গুণোৎসৱ, নাকৰ পৰিদৰ্শন আদি আকস্মিক হ’ব লাগে

আকস্মিকভাবে গুণোৎসৱ আয়োজন কৰিলে আৰু অধিক ভাল ফলাফল ওলাব। চৰিয়াৰ পৰা জপিয়াই এজাক পোণা-মাছ বাহিৰ হোৱা দৰে জাপে জাপে প্ৰশ্ন-কাকত ফাদিল হোৱা অৱস্থাত এই গোপনীয়তা ৰক্ষা কৰাটো সম্ভৱ হ’ব নে নহয় জনা নাযায়। কিন্তু অসম্ভৱো নহয়। পুৱা বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক উপস্থিত হৈ দেখা পাইছে যে হাতত কাগজ-ফাইল লৈ কেইজনমান অচিনাকি মানুহ শান্ত-ভদ্ৰকৈ ৰৈ আছে। আৰু কেইমুহূৰ্তমানৰ পাছতে সকলোৱে গম পাইছে যে আজিৰ পৰা গুণোৎসৱ। নাই কোনো থৰ-কাছুটি, নাই কোনো হাবাথুৰি। উত্তেজিত মন-প্ৰাণ, তীব্ৰতৰ হৈ উঠা তেজৰ ঢৌ শান্ত-প্ৰশমিত কৰিবলৈ চবৰে আত্ম-প্ৰচেষ্টা।

কেইবছৰমান বিৰতিৰ পাছত এইবাৰ মোৰ এখন কিতাপ প্ৰকাশ পাব পাৰে, য’ত শিক্ষা-জগতৰ বহুতো কথা আছে। এয়া কোনো বিজ্ঞাপন নহয়, দায় সাৰিবলৈ কোৱা কথা। তাতে থকা লুইত কলেজলৈ নাক আহিব কাৰণে ডেৰ-মাহ ধৰি ক্লাছ-শ্লাছ নাই। চহৰৰ পকেটমাৰকেইটা পৰ্যন্ত খবৰ পাইছেগৈ যে ‘নাক আহিব’! তৃণমূল পৰ্যায়লৈকে যে শিক্ষা নামি গৈছে ই তেনেকুৱা কথা নহয়, ই হৈছে সিহঁতকেইটাৰ বাবেও কিজানি দুই নম্বৰী উপাৰ্জনৰ আন এক সুযোগ আহে তাৰেই উৎকণ্ঠা। নাকক আদৰিবলৈ মাৰ্চ-পাষ্ট, অনুশীলন কৰি কৰি ছাত্ৰ-ছাত্ৰী ভাগৰি পৰিছে। কম ছাত্ৰ-ছাত্ৰী থকা বিভাগবোৰলৈ ভাৰাত ছাত্ৰ-ছাত্ৰী অনা হৈছে, কোনো শিক্ষকে টিউচন কৰা চিনাকিতে ধৰি আনি হায়াৰ ছেকেণ্ডাৰীৰ ছাত্ৰকো ডিগ্ৰীৰ ছাত্ৰ ৰূপে ভৰাই দিয়া হৈছে দলত। বস্তিবোৰত বিচাৰি পুৰণা কাঠ-বাঁহ গোটাই অনা হৈছে বেৰা দিবলৈ, আচবাব সাজিবলৈ, পাৰ্ক সুন্দৰ কৰিবলৈ। নতুন বস্তু লগালে ধৰা পৰি নাকৰ নম্বৰ কম পোৱাৰ ভয়। পুৰণা যেন লগা ধেলা ৰং প্ৰস্তুত কৰি তাত লগাই দিয়া হৈছে। কম্পিউটাৰ-ডিপ্লমা দিয়া প্ৰাইভেট প্ৰতিষ্ঠানৰ পৰা কম্পিউটাৰ ভাৰালৈ অনা হৈছে, সেইকেইটা পূৰ্বতে লোৱা বুলি দেখুৱাই থোৱা কাগজ-পত্ৰবোৰ পাই সহ-শিক্ষকসকল বেহুচ হৈছে, প্ৰিন্সিপালক হেঁচা মাৰি ধৰিছে, নাক যোৱালৈ ৰ’বলৈ তেওঁলোকক কাতৰ অনুৰোধ কৰা হৈছে, ‘সকলোৱে নিজৰ ঘৰখনৰ বিয়াৰ দৰে কামবোৰ কৰা, নিজৰ ঘৰখনৰ দৰে কথাবোৰ বাহিৰত নুলিয়াবা, ভাল গ্ৰেড পালে আমাৰ চবৰে নাম।’ সকলো মান্তি হৈছে, তাৰ বাবে তেওঁলোকে পাছত মূল্যও পাব, মানিবলৈ টান পোৱাকেইজন এলাগি হৈছে। কিনি অনা হৈছে পুৰণা কিছুমান বহী। কোনোদিন ৰেজিষ্টাৰ নকৰা, ডিপাৰ্টমেণ্টত সমুলি নবহা শিক্ষকসকল ডিপাৰ্টমেণ্টত বহি লৈ যুগজয়ী সাধনাত লিপ্ত হোৱা দৰে কলমেৰে যাদিচ্ছিকভাবে পূৰাই গৈছে অতীতৰ ছাত্ৰ-ছাত্ৰীৰ present-absent. সপোনতো দেখা হৈছে a, p, a, p — p, a, p, a. কলেজৰ পুথিভঁৰাল খালি কৰি কিতাপবোৰ নি ঘৰত এনেই দ’মাই থোৱা শিক্ষকবোৰে মোনাই মোনাই কাঢ়িয়াবলৈ বাধ্য হৈছে। ছাত্ৰ-ছাত্ৰীয়ে দেখি আচৰিত হৈছে— ‘এইবোৰ কিতাপ আমি বিচাৰি বিচাৰি পোৱা নাছিলোঁ, যোৱাবাৰেই পোৱা হ’লে!’

শেষত নাক আহিল, অফিচবোৰৰ সমুখৰ বাঁহৰ আটোম-টোকাৰি বেৰাবোৰ দেখি সুধিলে, ‘এইবোৰ নতুনকৈ সাজিছে নেকি?’

‘নহয় ছাৰ, চব পুৰণা, চব আগৰে।’

‘অ’, ৰংবোৰহে এতিয়া লগালে?’

‘নহয় নহয় ছাৰ, আগৰে ৰং, সেইবাবে ধেলা পৰি গৈছে।’

‘আমি ছিটিকনিবোৰ দেখিহে সুধিলোঁ!’

লগে লগে লুইত কলেজৰ শিক্ষকৰ মুখৰ মাত হেৰাল। ৰং লগাওঁতে বনত পৰি থকা ছিটিকনিবোৰো যে লুকুৱাব লাগিছিল আগতে কাৰোৰে মূৰত নেখেলালে! সেই খবৰটোৱে অৱশ্যে আন আন কলেজবোৰক এক শিক্ষা প্ৰদান কৰিলে যে— ধেলা ৰং লগাওঁতে ছিটিকনিক ক্ষণে ক্ষণে লক্ষ্য কৰাটো এক কৰ্তব্য, ছিটিকনি পৰিলেই লগালগ পানী ঢালি উটুৱাই দিব লাগে বা বন উঘালি পেলাব লাগে।

সময় মতে লুইত কলেজৰ পৰা নাক গ’লগৈ, কিন্তু তাৰ পাছতো এসপ্তাহ ধৰি ক্লাছ নাই। আনন্দ-উৎসৱ, ফটো আদান-প্ৰদান, সৰৱ চৰ্চা। ক্লাছ আৰম্ভ হোৱাৰ পাছতো ভাগৰ, শিক্ষকৰ শিক্ষা-দানত অৱসাদ। প্ৰকৃতিস্থ হ’বলৈ পালে কি নাপালে বছৰটো যাবৰ হ’লেই।

এতিয়া আহোঁ দুখন বিশ্ববিদ্যালয়ৰ কথালৈ।

ছাত্ৰীৰ সৈতে এজন শিক্ষকৰ যৌন কেলেংকাৰী পত্নীয়ে গৈ বিভাগৰ ছাত্ৰ কেইজনমানৰ সহযোগত ধৰা পেলালে। লাগি গ’ল হুলস্থূল। কিছুদিনৰ আগত বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ ফলাফল ওলাই গৈছে, তেজ ঠাণ্ডা হোৱাই নাই, ‘ন্যায়’ বিচাৰি এজাক ল’ৰা-ছোৱালী ওলাই গৈ উপাচাৰ্যৰ অফিচটো লণ্ডভণ্ড কৰি পেলালে, বৰদৈচিলাই গছ-পাত মহটিয়াই পেলোৱা দৰে ভিচি-অফিচৰ কাগজ-পত্ৰ সকলো থানবান, এজনী নেত্ৰীক উপাচাৰ্যই এক থাপৰ লগাই দিলে, তাই মুৰ্চা যোৱা ভাও ধৰি পৰি দিলে, চবেই চিঞৰ-বাখৰ লগালে যে হস্পিটেললৈ নিব লাগে, তাই উঠি লৈ বোলে— ‘নহ’ব, মোক ইয়াত ভিজিট দিয়াব লাগিব ডাক্টৰ অনাই।’ পুলিছ আহিল, মাৰপিট চলিল, হাহাকাৰ পৰিৱেশ।

সেয়া এখন ঐতিহ্যমণ্ডিত বিশ্ববিদ্যালয়, ইতিহাস আছে, গ্লেমাৰ আছে, প্ৰতিটো বিভাগত বহুকেইজনকৈ বিদ্বান আছে। বিদ্বানসকলৰ গুণ-গৰিমাত ছাত্ৰ-ছাত্ৰী মন্ত্ৰমুগ্ধ। প্ৰায়ভাগ ছাত্ৰ-ছাত্ৰীয়ো একো একোটা পণ্ডিত, তীক্ষ্ণধী। স্থানীয় এমএলএ-চেমেলে বাদেই বিশিষ্ট মন্ত্ৰীও বিশ্ববিদ্যালয়ৰ চৌহদত সোমাবলৈ ভয় কৰে। কোনোবা সোমালেও নিজৰে বিদ্বান অধ্যাপকসকলতকৈ কোনো ছাত্ৰ-ছাত্ৰীয়েই তেওঁলোকক বিশেষ গুৰুত্বই নিদিয়ে। গুৰুত্ব নাপালে ৰাজনৈতিক নেতা সোমাই কেনেকৈ! আৰু যিসকল ছাত্ৰ-ছাত্ৰী ৰাজনীতিৰ প্ৰতি আগ্ৰহী, তেওঁলোকৰো প্ৰতিটো দলেই শক্তিশালী, সামান্য অজুহাত পালেই সমুখত ঢাৰি পাৰি বহি দিব, অহা বাটে ঘূৰি যাবলৈ ৰক্ষা নাপাব।

গতিকে, ঘটনাটোত সুযোগ মিলিল। সদলবলে হাই-প্ৰফাইল মন্ত্ৰীৰ আগমণ ঘটিল চৌহদলৈ, ঘণে ঘণে। আলোচনা বহিল, সভা বহিল। মঞ্চ শুৱনি কৰা বুদ্ধিজীৱীসকলে যুৱ-প্ৰজন্মৰ উশৃংখলতাৰ কথা জাপে জাপে লিখিলে।

কিন্তু ঐতিহ্যই টলাব নোৱৰা, গ্লেমাৰে বচাব নোৱৰা, বিদ্বানতাইয়ো ৰক্ষা কৰিব নোৱৰা কিছুমান ঘটনা বিশ্ববিদ্যালয়খনত লগত লগত ঘটিয়েই থাকিল, বাতৰি-কাকত অশুৱনি কৰিয়েই থাকিল, সমস্যাত পৰা ভাগে ভাগে ছাত্ৰ-ছাত্ৰীৰ হাহাকাৰ লাগিয়েই থাকিল।

দেখি দেখি চিন্তিত হৈ এজন সাহিত্যিক-বুদ্ধিজীৱী গ’ল আচাৰ্যৰ ওচৰলৈ, ‘আপুনি এবাৰ বিশ্ববিদ্যালয়খন ভ্ৰমণ কৰিব লাগে।’ আচাৰ্যই আগ্ৰহ প্ৰকাশ কৰিলে।

বিশ্ববিদ্যালয়লৈ খবৰ আহিল, বাতৰি-কাকতত বৃহৎ শিৰোনাম ওলাল— ‘আচাৰ্যয়ে বিশ্ববিদ্যালয় ভ্ৰমণ কৰিব।’ এক ঐতিহাসিক মুহূৰ্তৰ দৰে কথা এয়া। চৌহদত চাৰিওফালে উৎকণ্ঠা। বাহিৰৰ মানুহো দিনটোলৈ ৰৈ থাকিল সচেতন নিৰীক্ষক হৈ। আচাৰ্যক আদৰিবলৈ ভিতৰত সকলোৱে যো-যা চলালে। সকলো তৎপৰ হ’ব লগাত পৰিল, কাৰণ কেউপিনে লেতেৰা হৈ আছে। চৌহদটো লেতেৰা, বেৰবোৰ লেতেৰা, ফ্ল’ৰবোৰ লেতেৰা, ফাইলবোৰ লেতেৰা, লগতে কিছু কিছুৰ মনবোৰ আৰু বৌদ্ধিকতাতো লেতেৰা দাগ লাগিছে। কাৰোৰে ৰ’বলৈ সময় নাই, সকলো চাফ-চিকুণত লাগিছে, নাৰ্চাৰীৰ পৰা ফুলৰ টাব কঢ়িয়াই আনিছে অফিচ-ডিপাৰ্টমেণ্ট শুৱনি কৰিবলৈ, বিদগ্ধ পণ্ডিত পৌঢ় অধ্যাপকে নিজ হাতে ঝাৰু মাৰিছে, দেখি সকলোৱে কৈছে ‘ছাৰ/বাইদেউ মহান।’ এই সকলো তৎপৰতাৰ মাজতে এটা কঠোৰ প্ৰশ্ন উদিত হৈয়ো হেৰাই গুচি গৈছে— ‘মহানতা এদিনৰ বাবে কিয়? আচাৰ্য অহাৰ বাবেই কিয়?’

একেই প্ৰদেশৰ আন এখন বিশ্ববিদ্যালয়। নাক আহিব। কিন্তু কাৰোৰে একো গুৰুত্বই নাই, ছাত্ৰ-ছাত্ৰীৰ কোনেও গমেই নাপায়। নাক অহাৰ এদিন আগত পাছবেলা হোষ্টেল আৰু ডিপাৰ্টমেণ্টৰ ন’টিছ ব’ৰ্ডত দেখা গ’ল যে— পৰহিলৈ নাক আহিব, তাৰ বাবে এঘণ্টীয়া এটা আলোচনা হ’ব, সন্ধিয়া ৫ বজাত সকলো পেক্ষাগৃহলৈ আহিব লাগিব।

প্ৰায়-ভাগ গ’ল। প্ৰ’-ভিচিয়ে ১৫ মিনিটমানৰ এটা লেকচাৰ দিলে, আন এজনে আধা ঘণ্টামানৰ এটা প্ৰেজেণ্টেছন। তাত কোৱা হ’ল যে— বিশ্ববিদ্যালয়ে ছাত্ৰ-ছাত্ৰীক কি কি দিছে, প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বাবে বিশ্ববিদ্যালয়ে প্ৰতি বছৰে কিমান খৰচ কৰে, বিশ্ববিদ্যালয়ৰ গোটেই শৈক্ষিক, আৰ্থিক, প্ৰশাসনিক ব্যৱস্থাবোৰ কেনেকৈ চলে। আৰু কোৱা হ’ল যে— তোমালোকে যি যি পাইছা নিজে দেখিয়েই আছা, কিবা সমস্যা আছে যদি আমাক কোৱা আমি কৰি দিম বা কিয় কৰিব পৰা নাই সেইবোৰ বিচাৰি উলিয়াই লৈ চেষ্টা কৰিম, আৰু নাকৰ টীমে যেতিয়া তোমালোকৰ পৰা জানিব বিচাৰিব তেতিয়া তোমালোকে কি কি পাইছা জনোৱা তেওঁলোকক। বচ, সিমানেই। সভা ভংগ। গতানুগতিক চলি গ’ল, এদিন পাছত নাকৰ সদস্যক কোনোবাই দেখা পালে, কোনোবাই নাপালেই।

ইমান সুন্দৰ পৰিৱেশ, কেউপিনে শৃংখলা, নিয়মত ক্লাছ, সকলো কাম-কাজ! কাৰোৰে একো উৎকণ্ঠাই নাই। সুন্দৰ আচবাববোৰ দেখি নাকৰ সদস্য এজনে ৰসিকতা কৰা দৰে সুধিলে, ‘এইবোৰ ভাৰাত অনা নেকি?’ উপাচাৰ্যৰ খং উঠি গ’ল, ধমকি দি দিলে তেওঁক— ‘কি কথা সুধিব আহিছে? মোৰ বিশ্ববিদ্যালয়ত কিমানটা পেটেণ্ট আছে! মোৰ নিজৰে কিমানটা আছে! তোমাৰ বিশ্ববিদ্যালয়ত কেইটা আছে?’ গালি খাইয়ো নাকৰ মানুহে নম্বৰ দি থৈ গুচি গ’ল।

গালি পৰা কথাটো অৱশ্যে নিশ্চিত নহয়, আনৰ মুখত শুনা কথাহে, কিন্তু বাস্তৱত যি নহওক, কাহিনীত যোগ দিব পাৰি।

এই গোটেইবোৰ কিছুকাল আগৰ কথা, এতিয়া সকলোতে সলনি আহিছে।

ফটো উৎস: Guwahati Live

1 Comment
  • Bonti Boruah
    Posted at 21:41h, 02 May Reply

    ভাল লাগিল, সঁচা কথা উল্লেখ কৰিছে। নাকৰ নামত গুণোৎসৱৰ নামত এখন ধুনীয়া শৈক্ষিক নাটক হয় আমাৰ ইয়াত।

Post A Comment