স্থানপ্ৰাপক প্ৰায়সকল কিয় হেৰাই যায়

ষ্টেণ্ড কৰা ছাত্ৰ-ছাত্ৰীতকৈ ৬০ শতাংশ পোৱা একোজনেও অধিক কাম কৰিব পৰা হয়গৈ কিয়? সাধাৰণতে এইটোৱেই দেখা যায়। আনকি দ্বিতীয় বিভাগত উত্তীৰ্ণজনেও অতি বেছি কাম সম্ভৱপৰ কৰি তুলিব পাৰে। কিয় এনেকুৱা হয়? আঙুলিৰ মূৰত লিখিব পৰা দুজনমানহে স্থানপ্ৰাপক ওলায় যি বিশেষ কাম কৰে, আৰু সেয়াও আনে কৰিব নোৱৰা ধৰণৰ কাম তেনেই কম সংখ্যকেই কৰা দেখা যায়।

ইয়াৰ উত্তৰ হিচাপে আমি “তেওঁলোক ক’ত হেৰাই গ’ল? তেওঁলোকে কি কৰিলে?” আদি প্ৰশ্ন আৱেগিকভাবে নকৰি, তাৰ বাস্তৱসন্মত সৰু বিশ্লেষণ এটা কৰি চাব পাৰোঁ।

আচলতে ষ্টেণ্ড কৰা কথাটো বৰ গুৰুত্বপূৰ্ণ নহয়। সেইবাবেই সেই ব্যৱস্থা উঠাই দিবলৈ বহু দশক ধৰি চৰ্চা হৈ আছিল। প্ৰয়াত লেখক ড৹ দিলীপ কুমাৰ দত্তই ‘প্ৰান্তিক‘ত ধাৰাৱাহিকভাবে লিখা ‘মোৰ শিক্ষা আৰু শিক্ষক’ত কেতিয়াবাই এই ব্যৱস্থাৰ বিৰুদ্ধে লিখিছিল। সেয়া যাতে তেওঁ ঈৰ্ষিত হৈ কৈছে বুলি কোনেও নাভাবে, তাৰ বাবে তেওঁ উল্লেখ কৰিছিল যে তেওঁ নিজেও ষ্টেণ্ড কৰিছিল। এনেদৰে বহু বিশিষ্ট ব্যক্তিৰ বহুতো কথা আলোচনা-বিলোচনাৰ অন্তত সেই ব্যৱস্থা এতিয়া বিলুপ্তিৰ পথত।

আচলতে ষ্টেণ্ড কৰা মানেনো কি? কোনোবাই ষ্টেণ্ড কৰাৰ অৰ্থ হৈছে, তেওঁ প্ৰতিটো বিষয়তে বহুত বহুত নম্বৰ পাব লাগে। কিন্তু, পাছত গৈ সকলোৱে কেৱল এটা বিষয় বা দুটা বিষয়ৰ মিশ্ৰণকহে বাচি ল’বগৈ লাগে আৰু তাৰ গভীৰতালৈ প্ৰৱেশ কৰিব লাগে। এইখিনিতেই ৫০-৬০ শতাংশ নম্বৰ লৈ উত্তীৰ্ণসকলৰ যাদুটো আহি পৰে।

এনেকুৱা বহু সংখ্যক ছাত্ৰ-ছাত্ৰী থাকে যিসকলে কেইবাটাও বিষয়ত কম নম্বৰ পায়, কিন্তু তেওঁলোকে একো একোটা বিষয় বলিয়াৰ দৰে ভাল পায়। ফলত তেওঁলোকৰ মুঠ নম্বৰ কম হ’ব পাৰে, কিন্তু সেই এটা বিষয়ত তেওঁলোক অতিশয় পাৰ্গত হৈ উঠে। যিটো গুণ ষ্টেণ্ড কৰা একোজনে স্পৰ্শ কৰা সম্ভৱ নহ’বগৈয়ো পাৰে, বা এই ক্ষেত্ৰত ষ্টেণ্ড কৰাটো কাৰক হৈ সমুলি নাথাকে।

উদাহৰণস্বৰূপে ধৰাহওক, এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে বিজ্ঞানত ৮০ শতাংশ নম্বৰ লাভ কৰিলে, আৰু বাকী বিষয়বোৰত ৬০ শতাংশতকৈ কম নম্বৰ পালে। ৮০ শতাংশ নম্বৰটোৰ প্ৰভাৱত তেওঁ যেনেতেনে প্ৰথম বিভাগত উত্তীৰ্ণ হ’ল। অৰ্থাৎ, তেওঁৰ ৰিজাল্ট হ’ল যেনেতেনে প্ৰথম বিভাগ আৰু এখনত লেটাৰ। আমি মেট্ৰিক দিয়া সময়ত এনে ৰিজাল্টকো আদৰ কৰা হৈছিল, কিন্তু এতিয়া উচ্চতম নম্বৰ লাভ কৰাসকলৰ ভীৰত কোনেও তেনে নকৰে, বা বহুতে ঘৃণাৰ দৃষ্টি এপাটো মাৰি দিয়ে, অতি কম সংখ্যকেই তেওঁলোকক ভালভাবে লক্ষ্য কৰে। গামোচা-শৰাইৰে আদৰ-সাদৰ কৰা হয় কেৱল উচ্চতম নম্বৰ লাভ কৰাসকলকহে।

তাৰপাছত, সেই যেনেতেনে প্ৰথম বিভাগত উত্তীৰ্ণ ছাত্ৰ বা ছাত্ৰী গৰাকী জীৱবিজ্ঞান পঢ়িবলৈ গ’ল। আৰু ধৰাহওক, তেওঁৰ সমসাময়িক যিসকলে জীৱবিজ্ঞান পঢ়ি আছে তেওঁলোকৰ চবেই প্ৰতিটো বিষয়ত ৯০ শতাংশৰ অধিক নম্বৰ লাভ কৰিছিল, তাৰ মাজত ষ্টেণ্ড কৰাও থাকিব পাৰে। কিন্তু তাৰে কোনেও বিশেষ গুৰুত্বপূৰ্ণ পৰিচয় দাঙি ধৰিব নোৱাৰিলে, আৰু সেই যেনেতেনে প্ৰথম বিভাগ পোৱাজনে জীৱবিজ্ঞানী ৰূপে অসাধাৰণ কাম কৰিবলৈ ধৰিলে।

এতিয়া যদি আমি আগৰ কথাটো চাওঁ, তেওঁ বিজ্ঞান বিষয়টোত যেনেতেনে ৮০ শতাংশ লাভ কৰিছিল জীৱবিজ্ঞানৰ অধ্যায়খিনিৰ কাৰণে। যিটোত তেওঁৰ তীব্ৰ নিচা আছে, কিন্তু তাৰ প্ৰভাৱটো তেতিয়া সকলোৰে চকুত সুস্পষ্ট নহয়। আনফালে, বাকীসকলে সেই বিষয়টোত কিছু আগ্ৰহ আছিল বাবে পাছতো পঢ়ি গ’ল যদিও বিষয়টো তেওঁলোকৰ সাংঘাটিক অভিৰুচিৰ বা নিচাৰ দৰে কোনোদিনেই নহ’ল। ফলত পাছত আৰু তেওঁলোকৰ পৰিচয় গঢ়ি নুঠিল।

এইখিনিতে আৰু এটা কথা আহি যায় যে নম্বৰেও গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে, নম্বৰ লাভ কৰিব লাগিবই। আৰু নম্বৰ লাভ কৰাৰ কিছুমান কৌশলো আছে। সেই কৌশলবোৰত লাগি থাকিবলৈ বাধ্য হোৱাৰ ফলতো অন্বেষণৰ স্পৃহা হেৰাই যায়। ফলত উচ্চতম নম্বৰ লাভ কৰা বহুতো মানুহে নিজা কাম কৰিব একো নোৱাৰে। যেনেকৈ, নৱকান্ত বৰুৱাই কৈছিল যে সাহিত্যত ৮০ শতাংশ নম্বৰ লাভ কৰিলে বুলিয়েই সাহিত্যিক হৈ উঠিব নোৱাৰে। নৱকান্ত বৰুৱা এবাৰ ক’ৰবালৈ ফুৰিবলৈ নে কিবা কামত গৈছিল, তাত ৰাতি শুবলৈ লৈ অশান্তিত তেওঁ শুব পৰা নাছিল, কাৰণ তেওঁৰ মনত কিবা এটা অংকুৰিত হৈ অহৰহ আমনি কৰি আছিল। তেওঁ বাৰে বাৰে শুবলৈ চেষ্টা কৰিলে, কিন্তু নিশাৰ সময় গৈ থাকিল, তেওঁৰ টোপনি অহাৰ লক্ষণ দেখা নগ’ল। অৱশেষত যেনেতেনে কিবা এটুকুৰা বিচাৰি তেওঁ কথাখিনি লিখি পেলালে, আৰু টোপনি গ’ল। সেই কামটোৰ বাবে তেওঁ নম্বৰ নাপায়, বা দৰমহাও নাবাঢ়ে। কিন্তু, এনেকুৱা নিচাৰ ফলত অসাধাৰণ কাম সম্পন্ন হয়।

আনে সৃষ্টি কৰা বস্তু উপভোগ কৰা বা আনৰ ধৰণে চেষ্টা কৰি কিবা এটা কৰাৰ দক্ষতাৰ বিপৰীতে নিজস্ব কাম কৰাৰ দক্ষতা — এই দুয়োটাৰ মাজত বৃহৎ পাৰ্থক্য আছে। ষ্টেণ্ড কৰাৰ উপৰি, আন এটা সহজ উদাহৰণ হ’ল সংগীত। বহুতো গায়ক-গায়ীকা আছে তেওঁলোকে বিভিন্ন গানবোৰ অতি ভাল গায়, কিছুমান ভাইৰেল হৈ যায়, কিছুমানে বিভিন্ন ৰিয়েলিটি শ্ব’ত নাম কৰে। কিন্তু, যেতিয়াই তেওঁলোকে নিজা সৃষ্টিৰ গান একোটা মুকলি কৰি দিয়ে প্ৰায়ভাগেই তেনেই যোগ্যহীনৰ দৰে হৈ পৰে। এবাৰ মোৰ সৈতে একে ঠাইতে থকা ঘনিষ্ঠ এজনে এটা কেছেট উলিয়াইছিল। তাৰ কিছুদিন পাছত আন এঠাইত আন এজনৰ সৈতে মোৰ একেধৰণৰ ঘনিষ্ঠতা হ’ল। এই নতুনজনে বিহুৰ সময়ত বা আন সময়তো অসমৰ বিভিন্ন প্ৰান্তত ষ্টেজ প্ৰগ্ৰেম কৰে, তেওঁলোকৰ এটা দল আছে, বাদ্য-যন্ত্ৰ আছে, নিয়মীয়াকৈ অনুশীলন কৰে। সেইবোৰ দেখি মই এদিন ক’লোঁ যে আপুনি ইমান নাম কৰি আছে, ইমান ঠাইলৈ আপোনাক মাতে, এতিয়া আপুনি নিজৰ সৃষ্টি এটা কিয় নকৰে, কৰক এটা। লাগিলে বেলেগে লিখক, বেলেগ সুৰ দিয়ক, কিন্তু আপুনি সম্পূৰ্ণ নতুন এটা গাওক। তেওঁ কথাটো সঁচাকৈ ভাবিলে, আৰু কেইদিনমান ভাবি আলোচনা-বিলোচনা কৰি চাম বুলিও ক’লে। কেইদিনমানৰ পাছত তেওঁ কথাটো নিজে মনত পেলাই ক’লে যে– “কিয় নতুন গান নুলিয়াও জানানে? আমাক এতিয়া ইমান মানুহে মাতি আছে। মই ভাল গাওঁ বুলি জানে। আমি এনেকৈয়ো দুইপছা ঘটি আছোঁ। বাকী কামেৰে চলি যাব পাৰিম, কিন্তু এইটোৰেও এটা টকা আহি আছে আৰু নামো হৈ আছে। কিন্তু যেতিয়াই নতুন গান এটা উলিয়াই দিম, সেইটো এনেইয়ো বেয়া হ’ব, তেতিয়াই কথাটো সম্পূৰ্ণ বেলেগ হৈ যাব। মানুহে লগে লগে বেয়া গায়ক বুলি ধৰি ল’ব আৰু একেবাৰে নমতা হ’ব, আমাৰ প্ৰগ্ৰেমবোৰ বন্ধ হৈ গুচি যাব। তুমিয়েই কোৱাচোন, সেই কেছেটটো তুমি দুবাৰ শুনিছা নে? মোৰ গানো চিনাকি বুলি এবাৰেই শুনিবা, আৰু শুনিবলৈ মন নাযাব।”

অনুকৰণ বা আনৰ পথেৰে যোৱা কাৰ্যই সম্পূৰ্ণ নিজস্ব সৃষ্টি সম্পন্ন কৰিবপৰা সকলৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলাব পাৰে। এবাৰ সমুদ্ৰ কাজল শইকীয়াই লিখিছিল যে যি সময়ত জুবিন গাৰ্গে নিজস্ব সৃষ্টি-পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল, তেনেকুৱাতে অসমীয়া মানুহে বিচাৰিলে যে তেওঁ বৰগীত গাওক, আৰু জুবিন গাৰ্গে ভাগে ভাগে বৰগীত গাই দেখুৱালে। তাৰ পাছত অসমীয়া ৰাইজে বিচাৰিলে, তেওঁ টোকাৰী গীত গাই দেখুৱাওক, আৰু তেওঁ অজস্ৰ গাই দেখুৱালে। মানুহে আকৌ ক’লে যে নহ’ব, বিহু গাব লাগিব, আৰু তেওঁ হেজাৰ-বিজাৰ বিহু গালে। জুবিন গাৰ্গৰ নিজৰ ভাষাৰে ক’বলৈ গ’লে– তেওঁ বিয়ানামৰ বাহিৰে সকলো গাইছে, তেওঁ সেইটোৱো গালেহেঁতেন, কিন্তু সেইটো মহিলাই গোৱাটো নিয়ম বাবেহে গোৱা নহ’ল। ফলত কি হ’ল, সমুদ্ৰ কাজল শইকীয়াৰ ভাষাৰে– জুবিন গাৰ্গ বোলা আচল প্ৰতিভাটো ক’ৰবাত হেৰাই থাকিল। নিজস্ব অসাধাৰণ কৰ্ষণৰ গভীৰতৰ পৰ্যায়লৈ তেওঁক যাবলৈ সুযোগেই দিয়া নহ’ল।

পুনৰ ষ্টেণ্ড কৰাৰ কথালৈ ঘূৰি আহোঁ। সকলোতে সমান নম্বৰ পোৱাসকলৰ কিছুমান সুযোগো থাকে। তাৰ প্ৰধান উদাহৰণ হ’ল প্ৰশাসনিক প্ৰতিযোগিতামূলক পৰীক্ষা। ইয়াত কেইবাটাও বিষয়ৰ পৰীক্ষা দিবলগা হয়, আৰু ফলত তেওঁলোকে ভাল ফল দেখুওৱাৰ সম্ভাৱনা থাকে। বিশেষ আলোচনী কিছুমানত UPSC পৰীক্ষাত উচ্চ স্থান লাভ কৰাসকলৰ যিবোৰ সাক্ষাৎকাৰ প্ৰকাশ পায়, মই কেইবাবছৰ ধৰি সেইবোৰ পঢ়িছিলোঁ। গণিতৰ ছাত্ৰ ৰূপে মোৰ কৌতুহল আছিল, কোনোবাই গণিত বিষয়টো লৈছে নেকি। কিন্তু কিমান কি সাক্ষাৎকাৰ পঢ়িলোঁ, গণিত লোৱা এজনো নাপালোঁ, কাৰণ তাত নম্বৰ নুঠে। তেওঁলোকে সদায় অধিক নম্বৰ পাব পৰা বিষয় কিছুমান বাচি লয়। কোনোবাই যদি এটা বিষয় লৈ স্থান লাভ কৰা নাই, পাছত সেইটোৰ ঠাইত আন এটা বিষয় বাচি লৈ স্থান লাভ কৰেগৈ। কোনোবাই পঢ়ে অভিযন্তিকী বা চিকিৎসা, কিন্তু বিষয়বোৰ লয়গৈ কলাৰ। গণিতৰ পাঠ্যক্ৰমটো চাই দেখিছিলোঁ যে, সেইটো স্নাতক বা তাৰ তলৰ পৰ্যায়ৰ, কিন্তু ইমানেই ডাঙৰ যে গোটেইবোৰ কৰাটো সম্ভৱ নহয়। আনহাতে, কোনোবাই যদি তাত এশ শতাংশও পায়, তাৰ পৰা এইটো ক’ব নোৱাৰি যে তেওঁ গণিতত কিবা উদ্ভাৱনী কাম কৰিব পাৰিব বা কৰাৰ পৰিৱেশ আনকো দিব জানিব, নোৱৰাৰ সম্ভাৱনা শূন্যও হ’ব পাৰে। সেইখিনি পাৰিলেই যে তেওঁ ভাল সিদ্ধান্ত ল’ব পাৰিব সেয়া নিশ্চিত নহয়। এনেকুৱা কাৰণতে প্ৰশাসনিক কাম-কাজত উদ্ভাৱনী দক্ষতাসম্পন্ন মানুহ সংযুক্তকৰণৰো পোষকতা কৰা হয়। ৰাজ্যিক মন্ত্ৰীৰ মৰ্য্যদাৰে শিক্ষা বিভাগৰ উপদেষ্টা ৰূপে নিযুক্ত হোৱাৰ পূৰ্ৱে লিখা এটা প্ৰবন্ধত ননী গোপাল মহন্তই প্ৰশাসনিক ক্ষেত্ৰত উদ্ভাৱনী দক্ষতাসম্পন্ন মানুহৰ অন্তৰ্ভুক্তিৰ পোষকতা কৰিছিল।

অৱশ্যে ব্যতিক্ৰম সকলোতে আছে। শ্ৰেয়া ঘোষালে এটা ৰিয়েলিটি শ্ব’তো স্থান লাভ কৰিছিল। দুই-এক ষ্টেণ্ড কৰা মানুহে অসাধাৰণ কাম কৰি আছে। বা বহুতো বিষয়াই বিষয়া ৰূপে নিযুক্ত হোৱাৰ পূৰ্বেই নিজস্ব পৰিচিতি গঢ়ি তুলিবলৈ সক্ষম হৈছে বা বহুতে পাছতো নিজৰ চৰকাৰী কামতো নতুনত্ব দিছে বা আন ক্ষেত্ৰতো ব্যুৎপত্তি প্ৰদৰ্শন কৰি আছে।

কেইবাটাও বিষয়ত ৰাপ থাকিলে কামত অহাৰ আৰু এক উদাহৰণ আছে, কিন্তু তাৰ প্ৰভাৱ এতিয়াও আমাৰ ইয়াত বৰকৈ পৰা নাই। আজিকালি ইটো বিষয়ৰ লগত সিটো বিষয় বিভিন্ন ধৰণে সংযুক্ত হৈ পৰে আৰু এনেদৰে নতুন নতুন বিষয় ওলাই আছে। এনেকুৱা বস্তুও আছে, ৰাজনীতি বিজ্ঞানৰ কিছুমান কাম গণিতৰ মানুহেহে কৰিব লাগে। চিকিৎসা বিজ্ঞানৰ লগত অভিযান্ত্ৰিকী সম্পূৰ্ণ পূৱ-পশ্চিম যেন লাগে, কিন্তু চিকিৎসা বিজ্ঞানৰ বহুতো যন্ত্ৰপাতি বিকাশৰ বাবে চিকিৎসাৰ জ্ঞানো লগা হয়, গণিতৰ জ্ঞানো লগা হয়, অভিযান্ত্ৰিকী গুণো দৰকাৰ হয়। সেই আটাইকেইটাতে ৰাপ থকাজনে তেনে কাম কৰিবলৈ সুবিধা হয়। নতুন শিক্ষা-নীতিত বিষয়বোৰৰ দূৰত্ব কমাই দিয়াৰ কাৰণো তেনেকুৱাই।

No Comments

Post A Comment