বিজ্ঞান জগতৰ চেৰাবলীয়াবোৰ

‘Mathematical Cranks’ — এইখন এখন বিখ্যাত কিতাপ। Mathematical Association of America য়ে প্ৰকাশ কৰা। অসমীয়া ভাষাত এনে কিতাপ নাই। Cranks. অসমীয়ালৈ অনুবাদ কৰিলে এনেকুৱা শিৰোনাম এটা দিব পাৰি– ‘গণিত জগতৰ চেৰাবলীয়াবোৰ’ বা ‘গণিত জগতৰ ঢিলাসকল’ বা ‘গাণিতিক ঢিলা-কৰ্মসমূহ’।

কেৱল এটা বিষয় নলৈ, গোটেই বিষয়বোৰ সামৰি অসমীয়া ভাষাত এনেকুৱা এখন কিতাপ লিখাৰ প্ৰয়োজন আছে। শিৰোনাম দিব পাৰি– ‘বিজ্ঞান জগতৰ চেৰাবলীয়াবোৰ’ বা ‘বৈজ্ঞানিক জগতৰ ঢিলাসকল’।

এই ঢিলাসকল সাধাৰণতে তিনি ধৰণৰ:

১) তেওঁলোকৰ আৱিষ্কাৰটোৱে সম্পূৰ্ণ অসাধ্য কাম এটা কৰিব পাৰে বুলি ঘোষণা কৰে। যেনে: তেওঁলোকৰ সূত্ৰটোৱে পোহৰতকৈ দুগুণ বেগৰ ৰকেট নিৰ্মাণ কৰিব পাৰিব বুলি কয়।

২) অত্যন্ত trivial কথা এটা (তুচ্ছ সত্য এটা) নিৰ্ণয় কৰি সেইটো ডাঙৰ আৱিষ্কাৰ কৰা বুলি ঘোষণা কৰে। যেনে: প্ৰায় সকলোৱে জনা a+b whole square সূত্ৰটো ঘঁহাই মেলি তেওঁলোকে a+1 whole square ৰ সূত্ৰটো উলিয়াই লয়, আৰু ঘোষণা কৰে যে এইটো যুগান্তকাৰী আৱিষ্কাৰ।

৩) অতি প্ৰত্যাহ্বানজনক ডাঙৰ যিবোৰ সমস্যা, তেনেকুৱা এটা বা তিনি-চাৰিটামান তেওঁলোকে সমাধান কৰা বুলি ঘোষণা কৰে, যিটো একেবাৰে বাৰেবাংকৰা কাম। আৰু পাছত কোনোবাই সঠিককৈ সেইটো সমাধা কৰা দেখিলে তেওঁলোকে আকৌ ঘোষণা কৰে যে সেইটোৰ সমাধান তেওঁৰ নিজৰ দ্বাৰা বহু বছৰ পূৰ্বে দিয়া হৈছে। যেনে: ফাৰ্মাৰ অন্তিম উপপাদ্য।

এই বৈজ্ঞানিক ঢিলাসকলৰ আটাইৰে কেইটামান সাধাৰণ বৈশিষ্ট্য আছে:

১) তেওঁলোকে সন্দেহজনক স্থানত ফলাফলবোৰ প্ৰকাশ কৰে। যিবোৰ বস্তু শৈক্ষিক জগতৰ বাবে অবাঞ্চিত, আৰু মিছাকৈ স্থান-দখলকাৰী। বাৰিষা নলাৰে উটি আহি ঘৰৰ সমুখৰ ঠেকা খাই লাগি ধৰা দুৰ্গন্ধময় জাবৰৰ দৰে সেই স্থানসমূহ।

২) তেওঁলোকে নিজে প্ৰকাশ কৰি ঘোষণা কৰে যে এইটো যুগান্তকাৰী। এই পদ্ধতিটো মাৰাত্মকো হৈ যাব পাৰে। কবিতা-পুথি এখন বা গল্প-পুথি একোখন নিজে প্ৰকাশ কৰাটো বেলেগ কথা, তাতো আজিকালি সমস্যাই দেখা দিছে। বিদ্যায়তনিক বস্তু বা আৱিষ্কাৰৰ কথা নিজে প্ৰকাশ কৰাটো গল্পপুথি-কবিতাপুথিৰ লগত তুলনা নহয়, ই সাংঘাটিক জঘন্য কাৰবাৰ। বৈজ্ঞানিক ঢিলাসকলে কিন্তু সেইটোকেই কৰিব খোজে।

৩) প্ৰকাশ-যোগ্য নোহোৱা সেই বস্তুবোৰ যেতিয়া ক’তো প্ৰকাশ নহয়, তেতিয়া তেওঁলোকে ৰাজনৈতিক কৰ্মী বা পেইড নিউজৰ আশ্ৰয় লয়। তেওঁলোকে নিজৰ দেশৰ প্ৰধানমন্ত্ৰীলৈ, ৰাষ্ট্ৰপতিলৈ বা দেশৰ বৈজ্ঞানিক উপদেষ্টাৰ অফিচলৈ প্ৰেৰণ কৰে। স্বাভাৱিকভাবেই তাৰ পৰাও একো উত্তৰ যেতিয়া নাহে, তেতিয়া তেওঁলোকে প্ৰেৰণ কৰা কথাটোকে ঘোষণা কৰি দিয়ে সিদ্ধান্ত অহাৰ দৰে।

৪) তেওঁলোকে ডাঙৰ বিজ্ঞানীসকলক যোগাযোগ কৰি অশান্তি দিয়ে। ধৰি লওক, কোনোবা এজনে হঠাতে আৱিষ্কাৰ কৰিলে যে শিলিখা খাই জ্বৰ ভাল হৈছে। লগে লগে অদ্ভুত ধৰণে তেওঁ সেইটোৰ বিষয়ে লিখি পেলালে, আৰু ধৰক ক’ৰনাৰ প্ৰতিশেধক উলিওৱা বিখ্যাত বিজ্ঞানী এজনলৈ প্ৰেৰণ কৰি তেওঁক কামোৰ দিয়াত লাগিল যে– মই শিলিখা ব্যৱহাৰ কৰি জ্বৰ মষিমূৰ কৰিব পৰা কৌশল উদ্ভাৱন কৰিছোঁ। বিজ্ঞানীজনে আপদ এটি সোনকালে দূৰ কৰিবলৈ “ঠিক আছে বাৰু” বুলি কৈ আৰু অধিক উত্তৰ নিদিয়া হয়। কিন্তু, বৈজ্ঞানিক চেৰাবলীয়াসকলে ঘোষণা কৰে যে তেওঁক অমুক বিজ্ঞানীয়ে স্বীকৃতি দিছে।

৫) সাধাৰণ লোকৰ বাবে আটাইতকৈ অসুবিধাজনক কথাটো হ’ল, বৈজ্ঞানিক ঢিলাসকলৰ সকলোৱেই মোটামুটি ভাল ভাল স্থানত চাকৰি কৰি থকা মানুহ, কিবাকিবি ডিগ্ৰী থকা মানুহ, বা ওচৰে-পাজৰে তীক্ষ্ণ বুলি অলপ পৰিচয় থকা মানুহ। ফলত তেওঁলোকৰ ঘোষণাবোৰ সাধাৰণজনে বহু সময়ত প্ৰথমে বিশ্বাস কৰিবলৈ বাধ্য হয়। এইধৰণৰ ঢিলাসকলে পৃথিৱী ভৰি আছে। কোনো দেশ-বিদেশৰ সীমা নাই, এওঁলোকৰ অৱস্থিতি পৃথিৱীৰ চুকে-কোণে আছে। কিন্তু বিচিত্ৰ ঠাই অনুসৰি তেওঁলোকক প্ৰথমেই বিশ্বাসত লোৱা মানুহৰ পৰিমাণটো ক’ৰবাত অধিক আৰু আন ক’ৰবাত কম হয়।

No Comments

Post A Comment