিন্তাত তেওঁ এনেদৰে গভীৰলৈকে ব্যাপ্ত হৈ আছে যে তেওঁৰ সাহিত্য-সমালোচনাক তাৰ পৰা সীমা টানি পৃথক কৰাটো কঠিন। হোমেন বৰগোহাঞিও নিজৰ ধৰণেৰে এই শ্ৰেণী মানুহৰে অন্যতম প্ৰতিভূ। তেওঁলোকৰ খুঁত আছে, ভুল আছে, তেওঁলোক বিতৰ্কিত; কিন্তু অসমীয়া জাতিৰ বাবে অতিশয় সৌভাগ্যৰ কথা এই যে তেওঁলোকক অসমীয়াই পাইছে। এই দুই ধাৰা একেজন মানুহৰ মাজত বিৰাজ ঘটা অন্ততঃ কেইজনমানক অসমীয়াই লাভ কৰিলে! এনেকুৱাই দুইটা ধাৰা নিজৰ মাজত বৰ্তিছিল জ্যোতিপ্ৰসাদ, বিষ্ণুৰাভা, অম্বিকাগিৰীৰ। কিন্তু আৰু কিমানজন আছিল? তাতোকৈ জৰুৰী কথাটো হ’ল, আজি কিমানজন আছে? সাহিত্যিক, গায়ক, অভিনেতা, বিজ্ঞানী, খেলুৱৈ, আদি ৰূপে বিখ্যাত হৈ সামাজ-ৰাজনৈতিক চিন্তাতো অতিশয় তীক্ষ্ণতা প্ৰকাশিত হোৱা মানুহৰ অভাৱে এটা জাতিক কোঁঙা কৰে।

(৭২)

যোৱাবাৰ সাহিত্য অকাডেমী বঁটা ঘোষণা হোৱাৰ পাছত লগৰ ল’ৰা এজনে কৈছিল, “তই অভিজিৎ বৰাৰ গল্প পঢ়িছনে? এই ল’ৰাটোৱে অতি কম বয়সতে বহুত আদৰ পাইছে। অতি দক্ষ হয়।” আৰু কৈ লৈ তেওঁ মোক গল্প এটা পঢ়িবলৈ দিলে। লগৰ মানে তেওঁ এজন অভিযন্তা, পেছাত এখন ইঞ্জিনিয়াৰিং কলেজৰ অধ্যাপক, কিন্তু সাহিত্যত ৰাপ বেছি, নিজেও বাতৰি-কাকতত মাজে মাজে দুই-এটা গল্প লিখে।

অভিজিৎ বৰাই ‘ডেউকা কোবাই যায়’ গল্পপুথিখনৰ বাবে যোৱাবাৰ সাহিত্য অকাডেমী যুৱ বঁটা লাভ কৰিছিল। মই ইতিমধ্যে তথ্যখিনি দেখিছিলোঁ যে তেওঁৰ কিতাপখন নিৰ্বাচিত হৈছে সৰ্বসন্মতভাবে। মনোনয়ন লাভ কৰাসকলৰ দুই-এটা লেখা পূৰ্বতে পঢ়িছিলোঁ, সেইসকলো কম নহয়, তথাপি তাৰে মাজত সেইখন কিতাপ সৰ্বসন্মতভাবে নিৰ্বাচিত হোৱাটোৱে দৃষ্টি টানি লৈ গৈছিল। লগৰজনে মোক পঢ়িবলৈ দিয়া গল্পটো আছিল ‘ডেউকা কোবাই যায়’। মই গল্পটো পঢ়িলোঁ। তেওঁ যিখিনি কথা লিখিছে সেইখিনি দেখা বা জনা কথা। হয়তো সকলো পাঠকেই দৈনন্দিন দেখা, শুনা বা জনা কথা। কিন্তু পঢ়ি শেষ কৰি মোৰ উশাহ ক্ষন্তেক সময়ৰ বাবে যেন স্তব্ধ হৈ গ’ল। গল্পটো গল্পকাৰে যেনেকৈ লিখিছে, কেইজনে লিখিব পাৰিব তেনেকৈ? কোনে কোনে লিখিব পাৰিব তেনেকৈ? সেই প্ৰশ্নয়েই গল্পকাৰৰ পিনে টানি লৈ গ’ল এজন পাঠকক।

আনহাতে, এইবাৰ সাহিত্য অকাডেমী যুৱ বঁটা লাভ কৰিছে ‘চকী আৰু অন্যান্য গল্প’ৰ বাবে প্ৰদ্যুম্ন কুমাৰ গগৈয়ে। এইখন গ্ৰন্থও নিৰ্বাচিত হৈছে সৰ্বসন্মতভাবে। নিৰ্বাচকৰ নামেও অলপ বিস্মিত কৰিলে। তেওঁৰ সুকীয়া ধৰণৰ বিষয়ে আলোচনা শুনি আহিছিলোঁ, আৰু নিজে যি দুই-এটা লেখা পঢ়িছিলোঁ তাত কিছু বেলেগ গঠন একোটা পাইছিলোঁ। সেয়েহে গ্ৰন্থখন গ্ৰন্থমেলাত কিনিবলৈ লিষ্টত ৰাখি থৈছিলোঁ, কিন্তু আৰু ৰৈ থাকিবলৈ মন নগ’ল, অনলাইন কিনি পেলালোঁ। অভিজিৎ বৰাৰ গল্পৰ ক্ষেত্ৰত পাঠক ৰূপে যিটো ভাবে আচ্ছন্ন কৰি পেলাইছিল, প্ৰদ্যুম্ন কুমাৰ গগৈৰ গল্পইয়ো একেদৰে আচ্ছন্ন কৰি পেলাইছে। কিন্তু দুয়োজন পৃথক পৃথক।

প্ৰিয় গল্পকাৰ কোন বুলি ক’লে মনলৈ আহে ক্ৰমে সৌৰভ কুমাৰ চলিহা, অপূৰ্ব শৰ্মা, সঞ্জীৱ পল ডেকা (তুলনামূলকভাবে নতুন), …………। আনহাতে, অভিজিৎ বৰা আৰু প্ৰদ্যুম্ন কুমাৰ গগৈৰ দৰে গল্পকাৰসকলে গল্পকাৰৰ জীৱনটো আৰম্ভ কৰিছেহে, তথাপি একোখনি সুন্দৰ ঘাঁত আৰু গম্ভীৰ পদধ্বনিৰে তেওঁলোকৰো প্ৰৱেশ ঘটে এই তালিকাত। হয়তো তেওঁলোকৰ গল্প আৰু অধিক নিটোল হৈ গৈ থাকিব, আগন্তুক এটা দশকত হয়তো মিকেলাএঞ্জেল’ৰ ডেভিদৰ দৰে…।

(৭৩)

আমি ব্যৱহাৰ কৰি থকা কম্পিউটাৰ, মোবাইল, ইণ্টাৰনেট আদিত প্ৰত্যক্ষ আৰু পৰোক্ষভাবে এক বৃহৎ অৱদান থকা মানুহ এজনৰ নাম হ’ল ডেনিছ ৰিৎসী। সেই ডেনিছ ৰিৎসী বৃদ্ধ অৱস্থাত এদিন অকলে এটা কোঠালীত মৃত্যু হৈছিল, আৰু সাধাৰণ মানুহ বা তেওঁৰ বিদ্যায়তনিক প্ৰতিষ্ঠানৰ মানুহে খবৰ পাইছিল তিনিদিনমানৰ পাছত, তাকো সৰুকৈ এটামান বাতৰিহে ওলাইছিল। সেই ডেনিছ ৰিৎসীয়ে সৃষ্টি কৰা তাত্ত্বিক বিষয়-বস্তু প্ৰয়োগ কৰি কম্পিউটাৰ আৰু মোবাইল আদিৰ জগতখন সলনি কৰি পেলাইছিল ষ্টিভ জবছ নামৰ এজন মানুহে। আৰু ষ্টিভ জবছৰ মৃত্যুত গোটেই বিশ্বত হুৱাদুৱা লাগিছিল, সংবাদ জগতত দখল কৰিছিল হেজাৰ-বিজাৰ শিৰোনাম। ডেনিছ ৰিৎসী আৰু ষ্টিভ জবছৰ এই শেষ পৰিণামৰ তুলনাও তেওঁলোকৰ দৰেই বহুচৰ্চিত বা বিখ্যাত। ষ্টিভ জবছৰ তত্ত্বাৱধানত নিৰ্মিত সঁজুলি apple মোবাইল আজিও মানুহে হাতে হাতে ল’ব বিচৰা এক ষ্টেটাছ চিম্বল।

এইদৰে মানৱ জাতিক আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। প্ৰথমভাগে তত্ত্ব সৃষ্টি কৰে, দ্বিতীয়ভাগে প্ৰয়োগ কৰে, আৰু আনভাগে সেই তত্ত্বৰ প্ৰয়োগৰ ফলত উৎপন্ন হোৱা বস্তু উপভোগ কৰে। বৰ্তমান বিজ্ঞান-প্ৰযুক্তিৰ জগতখনত যিবোৰ কাম হৈ আছে, সেইবোৰ কেৱল প্ৰায়োগিক কামেই নহয়। যিবোৰ প্ৰায়োগিক কাম হৈ আছে, সেইবোৰৰ মূল তত্ত্ববোৰ নিৰ্ণিত হৈছিল যুগ যুগ আগতে, কিছুমান কেইবাশ বছৰ আগতে। একেদৰেই আজিও অলেখ তাত্ত্বিক কাম হৈ আছে, যিবোৰৰ প্ৰয়োগ ঘটিব হয়তো এশ বছৰৰ পাছত, পাঁচশ বছৰৰ পাছত, তিনি হেজাৰ বছৰৰ পাছত, বা কোনেও প্ৰয়োগ ঘটাব নোৱাৰিবও পাৰে। কি কি তত্ত্ব আজি বিকশিত হোৱাৰ ফলত এশবছৰৰ পাছত অদ্ভূত একোটা সঁজুলি উৎপন্ন হ’ব, সেয়া কোনেও নাজানে। যেনেদৰে গ্ৰাহাম বেলে টেলিফোনটো সাজি লৈ সেইটোৰ ৰিং শুনি শুনি যেতিয়া অতিষ্ঠ হৈ উঠিছিল, তেতিয়া তেওঁ সমুলি ভবা নাছিল যে মানুহৰ হাতৰ মুঠিত মোবাইল বুলি কিবা এটাও এদিন থাকিবগৈ, যিটোৰে কেৱল কথা পতাই নহয়, আন অলেখ কাম কৰিব পৰা যাব।

মোৰ মনত আটাইতকৈ অধিক সন্মান অহা মানুহবোৰ হৈছে সেই প্ৰথমভাগ মানুহ, যিসকলে তত্ত্ব সৃষ্টি কৰে। সৰু-বৰ যিয়েই নহওক লাগিলে। সকলো বিদ্বান মানুহেই অতি সন্মান কৰা মানুহবোৰ হৈছে এই তাত্ত্বিক জগতৰ মানুহবোৰ, কিন্তু সাধাৰণ মানুহৰ মাজত তেওঁলোক আৰু তেওঁলোকৰ কৰ্ম প্ৰায়েই অপৰিচিত হৈ থাকি যায়। তাত্ত্বিক জগতৰ এজন মানুহ Kurt Gödel ৰ বিষয়ে সুৰেন্দ্ৰ নাথ মেধিয়ে (সৌৰভ কুমাৰ চলিহা) যেতিয়া অসমীয়া ভাষাত প্ৰথম প্ৰবন্ধ লিখিবলৈ লৈছিল, তেতিয়া সেই যুগৰ আটাইতকৈ বিখ্যাত বিশ্বকোষ Encyclopaedia Britannica তেই একো বিচাৰি পোৱা নাছিল। সেই তিনিটা ভাগৰ দ্বিতীয়ভাগ মানুহো নিসন্দেহে অতি গুৰুত্বপূৰ্ণ, কিন্তু তৃতীয়ভাগ হ’বলৈ চিম্পাঞ্জীতকৈ বৰ বেছি উন্নত হোৱাৰ প্ৰয়োজন নাই। তেন্তে প্ৰশ্ন আহি যায় যে তত্ত্ব কিহৰ বাবে? চৃড়ান্ত বিচাৰত তাকটো কোনোবাই উৎপাদিত বস্তু ৰূপে উপভোগ কৰিবই লাগিব? ধৰাহওক, ২০৯৯ চনত চুকুমুকু নামৰ এটা বস্তু উৎপাদিত হৈছে, তাক ল’ব পৰাটো হৈ পৰিছে ষ্টেটাছ চিম্বলৰ যুঁজ। কোনোবাই কৈছে মোৰ চুকুমুকুটো দামী, কোনোবাই কৈছে মোৰ চুকুমুকুটো ধুনীয়া, কোনোবাই কৈছে তাৰ চুকুমুকুটো ধুনীয়া হ’লে কি হ’ব পানীত পৰিলে ওপঙি যায়, আন কোনোবাই কৈছে অমুকৰ চুকুমুকুটোৱে পানীত ওপঙিলে কি হ’ব তমুকৰ চুকুমুকুটোৱে কিন্তু উৰিবও পাৰে। আজি অদ্ভূত যেন লগা আৰু ভৱিষ্যতে আহি থকা সেই বস্তুটো উপভোগৰ বাবে সেই যুঁজখনৰ বাবেইতো প্ৰায়োগিক-বিজ্ঞানৰ মানুহখিনি কাম কৰিবলৈ সুবিধা পাইছে? আৰু প্ৰায়োগিক-বিজ্ঞানৰ মানুহখিনিয়ে কামত খটুওৱা বাবেইতো তত্ত্বৰ স্থান আছে? গতিকে তত্ত্বৰ স্থান সেই উপভোগৰ চিম্পাঞ্জী-যুঁজখনেই নিৰ্ণয় কৰে নেকি? তত্ত্বৰ মূল্য কেৱল সিমানেই নেকি? আচলতে, আজিৰ পৃথিৱীত কোনেও এই তিনিওভাগ মানুহৰ মাজত সীমাৰেখা টানিব নোৱাৰে। এই সীমাৰেখা ধূসৰ। তথাপি, এই কথাও সত্য যে তত্ত্ব কেৱল তাৰ প্ৰয়োগৰ ফলত উৎপাদিত বস্তু উপভোগৰ বাবেই যে বৰ্তি আছে তেনে নহয়, ই হৈছে পৰম সত্যৰ সন্ধানৰ এক মূৰ্ত প্ৰকাশ।

(৭৪)

স্প’কেন ইংলিছৰ কেন্দ্ৰ সকলোতে গঢ়ি তোলক

অসমীয়া মাধ্যম – ইংৰাজী মাধ্যম, এই সমস্যাটো দূৰ কৰাৰ এটা উপায় আছে। সেই উপায়টোলৈ যোৱাৰ আগতে আমি এটা কাহিনী শুনি লোৱা ভাল হ’ব।

এক-ডেৰ দশকৰ পূৰ্বে মহাবিদ্যালয়বোৰৰ কাষে-পাশে কিছুমান কম্পিউটাৰ প্ৰতিষ্ঠান গঢ়ি উঠিছিল। প্ৰতিষ্ঠানবোৰ আমাৰ স্কুল-কলেজবোৰৰ ক্লাছ-ৰূমৰ দৰে নাছিল। তাত চিকচিকীয়া টাইলছ লগোৱা থাকে। টাইলছ নহ’লেও ৰং-বিৰঙৰ পানী-কাপোৰ (কাৰ্পেট) একোখন হ’লেও ফ্ল’ৰত পাৰি থোৱা থাকে। চেণ্ডেল খুলি ভিতৰলৈ সোমাব লাগে। ফলত এটা অন্ধবিশ্বাসো বিয়পিছিল যে কম্পিউটাৰ থকা কোঠালৈ চেণ্ডেল পিন্ধি গ’ল কম্পিউটাৰত ভাইৰাছ লাগে, তাৰ বাবে দামী এণ্টি-ভাইৰাছ লগাব লগা হয়। বিজ্ঞান-প্ৰযুক্তিৰ উন্নতিয়েও যে কিছুমান নতুন অন্ধবিশ্বাস সৃষ্টি কৰিব পাৰে, সেইটো আছিল তাৰে এক উত্তম উদাহৰণ। তেনেকুৱা কোনোবা এটি প্ৰতিষ্ঠানৰে ছাৰ এজনক আমি সমগ্ৰ কম্পিউটাৰ জগতখনৰ এজন জিনিয়াছ বুলি গণ্য কৰিছিলোঁ। আমি জানিবলৈ চেষ্টা কৰিছিলোঁ যে তেওঁ কেনেদৰে ক’ত কি পঢ়ি কম্পিউটাৰ জগৰত এনে উচ্চতৰ পৰ্যায়ত উপনীত হৈছে। কিন্তু তাৰ উত্তৰটো আমি পাবলৈ সক্ষম হোৱা নাছিলোঁ। আমাৰ শিক্ষাগুৰুসকলতকৈ তেওঁলোকক পৃথক পৃথক যেন লাগিছিল। হয়তো কম্পিউটাৰ জগতৰ মানুহ বাবেই তেওঁলোকৰ গাত আমাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলতকৈ সেই অলপ পৃথক ৰূপ আছে বুলি আমি মনতে ধৰিছিলোঁ।

এদিন লগৰ ছোৱালী এজনীয়ে ক’লে, “আমি যে তেওঁক ছাৰ ছাৰ বুলি কৈ থাকোঁ, আমাৰ দাদাই কি কৈছে জাননে– “সেইটো কাঠ-বেপাৰীহে আছিল, একো নাজানে কম্পিউটাৰৰ, অকল ফটো মাৰি বা ভিডিঅ’ কৰি কম্পিউটাৰটোত চলাব জানে, এমএছ অফিচটো জানে। দাদা বুলি মাতিবি, কি ছাৰ ছাৰ বুলি মাত তাক! এতিয়া কম্পিউটাৰৰ বেপাৰ ভাল কাৰণে কম্পিউটাৰৰ দোকান দিছে।” মোৰ আচৰিত লাগি গৈছে শুনি, কিন্তু হয় কথাটো।” সেই কথাটো শুনি লগে লগে আমাৰো চকু থৰ হৈ গ’ল।

এতিয়া, গুৰুত্বপূৰ্ণ কথাটো হ’ল– এই প্ৰতিষ্ঠানসমূহে গোটেই অসমত এটা জাগৰণ আনিলে, মানুহৰ মনলৈ এটা আত্মবিশ্বাস আনিলে। কম্পিউটাৰ ব্যৱহাৰ কৰি কৰিব পৰা সৰু-সুৰা কামবোৰৰ সম্পৰ্কে সাধাৰণ মানুহৰ মনতো একোটা ধাৰণা গঢ়ি উঠিল। কম্পিউটাৰৰ প্ৰয়োজনীয়তাকো মানুহে বুজি পালে। লগতে এই কথাও মানুহে বুজিব পৰা হ’ল যে কম্পিউটাৰ-মেকানিক আৰু কম্পিউটাৰ-অভিযন্তা দুটা বেলেগ বস্তু। ডিটিপি কৰা আৰু প্ৰগ্ৰেম কৰা — দুটা পৃথক পৃথক কাম। ফটোশ্বপ কৰা আৰু মেথেমেটিকা কৰা — এইবোৰ সুকীয়া সুকীয়া কথা।

ঠিক একেদৰেই সমগ্ৰ অসমত এটা নতুন জাগৰণ অহা প্ৰয়োজন যাতে প্ৰতিটো তিনিআলি-চাৰিআলিত spoken English ৰ প্ৰতিষ্ঠান কিছুমান গঢ়ি উঠে। যেনেদৰে স্কুলীয়া ল’ৰা-ছোৱালীক অভিভাৱকে ছবি-স্কুল, সাঁতোৰ-স্কুল, মিউজিক-স্কুল আদিলৈ এনেই হ’লেও দুদিনমান লৈ যায়, যাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী অলপ হ’লেও উপকৃত হয়, ঠিক তেনেকৈ অভিভাৱকে সন্তানক spoken English ৰ স্কুললৈ লৈ যোৱাটো এটা কাম হৈ পৰাৰ পৰিৱেশ এটা আহিব লাগে।

যিখিনি ইংলিছৰ প্ৰয়োজনীয়তাক লৈ সদায় বিতৰ্ক বা আলোচনা হৈ থাকে, সেইখিনিৰ বাবে এলিয়টৰ কবিতা জনাৰ প্ৰয়োজন নাই, বা গেব্ৰিয়েল মাৰ্কেজৰ উপন্যাস বুজাৰো দৰকাৰ নাই। তেনেকুৱা বস্তু পাঠ্যপুথিত থাকেই, সেইখিনিয়ে ইংৰাজী সাহিত্যৰ সম্পৰ্কে নিশ্চয়কৈ ধাৰণা এটা দিয়ে। কিন্তু আমাৰ শিক্ষা-ব্যৱস্থাই তাৰ জৰিয়তে ইংৰাজী ভাষাটো নিচেই কম সংখ্যককহে শিকাব পাৰে। ভাষাটো শিকাৰ বাবে প্ৰয়োজন অতি সামান্য অন্য কিছু কথাৰহে। বিশেষকৈ এটা আত্মবিশ্বাস, আৰু অভ্যাস। যিখিনি দিব পাৰিব spoken English ৰ স্কুল ৰূপে আহিব পৰা সেই জাগৰণটোৱে। তেতিয়া প্ৰতিখন ইংৰাজী মাধ্যমৰ স্কুল উঠি গ’লেও বিশেষ একো অসুবিধা নাথাকিব।

(৭৫)

হাইস্কুলত থাকোঁতে ছাৰ এজন আমাৰ ঘৰলৈ আহোঁতে এজন মানুহৰ কাহিনী কৈছিল। ছাৰে কৈছিল, সেই মানুহজনে পিছপৰা অঞ্চললৈ গৈ এখন স্কুল প্ৰতিষ্ঠা কৰে, স্কুলখনলৈ গাঁৱৰ ল’ৰা-ছোৱালী আহিবলৈ দিয়ে, শিক্ষকসকলক আদৰ্শৰ পাঠ দিয়ে, তাৰ পাছত চৰকাৰক লাগি লাগি স্কুলখনলৈ দৰমহা অহা কৰে, আৰু লগে লগে তেওঁ স্কুলখন এৰি দিয়ে। তেনেকৈ তেওঁ কেইবাখনো স্কুল প্ৰতিষ্ঠা কৰিলে। অৱশেষত এখনত, গাঁৱৰ মানুহে তেওঁক হেঁচা মাৰি ধৰিলে যে আপুনি এইখনৰ পৰা এখোজো ওলাই যাব নোৱাৰে। এটা সময়ত স্কুল আৰু স্কুলৰ শিক্ষক বুলি ক’লে (বা ওপৰ পৰ্যায়তো) সামগ্ৰিকভাবে পৰিৱেশত স্খলন এটা আহিছিল। সেইটোৰ পৰিমাণ বৃহতেই আছিল। তেনে সময়তে তেওঁৰ নেতৃত্বত সেই অন্তিম স্কুলখনে যথেষ্ট দূৰলৈকে এক ডাঙৰ আদৰ্শ দাঙি ধৰিছিল। যি সময়ত স্কুললৈ কমকৈ অহা শিক্ষকজনৰে ক্ষমতা বেছি বুলি যেনি তেনি (কু-)আদৰ্শ প্ৰচলন হ’বলৈ লৈছিল, সেই সময়তে সেইখন চৰকাৰী স্কুলত শিক্ষকে দহটাৰ পৰা তিনিটালৈ ক্লাছ কৰিছিল। তেতিয়া শুনা সেই কাহিনীয়ে এতিয়াও ৰোমাঞ্চিত কৰে।

তাৰ পাছত একো একোটা বিশাল প্ৰেক্ষাপটত তেনেকুৱা আন আন কাহিনীও শুনিছোঁ। তেনে এক কাহিনীৰে নায়ক এই ফটোখনৰ ব্যক্তিজন। সমগ্ৰ অসমৰ শিক্ষা প্ৰসাৰৰ ক্ষেত্ৰখনৰ এগৰাকী পিতামহ। তেওঁ উচ্চশিক্ষা জগতখনত নতুনকৈ প্ৰতিষ্ঠা হোৱা এটাৰ পাছত এটা প্ৰতিষ্ঠানলৈ গৈছিল, এটা আৰ্হি দিছিল, আৰু তাৰ পাছত আকৌ আন এটালৈ গৈছিল। তেওঁ আছিল কটন মহাবিদ্যালয়ৰ অধ্যাপক, যোৰহাট বিজ্ঞান মহাবিদ্যালয়ৰ এগৰাকী প্ৰতিষ্ঠাপক, ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰতিষ্ঠাপক। তেজপুৰ বিশ্ববিদ্যালয়তো প্ৰথম সময়খিনিত গণিত বিভাগৰ অধ্যাপক আছিল। তেওঁ শ্লেট কমিচনৰ এগৰাকী প্ৰতিষ্ঠাপক আছিল। স্কুলীয়া উচ্চ গণিতৰ প্ৰথম আধুনিক পাঠ্যপুথি প্ৰণয়ন কৰিছিল। আৰু বহুতো কাম। আজিৰ সময়ত চালে এই গোটেইবোৰ কাম তুলনামূলকভাবে সহজ যেনো লাগিব পাৰে, কাৰণ সকলো আছেই। সেয়েহে, সেই কৰ্মৰাজিৰ গুৰুত্ব বুজিবলৈ আমি অতীতলৈ ঘূৰি চাব লাগিব। যেতিয়া নেকি একো নাছিল। সম্পূৰ্ণ শূন্যৰ পৰা এনে পৰ্যায়ৰ কাম কৰাটো অসাধাৰণ কথা। উদাহৰণস্বৰূপে, এডমাণ্ড হিলাৰীয়ে ১৯৫৩ চনত যেতিয়া এভাৰেষ্ট জয় কৰিছিল, তাৰ আগত শ শ বছৰ পাৰ হৈ গৈছিল, কোনেও পৰা নাছিল। কিন্তু তেওঁ যেতিয়াই জয় কৰিলে, তাৰ পাছত প্ৰতি বছৰে দুজন-তিনিজনকৈ মানুহে জয় কৰিবলৈ ধৰিলে। আৰু আজিকালি প্ৰতি বছৰে প্ৰায় পাঁচশই জয় কৰে।

তেওঁ আছিল ‘অসম গণিত শিক্ষায়তন’ৰো এগৰাকী প্ৰতিস্থাপক আৰু এসময়ৰ শিক্ষায়তনৰ দুৰন্ত কৰ্মী। ‘অসম গণিত শিক্ষায়তন’ৰ ৩৬ সংখ্যক অধিৱেশন তেওঁক লগ পালোঁ। বিশেষ স্থানত দিবলৈ তেওঁৰ ভাল ফটো লগা হৈ আছিল মোক। বহু আগৰ পৰা বিচাৰি পোৱা নাছিলোঁ। সেয়েহে শিক্ষায়তনৰ প্ৰতিনিধি সভাৰ মাজতে বহুকেইখন ফটো তুলিলোঁ, বেলেগকো ভালকৈ তুলিবলৈ ক’লোঁ, কিন্তু এখনো পচন্দ নোহোৱাত শেষত ক’লোঁ যে ছাৰ আপুনি অকণমান বহি দিয়কচোন, কেইখনমান ফটো তোলো। তেওঁ বহিল, বহুজনে তেওঁৰ ফটো তুলিলে, তেওঁৰ লগতো তুলিলে। মইয়ো তুলি দিলোঁ। তাৰে মাজৰ এখন ভাল লগা ফটো এইখন।

ব্যক্তিগৰাকীৰ নাম তাৰকেশ্বৰ চৌধুৰী।

(৭৬)

ৰেড কাৰ্পেটৰ ঘটনাটোৱে এটা কথা পুনৰ প্ৰমাণ কৰিলে যে ৰাজনৈতিক নেতাৰ সফলতা বা ক্ষমতাশালীসকলৰ ততোধিক ক্ষমতা প্ৰদৰ্শনৰ দক্ষতাৰ লগত কলা, সৃষ্টি, বিজ্ঞান, সাহিত্য আদিৰ সফলতাৰ সমুলি মিল নাই। ক্ষমতা আৰু সুবিধাৰ চূড়ান্ত উচ্চ স্তৰত পদাৰ্পন কৰিলেও সৃষ্টি গ্ৰহণযোগ্য বা গুৰুত্বপূৰ্ণ হৈ নুঠিব পাৰে। ডাঙৰ ৰাজনৈতিক নেতা এজনৰ জীৱনী এখন লিখি যদি তেওঁক উপহাৰ দিয়া হয় তেন্তে কোনো সমষ্টিৰ টিকট এটা পোৱা যাব পাৰে বা মন্ত্ৰীও হৈ যাব পাৰে। কিন্তু আইনষ্টাইনৰ জীৱনী এখন লিখি আইনষ্টাইনৰ মন ভুলাবলৈ চেষ্টা কৰিলেও কোনেও গুৰুত্বপূৰ্ণ বা অসাধাৰণ সূত্ৰ এটা আৱিষ্কাৰ কৰিব নোৱাৰে। ক্ষমতাশালী মানুহ এজনৰ সৈতে যদি এখন ফটো তুলি দেখুওৱা হয় তেন্তে ৰাইজৰ বহুতো মানুহ ভোল গৈ আতৌ-পুতৌ কৰিব পাৰে, কিন্তু ডাঙৰ সাহিত্যিক এজনৰ লগত সোঁহাত হৈ ঘূৰি থাকিলেও শ্ৰেষ্ঠ গল্পটো মনত অংকুৰিত নহ’বই পাৰে। জেমছ কেমেৰুণৰ কাষেৰে গৈ আটাইতকৈ ওখ চূড়াটোত উঠি ফটো এখন ল’লে ৰাজনৈতিক নেতা এজনে দুটামান ভোট বেছিকৈ পাই জয়ী হ’ব পাৰে, কিন্তু শ্ৰেষ্ঠ চিত্ৰনাট্য এখন লিখাৰ দক্ষতা তাৰ জৰিয়তে কোনোদিনেই নাহে।

(৭৭)

আজি বিজ্ঞান শাখাত প্ৰথম স্থান অধিকাৰ কৰা ধৃতিৰাজ বাস্তৱ কলিতাই ডাক্টৰ-ইঞ্জিনিয়াৰ নহৈ বিএছচি পঢ়িম, শিক্ষক হ’ম বুলি কোৱা কথাটোৱে ব্যাপক প্ৰচাৰ লাভ কৰিছে। কিন্তু যেনেদৰে প্ৰচাৰ পোৱা দেখা পাই আছোঁ, কথাটো ইমান সৰল নহয়। (অৱশ্যে প্ৰচাৰ হোৱাটো ভাল কথা। এই প্ৰসংগটোৰ সম্পৰ্কেও বহু বছৰ ধৰি চৰ্চা হৈ আছে।)

ডাক্টৰ-ইঞ্জিনিয়াৰ হোৱাৰ অৰ্থ হৈছে এজন স্নাতক হোৱা। তাৰ পাছতো চিকিৎসাৰ স্নাতকোত্তৰ বা ইঞ্জিনিয়াৰিঙৰ স্নাতকোত্তৰ কৰি, তাৰ গৱেষণা কৰি মেডিকেল কলেজ / ইঞ্জিনিয়াৰিং কলেজত শিক্ষকতা কৰিব পাৰি। তেওঁ তাৰ লগত জড়িত বিষয়বোৰ নপঢ়ি আন বিষয়ৰ স্নাতক, স্নাতকোত্তৰ, পিএইছডি আদি লৈ আইআইটিত শিক্ষকতা কৰিব বিচাৰিছে।

তেওঁ স্নাতক ডিগ্ৰী ল’বৰ কাৰণে ইতিমধ্যে IISERs ছীট লাভ কাৰিছে। সেই সম্পৰ্কে তেওঁ কৈ থাকোঁতে কোনখন IISER ত ছীট পাইছে সেয়া ক’বলৈ নাপাওঁতে সাংবাদিক এগৰাকীয়ে তেওঁক গান এটা গোৱা বুলি কোৱাত সেই কথা ৰাইজে জানিবলৈ নাপালে। পাছত কোনোবাই সাক্ষাৎকাৰ ল’লে হয়তো গম পোৱা যাব।

কথা হ’ল যে IISERs ত ছীট পোৱাটো বৰ এটা সহজ কথা নহয়। অৱশ্যে তাৰ বাবে যে ষ্টেণ্ড কৰিবই লাগিব তেনে কথাও নহয়। আন আন কিছু সংখ্যক অসমীয়াই IISERs ত শিক্ষা গ্ৰহণ কৰি আছে। ধৃতিৰাজে IISERs ত ছীট পোৱাৰ লগতে ইতিমধ্যে স্কলাৰশ্বিপো লাভ কৰিছে।

IISERs মানে হৈছে ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠানসমূহ (Indian Institutes of Science Education and Research)। যেনেকৈ আইআইটিবোৰ প্ৰধানতঃ প্ৰযুক্তিবিদ্যাৰ প্ৰতি উচৰ্গিত, এইমছবোৰ চিকিৎসাবিদ্যা তথা চিকিৎসা-গৱেষণাৰ প্ৰতি উচৰ্গিত, আইআইএছচি আদি প্ৰতিষ্ঠানবোৰ মৌলিক গৱেষণাৰ প্ৰতি উচৰ্গিত, তেনেকৈ IISER বোৰ প্ৰধানতঃ মৌলিক বিজ্ঞান শিক্ষা আৰু গৱেষণাৰ প্ৰতি উচৰ্গিত। দেশত সাতখন IISER আছে। অসমতো এখন IISER প্ৰতিষ্ঠা হোৱাৰ দৰকাৰ। অসমৰ মাজভাগত এখন IISER প্ৰতিষ্ঠা হোৱাৰ পূৰ্ণ সমল আছে।

ধৃতিৰাজে যেনেকৈ IISERs পৰা ওলাই গৈ বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠানত অধ্যয়ন কৰি আহি আইআইটিত শিক্ষকতা কৰিব বিচাৰিছে, সেই পথেৰে তেওঁ এজন প্ৰকৃত বিজ্ঞানী হৈ উঠিব।

(৭৮)

বৰ্তমানো সক্ৰিয় ৰূপত থকা আটাইতকৈ পুৰণি অসমীয়া (দ্বিভাষিক) ই-আলোচনীখন হ’ল ‘গণিত চ’ৰা’। এইবাৰ ‘গৰীয়সী’খন ইণ্টাৰনেটত অসমীয়া ভাষা-সাহিত্য সম্পৰ্কীয় বিশেষ সংখ্যা ৰূপে প্ৰকাশ পাইছে। তাত গণিত চ’ৰাৰ সম্পৰ্কে সমুলি উল্লেখ নাই; এটাও শব্দ নাই। কথাটো আমোদদায়কভাবেহে উল্লেখ কৰিছোঁ, এয়া সমালোচনা নহয়। ‘গৰীয়সী’ৰ সংখ্যাটো ভাল উদ্দেশ্য লৈ প্ৰকাশ কৰা হৈছে, যিসকলে লিখিছে আটাইকেইজন প্ৰিয় ব্যক্তি, আৰু তেওঁলোকে এটি সময়ক ধুনীয়াকৈ তুলি ধৰাৰ যথেষ্ট চেষ্টা কৰিছে, তেওঁলোকৰ লেখাবোৰত ‘গণিত চ’ৰা’ৰ সম্পৰ্কে লিখাৰ কোনো উপায়ো সিমান নাই।

এতিয়া মূল আমোদদায়ক কথাবোৰলৈ আহোঁ–

‘গণিত চ’ৰা’ প্ৰতিষ্ঠা হৈছিল ২০১১ চনৰ ২১ এপ্ৰিলত। অত বছৰে ই অসমীয়া ভাষাৰ হকে একো কৰা নাই নেকি? নিশ্চয় কৰিছে। কিন্তু, ই নিলগত থাকি যায় বিজ্ঞান বা গণিত বুলি। কালি মুখ্যমন্ত্ৰীৰ ফেচবুক পেজত ‘ঘৰে ঘৰে তিৰংগ পতাকা’ বুলি এটা ভিডিঅ’ মুকলি কৰিছে। ভিডিঅ’টো দেখা নাছিলোঁ, আজি লগৰ এজনে হোৱাটছ্এপত দিলে, এনেই চাবলৈ তেওঁ শ্বেয়াৰ কৰিছে, চাই লৈ মই পটকৈ এটা কথা তেওঁক ক’লোঁ যে, ভিডিঅ’টোত এজনো বিজ্ঞানী নাই। এনেই নিজৰ মাজতে পতা কথা, কিন্তু এইটো কথা সদায় চকুত পৰি যায়– এইটো ভিডিঅ’তে দেখা গ’ল যে– গায়ক আছে, অভিনেতা আছে, যাদৱ পায়েং আছে, সাহিত্যিক আছে, খেলুৱৈ আছে, বিজ্ঞানী নাই। বিজ্ঞানী নাথাকে, মানে ৰখা নহয়। এইবিলাক কথা কোনেও উল্লেখো নকৰে। আকৌ, এইকেইদিন অসমীয়া ভাষা স্কুলৰ পৰা বিশেষ ধৰণে আঁতৰোৱাৰ কথা চলি থকা সময়ত বিজ্ঞানীৰ তালিকা একোখন প্ৰচাৰ হ’ব ধৰিছে যে তেওঁলোকে অসমীয়াত পঢ়ি গৈ ডাঙৰ বিজ্ঞানী হ’ব পাৰিছে। কিন্তু সাহিত্যিকসকলে আন সময়ত অসমীয়া বিজ্ঞানীৰ কথা প্ৰায় নিলিখেই। ৰাজহুৱা সভা-সমিতিতটো বিজ্ঞানীৰ বৰ এটা স্থান নাইয়ো। এই প্ৰক্ৰিয়াবোৰ অলপ সলনি হোৱা প্ৰয়োজন।

(৭৯)

যিসমূহ চৰকাৰী শিক্ষকে LIC ৰ এজেণ্ট, সাংবাদিকতা আদি কৰি আছে, তেওঁলোকৰ ওপৰত চৰকাৰে বিহিত ব্যৱস্থা লোৱাৰ কথা ঘোষণা কৰিছে। এইসমূহক শিক্ষাজগতৰ শত্ৰু বুলি গণ্য কৰা হৈছে।

এইসমূহৰ লগতে আন দুই-তিনি শিক্ষকো থাকে যিসমূহে শিক্ষকতাৰ লগতে বেজালী-মংগলতী আদি কাৰ্য-বৃত্তি কৰি থাকে। এইসমূহ কেৱল শিক্ষাজগতৰে শত্ৰু নহয়, মানৱ সভ্যতা, যুক্তিবাদ, তথা পৰিয়াল-সমাজ ব্যৱস্থাৰো শত্ৰু। সেইসমূহৰ ওপৰতো বিহিত ব্যৱস্থা ল’ব লাগে।

(৮০)

প্ৰায় কুৰি বছৰ ধৰি এটা বন্ধ খামত আবদ্ধ থকা নীলমণি ফুকনৰ চিঠিখনক লৈ জল্পনা-কল্পনাৰ অন্ত নাই। সেইখন খুলিলে বিতৰ্কৰ ধুমুহা আহিব পৰিব নেকি বা চেপা উত্তেজনাৰ সৃষ্টি হ’ব নেকি, বা কোনোবা মানুহ তেনেই উদং হৈ পৰিব নেকি, তেনেকুৱা ধাৰণাও চলিছে।

আলি হাইদৰৰ এখন নাটক আছিল। তাতে এগৰাকী মাকৰ ল’ৰা-ছোৱালীকেইটা লুভিয়া, বজৰুৱা আছিল। মাটি-বাৰি লাগে, ডাঙৰ ঘৰ লাগে, প্ৰতিপত্তি লাগে, সম্পত্তি লাগে — সেয়াই আছিল সন্তানকেইটাৰ খেলা। পিতৃ নাই। আৰু মাকৰ মৃত্যু হ’বলৈয়ো বৰ বেছি বছৰ নাই। ইফালে মাকৰ অধীনত এটা পকাণ্ড চন্দুক আছে। সেইটো ইমানেই গধূৰ যে দুটাই ঠেলিও আঁতৰাব নোৱাৰে। সেইটো খুলিবলৈ মাকে সিহঁতক নিদিয়ে। মাকে বাৰে বাৰে বাধা দিয়ে। ল’ৰা-ছোৱালীকেইটা আৰু সিহঁতৰ পৰিয়ালবোৰৰ সাংঘাটিক খোৰা-কামোৰা আৰম্ভ হ’ল — সেইটোত জমা থকা ধন-সোণবোৰ উলিয়াই সিহঁতৰ মাজত মাকে ভগাই দিব লাগে। কোনোটোৱে চন্দুকটো মনে মনে খোলাৰো বিফল চেষ্টা কৰে। সিহঁতৰ যুঁজ বাঢ়ি গৈ থাকিল আৰু শেষত উপায় নাপাই মাকে চন্দুকটো খোলাৰ কথা ঘোষণা কৰিবলৈ বাধ্য হ’ল। ল’ৰা-ছোৱালীকেইটাই নিজৰ নিজৰ সম্পত্তি-ঘৰ-দুৱাৰৰ পাহাৰ গঢ়াৰ কল্পনা কৰিবলৈ ধৰিলে। এদিন সময়ত মাকে চন্দুকটো খুলিলে। আটাইয়ে বেহুচ, মূক, নিৰৱ! চন্দুকটোত আছে মাথোঁ অকণমানি কাপোৰ এটুকুৰা!

চিঠিখনৰ কাহিনীৰ লগত নাটকখনৰ কাহিনী সমুলি নিমিলে। নীলমণি ফুকনৰ দৰে এটি প্ৰতিভা আৰু ব্যক্তিত্বক শেষ কৰাৰ যি অদ্ভুত ষড়যন্ত্ৰ ৰচিত হৈছিল, সেই কাহিনীৰ লগত জড়িত তেওঁৰ চিঠিখনলৈ সকলোৰে কৌতূহল থকাটো তেনেই স্বাভাৱিক। চিঠিখনৰ প্ৰসংগত সেই নাটকখনলৈ বাৰে বাৰে মনত পৰাৰ কাৰণটো হ’ল— যিমান যি আশা কৰা হৈছে, সেয়া একো নহ’বও পাৰে, ই এক সৰল বাৰ্তাও হৈ পৰিব পাৰে সেই বিশেষ কাপোৰ টুকুৰাৰ দৰে, য’ত থাকিব পাৰে কিছুপৰৰ নিৰৱ প্ৰশান্তি, নাথাকিব কোনো তীব্ৰ উত্তাপ। একো ক’ব নোৱাৰি।

No Comments

Post A Comment