জে এম কয়েৎজেৰ সম্পৰ্কে দুআষাৰ

তলৰ উদ্ধৃত কথাখিনি ডা৹ ধ্ৰুৱজ্যোতি বৰাই ২০০৩ চনত ‘গৰীয়সী’ত এটা প্ৰবন্ধৰ আৰম্ভণিতে লিখিছিলঃ

“সঁচাকৈয়েই আচৰিত আছিল যোগাযোগটো। সঁচাকৈয়ে আচৰিত যোগাযোগ।

পোন প্ৰথমবাৰৰ বাবে কয়েৎজেক আৱিষ্কাৰ কৰাটো মোৰ বাবে আচৰিত যোগাযোগেই আছিল। অভাৱনীয়ভাৱে আচম্বিতে হৈছিল এইটো।

তাৰ আগলৈকে ম‍ই কয়েৎজেৰ নামেই শুনা নাই। তেনে নামৰ লিখক এজনৰ অস্তিত্ব আছে বুলিও নাজানো। মোৰ ঘনিষ্ঠ বন্ধু মহলেও তেতিয়ালৈকে কয়েৎজেৰ নাম শুনিছে বুলি মই নাভাবোঁ। কোনেও কেতিয়াও তেওঁৰ নাম লোৱাটো মনত নপৰে। ইংৰাজী সাহিত্যৰ লগত নিবিড় সম্পর্ক থকা কলেজ-বিশ্ববিদ্যালয়ৰ কোনোবাই হয়তো জানে, কিন্তু কাৰো মুখৰ পৰা এই বিষয়ে মই একো শুনা নাছিলোঁ।

কয়েৎজেক আৱিষ্কাৰ কৰিছিলোঁ গুৱাহাটী গ্ৰন্থমেলাত।

সেইবাৰ গুৱাহাটীলৈ কলিকতাৰ ‘চীগাল’ নামৰ বিখ্যাত গ্রন্থ পৰিবেশকজন আহি দোকান দিছিলহি। বিৰাট ভিৰ। গুৱাহাটীৰ সকলো গ্রন্থপ্রেমী, বিশেষকৈ বিদেশী আৰু ইংৰাজী সাহিত্যৰ প্ৰতি আগ্ৰহী সকলো লোকৰে ‘চীগাল’ৰ বিপণীত ভিৰ লাগিছিল। কান্ধত তেতিয়া মোনা ওলমাই লোৱা প্ৰগতিশীলৰ পৰা বিশ্ববিদ্যালয়ৰ অধ্যাপক— সকলো আছিল। কিতাপ দেখুৱাই ৰচিদ কাটি দোকানীজনৰ প্রাণান্তকৰ অৱস্থা। সেই দিনা আলেঙে আলেঙে চাই গুচি আহিলোঁ। গ্রন্থপ্ৰেমীসকলৰ আগ্ৰহ আৰু উচ্ছ্বাসৰ ভিৰত ভিতৰলৈ সোমাবলৈ, তাতে তেওঁলোকৰ উত্তেজিত আলোচনা দেখি ভয় লাগিল।

পাছত এদিন, গ্রন্থমেলা শেষ হোৱাৰ আগৰ দিনা হ’ব, চীগালৰ ষ্টলৰ ফালে গৈ দেখোঁ কিতাপ প্রায় শেষ। সামান্য কিছু কিতাপহে ষ্টলৰ ৰেক্‌বোৰত সিঁচৰতি হৈ আছে। গ্রাহক আৰু গ্ৰন্থাগাৰবোৰে কিনাৰ পাছত ভাল কিতাপ চাগে নাইগৈয়ে। বিক্রেতাজনো অকলে বহি আছে।

দোকানখনত সোমাই ষ্টলবোৰত চকু ফুৰালোঁ। সদায় চোৱাৰ দৰে ‘ফিক্‌শ্যন’ৰ কিতাপবোৰত হাত ফুৰাওতে এখন সৰু কিতাপত চকু পৰিল। প্ৰথমে দৃষ্টি টানি নিলে কিতাপখনৰ বেটুপাতে।

এক যুদ্ধবিধ্বস্ত প্রান্তৰৰ ছবি! সেইফালেদি যেন এদল অশ্বাৰোহী সেনাই সন্মুখৰ সকলো বাধা চূর্ণ-বিচূর্ণ কৰি পাৰ হৈ গৈছে। চেপীয়া ৰঙৰ ফটোখনত আছে এখন জীর্ণ ফেনচিঙৰ ছবি— আৰু সেই কাঁটাতাঁৰৰ বেৰত লাগি ৰৈছে পাখী-তাখি লগোৱা এক বিধ্বস্ত জনজাতীয় শিৰস্ত্ৰাণ— ঠিক এটা মৰা শগুণৰ দৰে। নহ’লে সেইটো এটা মৰা শগুণো হ’ব পাৰে যিটোক জনজাতীয় শিৰস্ত্ৰাণ যেন লাগিছে। নির্দয় ধ্বংসৰ এক অর্থবহ বার্তা বহন কৰি আনিছে কিতাপখনৰ বেটুপাতটোৱে।

নামটো চালোঁ— ৱেইটিং ফৰ ডা বার্বেৰিয়ান্স— বৰ্বৰসকলৰ বাবে অপেক্ষা।

তাৰ পাছতহে লিখকৰ নামটো চালোঁ। অচিনাকি আচহুৱা এটা নাম। জে এম কয়েৎজে।

কিতাপখনৰ বেটুপাতত এটা কথা লিখি থোৱা আছিল— বুকাৰ পুৰস্কাৰ বিজয়ী! আগ্ৰহটো বাঢ়ি গ’ল। বুকাৰ বাবে সাধাৰণতে নির্বাচিত হয় অগতানুগতিক, প্ৰায় পৰীক্ষামূলক গ্রন্থ। কিতাপখন ভালদৰে লিৰিকি-বিদাৰি চাবলৈ ধৰিলোঁ।

দোকানীজনে মইনো কি কিতাপ চাইছোঁ মন কৰিলে।

‘খুব ভাল কিতাপ’, তেওঁ ক’লে। ‘মাত্র এটা কপিয়েই আনিছিলোঁ।’

আৰু সেই একমাত্র কপিটোৱেই বিক্ৰী নোহোৱাকৈ থাকি গ’ল।

ম‍ই মনে মনে ভাবিলোঁ। তথাপি কিতাপখন কিনিলোঁ। সৰু কিতাপখন যথেষ্ট দামী। বাটত বন্ধু-বান্ধবে কিতাপখন চালে। কাৰো মুখত কোনো ভাবান্তৰ নেদেখিলোঁ। এজনে সুধিলে, ‘ভাল কিতাপ নহয়নে?’ ময়ো মূৰ দুপিয়াই থ’লোঁ। ময়ো নাজানো কেনেকুৱা।

ভালেমান দিন কিতাপখন নপঢ়াকৈয়ে সজাই থোৱা আছিল। বেটুপাতখন চাও আৰু চাই আকৌ থৈ দিও। অৱশেষত এদিন পঢ়িবলৈ আৰম্ভ কৰিলোঁ।

আৰু পঢ়িবলৈ আৰম্ভ কৰাৰ লগে লগে বিস্ময় আৰু আশ্চর্যত বুকুখন দুৰু-দুৰুকৈ কঁপিবলৈ ধৰিলে। কিছুদূৰ পঢ়িয়েই গম পালোঁ মই এক নতুনত্বৰ সন্মুখীন হৈছোঁ। নতুন লিখনি— আৰু, কি শক্তিশালী লিখনি! আগেয়েতো এনে ধৰণৰ, এই সুৰৰ লেখা পঢ়া নাই। যিমানেই পাত লুটিয়ালোঁ এই ধাৰণা আৰু গাঢ় হৈ উঠিবলৈ ধৰিলে।

সঁচাকৈয়ে নিজকে এখন ৰহস্যময় নতুন পৃথিৱীৰ দুৱাৰমুখত আহি থিয় দিয়া যেন লাগিল। এক আশ্চৰ্যকৰ নতুন পৃথিৱী!

আৰু এই আগ্ৰহে লৈ গ’ল কয়েৎজেৰ আনবোৰ লিখনিৰ সন্ধানত। এখন এখনকৈ প্ৰায়বোৰেই সংগ্ৰহ কৰি পঢ়িলোঁ— আৰু সঁচাকৈয়ে এখন নতুন আৰু অদ্ভুত জগতৰ সন্মুখীন হ’লোঁ।

কি বিশাল ব্যপ্তি, কি গভীৰতা, কি বিচিত্ৰ আৰু বৰ্ণাঢ্য বিষয়বস্তু তেওঁৰ লিখনিৰ!

সঁচাকৈয়ে এক দুৰন্ত সাহিত্য প্ৰতিভা কয়েৎজেৰ।”

*** *** ***

আৰু মোৰ ধাৰণা হয়, অসমত আজিও জে এম কয়েৎজেৰ অৱস্থাটো সেই একে ধৰণৰে হৈ আছে। পামুক, মুৰাকামি, কুন্দেৰা আদি যিমান চৰ্চিত, সম্ভৱতঃ তাৰ দহ ভাগৰ এভাগো কয়েৎজেৰ চৰ্চা অসমত হোৱা নাই। কয়েৎজেক মই আৱিষ্কাৰ কৰিছিলোঁ সেই প্ৰবন্ধটো পঢ়াৰ তিনি বছৰ আগতে। সেই আৱিষ্কাৰ আছিল অতি ৰোমাঞ্চকৰ। দুবাৰ বুকাৰ বঁটা বিজয়ী আৰু এবাৰ নোবেল বঁটা বিজয়ী একমাত্ৰ লেখকজন, যি ছবাৰকৈ বুকাৰ মনোনয়ন লাভ কৰিছে, তেওঁৰ প্ৰতি এতিয়াও সদায় অনুভৱ কৰোঁ তীব্ৰ কৌতূহল। আজি বহু বছৰ ধৰি জে এম কয়েৎজেৰ তিনিখন উপন্যাস মোৰ নিয়ত সংগী।

গৰীয়সীৰ সেই সংখ্যাত জে এম কয়েৎজেৰ সম্পৰ্কে আৰু এটা বিশেষ লেখা প্ৰকাশ হৈছিল, যিটো লিখিছিল প্ৰয়াত ড৹ অৰ্পণা মহন্তই। দুয়োটা প্ৰবন্ধ পঢ়ি মই ইমানেই ভাল পাইছিলোঁ যে, আলোচনীখনৰ পৰা প্ৰবন্ধ দুটা ফালি মোৰ টোকাবহীত আঠা লগাই লৈছিলোঁ।

এই কথাখিনি মনলৈ আহিল ডা৹ ধ্ৰুৱজ্যোতি বৰাৰ উপন্যাস ‘ইনাৰ লেণ্ডস্কেইপ্‌ছ’ত কয়েৎজে নামোল্লেখেৰে দুটামান বাক্য দেখা পাই।

উপন্যাসখনৰ এটা চৰিত্ৰই তেওঁৰে ‘আজাৰ’খনত সন্নিবিষ্ট বক্তব্যৰ উদ্ধৃতি দিছে যে— “উপন্যাস ইতিহাস নহয়। কোনেও উপন্যাসক ইতিহাস বুলি বা ইয়াৰ বিকল্প বুলি নাভাবে। কিন্তু উপন্যাস অবিহনে ইতিহাস সম্পূৰ্ণ নহয়। কোনো ছিৰিয়াছ ইতিহাসৰ ছাত্ৰৰ Napoleonic Warৰ (নেপোলিয়ন বোনাপাৰ্টৰ কালত ৰাছিয়াত হোৱা যুঁজ-বাগৰ) অধ্যায়, টলষ্টয়ৰ ‘ৱাৰ এণ্ড পীচ’ উপন্যাসখন ভালদৰে নপঢ়ালৈকে সম্পূৰ্ণ নহয়। … … বা আফ্ৰিকা মহাদেশৰ শ্বেতাংগসকলৰ সাম্ৰাজ্য প্ৰতিষ্ঠা আৰু বৰ্ণবৈষম্যবাদৰ বিষয়ে কয়েৎজেৰ … … উপন্যাস অবিহনে গভীৰভাৱে অনুধাৱন কৰা নাযায়।”

‘ইনাৰ লেণ্ডস্কেইপ্‌ছ’ৰ চৰিত্ৰকেইটামানে বিশ্বজুৰি উপন্যাসলৈ অহা সমস্যা আৰু মনোৰঞ্জনধৰ্মী উপন্যাসে গ্ৰাস কৰা সমাজৰ সম্পৰ্কেও চৰ্চা কৰিছে। তেওঁলোকৰ চৰ্চাৰ স্থান অসমলৈও নামি আহিছে। এই পৰিস্থিতিত ‘ইউলিছিছ’ৰ পৰ্যায়ৰ উপন্যাস সৃষ্টি হ’ব নে? — কোনোবাটো চৰিত্ৰ চিনিক হৈ পৰিছে। কোনোবাজনে কৈছে, ‘বৰ টান উপন্যাস বুলি শুনিছোঁ।’ আন এজনে কৈছে, ‘টান নহয়। কিন্তু এইটো ঠিক যে সেইখন পঢ়ি শেষ কৰিবলৈ ধৈৰ্য লাগে। আৰু সেইখনৰ কিছুমান কথা আলোচনা নকৰালৈকে হৃদয়ংগম কৰিব পৰা নাযায়।’ এই পৰিক্ৰমাতে চৰিত্ৰ এটাই কৈছে, ‘এতিয়াও অতি উন্নত সাহিত্য সৃষ্টি হৈ আছে। উদাহৰণস্বৰূপে তুমি কয়েৎজেৰ কথা ক’ব পাৰা— পাৰানে নোৱাৰা? …’

No Comments

Post A Comment