গৱেষণা-পত্ৰ প্ৰত্যাখ্যাত হ’লে হতাশা দূৰ কৰাৰ এটি উপায়

কেইবছৰমান আগতে এজন নামী মানুহে এটা কথা কৈছিল; সেই কথাটোৱে মোক আচৰিত কৰি দিছিল। তেওঁ এজন অতিশয় বিজ্ঞ, দক্ষতাসম্পন্ন মানুহ; ছাত্ৰ-ছাত্ৰী তথা উচ্চশিক্ষা জগতত তেওঁ এজন গ্লেমাৰাছ মানুহ; কেইবাখনো প্ৰতিষ্ঠানৰ পদবী শুৱনি কৰিছে তেওঁ। তেওঁলোকৰ গোটেই পৰিয়ালটোৰ এটা নাম আছে। মানুহজনে তাহানিৰ কটন কলেজত পঢ়ি থাকোঁতে ‘কটনিয়ান’ৰ বাবে এটা প্ৰবন্ধ লিখিছিল, বিজ্ঞান প্ৰবন্ধ। বৰ যত্ন কৰি কেইবা সপ্তাহ সময় খৰচ কৰি লিখিছিল তেওঁ। কিন্তু প্ৰবন্ধটো প্ৰকাশ নাপালে। আৰু তেওঁ গোটেই জীৱন একো বিশেষ প্ৰবন্ধ লিখিব নোৱাৰিলে। তেওঁৰ লিখাৰ দক্ষতা আছিল; তেওঁৰ যি বৰ্ণাঢ্য কৰ্ম-অভিজ্ঞতা, দেশ-বিদেশৰ অভিজ্ঞতা, তেওঁৰ জ্ঞানৰাজী, তেওঁৰ অন্বেষণ — এইবোৰে প্ৰকাশ কৰে যে তেওঁৰ মাজত প্ৰবন্ধৰ এটা ভাণ্ডাৰ আছিল, কিন্তু সেইবোৰ কোনোদিন লিখা নহ’ল। এবাৰ মই তেওঁক লিখিবলৈ অনুৰোধ জনাইছিলোঁ, আৰু তেওঁ সেই ঘটনাটো কৈ মোক জনাইছিল যে তেওঁ জীৱনত বহুবাৰ লিখিবলৈ চেষ্টা নকৰা নহয়, কিন্তু লিখিবলৈ ল’লেই সেই ঘটনাটো মনত পৰে আৰু তেওঁ একো লিখিব নোৱাৰে। সেই আঘাটটো তেওঁ কোনোদিন অতিক্ৰম কৰিব নোৱাৰিলে। তেওঁৰ দক্ষতাৰ ভিত্তিত মই ধাৰণা কৰোঁ যে তেওঁৰ প্ৰবন্ধটো হয়তো গৱেষণামূলক বিশেষ প্ৰবন্ধলৈ ৰূপান্তৰিত হৈছিল, যিটো হয়তো ‘ৰেজনেন্স’ ধৰণৰ ৰাষ্ট্ৰীয় বিজ্ঞান-আলোচনীতো প্ৰকাশ পালেহেঁতেন, কিন্তু যিহেতু কটনিয়ান এখন সাধাৰণ আলোচনী সেয়েহে তাত প্ৰকাশ নহ’ল। যিটো হতাশা বা ক্ষোভ তেওঁ অতিক্ৰম কৰিব পাৰিব লাগিছিল, সেইটো অতিক্ৰম কৰিব তেওঁ নোৱাৰিলে। তেওঁৰ দৰে মানুহ এজনৰো এনেকুৱা হৈছে! ইমান চৰম পৰ্যায়ৰ নহ’লেও, এনেকুৱা ধৰণৰ আঘাট বহুতে পায়। এইটো ভাব অতিক্ৰম কৰিব নোৱাৰিলে অনিষ্ট হয়। এইধৰণৰ ঘটনা গৱেষণা-পত্ৰ প্ৰকাশৰ ক্ষেত্ৰতো ঘটে।

একোখন গৱেষণা-পত্ৰ লিখি হোৱাৰ লগে লগে, সেইখন কি কি জাৰ্নেলত প্ৰকাশ হ’ব পাৰে তাৰ এখন তালিকা কৰি ল’ব লাগে। পাঁচখনমান জাৰ্নেল বাছি উলিয়াব লাগে, আৰু ওপৰৰ পৰা তললৈ মান অনুসৰি বিবেচনা কৰি ল’ব লাগে। নিসন্দেহে আপুনি প্ৰথমে উচ্চমানৰ জাৰ্নেলখনলৈ পঠিয়াবই। কিন্তু কেতিয়াবা এনেকুৱাও হ’ব পাৰে যে আপোনাৰ কামটো ভাল হোৱাৰ পাছতো গৱেষণা-পত্ৰখনৰ বিষয়টো জাৰ্নেলখনৰ লগত মিলা বুলি গণ্য নকৰিব পাৰে। ধৰি লওক, যি কাৰণতেই নহওক কিয়, আপোনাৰ ভাল গৱেষণা-পত্ৰখন তাত প্ৰকাশ নাপাই বুলি আপোনাক জনালে। তেতিয়া আপুনি তাৰ তলৰ মানৰ জাৰ্নেলখনলৈ পঠিয়াওক।

এই তালিকাখন প্ৰস্তুত কৰি লওঁতে, ইখন জাৰ্নেলৰ পৰা সিখন জাৰ্নেললৈ মানৰ গেপটো বা বিষয়-বস্তুৰ স্তৰটো ভালকৈ আয়ত্ব কৰিব পাৰিব লাগিব। আৰু এইটো আয়ত্ত্বত থাকিলে প্ৰথম বা দ্বিতীয় স্থানৰখনতে সাধাৰণতে প্ৰকাশ পায়েই। অভিজ্ঞসকলৰ বাবে এইটো ছেকেণ্ডৰ কাম। কিন্তু নতুনসকলৰ বাবে এইটো দোধোৰ-মোধোৰত পেলোৱা ডাঙৰ সমস্যা। আৰু অভিজ্ঞসকলৰ মনতে ছেকেণ্ডতে তালিকাখন প্ৰস্তুত হৈ যায়, ফলত তেওঁলোকৰ মনত একো প্ৰভাৱ নপৰে। কিন্তু নতুনসকলে এইখন প্ৰস্তুত কৰি নল’লে হতাশাত ভুগিব পাৰে। যেতিয়া তেওঁলোকে পঞ্চমখন জাৰ্নেলৰ পৰ্যন্ত প্ৰস্তুত থাকিব, তেতিয়া ৰিজেক্ট হ’লে বিশেষ হতাশাত নোভোগে। আটাইতকৈ উচ্চখনত প্ৰকাশ হোৱাটো তেওঁলোকৰ বাবে বোনাচৰ দৰে হৈ পৰে।

যদি তালিকাখন প্ৰস্তুত কৰি নোলোৱাকৈ এখন জাৰ্নেললৈ পঠিয়াই দিয়ে, তাত প্ৰকাশ হ’লেতো ভালেই; যদি প্ৰকাশ নহয়, তেতিয়া আন এখন জাৰ্নেল বাছি ল’বলৈ বা কি কৰিম-নকৰিম সিদ্ধান্ত ল’বলৈ নতুনসকলক কেইদিনমান সময় লাগে, এইটো সময় অদৰকাৰত যায়। কাৰণ সেই বিবেচনা কৰা কামটো নতুনকৈ কৰিব লগা নিচিনা হয়। এই সময়খিনিতে তেওঁলোক হাতাশাতো ভোগে, যাৰ কুপ্ৰভাৱ আন কামতো পৰে। এনেবোৰ কিছুমান সৰু সৰু কাৰণত সেই সময়বোৰত তেওঁলোক খিংখিঙীয়া হোৱাও দেখা যায়।

এনেকুৱা কিছুমান সৰু সৰু কথা মন কৰিলে কামবোৰ আনন্দদায়ক ৰূপলৈ পৰিবৰ্তন কৰিব পাৰি।

No Comments

Post A Comment