টোকাবহী (অণু-প্ৰবন্ধ) : ৮১ – ১০০
(৮১)
‘The Old Man and the Sea’, ‘দেৱ দুন্দুভি বাজে কাৰ বাবে’ আদি অমৰ উপন্যাসৰ লেখক আৰু সাহিত্যৰ নোবেল বঁটা বিজয়ী আৰ্নেষ্ট হেমিংৱেৰ এষাৰ উক্তিয়ে অজস্ৰ মানুহক অনুপ্ৰাণিত কৰি আহিছেঃ “The first draft of anything is shit.” ফাৰ্ষ্ট-ড্ৰাফ্টটো সম্পূৰ্ণ কৰাটোৱেই হৈছে crucial কাম। কিন্তু, এইটোৱেই আটাইতকৈ কঠিন কাম। ইয়াক কঠিন কৰি তোলে প্ৰথমেই মনত ক্ৰিয়া কৰা পৰিপূৰ্ণতাৰ বাসনাই। কিন্তু এই বাসনাই কল্পনাৰ পুনৰাবৃত্তিহে কৰে। সেয়ে আটাইতকৈ জৰুৰী কামটো হৈছে সৃষ্টিটো বাস্তৱলৈ অনা। গৱেষণাৰ ক্ষেত্ৰতো টেৰেন্সে টাৱে “bare-bones skeleton”টো দ্ৰুততাৰে লিখি পেলোৱাৰ পোষকতা কৰে। আৰু এষাৰ কথা আছে যে— বেয়া লেখা এটা এডিট কৰিব পাৰি, কিন্তু এটা খালি পৃষ্ঠা এডিট কৰিব নোৱাৰি। হেমিংৱেয়ে ‘The Old Man and the Sea’ দুশবাৰ এডিট কৰিছিল। “How do I know what I think until I see what I say?” — E.M. Forster
(৮২)
সৰুতে মই ভাও লৈছিলোঁ। কৃষ্ণৰ ভাওটো মোৰ ভাগতে পৰে। বৰ নামঘৰত ভাওনা হয়, ৰাইজৰ আলোচনা মতে ভাওবোৰ ঠিক হয়, আৰু যিঘৰে ভাওনাখন পাতে সেই গৃহষ্ঠ ঘৰে প্ৰতিজন ভাৱৰীয়াৰ ঘৰে ঘৰে গৈ গুৱা-পাণ এটাৰ সৈতে বচনৰ কাগজখন দি আখৰালৈ নিমন্ত্ৰণ জনাই থৈ অহাটো নিয়ম আছিল। এবাৰ তেনেকৈ নিমন্ত্ৰণ দি মানুহ এজনে ক’লে, ‘ল’ৰাটোক পাই বৰ ভাল পাইছোঁ। আমি ৰাইজে আলোচনা কৰিছোঁ— বেলেগক আৰু কৃষ্ণৰ ভাও নিদিওঁ। গোঁসাই ল’ৰা এটায়েই যেতিয়া কৃষ্ণৰ ভাওটোকে ল’ব, ভাওনাই ভাল ফল দেখুৱাব, গৃহষ্ঠৰ মনোবাঞ্চা পূৰণ হ’ব।’ সকলো সন্তুষ্ট হ’ল, কিন্তু মোৰ বিৰাট খং উঠি গ’ল। যিখন নাটত মোক ভাওটো দিছিল, সেইখন নাটেই পোন্ধৰ দিনমানৰ আগত বেলেগ এঘৰেও পাতিছিল, তেতিয়াও ভাওটো ময়েই লৈছিলোঁ, আৰু পুনৰ নিয়ম মতেই আখৰাও হৈছিল, কিন্তু ভাওনাৰ দিনা মই নাগাও বুলিয়েই বচনেই নাগালোঁ। পাছত বেলেগ নাটত পুনৰ মোলৈকে কৃষ্ণৰ ভাওটো আহিল। মই বচন মোকোলায়েই নাচালোঁ। আখৰাত যেনে তেনে চলাই দিলোঁ। তাৰ পাছতো মোলৈ ভাও আহি থাকিল। কিন্তু শেষত উপায় নহ’ল, মোক এৰুৱাবলৈ বাধ্য হ’ল। তাৰ কাৰণে মই ৰাইজৰ দুই-এজনৰ পৰা বহুত নিন্দা শুনিলোঁ। স্কুলত শিক্ষকেও এদিন মোক পঢ়া কথাৰ মাজতে ধেৰ পিটিলে, অকণমান বচনকণ মুখষ্ঠ কৰিব নোৱৰা সম্পূৰ্ণ গাধা বুলি, নিজেই ভালকৈ দিয়া ভাওটোৰ বচনখন পোন্ধৰ দিনৰ পাছতে পাহৰি যোৱা গৰু বুলি। মই কোনো প্ৰতিক্ৰিয়াই নেদেখুৱালোঁ। সৰুতেই সেইটো মোৰ কেনেকৈ আহিছিল গম নাপাওঁ। কৃষ্ণৰ ভাওটো মূল ভাও, সেইটো পাবলৈ মানুহে যুঁজ কৰি থাকে, হাহাকাৰ কৰি থাকে। মই অনায়াসে পাই সুযোগতে দখল কৰি থাকিব পাৰিলোঁহেঁতেন। কিন্তু মোৰ কোনো আগ্ৰহ নাহিল।
কথাষাৰ যিজনে কৈছিল, তেওঁক এতিয়াও প্ৰায়ে লগ পাওঁ। ভাল শুভাকাংক্ষীৰ দৰে মাতবোল কৰে, ময়ো ভাল পাওঁ মানুহজনক ব্যৱহাৰ-পাতি ভাল আৰু এজন ভাল মানুহ হিচাপে। তেওঁক দেখিলেই ঘটনাটো প্ৰায়ে মোৰ মনত পৰে। কিন্তু তেওঁৰ কথাষাৰ শুনিয়েই যে মই সেইটো কাণ্ড কৰিছিলোঁ সেই সম্পৰ্কে তেওঁৰ একো ধাৰণাই নাই।
আন এটা কাহিনী। বিষয় এটাৰ শিক্ষক এজনে ছাত্ৰ-ছাত্ৰীক খুৱ মাৰপিট কৰিছিল। তেওঁক দেখিলেই ছাত্ৰ-ছাত্ৰীয়ে ভয় খাইছিল। ধেমেলিয়া পদ্য কিছুমান যে থাকে— এইটো বিষয় টান, এইটো বিষয় ভয় লগা, এইজন চাৰে কাণচেপা দিব….। তেনেকুৱা পদ্যবোৰত তেওঁৰ নামটো যুক্ত কৰিও চবেই গাইছিল। মোৰো তেওঁলৈ অতিপাত ভয় লাগিছিল। ফলত মই তেওঁৰ বিষয়টো কোনোদিন নপঢ়িছিলোঁ। তেওঁ চবকে মাৰপিট কৰে কাৰণেই মই ঘৰত কিতাপখন মোকোলায়েই চোৱা নাছিলোঁ। বছৰেকীয়া পৰীক্ষা আহিল। মই জানিলোঁ যে মই সেইখনত ফেইল কৰিম। কিন্তু ইতিমধ্যে খবৰ-খাতি কৰি গম পাইছিলোঁ যে এটা বিষয়ত ফেইল কৰিলে সৰুকালত ফেইল কৰাই নিদিয়ে। গতিকে মই নিচিন্ত হৈ থাকিলোঁ। তেনেতে বেলেগ এজন শিক্ষকে সেইটো বিষয়ৰ পৰীক্ষাত আহিবলগীয়া দুটা প্ৰশ্ন কৈ দিলে। প্ৰতিটোতে পোন্ধৰ পোন্ধৰ নম্বৰ। মোক ক’লে, ‘এই দুটা খাটাং আহিব। পুৰা পঢ়ি যাবি। কাকো নক’বি তই।’ মই ভালেই পালোঁ, বেলেগ চিন্তা তেতিয়া মনলৈ নাহিল। সেই পাঠ দুটা মই কোনোদিন পঢ়াই নাছিলোঁ, স্কুলতো পঢ়ুওৱা নাছিল, গতিকে ভাবিলোঁ যে উত্তৰ দুটা পঢ়িমেই, দুয়োটাতে কমেও ২৮ পামেই, অলপটো নিজেই জানোৱেই, গতিকে চল্লিছমান পাম, সকলো চিন্তা শেষ। দুদিন পাছত লগৰ বেলেগ এটা ল’ৰাই ক’লে, ‘তোমাক ছাৰে প্ৰশ্ন দুটা দিছে হয়নে? মোকো দিছে। মই ফেইল কৰিম বুলি ভাবি আছিলোঁ, সেইজনে ইমান পিটে, মোৰ পঢ়িবলৈকে মন নাযায়, এতিয়া পাছ কৰিম। প্ৰশ্ন দুটা অকল তোমাকে-মোকে দিছে, বেলেগক ক’বলৈ হাক দিছে।’ এইবাৰ মোৰ খং উঠি গ’ল— ‘তেওঁ মোৰ আগত ক’লে অকল মোকে কৈছে। তাৰ আগত দুয়োটাক কোৱা বুলি কৈছে। মোক ফাঁকিটো কিয় দিলে?’ লগে লগে মই সিদ্ধান্ত ল’লোঁ যে মই প্ৰশ্ন দুটাৰ উত্তৰ নপঢ়োঁ। সঁচাকৈ নপঢ়িলোঁৱেই। আৰু সঁচাকৈ প্ৰশ্ন দুটা পৰীক্ষাত হুবহু দেখা পালোঁ। কিন্তু মই সেই দুটাৰ একোৱেই নিলিখিলোঁ, পঢ়াই নাই কাৰণে লিখিব নোৱাৰিলোঁৱেই। মই মুঠ নম্বৰ পালোঁ ২৬। মই খাটাং ২৬ পাম বুলি ভাবিছিলোঁ, আৰু ২৬ য়েই পালোঁ। কিন্তু লাগি গ’ল হাহাকাৰ। এটা চেপা উত্তেজনাৰ সৃষ্টি হ’ল। ৩০ নম্বৰৰ প্ৰশ্ন জনাৰ পাছতো কেনেকৈ ২৬ আহিব পাৰে! মোৰ মুঠ নম্বৰ বহুত বেছি আছিল, কিন্তু এখনত ফেইল। বাকী সকলোৰে মুঠ নম্বৰ মোতকৈ বহুত কম, দ্বিতীয় স্থানত থকাগৰাকীৰ অলপ বেছি, তথাপি মোতকৈ বহুত কম। কিন্তু এখনত ফেইল কৰা ল’ৰাটোক কেনেকৈ ৰোল-নম্বৰ ১ বুলি ক’ব পাৰি! গতিকে মোৰ ৰোল-নম্বৰ ২ হিচাপে উত্তীৰ্ণ কৰাব লগা হ’ল। বাকী বিষয়ত বহুত নম্বৰ পাই এটা বিষয়ত ফেইল কৰা বাবে শিক্ষকজনে ইচ্ছা কৰি ফেইল কৰোৱা বুলি চৰ্চা হ’ল। শিক্ষকজনৰ লগত বহুতৰ বেয়া আছিল, ফলত ইচ্ছা কৰিলেও কোনেও বহীখন বিচাৰি চাব নোৱাৰিলে। শিক্ষকজনক বহুতো গুৱালগালি পৰা হ’ল। মই মাথোঁ নিৰৱে সকলো শুনি থাকিলোঁ আৰু গোটেই মানুহবোৰৰ উত্তেজনা দেখি আমোদ পালোঁ। আৰু মই ভবা মতেই কাটা কাটা নম্বৰ পোৱা বাবে শিক্ষকজনলৈ সন্মান এটা আহিল।
পাছৰ বছৰত মোৰ পঢ়া এনেই কমি গ’ল, কিন্তু কোনোখনতে ফেইল নকৰাটো নিশ্চিত হ’লোঁ, সেই বিষয়টোও মই সমানে পঢ়িলোঁ। সকলো বিষয়তে কমকৈ নম্বৰ পোৱাটো নিশ্চিত আছিলোঁ যদিও, তাক লৈ মোৰ কোনো উদ্বিগ্নতাও নাছিল। আৰু বাকী সকলোৱেই নিজৰ মতে চলি আছিল, আগৰ দৰেই একে একে পৰ্যায়তে তেওঁলোকে নম্বৰ লাভ কৰিব বুলি নিশ্চিত আছিল। যেতিয়া ফলাফল ওলাল, মোৰ ৰোল-নম্বৰ এক হৈ গ’ল। মোৰ বিৰাট ফুৰ্টি লাগিল। নতুন বছৰৰ স্কুল খোলাৰ দিনা পুৱা মই ফুৰ্টিৰে স্কুললৈ যাবলৈ ওলালোঁ, তেনেতে কোনোবা এজনে মোক আহি ক’লেহি— দুজনমান শিক্ষকে মোৰ হেনো নম্বৰবোৰ বঢ়াই ৰোল-নম্বৰ এক কৰি দিছে, সেইবাবে ৰোল-নম্বৰ দুইত থকাগৰাকীয়ে স্কুলখন এৰি বেলেগ স্কুললৈ গুচি গৈছে। অদ্ভুত কথাটো শুনি চক খাই গ’লোঁ। পাছদিনা মই স্কুললৈ সোনকালে ওলাই গ’লোঁ। শিক্ষক থাকিলে অফিচত সোমাবলৈ ভয়। নথকা সময়তে চকীদাৰজনক কৈ, চবৰে গোটেই নম্বৰবোৰ লিখি থোৱা বহীখন বিচাৰি চালোঁ। সঁচাকৈ! মোৰ নম্বৰ বঢ়াই থোৱা আছে। মোক যিমান নম্বৰ দি থোৱা আছে সিমান মই লিখাই নাছিলোঁ। কিন্তু চবেই গুচি যোৱাগৰাকীক বেয়া বেয়াকৈ ক’বলৈ ধৰিলে, মোৰ ৰোল-নম্বৰ এক হোৱা বাবে হিংসা লগা বুলি ক’লে। মই আহত হৈ মাথোঁ শুনি থাকিলোঁ। মানুহে কথা কৈ থকাৰ ওপৰত কথা ক’বলৈ মোৰ সংকোচ হৈছিল আৰু কথা কোৱাত মোৰ অনিহাও আছিল। পাছত আমি দুয়োজন সহপাঠী বহুবাৰ মুখামুখি হ’লোঁ, ডাঙৰ হোৱাৰ পাছত পুনৰ এবাৰ সহপাঠীও হ’লোঁ, সেই কথাটো আমাৰ মাজত কোনোদিন নোলাল, আমি একেধৰণেই থাকিলোঁ, বাহিৰে বাহিৰেই সেইবিলাক থাকি গ’ল।
মই এনেকুৱা ধেৰ কাণ্ড কৰিছিলোঁ। সেইবোৰ এইবাৰ লিখোঁ বুলি ভাবিছোঁ, যদি পাঠক ওলায়। সকলোৱে আমোদ পাব, চিন্তাৰ সমলো পাব।
(৮৩)
ৰয়েল ছ’চাইটিৰ ৩৬৫ বছৰীয়া ইতিহাসত এইবাৰ দ্বিতীয়বাৰৰ বাবে এগৰাকী ভাৰতীয় মহিলা বিজ্ঞানী সদস্য হিচাপে নিৰ্বাচিত হৈছে। তেওঁৰ নাম হৈছে সৌম্য স্বামীনাথন। আজিও সক্ৰিয় ৰূপত থকা বিশ্বৰ আটাইতকৈ পুৰণি বৈজ্ঞানিক সংস্থাটিয়েই হৈছে ৰয়েল ছ’চাইটি। ই আজিও অত্যন্ত প্ৰভাৱশালী। ইয়ালৈ সদস্য ৰূপে নিৰ্বাচিত হোৱাটো বিশ্বত এটা অতি সন্মানীয় স্বীকৃতি হিচাপেও ধৰা হয়।
এইবাৰ মুঠতে দুজন ভাৰতীয় বিজ্ঞানী ৰয়েল ছ’চাইটিলৈ নিৰ্বাচিত হৈছে। আনজন হৈছে কম্পিউটাৰ বিজ্ঞানী আৰু গণিতজ্ঞ মণীন্দ্ৰ আগ্ৰৱাল। এইজন মণীন্দ্ৰ আগ্ৰৱালেই আছিল নীৰজ কয়ালৰ পিএইছডিৰ গাইড। নীৰজ কয়ালে শৈশৱ অসমত পাৰ কৰিছিল। গণিত অলিম্পিয়াডত তেওঁ দুবাৰকৈ ড৹ সুব্ৰতানন্দ দুৱৰা স্বৰ্ণ-পদক জয় কৰিছিল। তেওঁ হায়াৰ ছেকেণ্ডাৰী পঢ়িছিল তেতিয়াৰ কটন মহাবিদ্যালয়ত।
মণীন্দ্ৰ আগ্ৰৱালে তেওঁৰ দুই ছাত্ৰ নীৰজ কয়াল আৰু নীতিন চাক্সেনাৰ সৈতে “PRIMES is in P” শীৰ্ষক এখন গৱেষণা-পত্ৰ প্ৰকাশ কৰিছিল গণিতৰ সৰ্বশ্ৰেষ্ঠ জাৰ্নেল বুলি সততে উল্লিখিত “Annals of Mathematics”ত। মৌলিক সংখ্যা অধ্যয়ন সম্পৰ্কীয় ই একপ্ৰকাৰৰ যুগান্তকাৰী কাম আছিল। তেওঁলোকৰ সেই কামটো এতিয়া তেওঁলোক তিনিওৰে নামেৰে “AKS primality test” বুলি পৰিচিত।
তেওঁলোকৰ এটা আমোদজনক, অথচ অনুপ্ৰেৰণাদায়ক ধুনীয়া কাহিনী আছে। কেতিয়াবা বিফলতায়ো সাংঘাতিক ডাঙৰ সফলতাত সহায় কৰিব পাৰে। সেই সময়ত নীৰজ কয়াল আৰু নীতিন চাক্সেনাই বিটেক সম্পূৰ্ণ কৰিছিল। তেওঁলোক দুয়োৰে প্ৰজেক্টৰ তত্ত্বাৱধায়ক আছিল মনীন্দ্ৰ আগ্ৰৱাল। উচ্চশিক্ষাৰ বাবে নীৰজ কয়াল ভাৰততে থাকিব বিচাৰিছিল আৰু নীতিন চাক্সেনাই বিদেশলৈ যাবলৈ বিচাৰিছিল। কিন্তু নীতিন চাক্সেনাই মন পচন্দৰ এখনো প্ৰতিষ্ঠানত সুযোগ নাপালে। সেয়ে তেওঁলোকে সেইকেইদিনত তেওঁলোকৰ বিটেকৰ প্ৰজেক্টটোৰ পৰৱৰ্তী স্তৰটোত একেলগে লাগিবলৈ ধৰিলে। কেইসপ্তাহমান পাছতে তেওঁলোক তিনিও মিলি এই বিখ্যাত আৱিষ্কাৰটো পাবলৈ সক্ষম হ’ল। লগে লগে বিশ্বত খলকনি উঠিল। এইটোৱো এটা চৰ্চিত কথা যে— যদিহে নীতিন চাক্সেনাই মন পচন্দৰ প্ৰতিষ্ঠান এখনত ছীট পাই বিদেশলৈ বা দূৰলৈ গুচি গ’লহেঁতেন, সেই কামটো তেওঁলোকৰ দ্বাৰা কিজানি নহ’লহেঁতেন, আৰু আমিও তেওঁলোকক ইমানকৈ চিনি নাপালোহেঁতেন।
সৌম্য স্বামীনাথনৰ এষাৰ কথা আমাৰ পৰিপ্ৰেক্ষিততো অতি গুৰুত্বপূৰ্ণ। তেওঁ কয় যে বৈজ্ঞানিক বিষয়-বস্তুবোৰ সাধাৰণ মানুহৰ বাবেও বোধগম্য হোৱাকৈ লিখাটো অতি দৰকাৰী। তেওঁ এই কথা বিশেষকৈ কয়, ৰাজনৈতিক নেতাসকলৰ বাবে কামত অহাকৈ বুজাব পৰাৰ প্ৰসংগত। তেতিয়াহে আমাৰ নেতাসকলে উপযুক্ত পলিচিসমূহ গ্ৰহণ কৰিব।
ৰয়েল ছ’চাইটিৰ প্ৰথমগৰাকী ভাৰতীয় মহিলা সদস্য হৈছে গগনদীপ কাং। তেওঁক লৈ মই এটা প্ৰবন্ধ লিখিছিলোঁ। সৌম্য স্বামীনাথনৰ বাতৰিটো পোৱাৰ পাছত গগনদীপ কাং সম্পৰ্কীয় সেই প্ৰবন্ধটোলৈ মোৰ মনত পৰিল। প্ৰবন্ধটোৰ বাতৰি-কাকতত প্ৰকাশিত ফটো-ৰূপটো মই যোৱা দুদিন ধৰি লেপটপৰ ফ’ল্ডাৰবোৰত বিচাৰি আছিলোঁ। বিচাৰি বিচাৰি নাপাই, আজিহে মনত পৰিল যে প্ৰবন্ধটো মই বাতৰি-কাকতলৈ প্ৰকাশৰ বাবে নপঠিয়ালোঁৱেই! প্ৰবন্ধটো মোৰ ব্লগত দিয়া আছেঃ https://blog.pankajjyoti.com/gagandeep-kang/
সৌম্য স্বামীনাথনৰ দেউতাকো ৰয়েল ছ’চাইটিৰ সদস্য আছিল। তেওঁ হৈছে ভাৰত ৰত্নৰে সন্মানীত এম. এছ. স্বামীনাথন।
(৮৪)
Soborno Isaac Bari কিছু তীক্ষ্ণধী কিশোৰ। কিন্তু গতানুগতিক বা সাধাৰণ প্ৰশ্নকেইটামান আনতকৈ সৰুতেই কৰিব পৰা কাৰ্যটোকে যুগান্তকাৰী বৈজ্ঞানিক কৰ্মৰ দৰে প্ৰচাৰ কৰা বাবে বিতৰ্কিত। সেইদৰেই বিভিন্ন প্ৰতিষ্ঠানত বক্তৃতা দিয়ে, তাৰ জৰিয়তে উপাৰ্জন কৰে। মেডিয়া হাইপ সৃষ্টি কৰি এইধৰণৰ বজাৰখন তেওঁ প্ৰধানকৈ ভাৰতীয় প্ৰতিষ্ঠানবোৰৰ পৰা পায়। এই অপপ্ৰচাৰবোৰত ভাৰতীয় মেডিয়াই অৰিহণা যোগায়, যি মেডিয়াই সঠিক বৈজ্ঞানিক প্ৰচাৰত অৱহেলা কৰে বা প্ৰধানকৈ বিনোদনত গুৰুত্ব দিয়ে। Soborno Isaac Bari ৰ কথনভংগী সুন্দৰ, লগতে সাংঘাতিক attitude আৰু বৈজ্ঞানিক গভীৰতা প্ৰায় শূন্য, বা ভৱিষ্যতে গুৰুত্বপূৰ্ণ বৈজ্ঞানিক কৰ্ম কৰিব নে নকৰে তাৰো সঠিক দিশ জনা নাযায়। কালি তেজপুৰ বিশ্ববিদ্যালয়লৈও আনিছিল। খবৰটো শুনি প্ৰথমে আচৰিত লাগিছিল। কিন্তু ভিডিঅ’টো দেখি ভাল লাগিল। ভিডিঅ’টোত দৰ্শকৰ মাজৰ পৰা থিয় দিয়াজন পদাৰ্থবিজ্ঞানৰ এজন অধ্যাপক। (য’ত অধ্যাপকগৰাকীয়ে কয় যে বিষয়ৰ গভীৰতা নথকাকৈ এনেই বিশ্ববিদ্যালয়বোৰত বক্তৃতা দিবলৈ আহিব খুজি মিছামিছি সময় নষ্ট কৰি যেন নাথাকে।)
(৮৫)
কেইদিনমান আগতে এগৰাকী যুৱতী নিৰুদ্দেশ হোৱা ঘটনাই গোটেই ৰাজ্য কঁপাই গৈছিল। তাৰে কেইদিনমান পাছত যুৱতীগৰাকীৰ এটা ভিডিঅ’ই পুনৰ সংবাদ মাধ্যম তোলপাৰ লগাই দিছিল। য’ত যুৱতীগৰাকীয়ে কৈছিল যে তেওঁৰ “ব্যক্তিগত” ফটো আৰু ভিডিঅ’ ৰাজহুৱা কৰিব বুলি প্ৰেমিকে ভাবুকি দি আছিল, যাৰ লগতেই তেওঁ বিয়া হ’বলৈ মন মেলিছিল, আৰু যুৱতীগৰাকীয়ে মানসিক সন্তুলন প্ৰায় হেৰুৱাই পেলাইছিল।
এয়া সঁচা অভিযোগ নে চক্ৰান্ত সেয়া বাৰু বেলেগ কথা। কিন্তু এনেকুৱা ঘটনা ঘটি থাকে। এটা ঘটনা মোৰ মনত পৰি আছে। এবাৰ এজনী ছোৱালীয়ে মোক কৈছিল যে তেওঁক প্ৰেমিকে মাৰপিত কৰে আৰু প্ৰেমিকক এৰি যাব খুজিলে কয় যে তোৰ “বেয়া” ফটো এডিট কৰি ঘৰৰ মানুহক দি দিম। তাই সাংঘাতিক ভয় খায় আৰু কন্দা-কটা কৰি থাকে। তাই তাক ওলোটাই একো ক’ব নোৱাৰে। দুয়ো পূৰ্বতে সহপাঠীও আছিল।
মই ক’লোঁ যে এইটো তেনেই সাধাৰণ কথা, কিয় ভয় খাব লাগে, তুমি দমত থাকা। ফটোশ্বপত ফটো এডিট কৰিব ময়ো জানো, এক মিনিটত মই হাতীৰ মূৰত ছাগলীৰ মূৰ, কাউৰীৰ পিঠিত ময়ূৰৰ পাখি লগাই তোমাক দেখাই দিব পাৰিম। সি এডিট কৰিলে তুমিও এডিট কৰি তাৰ ঘৰত দি দিবা। এইবোৰ ফটো এডিট কৰাটো যে সহজ কথা সেইটো সৱেই জানিব লাগে।
তেতিয়া তাই কয় যে, মই কোৱাৰ দৰে সকলো ইমান সহজ নহয়। তাইৰ দেউতাকৰ হাৰ্টৰ সমস্যা আছে। দেউতাক মৰি যাব বুলি তাইৰ ভয় লাগে। সহজ নহয় বুলি ময়ো জানো, বিশেষকৈ সম্পৰ্কৰ বিশ্বাস হেৰুৱায়ো মানুহ ভাগি পৰে, কিন্তু কন্দা-কটা বন্ধ কৰিবলৈকে মই তেনেকৈ কওঁ।
তাই এনেকৈ বাৰে বাৰে কৈ থকা বাবে এদিন ক’লোঁ যে, দেউতা মৰিলে মৰক, এজন দেউতাক ইমান দম নথকা হ’লে কেনেকৈ হ’ব, যদি মৰে মৰিব দিয়া, জীয়েকৰ কাৰণে মৰিব, সেইটো তেওঁৰ বাবে গৌৰৱৰ কথাহে হ’ব। ঘৰত কৈ দিয়া আৰু তুমি তাক ওলোটাই দম দি দিয়া, সি কি কৰে চাওঁ।
কথাটো পঢ়ি বহুতৰ হয়তো মোৰ ওপৰত খং উঠিব পাৰে, কাৰণ কথাটো শুনিবলৈ বেয়া। তায়ো শুনি প্ৰথমে চক খাই গৈছিল, কিন্তু লাহে লাহে ওঁঠলৈ হাঁহিও বিৰিঙি ওলাইছিল। দেউতাকৰ কথা মই তেনেকৈ কোৱাত ছোৱালীজনৰ মনটো সলনি হৈ পৰিছিল। তাই দম দিব পৰাও হৈ গ’ল। কাহিনী সোনকালে অন্তও পৰিল।
এতিয়া AI ৰ বিস্ফোৰণৰ যুগ। এয়া আৰম্ভ হোৱা এবছৰমান হৈছে। এনে “ব্যক্তিগত” ফটো আৰু ভিডিঅ’ তৈয়াৰ কৰাটো এতিয়া তেনেই সহজ। এনেকুৱা সময়ত মানুহৰ মনো হয়তো লাহে লাহে সলনি কৰাৰ প্ৰয়োজন হ’ব বা নিজে নিজে মানুহৰ মনবোৰ সলনি হৈ গৈ থাকিব। বিবৰ্তনৰ ধৰণেৰে মানুহবোৰ ভৱিষ্যতে বেলেগ মনৰ হৈ পৰিব।
মই এনেকৈ মানুহক মটিভেট কৰি কিছুমান কাম কৰাই পাইছোঁ। কোনোবাই কৰিব নোৱাৰিম বুলি ভবা ভাল কামবোৰ মই উৎসাহ দি কৰোৱাবোৰ বাৰু বেলেগ কথা। কিন্তু কিছুমান ঘটনাত এনেকুৱা আজৱ ধৰণৰ কথা মই কৈ দিওঁ আৰু মানুহজনৰ মনটো সলনি হৈ যায়। দুই-এবাৰ বাৰু মোৰ এনেকুৱা কথা শুনি আনৰ অনিষ্টও হৈছে। অৱশ্যে, মাথোঁ দুই-এবাৰহে হৈছে। অলপদিন আগতে এজনৰ লগত এনেকৈয়ে বেয়াহে ঘটিল।
মোৰ নতুন চিনাকী ল’ৰা এজন। নিশা দুই বাজিলেই তেওঁ মোক দুখৰ কাহিনী কৈ কৈ মেছেজ দিয়ে। নতুন চিনাকী যদিও তেওঁ জানে যে বিভিন্নজন মোৰ চিনাকী-অচিনাকীৰ মনলৈ যেতিয়া frustration আহে, তেওঁলোকে মোৰ লগত কথা পাতে। পঢ়া-শুনা, নিৰ্যাতন, বিফলতা আদিকে ধৰি বিভিন্ন কাৰণত হোৱা frustration এইবোৰ। মই মটিভেচনেল কথা লিখোঁ বাবেও মতামত এটা বিচাৰে, তেওঁলোকৰ ভাল হোৱাকৈ কিবা এটা ক’ম বুলি বিশ্বাস কৰে, আৰু লগতে এইটোও বিশ্বাস কৰে যে মই অন্যায় কৰি বদনাম কৰি নিদিওঁ। কিন্তু মই নিজে ভালে আছোঁ নে নাই কোনেও খবৰেই নলয়। মই সদায় ভালে থকা বুলিয়েই ভাবে। মই কি স্তৰত আছোঁ সেয়া এবাৰো নোসোধেও। ল’ৰাজনে এইটোও জানে, তেওঁ দেখি থাকে। আৰু তেওঁ এইটোও জানে যে মই কথা পাতি অলপতে বিৰক্ত হওঁ, কথা পাতিবলৈ সংকোচ অনুভৱো কৰোঁ। প্ৰফেচনেল ধৰণৰ কথাত যোগাযোগ কৰাটোত মোৰ একো সমস্যা নহয়। কিন্তু মোৰ লগত অহৰহ থকা মানুহেও যদি মোক দুদিন মেছেজ নিদিয়ে মই তৃতীয় দিনা নিজে আগতীয়াকৈ তেওঁলোকক মেছেজ দিবলৈ সংকোচ অনুভৱ কৰোঁ। তেওঁ সেইবোৰ কথাও উলিয়ায় আৰু মই তেওঁক ব্লক কৰি দিম চাগে বুলিও কৈ কৈ হাঁহে।
তেওঁৰ সমস্যাবোৰ হ’ল, তেওঁৰ পূৰ্বৰ প্ৰেমত বিচ্ছেদ ঘটিছে, পুনৰ কাৰোবাৰ প্ৰেমত পৰিছে, আকৌ যাৰ প্ৰেমত পৰিছে সেইগৰাকী হৈছে বহু বছৰৰ পৰা বন্ধু, গতিকে কৈ দিলে friendship টো ভাগি যাব বুলি ভয় কৰিছে।
মই তেওঁক কওঁ যে এইবোৰ প্ৰেম নহয়, কামনা। গতিকে এইবোৰ বাদ দিয়া। আকৌ দুদিনমান পাছত নিশা দুই বাজিলে তেওঁ কন্দা-কটা আৰম্ভ কৰে। তেওঁলোক দুয়ো এটাই আনটোৰ কামত একেলগে য’ত-ত’ত ঘূৰিও ফুৰে আৰু অহৰহ কথাই পাতি থাকে। গতিকে মই ক’লোঁ যে তোমালোকৰ ইমানখিনি ভাল সম্পৰ্ক আছে যেতিয়া তুমি কৈ দিয়া, একো নহয়, মাথোঁ কওঁ-নকওঁকৈ ওল্টা-পুল্টা কৰি নাথাকিবা, যিকোনো এটা সিদ্ধান্ত লোৱা আৰু মোক কৈ নাথাকিবা। যদি কৈ দিয়াৰ কাৰণে তোমাৰ friendship টো ভাগি যায়, সেইটো friendship নাছিলেই, সেইটো স্বাৰ্থ। গতিকে কৈ দিলে তুমি এটা fake friendship ৰ পৰা মুক্তও হ’বা। অৰ্থাৎ yes ক’লেও ভাল, no ক’লেও ভাল।
তেওঁ মোৰ মতটো বেলেগ ল’ৰা-ছোৱালী কেইজনমানৰ আগত ক’লে, আৰু গোটেইকেইজন মোৰ ওপৰত গৰজি উঠিল। মই তেওঁলোককো বুজাই ক’লোঁ যে যদি কৈ দিয়াৰ বাবে friendship টো নোহোৱাই হৈ যায়, ইমান ভাল ফ্ৰেইণ্ড বুলি কৈ আছে যিহেতু, তেন্তে সেইটো কিহৰ ফ্ৰেইণ্ডশ্বিপ আছিল, সেইটো ফ্ৰেইণ্ডশ্বিপৰ মূল্যই নাই।
মোৰ মুখত বাৰে বাৰে শুনি ল’ৰাজনৰ হয়তো জোছ উঠিল, তেওঁ কৈ দিলে। দুসপ্তাহমান ভালকৈ দুয়োৰে কথা-বতৰা চলি থাকিল। তাৰ পাছত তেওঁলোকৰ কাজিয়া লাগিল। ছোৱালীজনীয়ে ল’ৰাজনক ব্লক কৰি দিম বুলি দম দিলে। ল’ৰাজনেও দম দিলে যে দিয়া ব্লক কৰি। সঁচাকৈ ছোৱালীজনীয়ে ব্লক কৰি দিলে। আৰু এতিয়া বহুদিন গ’ল, বাটত মুখামুখি হ’লেও এজনে আনজনক নামাতে।
মোৰ উৎসাহৰ বাবেই তেওঁলোকৰ friendship টোও ভাগি থাকিল। এতিয়া মোৰ মাজে মাজে guilty ফিল হয়।
(৮৬)
মই যেতিয়া ‘গণিত বিকাশ’ আলোচনীখনৰ সম্পাদক ৰূপে দায়িত্ব লৈছিলোঁ, তেতিয়া বহুকেইজন যুৱ-গৱেষকক নতুন আৰু যথেষ্ট গুৰুত্বপূৰ্ণ নিজৰ এখন গৱেষণা-পত্ৰৰ বিষয়ে সাধাৰণ পাঠকৰ বাবে লিখিবলৈ আহ্বান জনাইছিলোঁ। শিতানটোৰ নাম আছিল ‘মোৰ শেহতীয়া এখন গৱেষণা-পত্ৰ’। অসম গণিত শিক্ষায়তনে প্ৰকাশ কৰা আলোচনীখনৰ সম্পাদক হিচাপে মই নতুনকৈ কৰিবলৈ লোৱা কেইবাটাও কামৰ ভিতৰত সেইটোও আছিল এটা। ইয়াৰ প্ৰধান উদ্দেশ্য আছিল, গণিতৰ ভাল ভাল কাম কৰা নতুন গৱেষকসকলক পাঠকৰ মাজত পৰিচয় কৰাই দিয়া, ভাল জাৰ্নেল কোনবিলাক সেই সম্পৰ্কে এক প্ৰচাৰ চলোৱা বা এটা ধাৰণা যাতে সকলোৱে পায় তাৰ চেষ্টা চলোৱা, কষ্টশীল গৱেষকসকলক নিজে লিখিবলৈ দি এটা সন্মান জনোৱা আৰু সকলোৰে মাজত এটা উৎসাহৰ পৰিৱেশ সৃষ্টি কৰা।
সেই শিতানত লিখাসকল হৈছেঃ
নিলুফাৰ মানা বেগম
প্ৰীতম জ্যোতি বৰা
অয়ন নাথ
দিশান্ত শইকীয়া
কুঞ্জকানন নাথ
দেৱাশীষ শৰ্মা
কুঁৱৰী মহন্ত
নৱল কিশোৰ হাজৰিকা
আৰু
হীৰকজ্যোতি দাস
এইসকলৰ উপৰি, মই লিখিবলৈ আহ্বান জনোৱা আন কেইবাজনো আছিল। প্ৰবন্ধ লিখাৰ অভ্যাস কম বাবে তেওঁলোকে লিখিবলৈ সংকোচ কৰিছিল। তথাপি তেওঁলোকে লিখা হ’লে বহুত ভাল হ’লহেঁতেন।
নিলুফাৰ মানা বেগমে লিখিছিল বিভাজন তত্ত্বৰ সম্পৰ্কে। তেওঁৰ গৱেষণা-পত্ৰখন আছিল ‘The Ramanujan Journal’ত প্ৰকাশিত। কেইবাটাও শব্দৰ অসমীয়াটো সঠিককৈ লিখিবলৈ অসুবিধা পোৱাৰ পাছতো তেওঁ কথাখিনি সুন্দৰকৈ অসমীয়াত লিখি পেলাইছিল।
প্ৰীতম জ্যোতি বৰা গণিতৰ নহয়। কিন্তু তেওঁৰ গৱেষণাৰ গাণিতিক দিশ এটাও আছে। বিশ্বশ্ৰেষ্ঠ তিনিখন বা পাঁচখন জাৰ্নেলৰ এখন বুলি সততে উল্লেখ হোৱা ‘Science’ত তেওঁৰ গৱেষণা-পত্ৰখন প্ৰকাশ পাইছিল। তেওঁ অসমীয়াত সুন্দৰকৈ গাণিতিক দিশটো লিখিছিল, আলোচনীখনৰ লগত মিলাকৈ।
বৰ্তমান এমআইটিৰ গৱেষক অয়ন নাথে লিখিছিল তেওঁ হায়াৰ ছেকেণ্ডাৰীত থাকোঁতেই ‘The American Mathematical Monthly’ত প্ৰকাশিত গৱেষণা-পত্ৰখনৰ বিষয়ে। সেই লেখাটো আন এক দিশেৰেও পৰিপক্ব আছিল। কেনেকৈ গাণিতিক সমস্যা একোটা এঢাপ এঢাপকৈ গঠন কৰিব পাৰি, তাত সেই কাহিনীও আছিল।
দিশান্ত শইকীয়াইও ছাত্ৰাৱস্থাতে এটা গোটৰ সৈতে কৰা এটা কামৰ বিষয়ে লিখিছিল। য’ত অন্তৰ্ভুক্ত আছিল প্ৰসিদ্ধ গণিতজ্ঞ, প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ গৱেষক ইত্যাদি।
কুঞ্জকানন নাথ আদি কিছুমান অসমীয়া লোক কেৱল গণিতৰে নহয়, যিকোনো বিষয়ৰে অসমৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ এজন। ফিল্ড্ছ মেডেলিষ্ট জেমছ মেয়নাৰ্ডৰ দৰে অসাধাৰণ গণিতজ্ঞই তেওঁৰ ৰিকমেণ্ডেছন-লেটাৰ লিখে। তেওঁৰ কেইবাটাও কাহিনী মোৰ অতিকে প্ৰিয়। বিভিন্ন গণিতজ্ঞ জড়িত কেইটামান কাহিনী তেওঁ মোক লিখিবলৈ কৈছিল, সেইখিনি মই পাছতহে লিখিম। তেওঁৰ নিজৰ এটা কাহিনী— তেওঁ এবাৰ কিবা এটা ৰিজাল্ট পাইছিল, যিটো ‘Journal of Number Theory’ শীৰ্ষক জাৰ্নেলখনত প্ৰকাশৰ যোগ্য আছিল। এই জাৰ্নেলখনত প্ৰকাশৰ বাবে সংখ্যাতত্ত্বৰ সকলো সাধাৰণ গৱেষকৰ এটা সপোনো থাকে। তেওঁ ৰিজাল্টটো প্ৰকাশ কৰাৰ ইচ্ছাৰ সম্পৰ্কে তেওঁৰ গাইড গণিতজ্ঞ ডিমিট্ৰিছ ক’ক’ল’প’ল’চক জনালে। গণিতজ্ঞজনে ক’লে যে নালাগে পঠাব, আৰু কাম কৰা। পাছত কুঞ্জকানন নাথে একাধিক বছৰ জোৰা কামেৰে প্ৰায় ৬০ পৃষ্ঠা দৈৰ্ঘ্যৰ এখন গৱেষণা-পত্ৰ সম্পূৰ্ণ কৰিছিল আৰু সেই গৱেষণা-পত্ৰখনৰ বিষয়েই ‘গণিত বিকাশ’ত লিখিছিল।
দেৱাশীষ শৰ্মা সমগ্ৰ অসমত গণিত শিক্ষা প্ৰসাৰৰ এজন গুৰুত্বপূৰ্ণ ব্যক্তি। এটা জৰুৰী সময়ত তেওঁ খুৱ কম দিনৰ ভিতৰতে মোক লেখাটো প্ৰদান কৰিছিল। ছমাহ-বছৰ পৰ্যন্ত এটা দিশত কাম কৰি থকাৰ পাছত একো গুৰুত্বপূৰ্ণ ফল নাপাই পুনৰ সেই দিশ সলনি কৰি নতুন দিশত গৱেষণা কৰিব লগাও কেতিয়াবা হয়। তেওঁ নিজৰ অভিজ্ঞতাৰে সেই সম্পৰ্কেও উল্লেখ কৰিছে।
কুঁৱৰী মহন্তই টপ’ল’জীৰ কাম কৰে। গণিতৰ কিছুমান বিষয়ৰ কাম কৰিবলৈ প্ৰথমেই গভীৰ স্তৰলৈ গৈ ল’ব লগা হয়। গৱেষণাৰ প্ৰাথমিক স্তৰতে তেওঁলোকে বহু কথা, বহু গাণিতিক ভাষা, বহু শব্দ, বহু গাণিতিক নীতি জানিব লগা হয়। তাৰ পাছতহে আচল কাম আৰম্ভ হয়। তেওঁ তেনেকুৱা এটা স্তৰত কাম কৰে। টপ’ল’জী বা সংস্থিতি বিদ্যা প্ৰায়ভাগেই শুনা বিষয়। কিন্তু তেওঁৰ গৱেষণা-পত্ৰখন আয়ত্ব কৰিবলৈ স্নাতকোত্তৰসকলেও হয়তো পুনৰ এটা-দুটা বৰ্ষৰ অধ্যয়ন কৰি ল’ব লাগিব।
নৱল কিশোৰ হাজৰিকাই লিখিছিল আন এজন অসমীয়া ছাত্ৰৰ সৈতে ছাত্ৰাৱস্থাতে কৰা এটা কামৰ বিষয়ে, যিটো প্ৰকাশ পাইছিল ‘The American Mathematical Monthly’ত। গণিতৰ মানুহে জানে যে এই জাৰ্নেলখন এখন ব্যতিক্ৰমী জাৰ্নেল।
হীৰকজ্যোতি দাসৰ সম্পৰ্কে মই ভাবোঁ যে, বিভাজন তত্ত্বত তেওঁৰ কিছু নিজস্ব ধাৰণা আছে। আৰু তেওঁ ধুনীয়াকৈ অসমীয়াত লিখিবও জানে। তেওঁ যেতিয়া গৱেষণা-পত্ৰখনৰ বিষয়ে লিখিছিল, তেতিয়া সেই লেখাটোৱে এখন গৱেষণা-পত্ৰ বিষয়ক কেৱল এটা বিশেষ লেখা নহৈ এটা সুন্দৰ সাধাৰণ প্ৰবন্ধৰ ৰূপ পাইছিল।
বিজ্ঞানীসকলে নিজৰ গৱেষণাৰ বিষয়ে লিখা কাৰ্যটোৱে কেৱল সাধাৰণ মানুহকে যে বিষয়টোৰ ফালে আকৰ্ষিত কৰে এনে নহয়। ই নিশ্চয়কৈ নিজৰ মগজু কৰ্ষণৰো এক সুবিধা প্ৰদান কৰে। শৃংখলাপূৰ্ণভাৱে স্তৰ কিছুমান জুকিয়াই ল’বলৈ এই কাৰ্যই সহায় কৰে। নিজৰ বৈজ্ঞানিক কৰ্মৰ বিষয়ে বেলেগ বেলেগ শাখাৰ মানুহক আকৰ্ষিত কৰিব পৰাকৈ লিখাটো বা তাতকৈও অধিক আগবাঢ়ি যিকোনো সাধাৰণ পাঠকে বুজিব পৰাকৈ লিখাটো হৈছে এটা দক্ষতা। আমি মাজে মাজে দেখি থাকোঁ, ৰুবুল মাউতেও নিজৰ গৱেষণাৰ বিষয়ে সকলোৱে বুজিব পৰাকৈ ফেচবুকত বা কাকত-পত্ৰই লিখি থাকে।
আমাক কিছুমান গৱেষক লেখক লাগে, যি নিজৰ গৱেষণাৰ ক্ষেত্ৰখনৰ বিষয়ে সাধাৰণ পাঠকৰ বাবে নিজে লিখে। যিটো বৈজ্ঞানিক কৰ্মৰ ভিতৰতে পৰে। বিজ্ঞানৰ বিকাশত ইয়াৰ অৰিহণা আছে। ডাঙৰ ডাঙৰ বিজ্ঞানীসকলেও এই কাম কৰি থাকে। আজিৰ যুগতো কৰি থাকে। তেওঁলোকৰ দেশৰ, তেওঁলোকৰ বিজ্ঞানৰ বা সামগ্ৰিক তথ্য-প্ৰযুক্তিৰ ইমান উন্নতিৰ পাছতো তেওঁলোকে এইটো কৰে। এই কথাবোৰ মই আগতেও বেলেগ ঠাইত লিখিছোঁ। কথাখিনি পুনৰ মনলৈ আহি আছে, কিছুদিন পূৰ্বে তেনেকুৱা এটা লেখা লিখাৰ পাছত।
অসম সাহিত্য সভাৰ বিশেষ অধিৱেশন এখন এই ৩১ জানুৱাৰীৰ পৰা গুৱাহাটীত হোৱাৰ কথা, চাৰিদিনীয়াকৈ। তাতে বিজ্ঞান-সাহিত্য উপ-সমিতিয়ে অসমীয়াত এখন গৱেষণামূলক গ্ৰন্থ প্ৰকাশৰ দিহা কৰিছে। তাৰ বাবে লেখা বিচাৰি দুজনমান বিষয়ববীয়া তেজপুৰ বিশ্ববিদ্যালয়লৈ আহিছিল, কোনো কোনো অধ্যাপক আদিক লগ কৰিবলৈ।
যি কি নহওক, মোক মোৰ ছাৰে পৰামৰ্শ দিলে যে— আমি শেহতীয়াকৈ প্ৰকাশ কৰা এখন গৱেষণা-পত্ৰ লৈ যুটীয়াভাৱে এটা লেখা লিখিব পাৰোঁ, সেই কিতাপখনৰ বাবে। আমাৰ লেখাটো বাৰু হ’ল। এতিয়া দেশ-বিদেশৰ বিভিন্ন স্থানত ভালেকেইজন অসমীয়া গৱেষকে গণিতৰ যথেষ্ট গুৰুত্বপূৰ্ণ কাম কৰি আছে, আৰু এনেকুৱা ধৰণৰ লেখা বিচাৰি তেওঁলোকক তাগিদা দিবলৈ পুনৰ মোৰ মন গৈছে।
এই ৩১ জানুৱাৰীৰ পৰা অসম গণিত শিক্ষায়তনৰো দ্বিবাৰ্ষিক অধিৱেশন আৰম্ভ হৈছে। এনেকুৱা লেখাসমূহ লৈ অসম গণিত শিক্ষায়তনেও ভৱিষ্যতে হয়তো এখন কিতাপ উলিয়াব পাৰিব।
(৮৭)
সি, তই, তাই, তুমি, আপুনি, ছাৰ, দাদা — ইত্যাদি কথাবোৰে অসমীয়া মানুহক বহু সময়ত অসুবিধাত পেলায়। কিন্তু কিছুমানে এই অসুবিধাক অতিক্ৰম কৰি উৰ্ধলৈ গুচি যায়। আচলতে এইবোৰ শব্দক মানুহেই সংজ্ঞা দিয়া, একোটা পৰ্যায়ক বুজাবলৈ। এই সংজ্ঞাবোৰৰ সীমাবদ্ধতা থাকে। তাতকৈ গভীৰ পৰ্যায় একোটা অনুভৱ কৰিলে এইবোৰ শব্দ কিছুমান সময়ত অপ্ৰাসংগিক হৈ পৰে।
এবাৰ ৰুবুল মাউতৰ সৈতে আমি চাৰিজনমান ল’ৰাই অনলাইনত কথা পাতি আছিলোঁ। দুজনমানে তেওঁক ছাৰ বুলি মাতিছিল, আৰু তেতিয়া তেওঁ কৈছিল যে তোমালোকে মোক ছাৰ বুলি মাতিব নালাগে, দাদা বুলি মাতিবা। কথাষাৰ কৈ তেওঁ আমাৰ মনত আগতকৈও বহু উচ্চ স্থানলৈ উঠি গৈছিল।
কলেজত থাকোঁতে এবাৰ হোমেন বৰগোহাঞি আহিছিল কলেজলৈ। সন্ধিয়া সময়। গছৰ তল আৰু এখন ফুলনিৰ কাষৰ মুকলি অংশ এটাত হৈছিল সভাখন। কবিতা-পাঠ, চমু বক্তৃতা, আৰু শেষত অন্তৰংগ আলাপ। দূৰত লাইটবোৰ জ্বলিছিল, কিন্তু সেই ঠাইত চকামকা পোহৰ। দুডালমান মম আনি কোনোবাই টেবুলত জ্বলাই দিছিল। দৰ্শকৰ ফালে প্ৰায় এন্ধাৰ। এক মায়াময় পৰিৱেশ গঢ়ি উঠিছিল। তাৰেই মাজত হোমেন বৰগোহাঞিয়ে মিহি মাতেৰে কথা ক’বলৈ ধৰিছিল, উত্তৰ দিয়া আৰম্ভ কৰিছিল। সেই সময়ৰ গ্লেমাৰাছ লেখকজনক সমুখত পোৱাৰ আৱেগত কেৱল ছাত্ৰ-ছাত্ৰীয়েই নহয়, ডাঙৰসকলো উদ্বেলিত হৈ পৰিছিল। বিভিন্নজনে প্ৰশ্ন কৰিছিল। মোৰো মনলৈ আহিছিল দুটামান প্ৰশ্ন। কিন্তু মই সোধা নাছিলোঁ। কাৰণ, সকলোৱে তেওঁক সম্বোধন কৰিছিল “বৰগোহাঞি ছাৰ” বুলি। সেয়া শিষ্টাচাৰ। সেয়া কৰিবই লাগিব। কিন্তু যিজন লেখকে সেই সময়ত আমাৰ মন-মগজু আৱৰি ধৰি ৰাখিছিল, যাৰ শব্দৰ যাদু আৰু উত্থাপনশৈলীয়ে আমাক মন্ত্ৰমুগ্ধ কৰিছিল, যিজনে যোগাইছিল আমাক নানা জ্ঞান, তেওঁক মই কিদৰে ছাৰ বুলি সম্বোধন কৰোঁ? তেওঁ মোৰ বাবে হৈছে কেৱল “হোমেন বৰগোহাঞি”, তেওঁ “হোমেন বৰগোহাঞি ছাৰ” নহয়। এবাৰ মনলৈ এইটো প্ৰশ্নও তীব্ৰভাৱে আহিছিল— “আপুনি লিখিছিল যে আপোনাৰ প্ৰিয় মানুহ মহাত্মা গান্ধী আৰু আইনষ্টাইন। যদি আপুনি তেওঁলোক দুজনক লগ পালেহেঁতেন, তেন্তে আপুনি তেওঁলোকক মহাত্মা গান্ধী ছাৰ আৰু আইনষ্টাইন ছাৰ বুলি মাতিলেহেঁতেন নে?” এইবোৰ সুধিলে কথাটো বৰ বেছি আৱেগিক হৈ যাব। আমি আৱেগিক হ’লেও আৱেগ নিয়ন্ত্ৰণ কৰিবলৈও আমি বাধ্য। মুকলিত কেনেকৈ চলিব লাগিব আমি জানিবও লাগিব। মনৰ এইবোৰ যুঁজতে তেওঁক সেইদিনা একো প্ৰশ্ন নোসোধাকৈ থাকি গ’ল।
কেইবছৰমান আগৰ কথা। কলেজীয়া ল’ৰা এজনে ধুনীয়া ছবি কেইখনমান অংকন কৰিছিল। মই ফেচবুকত দেখি তেওঁলৈ মেছেজ দিলোঁ যে সেইকেইখন মই লেখা এটাত ব্যৱহাৰ কৰিব বিচাৰোঁ। এনেকৈ পাছতো তেওঁৰ লগত কথা পতা হৈছিল। তেওঁ ভাবিছিল মই তেওঁৰ সমনীয়া ল’ৰা, সেয়ে তেওঁ মোক তুমি তুমিকৈ উত্তৰ দিছিল। এদিন তেওঁ মোক সুধিলে মোৰ বিষয়ে। মই যেতিয়া ক’লোঁ, তেওঁ মোক ডাঙৰ বুলি জানি চক খাই গ’ল। তাৰ পাছত তেওঁ সুধিলে, এতিয়া কি বুলি মাতিম? মই ক’লোঁ যে যি বুলি মাতিলেও মোৰ একো আপত্তি নাই। তেওঁ ক’লে, কলেজৰ দাদাবোৰক আপুনি বুলি মাতোঁ, নিজৰ দাদাক তুমি বুলি মাতোঁ, এতিয়া কওক, কি বুলি মাতিম?
হোমেন বৰগোহাঞি আৰু জুবিন গাৰ্গ — দুয়োৰে ক্ষেত্ৰতে দেখোঁ যে তেওঁলোকে সৰু সৰু ল’ৰা-ছোৱালীকো প্ৰায়ে সমনীয়াৰ দৰে ব্যৱহাৰ কৰিছিল। বহু অগ্ৰজে কৰাৰ দৰে তেওঁলোকে ভেমৰ দেৱাল সাজি লোৱা নাছিল। বা নতুনক হেয় কৰা নাছিল। বহু সময়ত নতুনক দিছিল প্ৰশ্ৰয়। আজি আমি সাহিত্য আলোচনীবোৰত কেৱল বুঢ়া সাহিত্যিকৰ ফটো দেখোঁ। আশী-নব্বৈৰ দশকৰ আগৰ লেখকসকলৰ ফটোহে সাধাৰণতে পোৱা যায় আলোচনীত। সকলো যেন অতীতমুখী বা অতীতৰ ছায়াত সেমেকি সেমেকি সম্পূৰ্ণ ক্লীৱ। ভৱিষ্যৎমুখী হোৱাৰ সংশয়ত যেন বাস্তৱো বিষাক্ত হৈ পৰে কেতিয়াবা। কিন্তু হোমেন বৰগোহাঞিয়ে কলেজীয়া লেখকৰ ফটো বেটুপাতত দিবলৈও কুণ্ঠাবোধ কৰা নাছিল। জুবিন গাৰ্গেও নতুন একোজনক নিজৰ কান্ধত উঠাই ওখ কৰি তুলিবলৈ কেতিয়াও কুণ্ঠাবোধ নকৰিছিল। এয়া তেওঁলোকৰ বোধ নহয়, এয়া সম্পূৰ্ণৰূপে আছিল তেওঁলোকৰ স্বভাৱ, মনৰ নিভৃত স্থানৰ পৰা পৰিচালিত স্বভাৱ।
ইয়াৰ ফলত তেওঁলোক দুয়োজনৰ নিজৰো এটা বিশেষ লাভ হৈছিল। এটা গভীৰতম লাভ। এই কথা প্ৰায়ে মোৰ মনলৈ আহে, তেওঁলোক কিয় সৃষ্টিশীল? তেওঁলোক কিয় ইমান প্ৰডাক্টিভ? নতুনৰ লগত ইমান সংসৰ্গও ইয়াৰ এটা প্ৰধান কাৰণ। নৱকান্ত বৰুৱাই লিখিছিল, “স্থাণু অহমিকাৰ মেদত পোত খোৱা স্থবিৰ প্ৰজ্ঞা”। প্ৰৌঢ় জ্ঞানৰ ভৰত স্থবিৰ হ’ব খোজা সৃষ্টিশীলতাতো নতুন সংবেদন আনিবলৈ তেওঁলোকক অজ্ঞাতেই নিশ্চয় সহায় কৰিছিল নতুনৰ সংস্পৰ্শই, নতুনৰ প্ৰাণপ্ৰাচুৰ্যই। তেওঁলোক নতুনৰ মাজৰে এজন হৈ মিলি যাব পাৰিছিল। এই গুণ সকলোৰে নাথাকে। সেয়ে তেওঁলোক দুয়ো বিস্তৃত হৈ গৈছিল কেইবাটাও প্ৰজন্ম জুৰি।
(৮৮)
জুবিন গাৰ্গে কোনো কোনো সাক্ষাৎকাৰত কৈছিল যে তেজপুৰ বিশ্ববিদ্যালয়ৰ নাম বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত হ’ব লাগে। বহু লোকে এটা কথা জানিছিল, কিন্তু আন বহু লোকে এই কথাটো জুবিন গাৰ্গৰ পৰাই জানিবলৈ পাইছিল যে তেজপুৰ বিশ্ববিদ্যালয়লৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বহু দান আছে। জুবিন গাৰ্গে স্বভাৱসুলভভাৱে কথাবোৰ বৰ সংক্ষেপে কয়। তেওঁৰ গানতো বহু সময়তেই এই কথাটো প্ৰতিফলিত হয় যে তেওঁ যি কৈছে তাৰ আঁৰত বহু কথা থাকে। কেতিয়াবা সেইবোৰ আনে নভবাকৈয়ে ৰৈ যায়। এনেদৰেই তেজপুৰ বিশ্ববিদ্যালয়ৰ নাম বিষ্ণুপ্ৰসাদ ৰাভাৰ নামত হ’ব লাগে বুলি তেওঁ কোৱা অতি প্ৰভাৱ যোগাব পৰা কথাটোও চৰ্চা নোহোৱাকৈ ৰৈ গ’ল। কিন্তু মানৱ জাতিয়ে বহুবাৰ এটা কথা পুনঃ পুনঃ আৱিষ্কাৰ কৰিছে যে— এই পৃথিৱীত এনে কিছুমান মানুহৰ জন্ম হয় যি মৃত্যুৰ পাছতো সমাজত ব্যাপক প্ৰভাৱ পেলাই থৈ যয়। জুবিন গাৰ্গৰ মৃত্যুৱে তেজপুৰ বিশ্ববিদ্যালয়ত এটি যুগান্তৰ সূচনা কৰি গ’ল। যোৱা ২১ তাৰিখে আৰু আজি ২৪ তাৰিখে বিশ্ববিদ্যালয়খনে দুটা কোনোদিন নেদেখা আৰু কোনোদিন কল্পনা নকৰা দিন দেখিবলৈ পালে। ২১ তাৰিখৰ দিনা সমগ্ৰ ছাত্ৰ-ছাত্ৰী সমাজ একগোট হৈ ওলাই আহিছিল নিজৰ দাবী উত্থাপন কৰিবলৈ। প্ৰশাসনিক ভৱনৰ সমুখৰ সেই দৃশ্য আছিল অভূতপূৰ্ব। তেতিয়াই সকলোৱে সপোন দেখিছিল যে সেই দিনটোৱে পৰিৱৰ্তনৰ বাট মুকলি কৰি দিব। আৰু আজি সামূহিক দাবী লৈ একে স্থানত মিলিত হ’ল সমগ্ৰ ছাত্ৰ-ছাত্ৰী, বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজ, আৰু প্ৰশাসনিক কৰ্মীবৃন্দ। আন স্থানত এয়া সহজ ঘটনা হ’ব পাৰে, কিন্তু তেজপুৰ বিশ্ববিদ্যালয়ত এয়া আছিল অস্বাভাৱিক। কেনে এটা দুস্কৃতিত সকলোৱে কিমান অতিষ্ঠ হ’লে এনে ঘটনা ঘটিব পাৰে, সেয়া সকলোৱে নিশ্চয় কল্পনা কৰিব পাৰিব। মোৰ অতি প্ৰিয় এটা dialogue হ’ল ‘The Imitation Game’ চিনেমাখনৰ— “Sometimes it’s the very people who no one imagines anything of who do the things no one can imagine.” আজিও দেখা গ’ল তেনে এক ঘটনা। কোনেও কৰিব বুলি নভবা এজন কৰ্মচাৰীৰ পদত্যাগেও সলনি কৰি দিলে প্ৰেক্ষাপট।
(৮৯)
ৰাজনীতিকসকলে জুবিন গাৰ্গৰ ৰাজনৈতিক মূল্য বুজি পাইছিল, ব্যৱসায়ীসকলে জুবিন গাৰ্গৰ বাণিজ্যিক মূল্য বুজি পাইছিল। কিন্তু বুদ্ধিজীৱী বা ক্ষমতাশালী তথাকথিত চিন্তাবিদসকলে জুবিনৰ সামাজিক মূল্য কোনোদিন অনুধাৱন নকৰিলে, প্ৰায়ভাগেই নকৰিলে। তেওঁলোকে জুবিনৰ বাবে কোনোদিন একো নকৰিলে। ইমানবোৰ মানুহৰ বাবে তেওঁ কিয় অৱলম্বন হৈ পৰিছিল তাৰ বিশ্লেষণ কেতিয়াও নহ’ল। জুবিনৰ নামত বৌদ্ধিক চৰ্চাৰ বাটত তেওঁলোকে সদায় জাবৰ পেলাই ৰাখিলে। তাৰে সুবিধা সেই ৰাজনীতিক বা ব্যৱসায়ীসকলেই পালে। ইয়াত ব্যৱসায়ী বোলা শব্দটোৰে বেপাৰ-বাণিজ্য কৰি জীৱন নিৰ্বাহ কৰাসকলক বুজোৱা হোৱা নাই। এতিয়াও সেই বুদ্ধিজীৱী বা চিন্তাবিদসকলে ৰাইজৰ সোঁতৰ দিশত দায় সৰা অৱস্থা একোটাত বৰ্তী ৰোৱাৰ চেষ্টাত থকাহে দেখা যায়। কাৰণ ইয়াৰ পাছতো, হাই-প্ৰফাইল সভা-সমিতিলৈ, ফাইভ-ষ্টাৰ হোটেলৰ আলোচনাবোৰলৈ, উচ্চ পদৱীসকলৰ আড্ডাবোৰত সৰ্বোচ্চ দামৰ চাহ কাপ খাবলৈ তেওঁলোকক সেই ব্যৱসায়ীসকলেহে নিমন্ত্ৰণ কৰি নিব।
(৯০)
সম্ভৱতঃ এই এজনেই মানুহ আছিল, যিজন মানুহ ঢুকাল বুলি শুনাৰ লগে লগে গোটেই গা কঁপি গৈছে …, লগে লগে ভাল লগা কাৰোবালৈ মনত পৰিছে, ঘৰৰ মানুহলৈ মনত পৰিছে, প্ৰিয় শিক্ষকসকললৈ মনত পৰিছে, মনলৈ এনেকুৱা আৱেগে খেদি আহিছে যেন বাকী এই মানুহবোৰ পৃথিৱীত কুশলে আছেনে …, পুনৰ মনে বাস্তৱক সোঁৱৰাই দিছে যে আছে, তেওঁলোক ঠিকে আছে ……, আকৌ বন্ধু-বান্ধৱ ইজন-সিজনে আৱেগিক হৈ ফোন কৰিছে … কোনেও একো কাম কৰিব পৰা নাই, অ’ত-ত’ত ঘূৰি ফুৰিছে… একেঠাইতে থকা ইজন সিজনৰ ওচৰলৈ গৈছে, সিজন ইজনৰ ওচৰলৈ গৈছে ……, সম্ভৱতঃ এই এজনেই মানুহ আছিল, মোৰ বাবে, হেজাৰজনৰ বাবে, অযুতজনৰ বাবে …। বহুবাৰ বেয়া পায়ো যিজন অতিকে আপোন …, একেবাৰে নিজৰ…।
কাকতালীয়ভাৱে তেওঁ শেষবাৰৰ বাবে গাই থৈ গ’ল— “Tears in Heaven”
চাৰি বছৰীয়া সন্তানক দুৰ্ঘটনাত হেৰুৱাই মূল গায়কে গাই উঠিছিল—
“Would you know my name
If I saw you in Heaven?
Would it be the same
If I saw you in Heaven?
I must be strong
And carry on
‘Cause I know I don’t belong
Here in Heaven”
এইটো গান কালি যেন তেওঁ নিজৰ বাবেই গাইছিল। বহুবছৰ পূৰ্বেও তেওঁ এখন মঞ্চত গাইছিল গানটো। আৰু আজি ই আমাৰ বাবে হৈ পৰিল।
তেওঁৰ নিজৰ জীৱন আৰু কৰ্মৰ লগত বাৰে বাৰে মিলি গৈছিল তেওঁৰে এটা কবিতা— “শেষ বুলিলেইতো শেষ নহয় / আকৌ আৰম্ভ হয় / শেষ নহয়”
সেয়ে তেওঁ বাৰে বাৰে উঠি আহিছিল কত দুৰ্ঘটনা, কত কষ্ট, বা হেজাৰ গঞ্জনাৰ পৰা। উজলি উঠিছিল বাৰে বাৰে। দুৰ্জয় হৈ উঠিছিল। তেওঁ নাথাকিলেও তেওঁৰ প্ৰভাৱে এয়া চিৰ অনুৰণন কৰি থাকিব যে— “শেষ বুলিলেইতো শেষ নহয় / আকৌ আৰম্ভ হয় / শেষ নহয়”
(৯১)
আজি (১৬ জুলাই) সৌৰভ কুমাৰ চলিহাৰ, অৰ্থাৎ সুৰেন্দ্ৰ নাথ মেধিৰ জন্মদিন। তেওঁৰ মৃত্যু হৈছিল ২৫ জুন তাৰিখে। কোনো কোনো লোকে সৌৰভ কুমাৰ চলিহাক সৰ্বকালৰ শ্ৰেষ্ঠ অসমীয়া গল্পকাৰ বুলিও কয়। এই দিনকেইটাত ফেচবুক আৰু কাকত-আলোচনীত তেওঁৰ সম্পৰ্কীয় নানা লেখা, নানা কথা পঢ়িবলৈ পোৱা যায়। এগৰাকী প্ৰিয় গল্পকাৰ হিচাপে তেওঁৰ সম্পৰ্কীয় প্ৰতিটো কথা পঢ়ি বৰ ভাল লাগে। কিন্তু, এই নামটো প্ৰায় সৃষ্টিৰ পৰাই চৰ্চিত হ’লেও, তেওঁ সদায়েই যে সকলো ক্ষেত্ৰতে বৰ এটা গুৰুত্ব লাভ কৰিছিল এনে নহয়।
তেওঁৰ বহুচৰ্চিত গল্প ‘অশান্ত ইলেক্ট্ৰন’ আনকেইটামান গল্পৰ সৈতে সন্নিৱিষ্ট কৰি যেতিয়া গ্ৰন্থ ৰূপে প্ৰকাশ পাইছিল, সেই গ্ৰন্থখনৰ প্ৰথম সংস্কৰণ শেষ হ’বলৈ পঁচিশ বছৰ লাগিছিল। এই কথাটো ক’ৰবাত পঢ়িছিলোঁ, হয়তো তথ্যটো ভুল হোৱা নাই।
যেতিয়া তেওঁ অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিলে, তেওঁক বঁটা প্ৰদান কৰিবলৈ নিমন্ত্ৰণ জনোৱা হৈছিল অসমৰ বাহিৰৰ এজন অনা-অসমীয়া বিশিষ্ট সাহিত্যিকক। আৰু সেই সাহিত্যিকগৰাকীয়ে সৌৰভ কুমাৰ চলিহাৰ এটাও গল্প তেতিয়ালৈকে পঢ়িবলৈ পোৱা নাছিল। সেয়েহে, সেই সাহিত্যিকগৰাকীয়ে সৌৰভ কুমাৰ চলিহাৰ এটা গল্প পঢ়িবলৈ বিচাৰিলে, যাতে তেওঁ জানিব পাৰে যে তেওঁ যাক বঁটা প্ৰদান কৰিব তেওঁ আচলতে কেনেধৰণৰনো গল্প লিখে। তেতিয়া সৌৰভ কুমাৰ চলিহা এজন বিশেষ অসমীয়া ব্যক্তিৰ ঘৰলৈ গ’ল। নিজকে সুৰেন্দ্ৰ নাথ মেধি তথা সৌৰভ কুমাৰ চলিহা বুলি পৰিচয় দি তেওঁ ব্যক্তিগৰাকীক অনুৰোধ কৰিলে যে তেওঁৰ এটা গল্প ইংৰাজীলৈ অনুবাদ কৰি দিব লাগে যাতে সেইটো তেওঁ সেই সাহিত্যিকগৰাকীক পঢ়িবলৈ দিব পাৰে। ‘অশান্ত ইলেক্ট্ৰন’ প্ৰকাশৰ পৰা তেতিয়ালৈ প্ৰায় পঁইত্ৰিছ বছৰ পাৰ হৈ গৈছিল। অথচ, ইমান বছৰে সৌৰভ কুমাৰ চলিহাৰ, অৰ্থাৎ অসমীয়া ভাষাৰ সৰ্বশ্ৰেষ্ঠ গল্পকাৰ বুলি সততে অভিহিত গল্পকাৰজনৰ এটাও গল্প ইংৰাজীলৈ অনুবাদ হোৱা নাছিল!
(৯২)
লাইব্ৰেৰীত পঢ়ি আছিলোঁ। কাষতে পেয়াৰ এটা বহিলহি। ইমান কিউট আপা-আপী হাল দুয়ো। ইমান ধুনীয়া পেয়াৰ। প্ৰথমে আহি মোৰ সমুখত বহিছিল। হালেই লাজুক লাজুককৈ সুধিলে, মোৰ কাষত খালি আছে নেকি। মই আছে বুলি ক’লত হাঁহি মাৰি উঠি আহি কাষত বহিলহি। লগে লগে দুয়োৱে সৰু সৰুকৈ কথা পাতি পাতি লেপটপ আৰু টেবলেটত কাম কৰাত লাগিল। মাজে মাজে এজনে আনজনক মিঠা ধমকিও দিবলৈ ল’লে, কোনোবাৰ একোজনে অভিমান কৰাৰ দৰে আনজনৰ চকুলৈ চায়, আকৌ দুয়োৱে লিখাবোৰ ঠিক-ঠাক কৰা আৰম্ভ কৰে, কোনোবাৰ নিঃশব্দে হাঁহে, পুনৰ দুয়োৱে গহীন হৈ পঢ়িবলৈ ধৰে। হয়তো দুয়োৱে একেলগে পেপাৰ লিখি আছে, নতুবা প্ৰজেক্ট ৰিপ’ৰ্ট। মৰমলগা পেয়াৰটোৰ কাণ্ডখন দেখি মোৰ স্বৰ্গত থকা যেন অনুভৱ হৈছে।
ইফালে আজি ৰাতিপুৱা মই উইল ডুৰাণ্ট আৰু তেওঁৰ পত্নী এৰিয়েল ডুৰাণ্টৰ মৃত্যু সম্পৰ্কীয় এটা লেখা পঢ়ি আছিলোঁ। উইল ডুৰাণ্ট আছিল এজন গৱেষক, দাৰ্শনিক আৰু লেখক। তেওঁ যেতিয়া The Story of Philosophy নামৰ কিতাপখন লিখিছিল, তেতিয়া হেনো গোটেই পৃথিৱীত তোলপাৰ লাগিছিল। তেওঁৰ পত্নী এৰিয়েল ডুৰাণ্টো আছিল এগৰাকী গৱেষক আৰু লেখক। তেওঁলোক দুয়োজনে যুটীয়াভাৱে লিখিছিল, মুঠতে এঘাৰটা খণ্ডৰ The Story of Civilization নামৰ কিতাপখন। সেইখন কিতাপে যুগান্তৰ সূচনা কৰিছিল। উইল ডুৰাণ্টৰ মৃত্যু হৈছিল ৯৬ বছৰ বয়সত। আৰু এৰিয়েল ডুৰাণ্টৰ মৃত্যু হৈছিল ৮৩ বছৰ বয়সত, উইল ডুৰাণ্টৰ মৃত্যুৰ মাথোঁ দুসপ্তাহ আগত। তেওঁলোকৰ মৃত্যুও যেন এক ৰোমাণ্টিক যাত্ৰা আছিল।
এতিয়া মোৰ এনেকুৱা লাগিছে যেন মোৰ কাষতে স্বয়ং উইল ডুৰাণ্ট আৰু এৰিয়েল ডুৰাণ্ট একেলগে বহি লিখি আছে এটা যুটীয়া প্ৰকল্প।
এনেকৈ বহি থাকিলে ৰিচাৰ্ছ নহয় মোৰ আজিলৈ। মই লাহেকৈ মোৰ লেপটপ আৰু কাগজ-বহীবোৰ জপাই তাতে থৈ ওলাই গুচি আহিলোঁ অলপ ফুৰিবলৈ।
(৯৩)
‘ভাইমন দা‘ আৰু শশাংক সমীৰ
‘ভাইমন দা’ৰ লেখক আৰু পৰিচালক শশাংক সমীৰে কলেজত পঢ়ি থাকোঁতে এখন নাটক কৰিছিল, য’ত এজন শিল্পীয়ে এখন masterpiece আঁকিবলৈ হাহাকাৰ কৰি আছিল আৰু সাধনা কৰি কৰি শিল্পীজন ভাগৰি গৈছিল, কিন্তু তেওঁ কেতিয়াও সাধনা এৰি দিয়া নাছিল। এদিন এনেদৰেই প্ৰচণ্ড শীতত সাংঘাতিক কষ্ট কৰি কৰি শিল্পীজনে এখন পেইণ্টিং আঁকি উলিয়ালে, আৰু তাৰ জৰিয়তে তেওঁ এজন মানুহক জীয়াই তুলিলে, কিন্তু সেই ফল চাবলৈ তেওঁ নাপালে, কাৰণ শীতৰ তীব্ৰ আঘাতে শিল্পীজনক ইতিমধ্যে মৃত্যুৰ মুখলৈ লৈ গুচি গ’ল। যি নহ’লেও, শিল্পীজনৰ কিন্তু নিজৰ সপোনটো পূৰণ হ’ল। তেওঁ এখন masterpiece সৃষ্টি কৰিবলৈ সক্ষম হ’ল।
অমৰ গল্পকাৰ অ’ হেনৰীৰ এটা গল্পৰ আলমত আছিল সেই নাটকখন। আৰু সেয়া আছিল কলেজতে অনুষ্ঠিত হোৱা সদৌ অসম ভিত্তিক এটা প্ৰতিযোগিতা।
নাটকখনত প্ৰথম পাঁচমিনিটমান সময় কোনো সংলাপ নাছিল। আৰু যেতিয়া শশাংক সমীৰ মঞ্চলৈ সোমাই আহিছিল সমস্ত দৰ্শকক তেওঁ লৈ গৈছিল এটা কল্পনাৰ মাজলৈ। দৰ্শকে মন্ত্ৰমুগ্ধ হৈ চাই আছিল এটা সপোনলৈ। সেয়া যেন প্ৰতিজন মানুহৰে নিজা নিজা এটা এটা সপোন।
যেতিয়া নাটকৰ চৰিত্ৰবোৰে সংলাপ কোৱা আৰম্ভ কৰিছিল, তেতিয়া দৰ্শকৰ মুখতো মাত ওলাবলৈ লৈছিল। সেইবাৰ বিচাৰক হিচাপে গৈছিল এনএছডিত পঢ়ি অহা সীমিত সংখ্যক অসমীয়াৰ এজন, অনুপ হাজৰিকা। তেওঁ নাটকসমূহৰ বিশ্লেষণ আগবঢ়োৱাৰ সময়ত এক প্ৰসংগক্ৰমে কৈছিল যে যেতিয়া চৰিত্ৰবোৰে কথা কোৱা নাই তেতিয়া দৰ্শকো নিশ্চুপ আৰু যেতিয়া চৰিত্ৰবোৰে কথা কৈছে তেতিয়া দৰ্শকেও কথা পাতিবলৈ ধৰিছে।
সেই পৰিৱেশটো হয়তো বহুতৰ মনত ৰৈ গৈছিল, কাৰণ ই এটা সপোন সকলোৰে মনত ৰোপণ কৰি দিব পাৰে যে এখন এখন masterpiece আমি সকলোৱেই এদিন সৃষ্টি কৰিব লাগিব। সেয়া যিকোনো ক্ষেত্ৰ হ’ব পাৰে। আৰু নাটকখনৰ জৰিয়তে শশাংক সমীৰে যেন নিজৰে এনে এক সপোনৰ কথাই আনক কৈ আছিল গোপনে। আন এটা কাৰণতো সেয়া তেওঁৰ সৈতে মিলি গৈছিল। কাৰণ, তেওঁ নিজেও পেণ্টিং অংকন কৰে। কেৱল সেয়াই নহয়, তেওঁ সাহিত্যও কৰিছিল। যিবোৰ সময়ত মই নিজকে সম্পূৰ্ণ শূন্য যেন অনুভৱ কৰিছিলোঁ আৰু বহুমুখী প্ৰতিভাৰ অধিকাৰী যিকেইজন অগ্ৰজ-অনুজ ছাত্ৰ-ছাত্ৰীক মুগ্ধ হৈ লক্ষ্য কৰিছিলোঁ যে ভৱিষ্যতে এওঁলোকে কিবা এটা কৰিব, তাৰে মাজত আমাৰ অগ্ৰজ শশাংক সমীৰ আছিল অন্যতম। তেওঁৰ অৱশ্যে কলেজীয়া নাম শশাংক সমীৰ নাছিল। তেওঁৰ আৰু দুটা গুণে এতিয়াও নিশ্চয় সকলোকে মুগ্ধ কৰে। সেয়া হৈছে, তেওঁ নম্ৰ। আৰু সফলতাত তেওঁ আনন্দিত হ’লেও, উন্মাদ হোৱা দেখা নাযায়।
ভৱিষ্যতে কিবা এটা কৰিব কৰিব বুলি বহুতে ভাবি থকা বহুজনে একো নকৰিলে, বা এতিয়াও কৰা নাই। কিন্তু শশাংক সমীৰে কৰি থাকিল। সেই যে তেওঁৰ নাটকখনৰ শিল্পীজনৰ এখন masterpiece সৃষ্টিৰ সপোনটো, শশাংক সমীৰৰ নিজৰ সেই সপোনটোৱেই হয়তো আজি ‘ভাইমন দা’ৰ জৰিয়তে সাকাৰ হৈ উঠিল। সমস্ত অসমীয়া চিনেমাৰ পৰিপ্ৰেক্ষিতত মিছাকৈ glorify কৰি মই এই কথাটো কোৱা নাই। এই কথাটো কৈছোঁ, সেই কলেজীয়া এজন ল’ৰাই আহি আহি আজি কৰা এটা বিশাল কামৰ ভিত্তিত। যাৰ বিষয়ে তেতিয়া বহুতে আশা কৰিছিল যে সি কিবা এটা কৰিব। কি কৰিব কোনেও নাজানে, কিন্তু কিবা এটা কৰিব বুলি সকলোৱে ভাবিছিল। তেওঁ কৰি দেখুৱালে।
এবাৰ মোক ভাইটি এজনে কৈছিল যে মোৰ চিনেমা চোৱাৰ ধৈৰ্য নাই। মই কেতিয়াবা বিছখনমান চিনেমা গোটাই আনো আৰু আধা ঘণ্টাত গোটেইকেইখন চাই ডিলিট কৰি দিওঁ। হলত চালেও মোৰ এটা অসুবিধা হয়, কেতিয়াবা মই মাজতে কল্পনালৈ গুচি যাওঁ আৰু কাহিনী বহু সময় পাৰ হৈ গুচি যায়, ফলত পাছৰ কাহিনীৰ আঁতডাল হেৰাই থাকে। তথাপি কম্পিউটাৰত বছৰি পাঁছখনমান চাওঁ, কিন্তু যোৱা ছমাহত এখনো চিনেমা মোৰ চোৱা হোৱা নাছিল। ছমাহৰ মূৰত ‘ভাইমন দা’ চালোঁ। আৰু হলত চিনেমা চালোঁ আঠ বছৰৰ মূৰত। চাই লৈ এষাৰেই ক’ব পাৰোঁ— “ভাল লাগিল।” বাটে বাটে মানুহে পাতি অহাও শুনিলোঁ যে— “ভাল লাগিল।” চিনেমাক লৈ বেছি কথা কোৱাৰ প্ৰয়োজন নাই, “ভাল লাগিল” বুলি ক’লেই দৰ্শক দৌৰি যায়। চিনেমাৰ আটাইতকৈ শ্ৰেষ্ঠ ৰিভিউটোৱেই হয়তো হৈছে— “ভাল লাগিল।”
চিনেমাখনৰ বহুকেইটা দৃশ্যই মনত বিশেষভাৱে ক্ৰিয়া কৰিলে। তথাপি মোৰ মনলৈ বাৰে বাৰে আহি থাকিল শশাংক সমীৰৰ নিজৰ কাহিনীলৈহে। আকৌ মনত পৰিছে, এবাৰ ‘জিলিঙনি’ আলোচনীত তেওঁৰ এটা কবিতা প্ৰকাশ পাইছিল। কেইবাবছৰ ধৰি কবিতাটো মোৰ মুখষ্ঠ আছিল। এনেকুৱা ধৰণৰ আছিল কবিতাটো—
চিলমিল টোপনিৰ সুযোগ বুজি / মোৰ চকুৰ পতাত ভৰ দি তুমি যেতিয়া আহা / মোৰ শীত আহে বতাহত কোমল কুঁৱলীৰ ধোঁৱা হৈ / যি ধোঁৱাৰ কুণ্ডলীত উঠি মই যাত্ৰা কৰোঁ পৰীৰ দেশলৈ / তোমাৰ সৈতে / তুমি নজনাকৈয়ে…
(৯৪)
মনোবৈজ্ঞানিক গৱেষণা কিছুমানত প্ৰকাশিত হয় যে মানুহৰ ভাগৰুৱা, অলস মুহূৰ্তবোৰত সৃষ্টিশীল ক্ষমতা বৃদ্ধি পাব পাৰে। কৰ্মব্যস্ত দিনটোৰ শেষত যেতিয়া আপুনি ভাগৰি যায়, নতুবা গোটেই ৰাতি কষ্টেৰে কাম কৰি কৰি অৱশেষত আপুনি যেতিয়া টোপনি আৰু ভাগৰত জুৰুলা হৈ পৰে, তেনে সময়কণত আপোনাৰ মনটোলৈ গোটেই দিনটোৰ বাকী সময়খিনিতকৈ অধিক পৰিমাণে সৃষ্টিশীল চিন্তা আহিব পাৰে। বহুতো মানুহে যে ৰসিকতা কৰি কয়, “মই শুই থাকোঁতেহে ভাল ভাল কামৰ চিন্তা কৰিব পাৰোঁ, কিন্তু উঠি দিয়াৰ লগে লগে মনলৈ একো নহা হয়।” প্ৰকৃততে সেইটো শুদ্ধ আৰু ভাল কথাহে হ’ব পাৰে, যদিহে সেই চিন্তাখিনি ধৰি ৰখাৰ চেষ্টা কৰা হয়।
সেই ভাগৰুৱা সময়খিনিত চিন্তাখিনি অভিনৱ হ’ব পাৰে, কিন্তু সি সম্পূৰ্ণ নিখুঁত নহ’বও পাৰে। তদুপৰি ভাগৰ বা টোপনিয়ে হেঁচা মাৰি ধৰি ৰখা অৱস্থাত চিন্তাখিনি সঠিককৈ প্ৰকাশিত কৰি তোলাৰ সামৰ্থ্য কাৰোৰে নাথাকে। কিন্তু তাৰ সামান্য এটা ৰূপৰেখাও যদি ধৰি ৰখা হয়, পাছত সেইটো সম্পূৰ্ণ কৰি তুলিব পাৰি।
মহান শিল্পী, সাহিত্যিক, বিজ্ঞানীসকলে এনেদৰে কাম কৰাৰ কাহিনী জানিবলৈ পোৱা যায়। অলস মহূৰ্তবোৰত অৱচেতন মনৰ সক্ৰিয়তা যেতিয়া বাঢ়ি যায়, তেতিয়াই নিজৰ অজ্ঞাতেই তেওঁলোকে নিজে নিজে অসাধাৰণ কাম একোটা মূৰ্ত কৰাৰ দিশত অগ্ৰসৰ হয়। কিন্তু, অৱচেনত মনত সেই কৰ্ষণখিনি চলিবলৈ, মনটোত সেই কামখিনিৰ বাবে প্ৰয়োজনীয় উপাদানখিনি প্ৰতিষ্ঠা কৰিবলৈ, তাৰ পূৰ্বে সাধনা কৰিবলগা হয় বা সেই উপাদানবোৰ কষ্টেৰে চৰ্চা কৰিবলগা হয়।
অসুস্থ আৰু একপ্ৰকাৰৰ অসহায় অৱস্থাত শ্ৰীনিবাস ৰামানুজনে কৈছিল যে তেওঁৰ মনলৈ সেই চিন্তাবোৰ কোনোবা ঈশ্বৰে প্ৰদান কৰে। তেওঁ ঈশ্বৰ বুলি কোৱা বাবেই আজিকালি কিছুমান ‘গুৰু’ ধৰণৰ প্ৰচাৰকেও তেওঁৰ উক্তিটো প্ৰয়োগ কৰা দেখা যায়। কিন্তু, তেওঁলোকে ৰামানুজনৰ কঠোৰ সাধনাখিনি উপেক্ষা কৰি যায়।
যি কি নহওক, এই চিন্তাবোৰ ক’ৰ পৰা আহে সেয়া এতিয়াও ৰহস্য। কিন্তু, যিমানেই উপেক্ষা কৰা নাযাওক, এটা কথা বাৰে বাৰে ৰহস্য-মুক্ত হয় যে— সেয়া সদায় আহে সাধনাৰ অন্তত।
মানৱ সমাজে দেখা পোৱা অত্যন্ত কঠিন বৈজ্ঞানিক সমস্যাসমূহৰ মাজত অন্যতম এটা সমস্যা আছিল ‘ফাৰ্মাৰ অন্তিম উপপাদ্য’। ইয়াৰ সমাধান আগবঢ়াইছিল এন্দ্ৰু ৱাইলছে। তাৰ বাবে তেওঁ নতুন গাণিতিক বস্তু সৃষ্টি কৰিবলগীয়া হৈছিল। যি নতুন বস্তু ৱাইলছে বিচাৰি উলিয়াব লগা হৈছিল, তেৱোঁ কৈছিল— সেয়া ক’ৰ পৰা আহিছিল সেইটো ৰহস্য! অৱশ্যে লগতে তেওঁ কৈছিল—
পুৱা-গধুলি, অহৰহ সেই সমস্যাটোৱেই তেওঁৰ মগজুত ঘূৰি আছিল। যেতিয়া তেওঁ কঠিন মুহূৰ্তৰ মুখামুখি হৈছিল, য’ত পৰৱৰ্তী মুহূৰ্তত তেওঁ কোনটো ধৰণেৰে কামটোত আগবাঢ়ি এটা নতুন ধৰণ সৃষ্টি কৰি ল’ব লাগিব সেই কথা একেবাৰেই নাজানে, তেনে মুহূৰ্তত তেওঁ সাধাৰণতে প্ৰায়েই ওচৰৰ হ্ৰদটোৰ পিনে খোজ কাঢ়িবলৈ গৈছিল। সেইখিনি সময়ত তেওঁ কিছু শিথিলতা অনুভৱ কৰিছিল, কিন্তু সেয়া আছিল অৱচেতন মনক অধিক সক্ৰিয়তাৰে ক্ৰিয়া কৰিবলৈ দিয়া মুহূৰ্ত। ৱাইলছৰ ভাষাৰে, গোটেই কামটো আছিল এটা অন্ধকাৰ অপৰিচিত দালানৰ মাজেৰে যাত্ৰাৰ দৰে কথা— প্ৰথমে এটা কোঠালীত প্ৰৱেশ কৰি অন্ধকাৰত আচবাববোৰ খেপিয়াই খেপিয়াই চাই গম পোৱা গ’ল কোঠালীটো কেনেকুৱা, তাত কি কি আছে…, আৰু শেষত ছমাহৰ মূৰত অকস্মাতে লাইটৰ চুইছটো বিচাৰি পাই সেইটো অন কৰাৰ লগে লগে হঠাতে সকলোখিনি জাতিষ্কাৰ হৈ উঠিল, গম পোৱা গ’ল প্ৰকৃততে কোন স্থানত উপনীত হৈছে…। তাৰ পাছত প্ৰৱেশ কৰিবলগীয়া হ’ল পৰৱৰ্তী অন্ধকাৰ কোঠালীটোত, পুনৰ আৰম্ভ হ’ল একেদৰেই অন্বেষণ…।
(৯৫)
মেট্ৰিকত কোনো কোনো স্কুলত এশ শতাংশই অনুত্তীৰ্ণ হোৱাক লৈ বিতৰ্ক চলি থকাৰ সময়তে আজি বন্ধু এজনে ক’লে যে— আচলতে এশ শতাংশ উত্তীৰ্ণ হোৱা স্কুলবোৰকো কাৰণ দৰ্শোৱাৰ জাননী দিব নালাগেনে, বা তেনে স্কুলসমূহৰ ওপৰতো প্ৰশ্ন তুলিব নালাগেনে? কাৰণ, আজিৰ Post-truth যুগৰ পৃথিৱীত পৰিসাংখ্যিক-তথ্য মিছা বিয়পোৱাৰ সৰ্বোত্তম অস্ত্ৰ হৈ পৰিছে। ইয়াৰ অৰ্থ এইটো নহয় যে সেই স্কুলসমূহৰ পৰা এশ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হোৱাৰ তথ্যবোৰ ভুল। কিন্তু গোটেই সমাজখনৰ প্ৰেক্ষাপটত বহল অৰ্থত যদি চায়, তেন্তে দেখা যায় যে এশ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ কৰাৰ প্ৰতিযোগিতাই সাংঘাতিক অনিষ্ট কৰিছে।
এশ শতাংশ উত্তীৰ্ণ হোৱা স্কুলবোৰৰ পৰীক্ষাৰ্থীৰ সংখ্যা সাধাৰণতে তেনেই কম হয়। বহুতে বাছি বাছি পাছ কৰিব পৰা কেইজনমান লয়। আৰু তেতিয়া, স্থানীয় বাকী ছাত্ৰ-ছাত্ৰীসকল ক’লৈ যায়? তেওঁলোক যাব লগা হয় সৰহকৈ ছাত্ৰ-ছাত্ৰী থকা আন স্কুললৈ। ফলত সেইবোৰ স্কুলত শিক্ষক-ছাত্ৰৰ অনুপাতটোও বেয়াৰ দিশে গতি কৰে। এনেদৰে এশ শতাংশ উত্তীৰ্ণ বা সৰ্বাধিক শতাংশ উত্তীৰ্ণ কৰাৰ কৌশলী যুঁজখনে প্ৰকৃততে অনিষ্টহে কৰা নাইনে?
আকৌ, এশ শতাংশ উত্তীৰ্ণ কৰাৰ উদ্দেশ্যতে, স্কুল কৰ্তৃপক্ষই কোনো ছাত্ৰ-ছাত্ৰীক পৰীক্ষাত নবহিবলৈও নানা হেঁচা প্ৰয়োগ কৰা দেখা যায়। তাৰে কোনোবাই একেটা শ্ৰেণীত ৰ’ব লগা হয় বা বেলেগ চেণ্টাৰলৈ যাব লগা হয়। কম বয়সীয়া ছাত্ৰ-ছাত্ৰী একোগৰাকী হঠাতে বেলেগ স্থানলৈ গৈ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ যি চাপ, সকলোৱে সেয়া সহ্য কৰিব নোৱাৰে। আনহাতে, উচ্চতম স্থান লাভ কৰা অলেখ ছাত্ৰ-ছাত্ৰীৰো পৰীক্ষাৰ ৰিজাল্ট আগৰ শ্ৰেণী-পৰীক্ষাবোৰতকৈ ভাল হয়। দ্বিতীয় বিভাগত উত্তীৰ্ণ হ’ম বুলি সদায় ভাবি থকা বহুতো ছাত্ৰ-ছাত্ৰীয়েও প্ৰথম বিভাগ পায় যায়। তেনেহ’লে, সেই হেঁচাৰ বলি হোৱা ছাত্ৰ-ছাত্ৰীসকল উত্তীৰ্ণ হৈ যোৱাৰো সম্ভাৱনা নাছিল নে!
এই যে তথ্যবোৰ, ইমানবোৰ স্কুলে এশ শতাংশ উত্তীৰ্ণ কৰাইছে, সেইটো দেখাত ভাল, কিন্তু সামগ্ৰিকভাৱে সেই তথ্যও হৈ পৰে এটা Post-truth. যি আচলতে আন বহু পৰিসংখ্যা, তথ্য বা ঘটনাক ঢাকি ৰাখে। যাৰ বাবে, মোক বন্ধুজনে কোৱাৰ দৰে, ই মিছা বিয়পোৱাৰ সৰ্বোত্তম অস্ত্ৰ হৈ পৰে। যদিহে ইয়াৰ পৰা মুক্ত হ’ব পৰা যায়, তেন্তে এশ শতাংশ উত্তীৰ্ণ কৰোৱা স্কুল নাথাকিব পাৰে, কিন্তু এশ শতাংশ অনুত্তীৰ্ণ হোৱা স্কুল নোহোৱা হৈ যাবও পাৰে। আৰু লগতে সামগ্ৰিক উত্তীৰ্ণৰ হাৰ বা গোটেই ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰ ওপৰত পৰা সুপ্ৰভাৱৰ হাৰো বাঢ়ি যোৱাৰ সম্ভাৱনা আছে।
(৯৬)
আশী-নব্বৈৰ দশকৰ কিছুমান সাহিত্য পঢ়িলে বা সংবাদ জগতৰ কাহিনীবোৰলৈ চালে, এটা কথা বাৰে বাৰে মনলৈ আহে। তেতিয়া চাৰিওফালে অস্ত্ৰৰ জনজননি, বোমা-বাৰুদৰ শব্দ। আক্ৰমণ, প্ৰতি-আক্ৰমণ, হিংসা, দমনৰ মাজত এক আতংকৰ পৰিৱেশে অহৰহ প্ৰতিজন মানুহৰ মনোজগতত ক্ৰিয়া কৰি আছিল। কিন্তু তাৰ মাজতো বহুতো লেখক আৰু সাংবাদিকে কেনেকৈ সাহসিকতাৰ তেওঁলোকৰ লেখাবোৰ লিখিছিল কিছু আচৰিত লগাই কথাই আছিল। এতিয়া বিদ্ৰোহী আৰু শাষক কোনোফালৰ পৰাই অস্ত্ৰৰ সিমান প্ৰচলন সমূলি নাই। অথচ, আজিকালি তেনে সাহিত্যও নাই, তেনে সংবাদো নাই। কলমতকৈ তৰোৱাল শক্তিশালী নে তৰোৱালতকৈ কলম শক্তিশালী, সেইটো স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত আয়োজন কৰা তৰ্ক-প্ৰতিযোগিতাৰ জনপ্ৰিয় বিষয়। যিয়েই যিফালে নকওক কিয়, কোৱাখিনি তজবজীয়াকৈ ক’লেই পুৰষ্কাৰ পাবই। কোনোবা দাৰ্শনিকে ডাঠি ক’লেও, কলম আৰু তৰোৱালৰ ভিতৰত কোনটো শক্তিশালী সেয়া জনা নাযায়। কিন্তু, আজিৰ সাহিত্য আৰু সংবাদলৈ চালে এটা কথা নিশ্চিতকৈ জনা যায় যে, তৰোৱালতকৈ সুবিধাবাদৰ শক্তি বেছি। কাৰণ সুবিধাবাদে আশী-নব্বৈৰ দশকৰ দৰে সাহিত্য আৰু সংবাদ কৰাৰ পৰা সকলোকে দূৰলৈ লৈ গ’ল। আনকি সেই সময়ত তেনে সাহিত্য চমকপ্ৰদ সাহসিকতাৰে কৰা বহু লোকেও এতিয়া নিচুকণি-গীতৰ দৰে সাহিত্য-সংবাদ চৰ্চাত ব্যস্ত। নতুন বুদ্ধিজীৱিসকলো হাই-প্ৰফাইল ড্ৰয়িং-ৰূমৰ শ্ব’-কেছত সজাই থোৱা চেপা, পল, জাকৈৰ দৰে হ’ল।
(৯৭)
কালি সাহিত্যৰ নোবেল বঁটা লাভ কৰা সাহিত্যিক হাং কাং সম্পৰ্কীয় বাতৰিবোৰ পঢ়ি, কালি দিনটোৰ সৈতে এক কাকতালীয় সংযোগ দেখা পাইছোঁ। কালি ১০ অক্টোবৰ। আৰু এই দিনটোত পালন কৰা হয়, বিশ্ব মানসিক স্বাস্থ্য দিৱস।
হাং কাং সম্পৰ্কীয় বাতৰি বা লেখাবোৰত পোৱা মতে— তেওঁৰ সৃষ্টিত মানুহৰ মানসিক স্বাস্থ্য, উদ্বিগ্নতা, অসহনীয় বিষাদ বা চূড়ান্ত বিমৰ্ষিত স্তৰ আদি পোৱা যায়। যিবোৰৰ জৰিয়তে তেওঁ কিছুমান মানৱীয় প্ৰশ্ন উত্থাপন কৰে আৰু সেই সমস্যাবোৰৰ বা কাৰকবোৰৰ সমাজ-ৰাজনৈতিক উৎসৰ অন্বেষণ কৰে। এখন বিশ্বশ্ৰেষ্ঠ বিজ্ঞান পত্ৰিকা ‘The Lancet’তো তেওঁৰ সৃষ্টিত থকা মনস্তাত্ত্বিক বা মানসিক ৰোগ সম্পৰ্কীয় দিশটোৰ আলোচনা হৈছে।
হাং কাং নিজেও মাইগ্ৰেণত আক্ৰান্ত। তেওঁ কৈছিল, যদিহে তেওঁ এশ শতাংশ সুস্থ হ’লহেঁতেন, তেন্তে তেওঁ লেখক হ’ব নোৱাৰিলেহেঁতেন।
তেওঁৰ একো কিতাপ আগতে পঢ়া নাই। ‘The Vegetarian’খন কালিৰ পৰা আৰম্ভ কৰিছোঁ। অলপ পঢ়ি এনে লাগিছে যেন এক সুকীয়া অভিজ্ঞতা লাভ কৰিম। ইয়াত এতিয়া আৰম্ভ ঘটিছে, পাঠকক চূড়ান্ত শংকিত কৰি তোলাকৈ, এগৰাকী মানুহৰ মানসিক নিয়ন্ত্ৰণহীন অসহায় অৱস্থাৰ।
(৯৮)
‘কুলাংগাৰ’ উপন্যাসখন লিখাটো মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সপোনসমূহৰ অন্যতম আছিল। ই আছিল বহু বছৰযোৰা প্ৰচেষ্টা। ইয়াৰ বীজ অংকুৰিত হৈছিল মই মেট্ৰিক দিবলৈ ওলোৱা সময়ত। প্ৰথমে ইয়াৰ বহু অংশ লিখিছিলোঁ কেইখনমান বহীত। মই যেতিয়া তেজপুৰ বা গুৱাহাটীত আছিলোঁ, চাৰিদিনৰ বাবে ঘৰলৈ আহিলেও বা কেতিয়াবা মাজতে মাথোঁ চাৰিদিনৰ বাবে তেজপুৰ-গুৱাহাটীলৈ গ’লেও সেই বহীকেইখন বেগত লৈ গৈছিলোঁ। ই এৰিব নোৱৰা সৃষ্টিৰ অংশ যেন হৈ পৰিছিল।
এইখন লিখি থকা বাবেই মই নিশ্চিতকৈ দুই-এটা বস্তু লাভ কৰিছিলোঁ, কিন্তু হেৰুৱাইছিলোঁ বহু বস্তু। আৰু মোৰ মন সদায় সাজু হৈ আছিল যে এইখন প্ৰকাশিত হোৱাৰ পাছতো দুই-এটা বস্তু লাভ কৰিম, কিন্তু মই হেৰুৱাম বহু কিবা-কিবি। এতিয়া এয়া এক সন্ধিক্ষণ। সময়ৰ ধাৰা এতিয়া একে হৈ নাথাকে।
(৯৯)
ভাৰতৰ স্বাধীনতা আন্দোলনক লৈ লিখা এখন অসমীয়া উপন্যাস হ’ল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ‘মৃত্যুঞ্জয়’। দেশৰ স্বাধীনতা লাভৰ বাবে, মৃত্যুৰ চিন্তা জয় কৰি কেনেকৈ সাধাৰণ মানুহো মহানায়কলৈ উদ্ভাসিত হৈ পৰে সেয়া তাৰেই কাহিনী। তাত বৰ্ণনা কৰা হৈছে কেইটামান দিনৰ।
দেশৰ স্বাধীনতা আন্দোলন আৰু স্বাধীনতা সংগ্ৰামীৰ বিষয়ে থকা আন এখন অসমীয়া উপন্যাস হ’ল হোমেন বৰগোহাঞিৰ ‘পিতা-পুত্ৰ’। য’ত আছে স্বাধীনতাৰ আগৰ কেইবাবছৰ আৰু পাছৰো বহু বছৰ।
‘মৃত্যুঞ্জয়’ প্ৰকাশ হৈছিল ১৯৭০ চনত, ‘পিতা-পুত্ৰ’ প্ৰকাশ হৈছিল ১৯৭৫ ত।
আমি সেই দুখন পঢ়িছিলোঁ একবিংশ শতিকাত। পঢ়াৰ ক্ৰমটোও আছিল একেই— মৃত্যুঞ্জয় প্ৰথমে, পিতা-পুত্ৰ দ্বিতীয়ত।
‘মৃত্যুঞ্জয়’ৰ ত্যাগ আৰু বীৰত্বৰ কাহিনীয়ে ৰোমাঞ্চিত কৰি শেষ নহওঁতেই ‘পিতা-পুত্ৰ’ৰ সেই যুঁজত জড়িতসকল আৰু তাৰ পৰিণতিৰ কাহিনীয়ে চক খুৱাই দিছিল।
আৰু এই নিজস্ব নিজস্ব ধৰণেৰে দুয়োখন উপন্যাসে অসমীয়া সাহিত্যৰ অসামান্য পৰিচয় দাঙি ধৰি আছে।
অসমীয়া উপন্যাস বহু সময়ত অতীতমুখি যেন ধাৰণা হয়। বা প্ৰধানকৈ কেৱল একো একোটা ঘটনা কেন্দ্ৰীক। বহল প্ৰেক্ষাপটত বৰ্তমান সময়টোক ধৰি ৰখা উপন্যাস পাবলৈ দিকদাৰ। এই ক্ষেত্ৰত হোমেন বৰগোহাঞিৰ ‘পিতা-পুত্ৰ’ই বিশেষ স্থান দখল কৰি আছে।
‘পিতা-পুত্ৰ’ য’ত শেষ হৈছে তাৰ পৰা একবিংশ শতিকাৰ দুটা দশক গুচি যোৱালৈকে যি পৰিক্ৰমা, চিন্তাধাৰা পৰিবৰ্তনৰ, অৱস্থা সলনিৰ, সেয়া প্ৰকাশিত হোৱা নাই এতিয়াও। হোমেন বৰগোহাঞিয়ে ‘পিতা-পুত্ৰ’ শেষ কৰিছিল পাছৰ দশককেইটাৰ নিৰীক্ষণ ঘোষণা কৰি, উপন্যাসত নিজেই প্ৰৱেশ কৰি। কিন্তু নিৰীক্ষণৰ ফলাফল তেঁৱো দ্বিতীয় এখন উপন্যাসত লিখি থৈ নগ’ল।
(১০০)
সৌৰভ কুমাৰ চলিহাৰ এটা এটা বাক্যত বহু তৰপ, বহু ভাব অন্তৰ্ভুক্ত হৈ থাকে। সেইবোৰ অত্যন্ত আটিল, জটিল যদিও সুগঢ়ি, আৰু শক্তি নিহিত। কিছুমান ধাতু বা যৌগৰ অতি ক্ষুদ্ৰ অংশই অত্যন্ত গধুৰ হোৱা দৰে সেইবোৰে পাঠকক হেঁচা মাৰি ধৰে। সেইবাবেই, তেওঁৰ গল্প পঢ়াটো প্ৰায়ভাগ পাঠকৰ বাবে কষ্টকৰ হৈ পৰে আৰু বুজিবলৈ সময় লাগে।
কিন্তু, একেজন মানুহেই যেতিয়া বিজ্ঞান প্ৰবন্ধ লিখে, সুৰেন্দ্ৰ নাথ মেধি বুলি আচল নামেৰে, তেতিয়া তেওঁৰ বাক্যবোৰ সৰল, পোনপটীয়া, আৰু পাঠকৰ মন স্পৰ্শ কৰিব পৰাকৈ অতি স্পষ্ট।
বিজ্ঞান লেখকসকলৰ বাবে আটাইতকৈ প্ৰয়োজনীয় বস্তুটোৱেই হৈছে সৰল, পোনপটীয়া, স্পষ্ট ভাষা।
No Comments