তলৰ উদ্ধৃত কথাখিনি ডা৹ ধ্ৰুৱজ্যোতি বৰাই ২০০৩ চনত ‘গৰীয়সী’ত এটা প্ৰবন্ধৰ আৰম্ভণিতে লিখিছিলঃ “সঁচাকৈয়েই আচৰিত আছিল যোগাযোগটো। সঁচাকৈয়ে আচৰিত যোগাযোগ। পোন প্ৰথমবাৰৰ বাবে কয়েৎজেক আৱিষ্কাৰ কৰাটো মোৰ বাবে আচৰিত যোগাযোগেই আছিল। অভাৱনীয়ভাৱে আচম্বিতে হৈছিল এইটো। তাৰ আগলৈকে ম‍ই কয়েৎজেৰ নামেই শুনা নাই। তেনে নামৰ লিখক এজনৰ অস্তিত্ব আছে...

অসম সাহিত্য সভাই তথ্য-প্ৰযুক্তি সম্পৰ্কীয় কাম-কাজৰ বাবে এখন সমিতি গঠন কৰিছে। আজি গধূলি (০২-০৫-২০২৩) সাহিত্য সভাৰ গুৱাহাটী প্ৰশাসনীয় কাৰ্যালয়, ভগৱতী প্ৰসাদ বৰুৱা ভৱনত সভাপতি আৰু প্ৰধান-সম্পাদককে আদি কৰি সমিতিৰ কাৰ্যকৰ্তাৰ এখন বৈঠক অনুষ্ঠিত হ’ব। তেওঁলোকে ল’ব বিচৰা নটামান পদক্ষেপ আৰু সমিতিখনৰ সম্পৰ্কীয় এটা বাৰ্তা সমিতিৰ...

আকস্মিকভাবে গুণোৎসৱ আয়োজন কৰিলে আৰু অধিক ভাল ফলাফল ওলাব। চৰিয়াৰ পৰা জপিয়াই এজাক পোণা-মাছ বাহিৰ হোৱা দৰে জাপে জাপে প্ৰশ্ন-কাকত ফাদিল হোৱা অৱস্থাত এই গোপনীয়তা ৰক্ষা কৰাটো সম্ভৱ হ’ব নে নহয় জনা নাযায়। কিন্তু অসম্ভৱো নহয়। পুৱা বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক উপস্থিত হৈ দেখা পাইছে...

‘অপূৰ্ব শৰ্মাৰ গল্প সমগ্ৰ’ত সন্নিবিষ্ট এটা প্ৰসংগ হৈছে-- তেওঁ প্ৰচলিত অৰ্থত জনপ্ৰিয় সাহিত্যিক নহয় আৰু ইয়াৰ অন্যতম কাৰণ হৈছে, তেওঁ বছৰত মাথোঁ এটামান গল্পহে লিখে। কেতিয়াবা সেয়াও নিলিখে। (এয়া কিন্তু অৱসাদগ্ৰস্ততা ধৰণৰ কাৰণত নহয়। বৰং তাৰ ওলোটাটোহে।) ফলত গোটেই জীৱনকালত তেওঁ মাথোঁ পঞ্চাছটামানহে গল্প লিখিব...

[অসম সাহিত্য সভাৰ ৭৬ সংখ্যক অধিৱেশনৰ দ্বিতীয় দিনা, ২০২৩ চনৰ ০১ ফেব্ৰুৱাৰীত, মূল মঞ্চত এখনি ‘ডিজিটেল সাহিত্য সন্মিলন’ অনুষ্ঠিত হয়। সন্মিলনখনৰ এগৰাকী নিমন্ত্ৰিত অতিথি ৰূপে মোৰ নিৰ্ধাৰিত বিষয় আছিল: ‘অসমীয়া ই-আলোচনী আৰু ইয়াৰ গতি-প্ৰকৃতি’। আয়োজকৰ খেলিমেলিৰ বাবে, অনুষ্ঠানটোত বক্তাসকলে চমুকৈ বক্তব্য দাঙি ধৰিব লগা হয়।...

নতুন বছৰৰ পৰা দুটা কাম কৰিবলৈ লৈছোঁ: এটা হৈছে খোজ কঢ়া, আনটো ডায়েৰি লিখা। প্ৰথমটোত আধা ঘণ্টা, দ্বিতীয়টোত পাঁচ-দহ মিনিট। ডায়েৰি লিখিম বুলি ভবাৰ কাৰণটো হ’ল-- অসমৰ বিভিন্ন প্ৰান্তত বা অসমৰ বাহিৰত থকা কিছুমান বিশিষ্ট ব্যক্তি বা গুৰুত্বপূৰ্ণ কাম কৰি থকা ব্যক্তিৰ লগত, প্ৰায় প্ৰতিদিনে কমেও...