প্ৰাক-প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয়লৈকে — বিদ্যালাভৰ আনুষ্ঠানিক প্ৰক্ৰিয়াটো যথেষ্ট দীঘলীয়া। সময় খৰচী আৰু ব্যয়বহুল এই প্ৰক্ৰিয়াটোৰ নিৱেশৰ জোখাৰে আমি আচলতে লাভান্বিত হওঁনে নহওঁ তাক বিচাৰি চোৱাৰ এক প্ৰক্ৰিয়া লাহে লাহে আৰম্ভ হ’বলৈ ধৰিছে। নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰাই দেখিছোঁ— আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰাৰ পাছত যোৱা ১০-১২ বছৰে...

বহু দূৰৰ পৰা কেইবাঘৰো মানুহ উঠি আহি এখন নদীৰ পাৰত নতুনকৈ গাওঁ পাতিলে৷ আন আন ঠাইৰ পৰাও ইঘৰ-সিঘৰকৈ মানুহ আহি তাতে নতুনকৈ ঘৰ সাজিবলৈ ধৰিলে৷ এখন-দুখনকৈ কেইবাখনো নতুন গাওঁ হ'ল৷ আকাল-ভঁৰাল একো নথকাকৈ সুখে-শান্তিৰে চবৰে জীৱন পাৰ হৈ গৈ থাকিল৷ কিন্তু লাহে লাহে ইখন-সিখন গাওঁত ইটো-সিটো...

দেউতাকে পুতেকক ক'লে - "ঐ তই অকণো পঢ়া-শুনা নকৰ, দিনৰ দিনটো এনেই বহি বহি কটাৱ, আগলৈ কি কৰি খাবি? কিবা এটা কৰাৰ কথা ভাব৷ যেনেতেনে এইবাৰ বিএ-টোকে ছিং৷" পুতেকে উত্তৰ দিলে - "মই আগলৈ চিনেমা বানাম৷ এনেই পঢ়িবলৈ মোৰ মন নাই, পৰীক্ষা-চৰীক্ষা নিদিওঁ৷" দেউতাক চক খাই উঠিল...

"ভাৰতে টাইফুন আৰু ৰাফেলৰ দৰে নিজা যুঁজাৰু-বিমান নিৰ্মাণ কৰিবলৈ কিয় সক্ষম নহয়? নিজা প্ৰযুক্তি নিৰ্মাণ কৰাৰ সলনি ভাৰতে কিয় আমদানি কৰিব লগা হয়??" এই ক্ষেত্ৰত আটাইতকৈ মৌলিক সমস্যাটো হ'ল প্ৰযুক্তি/অভিযান্ত্ৰিকী মেধাৰ অতি সংকটজনক অভাৱ৷ মই বহলাই কওঁ ৰ'ব৷ মোৰ এজন ৮১ বছৰীয়া খুড়া আছে, তেওঁ এজন শৈল্য-চিকিৎসক...

যোৱা জানুৱাৰী মাহৰ ১১ তাৰিখে প্ৰসিদ্ধ গণিতজ্ঞ মাইকেল আটিয়া ৮৯ বছৰ বয়সত মৃত্যু হয়৷ কুৰি শতিকাটোত যিসকল গণিতজ্ঞই পৃথিৱী সলনি কৰিছে, সেইসকলৰ ভিতৰত তেৱোঁ এজন৷ তেওঁ গণিত জগতৰ দুটা শ্ৰেষ্ঠ বঁটা ফিল্ডছ মেডেল আৰু এবেল বঁটা -- দুয়োটা লাভ কৰিবলৈ সক্ষম হৈছিল৷ তেওঁৰ সম্পৰ্কে বহু...

পিঠিত বা মূৰত পকাণ্ড টোপোলা একোটা লৈ কিছুমান বেপাৰীয়ে মানুহৰ ঘৰে ঘৰে বস্তু বিক্ৰী কৰি ফুৰে৷ পোচাক, কাপোৰ, গহনা, বাচন-বৰ্তন আদিৰ বেলেগ বেলেগ বেপাৰী থাকে৷ তেওঁলোকৰ কিছুমানে ২০০ টকীয়া বস্তুটোৰ দাম ৭০০ টকা বুলিও কয়, ১১০০ টকা বুলিও কয়৷ বস্তু চিনি নোপোৱা বা দৰ-দাম নজনা...