অপূৰ্ব শৰ্মা : এটি চমু টোকা

‘অপূৰ্ব শৰ্মাৰ গল্প সমগ্ৰ’ত সন্নিবিষ্ট এটা প্ৰসংগ হৈছে– তেওঁ প্ৰচলিত অৰ্থত জনপ্ৰিয় সাহিত্যিক নহয় আৰু ইয়াৰ অন্যতম কাৰণ হৈছে, তেওঁ বছৰত মাথোঁ এটামান গল্পহে লিখে। কেতিয়াবা সেয়াও নিলিখে। (এয়া কিন্তু অৱসাদগ্ৰস্ততা ধৰণৰ কাৰণত নহয়। বৰং তাৰ ওলোটাটোহে।) ফলত গোটেই জীৱনকালত তেওঁ মাথোঁ পঞ্চাছটামানহে গল্প লিখিব পাৰিছে। কিন্তু চূড়ান্ত পৰ্যায়ত আহি আহি আজি তেওঁৰ ‘গল্প-সমগ্ৰ’খন হৈ পৰিছে এডাল মুকুতা-মালা। বিভিন্ন কাম-কাজ বা আন অধ্যয়নৰ মাজতে তেওঁৰ গল্পসমূহত মাজে মাজে ডুব গৈ আছোঁ, কিছুমানত নতুনকৈ কিছুমানত পুনৰ্বাৰ, আৰু কোনো সময়ত এয়া ইমানেই গভীৰ যেন এসাগৰ পানীৰ ভৰে ভাৱৰ সৈতে খেলা কৰে।

তেওঁৰ দৰে কম সৃষ্টি কৰা মানুহ আৰু আছে। সেইসকল কেনেকুৱা সৃষ্টিশীল, সেই পৰিচয় নামেই দিয়ে। সৌৰভ কুমাৰ চলিহাৰ গল্প এশ নহয়। নীলমণি ফুকনৰ কবিতাৰ সংখ্যা মাথোঁ কেইশমান। অজিৎ বৰুৱাই একোটা কবিতা লিখোঁতে কেইবাবছৰ পৰ্যন্ত লগাইছিল। চন্দ্ৰকুমাৰ আগৱৰৱালা আদিৰ কথা বাদ দিছোঁ।

অপূৰ্ব শৰ্মাৰ এটা গল্প হৈছে ‘শুভ-বাৰ্তা’, যিটোক স্বনামধন্য সমালোচক প্ৰভাত বৰাই বিংশ শতিকাৰ গুৰুত্বপূৰ্ণ গল্পসমূহৰ এটা ৰূপে অভিহিত কৰিছে। গল্পটোৰ আৰম্ভণিতেই, আবেলি পাৰ হৈ সন্ধিয়া অহাৰ মুহূৰ্ত এটাৰ দৃশ্যায়ন আছে। য’ত পদাৰ্থবিদ্যা যুক্ত পোহৰৰ ধাৰাকো তেওঁ ভাৱ-চিন্তা প্ৰদান কৰি জীৱন্ত ৰূপ কৰি তুলিছে। যিটো আনে কোনোদিন ভবাই নাই, সদায় দেখি আছোঁ দেখি আছোঁ বুলি জনা বস্তুটো আচলতে কোনেও দেখাই নাই, পঢ়াৰ পাছতহে বুজা যায় যে– অ’ এইটোতো এনেকুৱাই ৰূপ!

একেটা গল্পতে, মোক চক খুওৱা এটা উপমা– ‘কিড্‌নি ফালি বাহিৰ কৰা পাথৰ কাগজত বান্ধি যিদৰে ৰোগীয়ে প্ৰায় কীৰ্তিচিহ্নৰ দৰেই লগত ৰাখে আৰু গৰ্বসহকাৰে আনৰ আগত মেলি ধৰে।’ এজন বাৰ্ধক্যগ্ৰস্ত মানুহ, আৰু তেওঁৰ দৰেই বাৰ্ধক্যগ্ৰস্ত তেওঁৰ চছমাৰ বাকচটোক লৈ এই উপমা। সাধাৰণতে অপূৰ্ব শৰ্মাৰ গল্প উপমা-পূৰ্ণ নহয়, যেনেকৈ ভবেন্দ্ৰনাথ শইকীয়াৰ বহু গল্প উপমাৰে ভৰি আছে। বা যেনেকৈ নন্দিতা দেৱীৰ ‘বঙল বহু দূৰ’ উপন্যাসৰ প্ৰথম বিছটামান পৃষ্ঠাৰ প্ৰায় প্ৰতিটো বাক্য উপমাৰে সমৃদ্ধ হৈ আছে, কোনো কোনো ক্ষণত হয়তো পাৰ বাগৰি গৈছে, আৰু পাছৰ পৃষ্ঠাবোৰতো আছে যথেষ্ট, তেনেকৈ অপূৰ্ব শৰ্মাৰ গল্পত পোৱা নাযায়। কিন্তু মাজে মাজে একোটা উপমাৰে তেওঁ পাঠকক চকিত কৰি তোলে আৰু চিত্ৰখন অতি সুন্দৰকৈ স্পষ্ট কৰি তোলে।

সেই আবেলি-সন্ধাৰ দৃশ্যটো তেওঁ আঁকিছে এনেদৰে– ‘খিড়িকিৰ পৰ্দাৰ ফাঁকেৰে নীৰৱ হৈ অহা পোহৰবোৰ লাহে লাহে নিঃশেষকৈ বৈ যায় কোঠাৰ বাহিৰলৈ, বাহিৰৰ পৰা ক্ৰমে দূৰলৈ, কোনো অনিশ্চিত সন্ধানত অন্য ক’ৰবালৈ, যেন মূল্যবিহীন, অৱলম্বনহীন, নিৰাশ্ৰয়, দিনৰ আলোক-সমুদ্ৰৰ মাজত থাকি যাক ভাব হয় সমূল, দৃঢ়, ইচ্ছাময়, আশ্ৰয়দাতা। আৰু নিঃশব্দে, ধীৰে, নিশ্চিতভাবে সিহঁতৰ ঠাই পূৰ্ণ কৰি কোঠাৰ শূন্যতালৈ সোমাই আহে পাতল আন্ধাৰ, প্ৰথম দৃষ্টিত দ্বিধা-জড়িত, যেন ক্ষমা-প্ৰাৰ্থী, অথচ স্বৰূপত খল, প্ৰমত্ত, সুযোগ-সন্ধানী।’ ইয়াত দুটা বাক্য আছে (তাকো বুজোতে সময় লয়)। এনে দুটা বাক্য কলমেৰে হঠাৎ সৰি পৰিব পাৰে, বহু যুগৰ ভাৱৰ মন্থন আৰু দৃশ্যৰ গভীৰ প্ৰভাৱৰ ফলত। নতুবা ইহঁতৰ সৃষ্টি হ’ব পাৰে সচেতন সাধনাৰে বাৰে বাৰে কৰা পুনৰ্নিৰ্মাণৰ জৰিয়তে। ফলত ই অসাধাৰণ হৈ পৰে, আৰু সাহিত্যৰ ৰূপ পায়, ভাষাক সমৃদ্ধ কৰি তোলে।

যেতিয়া ২০০০ চনত ‘বাঘে টাপুৰ ৰাতি’ৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল, তেতিয়া লগৰ কোনোবাই কৈছিল– তেওঁৰ ঘৰ গহপুৰতহে, আমাৰ অমুকৰো অমুকৰ ঘৰৰ আগফালে নে পিছফালেই হয়। হয়তো তেওঁ লোকৰ মুখত শুনি গৰ্বৰে অলপ এনেই সাজি কৈছিল আৰু অপূৰ্ব শৰ্মা হয়তো গহপুৰত সিমান নাথাকে। কিন্তু আমি আছিলোঁ সেই সময়ত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকলৰ নাম কুইজৰ কিতাপৰ পৰা মুখষ্ঠ ৰখা ছাত্ৰ-ছাত্ৰী, আৰু আমাৰ ঠাইৰ পৰা গহপুৰলৈ মাথোঁ ২০ কিলোমিটাৰমান হ’ব। ফলত কথাষাৰ শুনি শিহৰিত হৈ পৰিছিলোঁ যে এওঁলোক সাহিত্যিকবিলাক আমাৰ ওচৰতে মাটিতো থাকিব পাৰে, যেন গ্ৰীচৰ চহৰবোৰত খোজ কাঢ়ি আছোঁ আৰু অনুভৱ কৰিব পাৰিছোঁ প্ৰাচীন গ্ৰীচৰ সমস্ত দাৰ্শনিক, বিজ্ঞানী, যুক্তিবিদৰ তেজ-মঙহৰ খোজৰ ধ্বনি। ডাঙৰ হোৱাৰ পাছত স্বাভাৱিকভাবেই সিমান পৰ্যায়ৰ বিস্ময় মন-প্ৰাণ-তেজলৈ নাহে। কিন্তু তেওঁ নিৰ্মাণ কৰা বাক্যৰাজি, চিত্ৰৰাজিয়ে মোহিত কৰে এক সুকীয়াভাবে। কিন্তু কেৱল বাক্য নিৰ্মাণ আৰু চিত্ৰ থাকিলেই নহয়, তাত সংপৃক্ত হৈ থাকিব লাগিব মানুহৰ নিভৃত বক্তব্য-সমস্যা-ঘটনাৰ মূৰ্ত প্ৰকাশ। আৰু সেয়াও থকা বাবেই তেওঁৰ সৃষ্টি হৈ পৰিছে অনন্য।

ফটো উৎস: ‘বনলতা’

No Comments

Post A Comment