যোৱা ৩০ এপ্ৰিলত, ‘অসম গণিত শিক্ষায়তন’ৰ ৩৬ সংখ্যক অধিৱেশনত উপস্থিত থাকি বৰ ভাল লাগিল। এইবাৰ লক্ষীমপুৰত অধিৱেশন অনুষ্ঠিত হৈছে, আৰু আয়োজক সমিতিয়ে অতি সুন্দৰ এটা দিন ৰাইজক উপহাৰ দিছে। আচলতে, লক্ষীমপুৰত পূৰ্বেই এখন অধিৱেশন দুদিনীয়াকৈ হোৱাৰ কথা আছিল, কিন্তু সকলো পৰিকল্পনা হৈ যোৱাৰ পাছত অধিৱেশনলৈ...

এখনি সৰু দেশ হিচাপে হাংগেৰিৰ জনসংখ্যাৰ লগত ভাৰতৰ জনসংখ্যাৰ তুলনা নহয়, কাৰণ ইয়াৰ জনসংখ্যা আমাৰ ৰাজ্য অসমৰ তিনিভাগৰ এভাগতকৈয়ো কম। বৰ্তমান দেশখনৰ জনসংখ্যা ১ কোটিতকৈ কম। কিন্তু হাংগেৰিয়ে বিজ্ঞানৰ ১২ জন নোবেল বিজয়ীকে আদি কৰি, বিশ্বৰ বিজ্ঞান-প্ৰযুক্তি ক্ষেত্ৰখনত বিৰল প্ৰভাব পেলোৱা বহুজন অসামান্য ব্যক্তি জন্ম...

'Mathematical Cranks' -- এইখন এখন বিখ্যাত কিতাপ। Mathematical Association of America য়ে প্ৰকাশ কৰা। অসমীয়া ভাষাত এনে কিতাপ নাই। Cranks. অসমীয়ালৈ অনুবাদ কৰিলে এনেকুৱা শিৰোনাম এটা দিব পাৰি-- 'গণিত জগতৰ চেৰাবলীয়াবোৰ' বা 'গণিত জগতৰ ঢিলাসকল' বা 'গাণিতিক ঢিলা-কৰ্মসমূহ'। কেৱল এটা বিষয় নলৈ, গোটেই বিষয়বোৰ সামৰি অসমীয়া...

হাইস্কুলত ছাত্ৰ-ছাত্ৰীয়ে logarithm বা log ৰ বিষয়ে অলপ শিকিবলৈ পায়। আমি উচ্চ গণিতত পাইছিলো, আৰু পাঠটো আৰম্ভ কৰা দিনা প্ৰথমেই ছাৰে এটা উদাহৰণ দি লৈছিল যে [latex]\text{২}^\text{৩}=\text{৮}[/latex], আৰু ইয়াৰ বিপৰীতে এই কথাটোকে log ত বুজোৱা হ'ব এনেদৰে: [latex]\log_\text{২}\text{৮}=\text{৩}[/latex]। ইয়াত ২ টোক ভূমি বা আধাৰ বুলি...

একোখন জাৰ্নেল ভাল হয় নে নহয় সেইটো ঠিৰাং কৰিবলৈ লৈ বিভিন্ন বিষয়ৰ বহুতো ছাত্ৰ-ছাত্ৰী বিবুধিত পৰে। কলা শাখাৰ ছাত্ৰ এজনে ডেৰ বছৰৰ আগতে এখন গৱেষণা-পত্ৰ জাৰ্নেল এখনত প্ৰকাশ কৰিছিল, যিখনৰ সহ-লেখক আছিল দুজন অধ্যাপক। সেইখনৰ বাবে তেওঁলোক তিনিওৱে জাৰ্নেলখনক দহ হাজাৰ টকা দিছিল। আৰু ডেৰ...

(১) চছিয়েল মেডিয়াৰ জৰিয়তে নিজৰ পৰিসৰত যিমানবোৰ মানুহক ধনীৰাম বৰুৱাৰ ফেন ৰূপে দেখা পাওঁ, তেওঁলোকৰ ৯৫ শতাংশই হৈছে বিএ পাছ। ই এক আচৰিত কথা নহয় নে? সাধাৰণতে দেখা যায় যে অতি সামান্য সংখ্যক কলাৰ ছাত্ৰ-ছাত্ৰীক বাদ দি বাকীসকলৰ বিজ্ঞান শিক্ষা নিউটনৰ ‘গতিৰ’ তৃতীয় সূত্ৰটো অতি মনোযোগেৰে...