লম্ফজম্ফ কবি

বিহগী কবি, ধ্বনি কবি, অগ্নি কবি, গীতি কবি, বকুলবনৰ কবি, অতিন্দ্ৰীয়বাদী কবি, বনফুলৰ কবি, বিপ্লৱী কবি, নিজৰা কবি……
আগৰ দিনৰ কবিসকলৰ বহু সংখ্যকৰ এটা এটা এনেকুৱা পৰিচয় আছিল৷ তেওঁলোকে এটা বিশেষ ধাৰা সৃষ্টি কৰিছিল নতুবা এটা বিশেষ বিষয়বস্তুক প্ৰৱলভাৱে পৰিচিত কৰি তুলিছিল নতুবা আন কিবা কৰিছিল৷ তেওঁলোকৰ প্ৰত্যেককে পৰিচিত কৰা সেই শব্দটো ক’লেই সেই কবিজনলৈ বা তেওঁলোকৰ কোনো একোটা কবিতালৈ পাঠকৰ মনত পৰি যায়৷ কিন্তু আজিকালিৰ কোনো কবিৰেই তেনেকুৱা নাম একোটাৰে সৈতে পৰিচয় নাই৷ বিশেষ নামেৰে পৰিচিত হোৱাটো যেন তাহানি যুগতে শেষ হৈ গ’ল! কিন্তু সেই পুৰণি যুগৰ কবিসকল বা তেওঁলোকৰ দৰে আজিৰ যুগৰ কবিসকলক বাদ দি, আন এটা এটা বিশেষ বিশেষ ধাৰাৰ কবি বহুতো আছে৷ তেওঁলোকো এনে বিভূষণেৰে পৰিচিত হ’ব পৰাৰ যোগ্যতা আছে৷ যেনেঃ

১) ইনবক্স কবি৷
এওঁলোকে যাকে-তাকে ইনবক্সত প্ৰতিদিনে ১৫ টা মানকৈ নিজৰ কবিতা দি ফুৰে৷ সৌজন্যৰ খাতিৰত এবাৰ যদি আপুনি বুঢ়া আঙুলিটোৰে লাইক বুলি ৰিপ্লাই এটা দিয়ে, তেন্তে তাৰ পাছৰে পৰা আপোনাৰ স্বৰ্গ-নৰকৰ দৰ্শন সম্পূৰ্ণ হৈ যাব৷ কাৰণ তাৰ পাছৰে পৰা এওঁলোকে প্ৰতিদিনে ২৫ টাকৈ কবিতা দি আপোনাৰ ইনবক্সটো কাব্যব্ৰহ্মাণ্ড কৰি পেলাব৷ এওঁলোকৰ মাজৰ আটাইতকৈ কৃতিজনক ইনবক্স কবি নামেৰে বিভূষিত কৰিব পাৰি৷

২) কমেণ্টৱালা কবি৷
আপোনাৰ ফটো বা পোষ্টত এওঁলোকে প্ৰসংগ সংগতি নথকাকৈ দীঘলীয়া আলাপ কৰিব বিচাৰে৷ আপুনি বাৰে বাৰে কথা সামৰিবলৈ বিচাৰিলেও এওঁলোকে আপোনাৰ ইমান কেয়াৰ লয় যেন আপোনাতকৈ দুৰ্ভগীয়া কোনো নাই, নতুবা ইমান চেনেহ দিয়ে যেন তেওঁৰ জীৱনত শুভাকাংক্ষী আপোনাৰ বাহিৰে আন কোনো নাই৷ আৰু একেবাৰে শেষত তেওঁ ভুটুংকৈ আঁতিগুৰি নথকাকৈ তেওঁৰ কবিতাৰ স্ক্ৰীণশ্বট এটা দি দিয়ে৷ কবিতাক পাঠকৰ কাষলৈ নিয়াৰ তেওঁলোকৰ যি প্ৰবল প্ৰচেষ্টা সেয়া কোনেও অতিক্ৰম কৰিব নোৱাৰে৷ এওঁলোকৰ ভিতৰত আটাইতকৈ কৃতিজনক এই নামেৰে বিভূষিত কৰিব পাৰি৷ এইসকলৰ এটা শাখাই টেগাৰাম ধাৰাটোকো বিকাশ সাধন কৰি সমৃদ্ধ কৰিছে৷ তেওঁলোকে প্ৰতিটো কবিতাত যেতিয়া ১৭৫ জনক টেগ কৰে আৰু মুঠতে ১১ টা লাইক পায়, তেতিয়া লাইক কৰাসকলক কমেণ্টত টেগ কৰি কৰি থেংকু দিয়া কাৰ্যটোৱেও অসমীয়া কবিতাৰ বিকাশত বিশাল অৰিহনা যোগায়৷

৩) ফটোৱালা কবি৷
এওঁলোকে নিজৰ ফটো এখনৰ ওপৰত নিজৰ কবিতা এটা লিখি ইনবক্স বা কমেণ্টবক্সত কাব্যৰস বিয়পায়৷ এওঁলোক প্ৰথম দুটা ধাৰাৰ অন্তৰ্গত এটি বিশেষ উপধাৰা৷ এওঁলোকৰ ভিতৰত আটাইতকৈ কৃতিজনক এই নামেৰে বিভূষিত কৰিব পাৰি৷ বা থোপৰা কবি বুলিও ক’ব পাৰি৷ (যিসকলে নিজৰ নিজৰ মতে নিজৰ নিজৰ টাইমলাইনত এইবোৰ দিয়ে, তেওঁলোকক ভুলতো ইয়াত ধৰা হোৱা নাই৷)

৪) পাতনি কবি৷
এওঁলোকে কবিতাতকৈ পাতনিটোৰ জৰিয়তে অধিক পৰিচয় দিবলৈ চেষ্টা কৰে৷ “মোৰ পাতনি অমুকে লিখিছে, তুমি কোন?” নতুবা “মই অমুকৰ পাতনি লিখি দিছোঁ, গতিকে মই অমুক অমুকৰ সমকক্ষ৷” এওঁলোকৰ শ্ৰেষ্ঠজনক এই নামেৰে বিভূষিত কৰিব পাৰি৷

৫) আয়োজনমূলক কবি৷
এওঁলোকে কবিসন্মিলন আয়োজন কৰে আৰু দুজনমানৰ প্ৰতিস্থিত কবিৰ সৈতে ফটো তুলি লৈ পিছত ডাঙৰ কবি বুলি উপদ্ৰৱ চলায়৷ এওঁলোকৰ শ্ৰেষ্ঠজনক এই নামেৰে বিভূষিত কৰিব পাৰি৷

৬) লম্ফজম্ফ কবি৷
এওঁলোকে আপোনাক মৰিয়াই মাৰিবও পাৰে৷ আপোনাৰ লগত লম্ভিবলৈ হ’লে আপুনিও কবি বনি যাব পাৰে৷ আপুনি দূৰতে বিদুৰ হোৱাই ভাল৷ এওঁলোকে আহি যদি আপোনাক কয় যে হোলোঙাই কাণ বিন্ধাব পাৰি, তেতিয়া আপুনি ক’ব যে হয় তুমি কৈছা যেতিয়া সম্পূৰ্ণ শুদ্ধ৷ এওঁলোকৰ শ্ৰেষ্ঠত্বৰ সীমা নাই৷ গতিকে গোটেইকেইজনক এই নামেৰে বিভূষিত কৰিব পাৰি৷

৭) মৰণত শৰণ কবি৷
এওঁলোক এনেইতো তজবজীয়া৷ কিন্তু আপোনাৰ ইনবক্স বা কমেণ্টবক্স কাব্যব্ৰহ্মাণ্ডত এওঁলোকে দিয়া কবিতাবোৰ পঢ়িলে এনে লাগে যেন এওঁলোক মৰণত শৰণ দি হে জীয়াই আছে৷

৮) নলে গলে লগা কবি৷
এইবিধ কবিয়ে তেওঁলোকৰ বিচক্ষণতা বাটেপথে প্ৰকাশিত কৰে৷ আপুনি লগ পালে ভাবিবলৈ বাধ্য হ’ব যে আপোনাৰ নলে গলে লগা বন্ধু কেৱল এজনেই হ’বলৈ গৈ আছে৷ নৰ্তকীৰ চেনেহৰ বিনিময়ত বাৰৰ গ্ৰাহকে তিনি ঢোক মদ বেছিকৈ খাবলৈ বাধ্য হোৱাৰ দৰে এওঁলোকৰ চেনেহৰ বিনিময়ত আপুনি এওঁলোকৰ কমেও তিনিটা কবিতাৰ ইতিবিত্ত পথতে মুখষ্ঠ কৰিবলৈ আপুনি বাধ্য হ’বও পাৰে৷ এওঁলোকৰ শ্ৰেষ্ঠজনক এই নামেৰে বিভূষিত কৰিব পাৰি৷

৯) সোঁহাত কবি৷
এওঁলোক কোনো ডাঙৰ কবি বা বুদ্ধিজীৱিৰ সোঁহাত হৈ হৈ বিখ্যাত হ’ব খোজে আৰু আপোনাক আহি সেইভাৱে হাম্লা দিয়ে৷ এওঁলোকৰ শ্ৰেষ্ঠজনক এই নামেৰে বিভূষিত কৰিব পাৰি৷

১০) মৰিবলৈ ধৰা কবি৷
এওঁলোকৰ ধাৰাটো আটাইতকৈ ব্যতিক্ৰম৷ হঠাতে কেতিয়াবা আপুনি ফেচবুকত আপডেট এটা দেখা পাব যে – “মই আৰু আজিৰ পৰা কবিতা নিলিখোঁ৷” অমুক হ’ল, তমুক হ’ল ইত্যাদি ঢেৰ কিবাকিবি লগতে থাকিব৷ কাৰোবাৰ লগত কাজিয়া লাগিল, কোনোবাই কিবা ক’লে, হেন তেন বহুত কিবাকিবি৷ কাজিয়াৰ বিষয় ধৰক – কৰবাত কবিৰ গেটটুগেদাৰ আছিল, তেওঁক চাহ কমকৈ দিলে৷ তেওঁ কেনেকৈনো আপোনাৰ লিষ্টত সোমাই আছিল আপোনাৰ মনত নাথাকিবও পাৰে, আৰু আপডেটটো দেখিহে আপুনি গম পাব যে তেওঁ এজন বিখ্যাত কবি আছিল৷ যি হ’লেও এনেকৈয়ে কবি এজনৰ মৃত্যু হ’ল বুলি আপুনি ভয় খাব পাৰে, কিন্তু ভয় খোৱাৰ প্ৰয়োজন নাই৷ কাৰণ, তিনিদিনৰ পাছতে আপুনি তেওঁ লিখা নতুন কবিতাটো পঢ়িবলৈ পাবই, কাৰণ ৰাইজৰ বিপুল দাবীত তেওঁ পুনৰ লিখিবলৈ ল’লে বুলি এটা আপডেট দিবই৷ এওঁলোকৰ শ্ৰেষ্ঠজনক এই নামেৰে বিভূষিত কৰিব পাৰি৷

Tags:
No Comments

Post A Comment