২০৩১ ৰ অসম : পোন্ধৰটা পূৰ্বানুমান

০৯-০৫-২০২১, অসমৰ বাবে এক ঐতিহাসিক দিন। এই দিনটোৱে অসমৰ ৰূপ সলনি কৰি পেলাব। সমাজ, বিজ্ঞান, সংস্কৃতি সকলো ক্ষেত্ৰতে মানুহে পূৰ্বানুমান কৰে। আগন্তুক দহটা বছৰ শেষ হোৱাৰ পাছত অসমত কি কি পৰিৱৰ্তন দেখা যাব পাৰে, তাৰ কিছু পূৰ্বানুমান আমিও কৰিব পাৰোঁ। আমাৰ পোন্ধৰটা পূৰ্বানুমান এনেধৰণৰ:

১) সৰু সৰু চহৰবোৰৰ আন্তঃগাঠনিয়ে বিকাশিত ৰূপ পাব।

২) মথাউৰিৰ উন্নত সাধন হ’ব।

৩) বহিৰ্ৰাজ্যৰ বৃহৎ প্ৰতিষ্ঠানৰ সৈতে যুটীয়া কৰ্ম বৃদ্ধি পাব।

৪) স্কুলীয়া শিক্ষাখণ্ডত গুণগত শিক্ষা লাভ হোৱা দেখা যাব।

৫) ডেকা-আদহীয়া বুদ্ধিজীৱী আৰু সাংবাদিকসকলৰ প্ৰায়ভাগৰে মেৰুদণ্ড লোপ পাব। আৰু তেনেসকলে নিৰ্লজ্জভাৱে মেৰুদণ্ডহীনতা প্ৰদৰ্শন কৰোতাত পৰিণত হ’ব।

৬) ৫ নং অৱস্থাটো দেখি, বুঢ়া বুদ্ধিজীৱী আৰু সাংবাদিকসকলৰো প্ৰায়ভাগেই কেলেহুৱা হৈ পৰিব। তেওঁলোকে নষ্টালজিয়া আৰু সৌন্দৰ্যচৰ্চা ধৰ্মী সাহিত্যচৰ্চাৰ পিনে ঢাপলি মেলিব।

৭) শিক্ষক-অধ্যাপকসকলৰ সৰহভাগেই ৰাজনৈতিক নেতা দেখা মাত্ৰেই পদলেহন কৰা আৰু মূৰ দোঁৱাই ফুৰা ভক্তত পৰিণত হ’ব।

৮) ৫ নং আৰু ৭ নম্বৰৰ প্ৰভাৱত, অলেখ অনুষ্ঠান-প্ৰতিষ্ঠানৰ প্ৰায়ভাগৰে সভাপতি-উপসভাপতি, সচিব-উপসচিব, মুৰব্বী-সহকাৰী আদিত সেই বিখ্যাত ____হঁতৰ দৰে মানুহ ভৰ্তি হৈ পৰিব।

৯) ঠায়ে ঠায়ে গুন্দাৰাজৰ উকমুকনি উঠাৰ সন্দেহ বৰ্তী থাকিব।

১০) শৈক্ষিক পদবীবোৰত মিঃ ৰাজকুমাৰৰ দৰে অৱদান আগঢ়োৱাসকল এতিয়াতকৈ হেজাৰগুণ অধিক পৰিমাণে ভৰি পৰিব। প্ৰায়বোৰ উচ্চ-শিক্ষা আৰু জাতীয় প্ৰতিষ্ঠান কোঁঙা হৈ পৰিব।

১১) সাতভনীৰ সম্প্ৰীতি বৃদ্ধি পাব। সীমান্তৰ গাওঁবোৰৰ সীমাবিবাদ দূৰ হ’ব।

১২) লেপটপ-টেবলেট-মোবাইল-এপ আদি ধৰণৰ সঁজুলীবোৰৰ প্ৰয়োগ সাধাৰণ কৰ্মচাৰীৰ মাজতো বৃদ্ধিৰ ব্যৱস্থা হোৱাৰ সম্ভাৱনা আছে। তাৰ বাবে বিবিধ প্ৰতিষ্ঠানৰ লগত সহযোগিতামূলক চুক্তি হ’ব পাৰে। অৱশ্যে সেইবোৰত নতুন প্ৰযুক্তি সংযুক্ত হ’ব নে নহয় সেয়া সময়ৰ লগে লগেহে গম পোৱা যাব।

১৩) ক্ষুদ্ৰ এনজিঅ’ৰ সংখ্যা বৃদ্ধি পাব পাৰে।

১৪) আধুনিক শিল্পীসকলৰ সৰহভাগে চৰকাৰৰ ঘৰলৈ দান দিয়া বা ৰাইজৰ মংগলৰ বাবে চৰকাৰক সহযোগ কৰা দৰে দেখুৱাবলৈ চল বিচাৰি ফুৰা কাৰ্য অধিক বৃদ্ধি পাব।

১৫) দুখীয়াসকল পেটে-ভাতে অধিক সন্তুষ্ট হোৱাৰ উপায় ওলাব।

1 Comment
  • Bonti Boruah
    Posted at 14:31h, 11 May Reply

    ভাল লাগিল দাদা ❤️ আপোনাৰ পোষ্টবিলাক মই প্ৰায়ে পঢ়ো ।

Post A Comment