Favorite Assamese Mathematicians – প্ৰিয় অসমীয়া গণিতজ্ঞসকল

Home page | Wikipedia page | Interview

নিজৰ উন্নত গৱেষণাৰে, সকলোৰে অতি প্ৰিয় শিক্ষক হিচাপে, আৰু হাঁহিমুখীয়া ব্যক্তিত্বৰে বহু বছৰ ধৰি তেওঁ অসমৰ বহুতো ছাত্ৰ-ছাত্ৰীক অনুপ্ৰাণিত কৰি আহিছে।

Home page | Interview | Interview

বীজগণিতীয় সংখ্যা তত্ত্ব আৰু তাৰ সম্পৰ্কিত বিষয়-বস্তুত কৰা উচ্চ মানৰ গৱেষণা আৰু প্ৰচুৰ উৎপাদনশীলতাৰ বাবে বিশেষভাৱে পৰিচিত অধ্যাপক ৰূপম বৰ্মনৰ গৱেষণা বিভিন্ন শাখালৈ ক্ৰমে ক্ৰমে বিস্তৃত হৈ গৈ আছে।

Home page | Wikipedia page | Interview | Interview

ৰেংলাৰ খ্যাত, অসমৰ আটাইতকৈ গ্লেমাৰাছ গণিতজ্ঞগৰাকীয়ে নম্ৰ আৰু সপ্ৰতিভ ব্যক্তিত্বৰে সকলোকে মুগ্ধ কৰে। তেওঁৰ গাণিতিক গৱেষণাৰ গভীৰতাৰ দৰেই আন বিভিন্ন বিষয়-বস্তুতো তেওঁৰ গভীৰতাপূৰ্ণ চিন্তা প্ৰকাশিত হয়।

Home page | Wikipedia page

মই এতিয়ালৈকে যিমান মানুহ লগ পাইছোঁ তাৰে ভিতৰত আটাইতকৈ তীব্ৰ গতিত পঢ়িব পৰা আৰু লিখিব পৰাজনেই হৈছে মঞ্জিল পি. শইকীয়া। হায়াৰ ছেকেণ্ডাৰী পৰ্যায়ৰ পৰাই তেওঁ গৱেষণাও আৰম্ভ কৰিছিল। তেওঁ মোতকৈ সৰু, কিন্তু মই ক’ব পাৰোঁ যে তেওঁ মোৰ প্ৰথমগৰাকী গৱেষণা-গুৰু (অপেছাদাৰীভাৱে)। আমি ইতিমধ্যে ১৬ বছৰ (২০২৬ চনলৈ) ধৰি সহযোগীতামূলকভাৱে (collaborative) বিভিন্ন কাম কৰি আহিছোঁ। মোৰ এটা ব্যক্তিগত কল্পনা— কেনেদৰে দীৰ্ঘকালীন সহযোগীতাৰে কাম কৰি যাব পাৰি আমি তাৰে এক উদাহৰণ হ’বও খোজোঁ। আৰু আমি সহ-লেখক হিচাপে লিখা গৱেষণা-পত্ৰৰ সংখ্যাটো বেলেগ কোনো গৱেষক সহ-লেখকে উন্নত জাৰ্নেলত প্ৰকাশৰ জৰিয়তে যদি অতিক্ৰম কৰিব বিচাৰে, সেইটো যদি এটা আনন্দদায়ক, কঠোৰ, আৰু উৎসাহজনক ধেমালিত পৰিণত হয়, তেতিয়া বহুত ভাল লাগিব।

Home page | An article

কুঞ্জকানন নাথ আদি কিছুমান অসমীয়া লোক কেৱল গণিতৰে নহয়, যিকোনো বিষয়ৰে অসমৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ এজন। ফিল্ড্‌ছ মেডেলিষ্ট জেমছ মেয়নাৰ্ডৰ দৰে অসাধাৰণ গণিতজ্ঞই তেওঁৰ ৰিকমেণ্ডেছন-লেটাৰ লিখে। তেওঁ এবাৰ কিবা এটা ৰিজাল্ট পাইছিল, যিটো ‘Journal of Number Theory’ শীৰ্ষক জাৰ্নেলখনত প্ৰকাশৰ যোগ্য আছিল। এই জাৰ্নেলখনত প্ৰকাশৰ বাবে সংখ্যাতত্ত্বৰ সকলো সাধাৰণ গৱেষকৰ এটা সপোনো থাকে। তেওঁ ৰিজাল্টটো প্ৰকাশ কৰাৰ ইচ্ছাৰ সম্পৰ্কে তেওঁৰ গাইড গণিতজ্ঞ ডিমিট্ৰিছ ক’ক’ল’প’ল’চক জনালে। গণিতজ্ঞজনে ক’লে যে নালাগে পঠাব, আৰু কাম কৰা। পাছত কুঞ্জকানন নাথে একাধিক বছৰ জোৰা কামেৰে প্ৰায় ৬০ পৃষ্ঠা দৈৰ্ঘ্যৰ এখন গৱেষণা-পত্ৰ সম্পূৰ্ণ কৰিছিল।

Home page | An article about him | An article

বৰ্তমান (২০২৬) এমআইটিৰ গৱেষক অয়ন নাথ হায়াৰ ছেকেণ্ডাৰীত থাকোঁতেই তেওঁৰ এখন গৱেষণা-পত্ৰ ‘The American Mathematical Monthly’ত প্ৰকাশ পাইছিল। তেওঁৰ সম্পৰ্কে মোৰ এটা লেখা

Wikipedia page | A research paper | An article about her

অসমীয়াৰ অধুনিক গণিত-চৰ্চাৰ ইতিহাস আৰম্ভ হৈছিল সাংঘাতিক এক বৌদ্ধিক অৱদানেৰে সৈতে, ই আজিও আমাক অভিভূত কৰি তুলিব পাৰে। (এই “সাংঘাতিক”টো অসমৰ তুলনাত।) সেই আৰম্ভণি যুগৰ প্ৰতিনিধিসকলৰ দুজন হ’ল শিৱেন্দ্ৰনাৰায়ণ বৰুৱা আৰু অমলা বেজবৰুৱা। দুই-এক ক্ষেত্ৰত এজন পুৰুষৰ প্ৰথম, আৰু আনজন মহিলাৰ প্ৰথম। তেওঁলোক দুয়োজন আছিল পৰস্পৰ বিপৰীত ক্ষেত্ৰৰ, এজন প্ৰায়োগিক গণিতৰ, আনজন বিশুদ্ধ গণিতৰ।

অমলা বেজবৰুৱা গৈছিল ব্ৰিষ্টল বিশ্ববিদ্যালয়লৈ, গাণিতিক যুক্তিবিদ্যাৰ এজন প্ৰসিদ্ধ গণিতজ্ঞৰ কাষলৈ। কিন্তু, ভগ্ন স্বাস্থ্য আৰু এটা অস্ত্ৰোপচাৰ সম্পন্ন কৰিব লগা হোৱাৰ ফলত তেওঁ পিএইছডি সম্পূৰ্ণ নকৰাকৈ অসমলৈ ঘূৰি আহিবলৈ বাধ্য হ’ল। পাছত, তেওঁ পিএইছডি ল’লে সেই যুগৰ আন এক দুৰ্জয় প্ৰতিনিধি গণিতজ্ঞ আৰু পৰিসংখ্যাবিদ জ্যোতিপ্ৰসাদ মেধিৰ তত্ত্বাৱধানত।

A research paper | An article about him

অসমীয়াৰ অধুনিক গণিত-চৰ্চাৰ ইতিহাস আৰম্ভ হৈছিল সাংঘাতিক এক বৌদ্ধিক অৱদানেৰে সৈতে, ই আজিও আমাক অভিভূত কৰি তুলিব পাৰে। (এই “সাংঘাতিক”টো অসমৰ তুলনাত।) সেই আৰম্ভণি যুগৰ প্ৰতিনিধিসকলৰ দুজন হ’ল শিৱেন্দ্ৰনাৰায়ণ বৰুৱা আৰু অমলা বেজবৰুৱা। দুই-এক ক্ষেত্ৰত এজন পুৰুষৰ প্ৰথম, আৰু আনজন মহিলাৰ প্ৰথম। তেওঁলোক দুয়োজন আছিল পৰস্পৰ বিপৰীত ক্ষেত্ৰৰ, এজন প্ৰায়োগিক গণিতৰ, আনজন বিশুদ্ধ গণিতৰ।

শিৱেন্দ্ৰনাৰায়ণ বৰুৱাই গৱেষণা আৰম্ভ কৰিছিল এগৰাকী প্ৰসিদ্ধ বিজ্ঞানী, ৰয়েল ছ’চাইটিৰ সদস্য ছাৰ জিঅ’ফ্ৰে ইনগ্ৰাম টেইলৰ তত্ত্বাৱধানত।

Wikipedia page | An article about him | A research paper

জ্যোতিপ্ৰসাদ মেধিৰ প্ৰথমখন গৱেষণা-পত্ৰ প্ৰকাশ পাইছিল ‘Biometrika’ত, ১৯৫৫ চনত। এয়া তেওঁৰ ডক্টৰেট ডিগ্ৰীৰ গৱেষণাৰ পূৰ্বৰে কাম। এইখনৰ সহলেখক আছিল প্ৰসিদ্ধ পৰিসংখ্যাবিদ এম. এছ. বাৰ্লেট। বাৰ্লেট পাছলৈ ৰয়েল ছ’চাইটিৰ সদস্য নিৰ্বাচিত হৈছিল।

A research paper

মীনাক্ষী বৰকটকীৰ কামবোৰ দেখিলে তেওঁক সমকালীন অসমীয়া শ্ৰেষ্ঠ গণিতজ্ঞকেইজনৰ এজন যেন ধাৰণা হয়।

Home page | An article

হীৰকজ্যোতি দাসৰ সম্পৰ্কে মই ভাবোঁ যে, বিভাজন তত্ত্বত তেওঁৰ কিছু নিজস্ব ধাৰণা আছে। আৰু তেওঁ নিজৰ গৱেষণা-কৰ্মৰ বিষয়ে অসমীয়াত ধুনীয়াকৈ লিখিবও জানে।

Home page | An article | A research paper | A talk

কুঁৱৰী মহন্ত টপ’ল’জীৰ গৱেষক। গণিতৰ কিছুমান বিষয়ৰ কাম কৰিবলৈ প্ৰথমেই গভীৰ স্তৰলৈ গৈ ল’ব লগা হয়। গৱেষণাৰ প্ৰাথমিক স্তৰতে তেওঁলোকে বহু কথা, বহু গাণিতিক ভাষা, বহু শব্দ, বহু গাণিতিক নীতি জানিব লগা হয়। তাৰ পাছতহে আচল কাম আৰম্ভ হয়। তেওঁ তেনেকুৱা এটা স্তৰত কাম কৰে। টপ’ল’জী বা সংস্থিতি বিদ্যা প্ৰায়ভাগেই শুনা বিষয়। কিন্তু তেওঁৰ গৱেষণা-পত্ৰ এখন আয়ত্ব কৰিবলৈ স্নাতকোত্তৰসকলেও হয়তো পুনৰ এটা-দুটা বৰ্ষৰ অধ্যয়ন কৰি ল’ব লাগিব। সেয়ে তেওঁৰ কাম-কাজ বহুতৰ বাবে অনুপ্ৰেৰণা হ’ব পাৰে।

Home page

নীলম শইকীয়া স্নাতকোত্তৰ শ্ৰেণীত দুবছৰ মোৰ সহপাঠী আছিল। তেওঁ এগৰাকী একাগ্ৰ ছাত্ৰী আছিল। বীজগণিতীয় সংখ্যাতত্ত্বৰ গৱেষণা তেওঁ যি একাগ্ৰতাকে কৰি আছে সেয়া অনুকৰণীয়।

Home page | An article about him | A talk

চেন্নাই গাণিতিক প্ৰতিষ্ঠানৰ (Chennai Mathematical Institute, CMI) দৰে প্ৰতিষ্ঠানত স্নাতক/স্নাতকোত্তৰ শ্ৰেণী অধ্যয়ন কৰিবলৈ সক্ষম হোৱা অতি কম সংখ্যক অসমৰ ছাত্ৰ-ছাত্ৰীৰ মাজৰ এজন হ’ল বিশাল দেৱ। প্ৰসিদ্ধ বিজ্ঞানী এলেন চ’কালৰ (Alan Sokal) তত্ত্বাৱধানত তেওঁ ডক্টৰেট ডিগ্ৰী লৈছে।

Featured image source: Celeste Design Studio

No Comments

Post A Comment