ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ে ২ শতাংশ শ্ৰেষ্ঠ বিজ্ঞানী ঘোষণা নকৰে

সেই বাতৰিবোৰ এইবাৰ পুনৰ ওলোৱা আৰম্ভ হৈছে। কাৰণ, এইবাৰৰ তালিকা কেইদিনমান পূৰ্বে প্ৰকাশ পাইছে। আচলতে, ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা বিশ্বৰ দুই শতাংশ শ্ৰেষ্ঠ বিজ্ঞানী বুলি একো নাই। আমাৰ ইয়াত এইটো প্ৰথমে কোনে উলিয়াই দিলে ঠিক নাই, এতিয়া প্ৰতিবছৰে অসমত বা ৰাষ্ট্ৰীয় কাকত কিছুমানতো এইটো চলি থাকে। প্ৰথমে এইটো “ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ে স্বীকৃতি দিয়া বিশ্বৰ শ্ৰেষ্ঠ ২ শতাংশ বিজ্ঞানী” বুলিও ওলাইছিল। এনেকৈ কথাটো বেলেগত চলে নে নাই নাজানো; তাৰে আগশাৰীৰ কাকত-আলোচনী দুখনমানত চাৰ্চ কৰোঁতে পোৱা নাই।

বতৰিত চলি থকা তালিকাখন প্ৰকৃততে হৈছে, পাৰ হৈ যোৱা বৰ্ষত পোৱা সৰ্বাধিক চাইটেচনৰ ভিত্তিত কৰা ২ শতাংশৰ তালিকা। এখন গৱেষণা-পত্ৰই এটা চাইটেচন পোৱা মানে হৈছে, সেইখনক আন এখন গৱেষণা-পত্ৰত ৰেফাৰেন্স দিয়া হৈছে। অৰ্থাৎ, প্ৰথম গৱেষণা-পত্ৰখন বেলেগ দ্বিতীয় এখন গৱেষণা-পত্ৰত উল্লেখ হৈছে। তেনেকৈ একোজন মানুহে মুঠতে কিমান চাইটেচন লাভ কৰিছে তাৰেই আলমত এই তালিকা প্ৰস্তুত কৰা হয়। ইয়াত আনকি নিজৰ ৰেফাৰেন্স নিজে দিয়াটোৱো সংযোগ হয়। এই তালিকাত দুজন এনে ব্যক্তিও আছে যি নিজেই নিজৰ ৰেফাৰেন্স দিয়াৰ হাৰ ১০০ শতাংশ। মানে, তেওঁলোকে নতুনকৈ বহুতো গৱেষণা-পত্ৰ লিখিছে আৰু প্ৰতিখনতে নিজৰে আগৰ ঢেৰ গৱেষণা-পত্ৰ ৰেফাৰেন্সত দি দিছে। ফলত তেওঁলোকৰ কামৰ মান সম্পূৰ্ণ সন্দেহজনক হৈ পৰে, সেইবোৰক গৱেষণা বুলিব পাৰি নে নোৱাৰি সেয়াও বিচাৰ্যৰ বিষয়। তেনেদৰে নিজেই নিজৰ ৰেফাৰেন্স ৫০-৬০ শতাংশৰ অধিক হাৰত দিয়া হেজাৰ সংখ্যক আছে। এই ৰেফাৰেন্স বা চাইটেচন পোৱাটোৱে শ্ৰেষ্ঠত্ব নিৰ্ণয় নকৰে। এই ২ শতাংশৰ তালিকাত থকা বহু লোক বিশ্বশ্ৰেষ্ঠ ২ শতাংশ হোৱাটো বাদেই, বিশ্বশ্ৰেষ্ঠ ৫০ শতাংশ বিজ্ঞানীৰ ভিতৰতো নাথাকিব পাৰে। এয়া “সৰ্বাধিক চাইটেচন পোৱা ২ শতাংশৰ তালিকা”হে, “শ্ৰেষ্ঠ বিজ্ঞানীৰ তালিকা” নহয়। উদাহৰণস্বৰূপে, এইবাৰ ফিল্ডছ মেডেল (Fields Medal) বিজয়ী চাৰিজনৰ এজনো এই তালিকাত নাই। এইবাৰৰ অৰ্থনীতিৰ নোবেল স্মাৰক বঁটা লাভ কৰা তিনিজনৰ মাজৰ এজন এই তালিকাত নাই। একেদৰে, আমাৰ ৰুবুল মাউত আদিও নাই। ইটাং ঝাং (Yitang Zhang) হৈছে বৰ্তমান সময়ৰ শ্ৰেষ্ঠ গণিতজ্ঞসকলৰ এজন, যাৰ নাম ইতিমধ্যে ইতিহাসত লিপিবদ্ধ হৈ গৈছে, তেওঁৰ নাম তালিকাত নাই। আকৌ, যোৱাবাৰ তালিকাখন প্ৰস্তুত কৰা কামটোত জড়িত থকা তিনিজনৰ ভিতৰত এজনৰ নিজৰো নাম তাত নাই।

প্ৰতিবাৰে ইয়াত দুখন তালিকা থাকে। এখন হৈছে পাৰ হৈ যোৱা বৰ্ষৰটোত পোৱা চাইটেচনৰ ভিত্তিত, আৰু আনখন গোটেই জীৱনত পোৱা চাইটেচনৰ ভিত্তিত। এইবাৰৰ ফিল্ডছ মেডেল বিজয়ী চাৰিজনক বা ৰুবুল মাউতক দুয়োখন তালিকাতে দেখা পোৱা নাই। এনেদৰে আন বহুতো নাই। ফিল্ডছ মেডেল বিজয়ীকেইজনৰ চাইটেচন কম হোৱাৰ কাৰণ হ’ল– তেওঁলোকে কৰা ইমান গভীৰ পৰ্যায়ৰ কামখিনি বহুলোকে বুজি পাব লাগিব, আৰু সেইমতে লোকসকলেও সিমান গভীৰ স্তৰৰ কাম কৰিব পাৰিব লাগিব। কিন্তু সেইটো কৰা মানুহ কম, গতিকে তেওঁলোক চাৰিওজনৰে চাইটেচন কম।

অৱশ্যে কেনো এজনো শ্ৰেষ্ঠ বিজ্ঞানী যে এই তালিকাত নাই তেনে নহয়। যেনে, টেৰেন্স টাও দুয়োখন তালিকাত প্ৰতিবাৰে থাকে। কিন্তু, পাৰ হোৱা বৰ্ষত তেওঁৰ নিজৰ কামত নিজৰে ৰেফাৰেন্স দিয়াৰ হাৰ মাথোঁ ১.৭৪ শতাংশ। আকৌ, অসমৰ এজন শ্ৰেষ্ঠ বিজ্ঞানী ভূপেন্দ্ৰ নাথ গোস্বামীও এই তালিকাত আছে, যিজনৰ দ্বাৰা ৰুবুল মাউত আদিও অনুপ্ৰাণিত। পাৰ হোৱা বৰ্ষত তেওঁৰ নিজৰ কামত নিজৰে ৰেফাৰেন্স দিয়াৰ হাৰ মাথোঁ ৬.৩ শতাংশ।

আনহাতে, এয়া ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ে ঘোষণা কৰা বুলি ক’ব পৰা নাযায়। পূৰ্বে তালিকা দুখন প্ৰস্তুত কৰোঁতাকেইজনৰ এজনে ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ত চাকৰিহে কৰে। দিলীপ কুমাৰ দত্ত ডাঙৰীয়াই ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি থাকোঁতে ১০ টা শ্ৰেষ্ঠ অসমীয়া গানৰ এখন তালিকা প্ৰস্তুত কৰিছিল (সঠিক তথ্যটো পাহৰিছোঁ, কিন্তু ঠিক তেনেকুৱাই।) সেয়া ‘প্ৰান্তিক’ত প্ৰকাশ হৈছিল। ইয়াৰ অৰ্থ এইটো নহয় যে আমেৰিকাই বা ৰ’ড আইলেণ্ড বিশ্ববিদ্যালয়ে ১০ টা অসমীয়া গানৰ তালিকা ঘোষণা কৰিছে। আৰু এতিয়া প্ৰকাশিত এই তালিকা দুখন তেনে মান বিশ্লেষণৰ যোগেৰে উলিওৱা তালিকাও নহয়, ই হৈছে চাইটেচনৰ সংখ্যাৰ হিচাপ-নিকাচ ভিত্তিকহে।

এইবাৰৰ তালিকা দুখন ইয়াৰ পৰা ডাউনলোড কৰিব পাৰি:

https://elsevier.digitalcommonsdata.com/datasets/btchxktzyw/4

এই মূল লেখাটোত সদায় থকা প্ৰথম বাক্যটো হৈছে, “Citation metrics are widely used and misused.” আৰু বাক্যটোত কোৱা কথাটো এতিয়াও ঘটি আছে।

No Comments

Post A Comment