১) আনৰ পৰা একো আশা নকৰিব৷ ২) আপুনি যিখিনি পাইছে সেইখিনি লৈ আনন্দ কৰক৷ ৩) নিজৰ মনটোত এখন সুখৰ ঘৰ সাজক৷ সকলো ভাগি-ছিগি গ'লেও সেইখন ঘৰ কোনেও ভাঙিব নোৱাৰে৷ বাহিৰৰ কোনো শক্তিয়ে সেইখন ঘৰ একোৱেই কৰিব নোৱাৰে৷ ৪) গুণগুণাই গান গাওক৷ প্ৰতিদিনে আপোনাৰ গা-ধোৱা ঘৰটো আপোনাৰ তালফাল সংগীত...

হোমেন বৰগোহাঞি: কেইজনমান লেখকৰ নাম বা উপাধিকেইটাই তথা সেইসমূহ উচ্চাৰণ কৰোঁতে সৃষ্টি হোৱা ধ্বনিবোৰে সৰুকালত মোৰ মনত এটা বেলেগ প্ৰভাৱ পেলাইছিল৷ যেনেঃ পদ্মনাথ গোহাঞিবৰুৱা, লক্ষ্মীনাথ বেজবৰুৱা, মৌলবী মফিজুদ্দিন আহমদ হাজৰিকা, নলিনীবালা দেৱী, ……৷ ডাঙৰ সাহিত্যিকসকলৰ নামবোৰ জন্মৰ পৰাই বেলেগ হয় বুলি ধাৰণা এটা মনত লাগি ধৰিছিল৷...

হাজৰিকাৰ ঘৰৰ হায়দৰাবাদত থকা জীয়েকজনী পূজাত ঘৰলৈ আহি উভটি যোৱাই নাই নেকি অ'? - শইকীয়াৰ ঘৰৰ মানুহজনীয়ে নিজৰ জীয়েকক সৰুকৈ সুধিলে৷ "মইনো কেনেকৈ জানোঁ নো", জীয়েকে ভেকাহী মাৰি মাকৰ পিনে মূৰ ঘুৰাওতেই দেখিলে দেখোন মাকে খিৰিকীৰ পৰ্দাৰ ফাকেৰে বাহিৰলৈ জুমি চাই আছে৷ হাজৰিকাৰ ঘৰৰ জীয়েকজনী বাহিৰলৈ...

বিহগী কবি, ধ্বনি কবি, অগ্নি কবি, গীতি কবি, বকুলবনৰ কবি, অতিন্দ্ৰীয়বাদী কবি, বনফুলৰ কবি, বিপ্লৱী কবি, নিজৰা কবি…… আগৰ দিনৰ কবিসকলৰ বহু সংখ্যকৰ এটা এটা এনেকুৱা পৰিচয় আছিল৷ তেওঁলোকে এটা বিশেষ ধাৰা সৃষ্টি কৰিছিল নতুবা এটা বিশেষ বিষয়বস্তুক প্ৰৱলভাৱে পৰিচিত কৰি তুলিছিল নতুবা আন কিবা...

"অসীম" শব্দটোৰ লগত ভালেকেইটা পৃথক পৃথক ধাৰণা সোমাই আছে৷ অসীম বুলি কোৱাৰ লগে লগে সাধাৰণতে মনলৈ ধাৰণা আহে যে - বিৰাট ডাঙৰ কিবা এটা, যেন হাত দুখন যিমান ইচ্ছা সিমান দীঘল কৰি দিলেও যিটো বস্তুক গবা মাৰি ধৰাটো সম্ভৱ নহয়৷ নতুবা বহুত দূৰ গুচি যাবলগীয়া...

কুৰি শতিকাৰ শেষৰ বিছটা বছৰত পৃথিৱীত এক নতুন শ্ৰেণী তাৰকা (মহানায়ক) সৃষ্টি হ'ল৷ মানুহক উদ্বুদ্ধ কৰাতে হওক, বা পৃথিৱী সলনি কৰি পেলোৱাতে হওক - এই শ্ৰেণী তাৰকাই ক্ৰীড়া, অভিনয় আৰু সংগীতৰ তাৰকাসকলকো বা প্ৰাচীন বীৰ যোদ্ধাসকলকো যেন অতিক্ৰম কৰি গ'ল৷ সেই নতুন তাৰকা শ্ৰেণীটো হ'ল...