পৃথিৱীৰ পৰা চন্দ্ৰলৈ আকাশী আলিবাটবোৰ

“অসীম” শব্দটোৰ লগত ভালেকেইটা পৃথক পৃথক ধাৰণা সোমাই আছে৷ অসীম বুলি কোৱাৰ লগে লগে সাধাৰণতে মনলৈ ধাৰণা আহে যে – বিৰাট ডাঙৰ কিবা এটা, যেন হাত দুখন যিমান ইচ্ছা সিমান দীঘল কৰি দিলেও যিটো বস্তুক গবা মাৰি ধৰাটো সম্ভৱ নহয়৷ নতুবা বহুত দূৰ গুচি যাবলগীয়া এটা পথ, যিমান তীব্ৰ গতিৰে গ’লেও যিটো পথ কেতিয়াও শেষ কৰিব নোৱাৰি! কিন্তু এই দুটা অসীম সম্পৰ্কীয় বিভিন্ন ধাৰণাৰ মাজৰ কেৱল এবিধ ধাৰণাহে৷

যি কি নহওক, আমি আকাশলৈ মূৰ তুলি মনৰ বেগেৰে ‘অসীম”লৈ গতি কৰিব পাৰোঁ৷ মনতে ভাবি লোৱা এই পথটো এডাল সৰল ৰেখা যেন নালাগেনে? কিন্তু মানুহে আজি পৰ্যন্ত সৃষ্টি কৰা কোনো সঁজুলিয়েই মহাকাশৰ এটা বিশাল দূৰত্বক সৰল ৰেখা সদৃশ পথ এটাৰে অতিক্ৰম কৰিব নোৱাৰে৷ উদাহৰণস্বৰূপে, ইচৰ’ৱে পঠিওৱা চন্দ্ৰযান-২ ৰ পথটো পৃথিৱীৰ পৰা চন্দ্ৰলৈ টনা এডাল সৰলৰেখা নহয়৷ আকাশমুখী ৰকেটবোৰ উৰণৰ বাবে সাজু কৰি থোৱাৰ ছবি দেখি বহুতৰ এনে লাগে যেন মহাশূন্যৰে যোৱা এই ধৰণৰ পথবোৰ সৰল ৰেখাহে!

চন্দ্ৰযান-২ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটা নামৰ ঠাই পৰা গৈ গৈ চন্দ্ৰৰ দক্ষিণ মেৰুৰ এটুকুৰা নিৰ্দিষ্ট ঠাই পাবগৈ৷ মানে পৃথিৱীৰ পৰা যোৱা ৰকেটখনত থকা এটা বিশেষ অংশ সেই স্থানত কোনো বিঘিনি নঘটাকৈ উপস্থিত হোৱাৰ লগে লগে গোটেই যাত্ৰাটো সফল হ’ব৷ এই পথটোৰ আৰ্হি তলৰ চিত্ৰত দেখুওৱা দৰে৷ এইটো অতিক্ৰম কৰিবলৈ চন্দ্ৰযান-২ এ প্ৰায় ৪৮ দিন একেৰাহে গৈ থাকিব লাগিব৷ আৰু পথটোৰ সকলো স্থানতে যানখনৰ বেগ একেটা নহয়৷

চন্দ্ৰযান-২ উৎক্ষেপনৰ এদিন পূৰ্বে মানুহে চন্দ্ৰত প্ৰথম খোজ পেলোৱাৰ ৫০ বছৰ পূৰ্ণ হ’ল৷ সেই তেতিয়াই পৃথিৱীৰ পৰা যান গৈ চন্দ্ৰ পাবলৈ মাথোঁ চাৰিদিন বা তাতকৈয়ো কম সময় লাগিছিল৷ মানুহে প্ৰথমবাৰ চন্দ্ৰত খোজ পেলোৱা আৰু চন্দ্ৰৰ পৰা পুনৰ পৃথিৱীলৈ অহা অভিযানটোৰ অহা-যোৱাৰ পথটোৰ আৰ্হি তলৰ চিত্ৰত দেখুওৱা হৈছে৷ চন্দ্ৰযান-২ এ এতিয়াও ইমান দিন ল’ব লগাৰ মূল কাৰণ হ’ল উচ্চ ক্ষমতা সম্পন্ন ৰকেট নিৰ্মাণ কৰিবলৈ ভাৰতৰ ধনৰ অভাৱ৷ যিটো পূৰ কৰিবলৈ বহু শ কোটি টকা প্ৰয়োজন হ’ব৷ চন্দ্ৰযান-২ এ ইমান অধিক দিন লোৱা বাবে বা ইমান দীঘলীয়া পথ লোৱা বাবে ইন্ধনৰ খৰচ বাঢ়ি যোৱাত ভাৰতৰ অধিক ধন খৰচ হৈছে – সেইটো নহয়৷ বৰং ধনৰ খৰচ কমিছেহে৷ চন্দ্ৰযান-২ ৰ পথটোত পৃথিৱীৰ চাৰিওপিনে ঘূৰি থকা যিকেইটা অংশ চিত্ৰত দেখুওৱা হৈছে, তাত গতি কৰি থাকোঁতে যানখনক কোনো ইন্ধন নালাগে৷ পৃথিৱীৰ পৰা চন্দ্ৰ অভিমুখী অংশটো আৰু চন্দ্ৰৰ চাৰিওপিনে ঘূৰি থকা অংশসমূহতো নালাগে৷ পৃথিৱীৰ কেইবা হাজাৰ কৃত্ৰিম উপগ্ৰহে অহৰহ গতি কৰি আছে৷ কিছুমানৰ বেগ প্ৰতি ঘণ্টাত প্ৰায় ১১,০০০ কিলোমিটাৰ, আন কিছুমানৰ বেগ প্ৰতি ঘণ্টাত প্ৰায় ২৮,০০০ কিলোমিটাৰ পৰ্যন্ত৷ সৌৰজগতৰ পৰা দূৰতৰ স্থানলৈ এখন যান এতিয়াও তীব্ৰ বেগেৰে গৈ আছে, সূৰ্য্যৰ পিনে আন এখন যান গৈ আছে, পৃথিৱীৰ বাহিৰেও আন কেইবাটাও গ্ৰহৰ কাষত স্থাপন কৰা সিহঁতৰ কৃত্ৰিম উপগ্ৰহবোৰেও অহৰহ গতি কৰি আছে৷ কিন্তু গতি কৰিবলৈ এইবোৰক এতিয়া একো ইন্ধন নালাগে৷ ইন্ধন অবিহনেও এইবোৰে ইমান তীব্ৰ বেগেৰে কেনেকৈ গতি কৰি আছে সেয়া আন প্ৰসংগ৷

চন্দ্ৰযান-২ ৰ যাত্ৰাৰ ক্ষেত্ৰত পদ্ধতিটো হ’ল – ইন্ধনৰ সহায়ত ভূ-পৃষ্ঠৰ পৰা গৈ সি পথটোৰ প্ৰথমটো ঘূৰণীয়া অংশত প্ৰৱেশ কৰিলে, আৰু তাত ইন্ধন খৰচ নকৰাকৈ গতি কৰি থাকিল৷ তাৰ পাছত প্ৰথমটোৰ পৰা দ্বিতীয়টোলৈ এঢাপ যাবলৈ কেইমিনিটমান সময়ৰ বাবে কিছু ইন্ধন প্ৰয়োজন হয়৷ অৰ্থাৎ যানখনত বাহিৰৰ পৰা কিছু বল প্ৰয়োগ কৰিব লগা হয়৷ একেদৰেই বাকীকেইটা অংশ গৈ পৃথিৱীৰ চাৰিওপিনে একেবাৰে শেষৰ ঘূৰণটো শেষ হওঁ হওঁ অৱস্থাত যানখনে যথেষ্ঠ অধিক বেগ এটা লাভ কৰে৷ সেই সময়তে পুনৰ নিৰ্দিষ্ট কেইমিনিটমান সময় ইন্ধন খৰচ কৰাৰ লগে লগে যানখনে প্ৰতি ঘণ্টা হিচাপত প্ৰায় ৪০,০০০ কিলোমিটাৰ বেগ লাভ কৰে৷ এই বেগটোৱে যানখনক এনেকুৱা এটা দূৰত্বলৈ ঠেলি দিয়ে, যাৰ বাবে তাক চন্দ্ৰৰ চাৰিওপিনে ঘূৰিবলৈ দিয়াটো সম্ভৱ হৈ উঠে৷ সেইকণ সময়ত পুনৰ কিছু ইন্ধন খৰচ কৰিব লগা হয়৷ ১৪ আগষ্ট তাৰিখে যানখনে পথটোৰ পৃথিৱীৰ পৰা চন্দ্ৰ অভিমুখী অংশটোত প্ৰবেশ কৰিলে৷ আৰু ২০ আগষ্ট তাৰিখে যানখনে পথটোৰ সেই অংশটো পাৰ হৈ চন্দ্ৰৰ চাৰিওপিনে ঘূৰিবলৈ আৰম্ভ কৰিলে৷

ইয়াৰ পাছত যানখন চন্দ্ৰৰ চাৰিওপিনে ঘূৰি এঢাপ এঢাপকৈ কাষ চাপি যাবলৈ ওলোটা পদ্ধতি খটুৱাব লাগিব – নিৰ্দিষ্ট অৱস্থানত নিৰ্দিষ্ট কেইমিনিটমান সময় ইন্ধন খৰচ কৰি যানখনত তাৰ গতিৰ বিপৰীতমুখী বল প্ৰয়োগ কৰিব লাগিব৷ আৰু এটা নিৰ্দিষ্ট অৱস্থান পোৱাৰ পাছত তাৰ এটা অংশ চন্দ্ৰৰ পৃষ্ঠলৈ নমোৱাৰ চেষ্টা চলাব লাগিব৷

No Comments

Post A Comment