পূজাৰ বতৰত হঠাৎ মাছ বজাৰখনৰ নাম নিউয়ৰ্ক চহৰ বুলি ঘোষণা কৰি দিয়া হ’ল। হাফপেণ্ট আৰু হাৱাই চেণ্ডেল পিন্ধি সদায় গধূলি বজাৰলৈ যোৱা মানুহবোৰে কোট-টাই মাৰি বজাৰলৈ যোৱা আৰম্ভ কৰিলে। নিউয়ৰ্ক চহৰ চাবলৈ মহানগৰৰ পৰা টিভিৰ কেমেৰাসমূহ ঢপলিয়াই আহিল, “এইখনেই সেইখন, এইখনেই সেই নিউয়ৰ্ক চহৰ, আপোনাৰ...

কোভিদ-১৯ ৰ প্ৰভাৱত গোটেই বিশ্ব বিভিন্ন ধৰণে বন্ধ হৈ পৰা লগে লগে কিছুমান নতুন শব্দৰ লগতো জনসাধাৰণ পৰিচিত হ’ল। তেনে এটা শব্দ হ’ল ৱেবিনাৰ। অৱশ্যে শব্দটো সিমান নতুনো নহয়। এইদৰে কেইমাহমান যোৱাৰ পিছত অসমত আন দুটা শব্দও ওলাল; এটা হ’ল ‘ইণ্টাৰনেছনেল ৱেবিনাৰ’, আৰু আনটো ‘নেছনেল...

লেখকদ্বয়: পংকজ জ্যোতি মহন্ত ঋতু দত্ত সদ্য-সমাপ্ত অলিম্পিকত নীৰজ চোপ্ৰাই ভাৰতক প্ৰতিনিধিত্ব কৰি প্ৰথমটো সোণৰ পদক লাভ কৰাৰ আগমুহূৰ্তত, অলিম্পিক পদকৰ তালিকাত ভাৰতৰ স্থান আছিল ৬৬ নম্বৰত। কিন্তু, নীৰজ চোপ্ৰাৰ সোণৰ পদক জয়ে ভাৰতৰ স্থান ৪৮ নম্বৰলৈ উন্নীত কৰিবলৈ সক্ষম হ’ল। অৰ্থাৎ, মাত্ৰ এটা সোণৰ পদক জয়লাভৰ ফলত...

অন্ধবিশ্বাস, কু-সংস্কাৰ, আৰু ধৰ্মীয় গোড়ামী দূৰীকৰণত কল্পবিজ্ঞান সাহিত্যই এক প্ৰবল অৰিহণা যোগায়। অসমীয়া ভাষাত এই ধাৰাটো এতিয়া মৰাসুঁতিত পৰিণত হৈছে, অন্ততঃ যোৱা এটা দশকত। আনকি কল্পবিজ্ঞান সাহিত্য সম্পৰ্কীয় খবৰবোৰো সিমান পোৱা নাযায়। মানুহ কল্পনাপ্ৰিয়। য়ুভাল ন’আ হেৰাৰিৰ দৰে মানৱ বুৰঞ্জীবিদে এখোপ আগুৱাই গৈ এনেকৈয়ো ক’ব খোজে...

গণিতৰ কেইটামান শাখাৰ লগত জড়িত কেইখনমান জাৰ্নেলৰ নাম তলত তালিকাভুক্ত কৰিছোঁ। নতুন ছাত্ৰ-ছাত্ৰীক এই তালিকাখনে সহায় কৰিব পাৰে। যদিহে এই বিষয়কেইটা তেওঁলোকৰ প্ৰিয়, তেন্তে এই জাৰ্নেলসমূহ চাব পাৰে আৰু নিজৰ পছন্দৰ গৱেষণা-পত্ৰ বিচাৰিব পাৰে। আৰু এইসমূহত তেওঁলোকে নিজৰ গৱেষণা-পত্ৰ প্ৰকাশ কৰাটো ন্যূনতম লক্ষ্য হিচাপে ল’ব...

বিভিন্নগৰাকী ছাত্ৰ-ছাত্ৰীয়ে মোক সুধি থাকে যে মই পিএইছডি কিয় এৰি দিছিলোঁ আৰু এতিয়া কিয় গৱেষণা-পত্ৰ উলিয়াইছোঁ। এই প্ৰশ্ন কৰোঁতাসকল প্ৰধানকৈ চাৰি ধৰণৰ: ১) তেওঁলোকে পিএইছডি কৰি আছে আৰু কিছুমান বেলেগ বেলেগ ধৰণৰ সমস্যাত পৰি কষ্টত দিন কটাইছে, আৰু মইয়ো তেনেকুৱা সমস্যাতে পৰি এৰিছিলোঁ নেকি বুলি এনেই...