মংগল গ্ৰহক চেপেটা বুলি বিশ্বাস কৰিব কোনে?

কুৰি শতিকাৰ শেষৰ বিছটা বছৰত পৃথিৱীত এক নতুন শ্ৰেণী তাৰকা (মহানায়ক) সৃষ্টি হ’ল৷ মানুহক উদ্বুদ্ধ কৰাতে হওক, বা পৃথিৱী সলনি কৰি পেলোৱাতে হওক – এই শ্ৰেণী তাৰকাই ক্ৰীড়া, অভিনয় আৰু সংগীতৰ তাৰকাসকলকো বা প্ৰাচীন বীৰ যোদ্ধাসকলকো যেন অতিক্ৰম কৰি গ’ল৷ সেই নতুন তাৰকা শ্ৰেণীটো হ’ল তথ্য-প্ৰযুক্তি ক্ষেত্ৰখনত নৱতম প্ৰযুক্তিৰে গঢ়ি উঠা কোম্পানীবোৰৰ চিইঅ’সকল৷ এইসকলৰ কোনো কোনোজন নিজৰ কোম্পানীৰ অংশীদাৰ হিচাপে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তিৰ তালিকাতো অন্তৰ্ভুক্ত হ’ল৷ এই বৃহৎ উপাৰ্জনৰ লগত বিশ্বৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক আৰ্হিৰ বিতৰ্কিত দিশ কিছুমানো আছে – সেয়া পৃথক প্ৰসংগ৷ কিন্তু তেওঁলোক তাৰকাত পৰিণত হোৱাৰ কাৰণ তেওঁলোকে উপাৰ্জন কৰা ধনৰ পৰিমাণ নহয়৷ সাধনালব্ধ জ্ঞানৰ সৈতে বিপুল কল্পনাশক্তি আৰু দিকদৰ্শন মিহলাই এই চিইঅ’সকলে এচাম এচাম মানুহক নেতৃত্ব দি এনে কিছুমান বস্তু আৰু ব্যৱস্থা তৈয়াৰ কৰি উলিয়ালে যিবোৰৰ কোনো অস্তিত্বই পৃথিৱীত নাছিল৷ ইয়াৰ দ্বাৰা তেওঁলোকে পৃথিৱীৰ ৰূপেই সলনি কৰি পেলালে, অলেখ মানুহৰ জীৱন-যাপনৰ মানদণ্ডও অধিক উন্নত হ’ল৷

এই তাৰকাসকলে বিকাশ সাধন কৰা প্ৰযুক্তি সম্পৰ্কীয় কথা বা তেওঁলোকৰ বিত্তীয় লেনদেন সম্পৰ্কীয় কথাই কেৱল চৰ্চিত নহয়৷ তেওঁলোকৰ চাৰিত্ৰিক বৈশিষ্ট, দৈনিক ৰুটিন, বিভিন্ন ঘটনাক্ৰমৰ প্ৰতি তেওঁলোকৰ প্ৰতিক্ৰিয়া, আচৰণ, আনকি তেওঁলোকৰ সাজ-পাৰৰ সম্পৰ্কেও সঘনে চৰ্চা হৈ থাকে৷

যোৱা কেইবছৰমানৰ পৰা প্ৰায় প্ৰতি দিনেই বাতৰিৰ শিৰোনাম দখল কৰি থকা এনে এজন নতুন যুগৰ তাৰকা হ’ল – ইলন মাস্ক (Elon Musk)৷ প্ৰতি দিনেই বিশ্বৰ বিভিন্ন প্ৰান্তৰ একাধিক কাকত-আলোচনীত তেওঁৰ বিষয়ে লেখা প্ৰকাশ হৈ থাকে৷ ইলন মাস্কে তেওঁ প্ৰতিষ্ঠা কৰা স্পেছএক্স (SpaceX) নামৰ কোম্পানীটোৰ জৰিয়তে নাছাতকৈয়ো পূৰ্বেই মংগল গ্ৰহলৈ মানৱ প্ৰেৰণৰ পৰিকল্পনা কৰিছে৷ আৰু প্ৰায় ২৫ বছৰৰ ভিতৰত মংগল গ্ৰহত মানৱৰ বসতি স্থাপন কৰাৰো পৰিকল্পনা কৰিছে তেওঁ৷

মহাকাশ গৱেষণা আৰু মহাকাশ যান নিৰ্মাণ অত্যন্ত খৰচী প্ৰক্ৰিয়া৷ আজিৰ পৰা সোতৰ বছৰ পূৰ্বে ইলনে স্পেচএক্স প্ৰতিষ্ঠা কৰিছিল৷ ইয়াৰ উৎপাদিত বস্তুসমূহৰ গ্ৰাহক জনসাধাৰণ পোনপটীয়াকৈ হ’বও নোৱাৰে৷ নাছা, আমাৰ ইচৰ’, বা আন উন্নত দেশৰ চৰকাৰী মহাকাশ প্ৰতিষ্ঠান সমূহক বাদ দি এটি ব্যক্তিগত প্ৰতিষ্ঠানে মংগল অভিযানৰ দৰে সপোন দেখাটোও প্ৰথম অৱস্থাত পাগলামীৰ নামান্তৰ যেন আছিল৷ কিন্তু তেওঁৰ কামে মহাকাশ প্ৰযুক্তিৰ বিকাশত এক ত্বৰান্বিত গতি আনি দিলে৷ নাছাও স্পেচএক্সৰ উৎপাদিত বস্তুৰ গ্ৰাহক হ’ল৷

ইলনৰ কৃতিত্ব কেৱল স্পেচএক্সেই নহয়৷ তেওঁ আন কেইবাটাও কোম্পানী প্ৰতিষ্ঠা কৰিছে, আৰু তেওঁৰ এটা প্ৰধান বৈশিষ্ট হ’ল এই কোম্পানীসমূহৰ প্ৰতিটোৱেই পৃথক পৃথক ক্ষেত্ৰৰ৷ ফেচবুকে কিছুমান ডাঙৰ কোম্পানী অধিগ্ৰহণ কৰিছে, যেনে: ইনষ্টাগ্ৰাম, হোৱাট্ছএপ৷ ফেচবুকে এই কামটো কৰিছে এই কোম্পানীবোৰ প্ৰতিষ্ঠিত হোৱাৰ পাছত, এইবোৰৰ ব্যৱহাৰকাৰীৰ সংখ্যাই ৰেকৰ্ড গঢ়াৰ পাছত, আৰু এইবোৰ একেটা ক্ষেত্ৰৰ৷ ইলনে প্ৰতিটো ক্ষেত্ৰতে নেতৃত্ব দিছে অংকুৰণৰ পৰাই৷ তেওঁৰ ক্ষেত্ৰবোৰ হ’ল: চফ্টৱেৰ, অনলাইন বেংক, বৈদ্যুতিক গাড়ী নিৰ্মাণ, সৌৰ শক্তি সম্পৰ্কীয় গৱেষণা আৰু সৌৰ-ফলক নিৰ্মাণ, মহাকাশ অভিযান, মানুহৰ স্নায়ুৰ সৈতে কম্পিউটাৰৰ সংযোগ স্থাপন ব্যৱস্থা, হাইপাৰলুপ নামেৰে যাতায়তৰ পঞ্চম ব্যৱস্থা বুলি পৰিচিত এক নতুন তীব্ৰবেগী যাতায়ত প্ৰযুক্তি, কৃত্ৰিম বুদ্ধিমত্তা ইত্যাদি৷ ইমানবোৰ পৃথক বিষয়ৰ কামৰ বাবে অধ্যয়নেই একমাত্ৰ সাৰথি৷ তেওঁ অসংখ্য কিতাপ পঢ়ে বুলি সৰুৰে পৰা জনাজাত৷ আৰু তেওঁ বহু খৰটকীয়াকৈ পঢ়িব পাৰে বুলিও নাম আছে৷

যিকোনো যুগান্তকাৰী কামক সমসমায়িক বহুতো মানুহে পাগলামী বুলি কয়৷ সেইবোৰ অৰ্থহীন কাম যেন লাগে তেওঁলোকৰ৷ ই কেৱল বৈজ্ঞানিক আৱিস্কাৰ বা উদ্ভাৱনতে নহয়, সাহিত্য-সংস্কৃতি সকলোতে এইটো দেখা যায়৷ টি এছ এলিয়টৰ মহৎ কাব্য দ্য ৱেইষ্ট লেণ্ড সমসাময়িক বহুতো পণ্ডিত-সমালোচকে পঠনযোগ্য নহয় বুলি গন্য কৰিছিল৷ ইবছেনক অমৰ কৰা নাটক ভূত, অপ্সৰাগৃহ আদিৰ বাবে তেওঁ প্ৰৱলভাবে নিন্দিত হৈছিল৷ ইম্প্ৰেচনিজিম বুলি এক নতুন ধাৰা সৃষ্টি কৰা ক্লড ম’নেৰ “Impression, Sunrise” শীৰ্ষক পেণ্টিংখনক চিত্ৰ-সমালোচকসকলে সিমান গুৰুত্ব দিয়া নাছিল৷ জ্যোতিপ্ৰসাদ আগৰৱালাই নতুন ধৰণৰ সুৰ দি আঁৰত লুকাই থাকিব লগা হৈছিল৷ ইচৰ’ই মাৰ্ছ অৰবিটাৰ মিছনত সফল হোৱাৰ বাতৰি ওলাওতে, বিজ্ঞানীসকলে অদৰকাৰী কাম কিছুমান কৰি আছে বুলি কিছুসংখ্যক কবি-সাহিত্যিকে নিন্দা কৰিছিল৷ ইলন মাস্কৰ দৰে মানুহবিলাক বাস কৰি থাকে ভৱিষ্যতৰ পৃথিৱীত৷ ভৱিষ্যত সম্পৰ্কে তেওঁ কয় যে – ১৯০৩ চনত ৰাইট ভাতৃদ্বয়ে প্ৰথমবাৰৰ বাবে মানৱ পৰিচালিত বিমান উৰাবলৈ সক্ষম হৈছিল আৰু তাৰ ৬৬ বছৰ পাছতে মানুহে চন্দ্ৰত খোজ পেলাইছিল৷ কিন্তু ১৯০০ চনমানত যদি কোনোবাই চন্দ্ৰলৈ যোৱাৰ কথা কাৰোবাক ক’লেহেঁতেন, তেন্তে তেওঁক মহামুৰ্খ বোলা হ’লহেঁতেন৷

কিন্তু মংগল গ্ৰহত মানুহে খোজ পেলোৱা আৰু তাত বসতি স্থাপন কৰা – এই দুয়োটা সম্পূৰ্ণ পৃথক বস্তু৷ মংগলত পৃথিৱীৰ দৰে পানী নাই, জীৱ নাই, মানুহৰ অনুকূল বায়ু নাই, আকাশত ডাৱৰ নাই, তাপমাত্ৰা নিমিলে, পৃথিৱীৰ সমান মাধ্যাকৰ্ষণ শক্তিও নাই৷ মাধ্যাকৰ্ষণে আমাৰ অজ্ঞাতে আমাৰ দৈনন্দিন কামতো প্ৰভাৱ পেলায়৷ আনকি শৌচ-প্ৰাচাৱ কৰাতো মাধ্যাকৰ্ষণৰ প্ৰভাৱ আছে৷ ইমান প্ৰতিকূল পৰিস্থিতিত বসতি স্থাপন কৰাটো অসম্ভৱ যেন নালাগেনে? কিন্তু আমি যদি পৃথিৱীখনলৈকে চাওঁ, ইয়াৰ কিছুমান ঠাইৰ লগত আন কিছুমান ঠাইৰ অৱস্থাৰ সাংঘাটিক অমিল৷ মানুহে এটুকুৰা ঠাইৰ পৰা পৃথক আন এটুকুৰা ঠাইলৈ গ’লে নতুন ঠাইকণৰ জলবায়ুৰ লগত মিলিবলৈ বহুত যত্ন কৰিব লগা হয়৷ পৃথিৱীতে এনেকুৱা ঠাই আছে য’ত সূৰ্য ডুৱ যায় মাথোঁ কেই ঘণ্টামানৰ বাবেহে৷ কোনো ঠাইত তাপমাত্ৰা শূন্যতকৈ তলৰ৷ এণ্টাৰ্কটিকা মহাদেশৰ কোনো ঠাইত একেৰাহে দুমাহ দিন, দুমাহ ৰাতি৷ দক্ষিণ মেৰুত একেৰাহে ছমাহ ৰাতি৷ এণ্টাৰ্কটিকাত আছে সঘন তীব্ৰ ধুমুহা, অনায়াসে মানুহ বধিব পৰা শীত৷

এবাৰ ৭৬ জন নাৱিকে এখন জাহাজ লৈ পৃথিৱীৰ দক্ষিণৰ পিনে যাত্ৰা কৰিলে৷ তাৰ মাথোঁ কেইবছৰমান পূৰ্বেহে মানুহে প্ৰথমবাৰৰ বাবে পেংগুইন দেখা পাবলৈ সক্ষম হৈছিল৷ এণ্টাৰ্কটিকাত মানুহে প্ৰথম খোজ পেলাবলৈ তেতিয়াও প্ৰায় ২২৫ বছৰ বাকী আছিল৷ ৰোৱাল্ড আমুণ্ডছেন আৰু ৰবাৰ্ট ফেলকন স্কটৰ নেতৃত্বত দুটা দলে কিছুদিন অগাপিছাকৈ দক্ষিণ মেৰুত ভৰি দিবলৈ তেতিয়াও প্ৰায় ৩২০ বছৰ বাকী আছিল৷ সেই ৭৬ জনীয়া দলটোৱেও গৈ গৈ পেংগুইন দেখা পাবলৈ সক্ষম হ’ল আৰু কেইবাহাজাৰ পেংগুইন জাহাজত ভৰাই লৈ তেওঁলোক উভটি আহিল৷ তেওঁলোক উভটি আহি থকাৰ লগে লগে জলবায়ু পৃথক হৈ আহিল, উষ্ণতা বাঢ়ি আহিল৷ নতুন জলবায়ু আৰু উষ্ণতাত পেংগুইনবোৰ মৰিবলৈ ধৰিলে আৰু মৃত পেংগুইনবোৰৰ গাত অচিন পোক লাগিবলৈ ধৰিলে৷ ফলত নাৱিকসকলো অচিন ৰোগত পৰিল৷ ৭৬ জন নাৱিকৰ মাথোঁ ১৪ জন যেনেতেনে বাচি ঘৰ পালেহি৷ এই ঘটনাটোৰ পৰা এই প্ৰসংগত আমি দুটা কথা চাব পাৰোঁ৷ সম্পূৰ্ণ নতুন পৰিস্থিতিত মানুহৰ বাহিৰে আন জীৱ-জন্তু মিলিব নোৱাৰে, যদিহে মানুহে সিহঁতক অনুকূল পৰিৱেশ গঢ়ি নিদিয়ে৷ কেইজনমান মানুহৰ অভিজ্ঞতাৰ পৰা শিকি পিছত কালৰ আন কেইজনমানে প্ৰতিকূল পৰিস্থিতি জয় কৰিবলৈ নতুন কৌশল উলিয়াব পাৰে৷ এতিয়া এণ্টাৰ্কটিকাত কেইবা হাজাৰ মানুহে বাস কৰে৷ তালৈ পৰ্যটনৰ ব্যৱস্থা হৈছে৷ এণ্টাৰ্কটিকাত মানুহে গৰ্ভধাৰণ কৰিছে, সন্তানো জন্ম দিছে৷ এতিয়াও পূৰ্বৰ দৰে একেই প্ৰতিকূল পৰিস্থিতি থকাৰ পাছতো, কিছুমান কৌশল আৰু অভ্যাসে তাৰ জীৱন-যাত্ৰা স্বাভাৱিক যেন কৰি পেলাইছে৷

একেদৰে মংগল গ্ৰহৰ জীৱন-যাত্ৰাও স্বাভাৱিক যেন হৈ নপৰিব বুলি ক’ব নোৱাৰি৷ তাৰ বসতি অঞ্চলবোৰৰ পৰিৱেশ কেনেকুৱা হ’ব, তাত জন্ম হোৱা মানুহৰ বৈশিষ্ট কেনেকুৱা হ’ব – এইবোৰৰ সম্পৰ্কে জীৱবৈজ্ঞানিক, সামাজিক, মনঃস্তাত্ত্বিক, ৰাজনৈতিক আদি সকলো দিশৰ পৰা গৱেষণা চলি আছে৷

ডেৰ বছৰৰ আগতে ইলন মাস্কে এটা টুইট কৰিলে: “Why is there no Flat Mars Society!?” এতিয়াও কিছুমান মানুহে পৃথিৱীখন চেপেটা বুলি বিশ্বাস কৰে৷ The Flat Earth Society বুলি এটা সংস্থাও আছে৷ পৃথিৱী চেপেটা বুলি ধাৰণাটো প্ৰচাৰ কৰাটোৱেই তেওঁলোকৰ উদ্দেশ্য, কাৰণ ধৰ্ম মতে পৃথিৱী গোলাকাৰ নহয়৷ ইলনে তেওঁলোকক বিদ্ৰুপ কৰিবলৈকে টুইটটো কৰিলে৷ সংস্থাটোৰ টুইটাৰ একাউণ্টো আছে আৰু বহু সংখ্যক ফল’ৱাৰো আছে৷ ইলনৰ টুইটটোৱে সংস্থাটোক শ’লঠেকত পেলালে৷ সেই টুইটটোক লৈও সংবাদ মাধ্যম আৰু কিছুসংখ্যক গৱেষণা-আলোচনীত কেইবাদিন ধৰি ব্যাপক চৰ্চা চলিল৷ পৃথিৱী চেপেটা বুলি বিশ্বাস কৰা মানুহবোৰেও পৃথিৱী গোলাকাৰ হোৱা বাবেই যিখিনি বিজ্ঞান-প্ৰযুক্তি বিকাশ হৈছে সেইবোৰৰ সুবিধা গ্ৰহণ কৰি থাকে৷ কিন্তু, ধৰ্মীয় চিন্তাৰ বাবেই তেওঁলোকে তাৰ বিৰোধ হোৱা কোনো চিন্তাক বিশ্বাস কৰিব নোৱাৰে৷ মংগল গ্ৰহত বসতি স্থাপন হ’লেও মংগল দেৱতাৰ দশাৰ কথা ভবা মানুহ পৃথিৱীত নাইকীয়া নহয়৷ বসতি স্থাপন হ’লে যাত্ৰী ৰূপে তেনে মানুহো মংগল গ্ৰহলৈ ভৱিষ্যতে যাবলৈ পোৱাটোও অসম্ভৱ নহয়৷ আৰু তাতেই জন্ম গ্ৰহণ কৰা নতুন প্ৰজন্মৰ প্ৰত্যেকেই যে নিজৰ গ্ৰহটো চেপেটা বুলি নাভাবিব সেইটোও একেষাৰে কৈ দিব নোৱাৰি৷ পৃথিৱীৰ আদিম অজ্ঞানতা অৱস্থাৰ দৰে এনে বিশ্বাসবোৰ তাতো এক বা একাধিক নতুন ধৰ্মত পৰিণত হ’ব পাৰে৷ এইখিনিতে বৰ্তমান সময়ৰ এজন বিখ্যাত ইতিহাসবিদ য়ুভাল ন’আ হেৰাৰি এষাৰ কথা মনত পেলাব পাৰি – “যেতিয়া হাজাৰ সংখ্যক মানুহে কিছুমান কল্পিত কাহিনী এমাহমান ধৰি বিশ্বাস কৰে, তেন্তে সেয়া হৈছে ফে’ক নিউজ৷ যেতিয়া সেইবোৰকেই শত কোটি মানুহে হাজাৰ বছৰ ধৰি বিশ্বাস কৰে, সেইটোৱেই হৈ পৰে এটা ধৰ্ম; আৰু ভক্তসকলৰ অনুভূতিত আঘাত নিদিয়াৰ (বা তেওঁলোকক ক্ৰোধান্বিত নকৰাৰ) দোহাৰি দি তাক ফে’ক নিউজ বুলি নক’বলৈ আমাক সাৱধান কৰি দিয়া হয়৷”

ফটো: শিল্পীৰ দৃষ্টিত ভৱিষ্যতৰ মংগল গ্ৰহত মানুহৰ বসতি৷

No Comments

Post A Comment