অসম সাহিত্য সভাৰ তথ্য-প্ৰযুক্তি সমিতি গঠন

অসম সাহিত্য সভাই তথ্য-প্ৰযুক্তি সম্পৰ্কীয় কাম-কাজৰ বাবে এখন সমিতি গঠন কৰিছে। আজি গধূলি (০২-০৫-২০২৩) সাহিত্য সভাৰ গুৱাহাটী প্ৰশাসনীয় কাৰ্যালয়, ভগৱতী প্ৰসাদ বৰুৱা ভৱনত সভাপতি আৰু প্ৰধান-সম্পাদককে আদি কৰি সমিতিৰ কাৰ্যকৰ্তাৰ এখন বৈঠক অনুষ্ঠিত হ’ব। তেওঁলোকে ল’ব বিচৰা নটামান পদক্ষেপ আৰু সমিতিখনৰ সম্পৰ্কীয় এটা বাৰ্তা সমিতিৰ কাৰ্যকৰী সভাপতিৰ পৰা লাভ কৰিলোঁ। তেখেতক মই ব্যক্তিগতভাবে চিনি নাপাওঁ, সেয়েহে কথাখিনিৰ জৰিয়তে ধাৰণা কৰিছোঁ যে এই সম্পৰ্কে আন কেইবাজনকো যোগাযোগ কৰা হৈছে আৰু বাকীসকলকো আগলৈ সময়ে সময়ে যোগাযোগ কৰা হ’ব।

যোৱা অধিৱেশনত যিটো খেলিমেলিৰ সৃষ্টি হ’ল, তেনে পৰিৱেশ দূৰ কৰাত ই নিশ্চয় সহায় কৰিব। অৱশ্যে, অধিৱেশন হৈছে তিনি-চাৰি দিনীয়া মেলা-সদৃশ এক অনুষ্ঠান মাত্ৰ, কিন্তু সভাৰ মূল কাম ধাৰাবাহিকভাবে গোটেই বছৰ ধৰি চলি থাকে। এই পদক্ষেপ তাৰেই অংশ।

মোৰ ধাৰণা অনুসৰি, ইণ্টাৰনেট জগতখনত খা-খবৰ-তথ্যৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লগতে সভাৰ মূল কামসমূহ তিনি ধৰণৰ:

ক) ইউনিক’ড আদি অতি জৰুৰী কাৰিকৰী বিষয় সম্পৰ্কীয় অফিচিয়েল কামবোৰ শীঘ্ৰে কাৰ্যকৰী কৰা আৰু নানা সঁজুলি নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰা। সঁজুলিবোৰ নিৰ্মাণৰ বাবে মানুহক জড়িত কৰাবলৈ কিছু অৰ্থৰ প্ৰয়োজন হয়। ব্যক্তিগতভাবে সেই অৰ্থ আহৰণ কৰাটো অলপ অসুবিধাজনক। সেয়েহে এটা জাতীয় অনুষ্ঠান হিচাপে সভাই সেই আৰ্থিক সহায় প্ৰদান কৰা।

খ) যিসকল লোকে সঁজুলি নিৰ্মাণ, জ্ঞান বিস্তাৰ, সমল বৃদ্ধি আদি ক্ষেত্ৰত অহৰহ কাম কৰি আহিছে, এই নব্য মাধ্যমটো সমৃদ্ধ কৰি তুলিছে, তেওঁলোকক সহযোগ কৰা, উৎসাহ যোগোৱা, সকলো মিলিত হোৱাৰ এখনি মঞ্চ প্ৰদান কৰা, ইত্যাদি।

গ) সমল বৃদ্ধি আৰু জ্ঞান বিস্তাৰৰ বাবে সভাৰ মজিয়াৰ পৰা কৰিবলগীয়া কামবোৰ সম্পন্ন কৰা।

ক আৰু খ প্ৰসংগকেইটাত ক’বলগীয়া এতিয়া নাই। ক বিষয়টোৰ সম্পৰ্কত যথেষ্ট বিজ্ঞ কেইজনমান মানুহ সমিতিখনত দেখা পাইছোঁ, গতিকে তেওঁলোকৰ উপস্থিতিয়ে সহায় কৰিব বুলি ধাৰণা কৰোঁ। কেৱল গ বিষয়টোৰ সম্পৰ্কত তলত কিছু কথা উল্লেখ কৰিব খুজিছোঁ। এই সম্পৰ্কে কেইবাবছৰ আগতেও ফেচবুকতে লিখিছিলোঁ, আৰু এজন ব্যক্তিয়ে বাতৰি-কাকতত লিখা এটা দীঘল প্ৰবন্ধত সেই বক্তব্যখিনি তুলি দিছিল। সেইদৰে বহু ব্যক্তিয়ে কৰা লিখা-মেলা আৰু পোনপটীয়াকৈ কৰা আলোচনা আদিৰ জৰিয়তে পলমকৈ হ’লেও যোৱা কেইবছৰমানৰ পৰা সভা তৎপৰ হোৱা দেখা গৈছে, যিটো শুভ লক্ষণ।

সভাৰ মজিয়াৰ পৰা কৰিবলগীয়া কেইটামান কাম:

১) সভাৰ অফিচিয়েল বেৱছাইটটো তথ্য-ভাণ্ডাৰলৈ ৰূপান্তৰ কৰা। ইয়াৰ বাবে প্ৰথমে প্ৰাক্তন সভাপতিসকল, সাহিত্যচাৰ্যসকল, আদিক অৱলম্বন কৰি ল’ব পাৰি। তেখেতসকলৰ বক্তৃতা আৰু সৃষ্টিৰাজিৰ কিছু সংখ্যক ৱেবছাইটটোত সন্নিবিষ্ট কৰিব লাগে। আৰু সেইখিনি হ’ব লাগে ইউনিক’ডত। Royal Society, Nobel Prize আদিৰ ৱেবছাইটবোৰত কেৱল নতুন সদস্য বা নতুন বিজয়ীসকলৰ সংক্ষিপ্ত বাতৰিকেইটামান নাথাকে, তাত সেইসকলৰ কাম-কাজ সম্পৰ্কীয় বিশদ কথা, সাক্ষাৎকাৰ আদি সন্নিবিষ্ট থাকে, যিবোৰৰ লগ লগালে কেইবাখনো বৃহৎ কিতাপৰ ৰূপ ল’ব। সভাৰ ৱেবছাইটটোৱো তেনেকুৱা ৰূপলৈ নিব লাগে।

এই কামবোৰ সহজে কৰিবলৈ ছাইটত WordPress ব্যৱহাৰ কৰিব পাৰি। কামবোৰত দেখনীয়া ৰূপ দিয়া, সহজসাধ্য কৰা, চাৰ্চ ইঞ্জিনে সহজে পোৱা আদিত WordPress এ সহায় কৰে। অতি পুৰণি ধৰণৰ ব্যৱস্থাবোৰ ধৰি থাকিলে সেইবোৰ সুবিধা সহজে পোৱা নাযায়। Time আলোচনী, Nobel Prize, Tech Crunch, White House আদিয়েই WordPress ব্যৱহাৰ কৰে (অৱশ্যে তেওঁলোকে নিশ্চয় অধিক উন্নত ভাৰ্চন ক্ৰয় কৰে, আমাৰ ক্ষেত্ৰত ক্ৰয় নকৰিলেও চলে)।

ইয়াত সভাৰ মজিয়াৰ পৰা কৰিবলগীয়া কামটো হৈছে ৰাইজক সমল যোগান ধৰা। উদাহৰণস্বৰূপে, ৱিকিপিডিয়া, ৱিকিউৎস, ৱিকিউক্তি আদিৰ বিকাশ হোৱাটো সভাৰ কৃতিত্ব নহয়। সেয়া বেলেগ প্ৰতিষ্ঠান, তাত বেলেগে কাম কৰি আছে। তাত লিখিবলৈ তথ্যসূত্ৰৰ প্ৰয়োজন হয়। সেইবোৰ সহজে বিচাৰি পাব পৰাকৈ সভাৰ যদি নিজৰ এটা তথ্যভাণ্ডাৰ থাকে, সেয়াহে সভাৰ কৃতিত্ব।

২) ‘অসম সাহিত্য সভা পত্ৰিকা’ এখন অতি উচ্চমানৰ আলোচনী, কিন্তু সেইখন সভা কৰা বহু মানুহেই পঢ়াটো বাদেই, চুয়েই পোৱা নাই বা দেখাই পোৱা নাই। সেইখন যদি মানুহে সহজে পঢ়িবলৈ পায়, তেন্তে সাহিত্যৰ প্ৰতি ধাৰণা গঢ়ি উঠিব। শেহতীয়া কেইটামান সংখ্যা পিডিএফ ৰূপত আপলোড কৰা দেখা গৈছে। কিন্তু তাৰ বাবে সুকীয়াকৈ এটা sub-domain হ’লে ভাল হয় (ইয়াৰ বাবে একো খৰচ নহয়)। যেনে: https://asamsahityasabha.org/patrika/ . আৰু প্ৰতিটো সংখ্যা পৃথক পৃথককৈ একোটা ‘পোষ্ট’ ৰূপে আপলোড কৰিব লাগে, প্ৰতিটোৰ সূচীখন ইউনিক’ডত সম্পূৰ্ণকৈ দিয়া থাকিব লাগে, আৰু গোটেই পিডিএফ ফাইলটো আপলোড কৰাৰ উপৰি প্ৰতিটো লেখাই পিডিএফ ৰূপত হ’লেও সুকীয়াকৈ সূচীত যোগ কৰিব লাগে।

এই কামবোৰ বেছি সময়ৰ কাম নহয়, তাৰ বাবে এই জগতখনত কাম কৰি থকা মানুহক সভাৰ মজিয়ালৈ নিব লাগিব। এটা উদাহৰণ দিব খুজিছোঁ, ‘অসম গণিত শিক্ষায়তন’এ প্ৰকাশ কৰা ‘গণিত বিকাশ’ আলোচনীখনো ছপা ৰূপতে আছিল, প্ৰকাশত কেতিয়াবা পলমো হৈছিল, আৰু তাকো সংগ্ৰহ কৰাটো অসুবিধাজনক হৈ আছিল। আমাক জড়িত কৰাৰ লগে লগে ছাইটটো আমি সাজি পেলালোঁ আৰু সেইমতে অতি সহজতে কামবোৰ কৰি পেলালোঁ। এতিয়া নতুন সংখ্যাবোৰত থকা কিবা লেখাৰ সন্ধান গুগলত কৰিলে অহা হৈ গৈছে। মানুহে তথ্যৰ বাবে গুগল আদিৰে আশ্ৰয় লয়, গতিকে সভাৰ পত্ৰিকাখন সেইমতে কৰাটো জৰুৰী।

এইখিনিত ক’ব খুজিছোঁ যে, ৱিকিপিডিয়াত ‘অসম সাহিত্য সভা পত্ৰিকা’ লেখাটো ২০১২ চনতে মই লিখিছিলোঁ। এতিয়াও সেইটো মই আৰম্ভ কৰা ধৰণেই সৰু ৰূপতে আছে, কাৰণ তাৰ সম্পৰ্কীয় অধিক তথ্য কোনেও পোৱা নাই। আগতে সভাই চলন্ত গ্ৰন্থমেলা হাতত লোৱা দেখা গৈছিল (এতিয়া আছে নে নাই নাজানো)। তাৰে এখন ভান গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত প্ৰায়ে ঘূৰি ফুৰিছিল, মই তাতে কিছুমান কিতাপ আৰু কেইবাখনো পত্ৰিকা কিনিছিলোঁ। তাৰে এখন পত্ৰিকাত পোৱা তথ্যৰ আলমতে ৱিকিপিডিয়াত সেইটো আৰম্ভ কৰিব পাৰিছিলোঁ। ওপৰত উল্লেখ কৰা ‘গণিত বিকাশ’ আলোচনীখন এটা বিষয়ৰ, তাৰ পৰিসৰ সীমিত, কিন্তু সভাৰ পত্ৰিকাখন তেনেকুৱা কৰি পেলালে কিমান তথ্যবস্তু সহজেই পোৱা যাব সেয়া নিশ্চয় অনুমেয়। ইয়াৰ দ্বাৰাও ৱিকিপিডিয়া আদিত লিখাসকলৰ কাম আহিব।

৩) সভাৰ চন্দ্ৰকান্ত অভিধানখনৰ অনলাইন সংস্কৰণ আছে যদিও সি কাৰিকৰীভাবে উন্নত নহয়, সেয়েহে মানুহে ব্যৱহাৰ কৰাত বহুতো অসুবিধা হয়। সেইখন উন্নত কৰিব লাগে। গুগলত শব্দাৰ্থ বিচাৰিলেও সেইখন দেখা নাযায়। সেইবোৰ দিশ ঠিক কৰিব লাগে। সেইখনো সভাৰ ৱেবছাইটত চাব-ডমেইন ৰূপে দিব লাগে। যেনে: https://asamsahityasabha.org/chandrakanta/ . কেৱল এয়াই নহয়, বিভিন্ন বিষয়ৰ পৰিভাষা আদিৰো এনে ব্যৱস্থা কৰাৰ চিন্তা কৰিব পাৰি।

৪) সভাই প্ৰকাশ কৰা বিশ্বকোষখন অনলাইন কৰাৰ ব্যৱস্থা কৰিব লাগে। প্ৰথমে অসম বিষয়ক খণ্ডসমূহ হাতত ল’ব লাগে। (উল্লেখ কৰা নিষ্প্ৰয়োজনীয় যে সেয়াও ইউনিক’ডত হ’লেহে অধিক কামত আহিব।) বিশ্বদৰবাৰৰ কথা বাদ, ইয়াৰ দ্বাৰা তথ্য-সমল লাভ কৰাৰ লগতে নিজৰ জগতখনৰ বিষয়ে নিজৰ মানুহখিনিয়ে জনাত সহায় হ’ব।

৫) সভাৰ উদ্যোগত পুৰণা কিতাপ-আলোচনী বহু সংখ্যক ইতিমধ্যে পিডিএফ ৰূপত এটা ছাইটত আপলোড কৰা হৈছে। কিন্তু ছাইটটো user-friendly নহয়। বৰ্তমান Windows 11 চলি থকা অৱস্থাত Windows 98 যুক্ত কম্পিউটাৰ চলাই থকা দৰে অৱস্থা। গুগলত সেইবোৰ বিচাৰিলে পোৱা নাযায়, আনকি ছাইটলৈ গৈ বিচাৰিবলৈয়ো বৰ অসুবিধাজনক। প্ৰতিখন কিতাপ-আলোচনীৰ লগত কিছু কথা লিখি ৰাখিলেহে গুগলত কিবা বিচাৰিলে পোৱা যাব, মানুহ উপকৃত হ’ব। লগতে গোটেই ব্যৱস্থাটো উন্নত কৰি মূল ছাইটলৈ চাব-ডমেইন ৰূপে আনিব পাৰি নেকি চাব লাগে।

৬) আজিকালি সাধাৰণ চেমিনাৰ এখন পাতিলেও একোটা ৱেবপেজৰ ব্যৱস্থা কৰা হয়। সভাৰ অধিৱেশনৰ দৰে কাৰ্যসূচীবোৰৰ নিৰ্দেশনা, খবৰ, তথ্য আদি স্থায়ীভাবে থকাকৈ ছাইটত সুকীয়াকৈ পেজ একোটাৰ ব্যৱস্থা কৰিব লাগে।

এতিয়া কথা হ’ল, এই গোটেইবোৰ কাম কৰাটো বৰ বেছি কঠিন নহয়, কিন্তু তাৰ বাবে উপযুক্ত মানুহ সভালৈ নিব লাগিব। সাধাৰণতে তথ্য-প্ৰযুক্তিৰ জগতখনত কাম কৰা মানুহবোৰক নতুন প্ৰজন্ম বুলি কোৱা দেখা যায়, কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ দৰে ভবা দেখা যায়; কিন্তু যিসকলৰ মুখত সেই শব্দটো শুনা যায়, তেওঁলোকতকৈ এইসকল ব্যক্তি ৫-১০ বছৰমানহে সৰু। আৰু এই লোকসকল কলেজীয়াৰ পৰা আৰম্ভ কৰি কোনোবা সাহিত্যিক, কোনোবা বিজ্ঞানী, কোনোবা অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যাপক, কোনোবা চিকিৎসা মহাবিদ্যালয়ৰ অধ্যাপক, কোনোবা ব্যৱসায়ী আদি বিভিন্ন ক্ষেত্ৰৰ, আৰু নিজৰ নিজৰ ক্ষেত্ৰখনতো প্ৰায়ভাগেই বিশেষভাবে পৰিচিত মানুহ। বহু বছৰ ধৰি এই মানুহখিনিক লগ পাই মোৰ ধাৰণা হয় যে ইয়াৰ ৮০ শতাংশ মানুহৰে মনোবৃত্তিটো চবকে সন্মান কৰা কিন্তু কাকো পৰোৱা নকৰা ধৰণৰ। আৰু সেইবাবেই তেওঁলোকে নিস্বাৰ্থভাবে কাম কৰি আছে। সেয়েহে তেওঁলোকক এই কামবোৰত জড়িত কৰাবলৈ হ’লে এটা সন্মানজনক পৰিৱেশ দিব লাগিব। সেইটো বাধা আহিবলৈ নিদিলেই কামবোৰ অতি সহজে আৰু সোনকালে হৈ উঠাৰ সম্ভাৱনা আছে।

No Comments

Post A Comment