ফে’ক জাৰ্নেল, বেয়া জাৰ্নেল, আৰু ভাল জাৰ্নেল কেনেকৈ চিনিব পাৰি?

একোখন জাৰ্নেল ভাল হয় নে নহয় সেইটো ঠিৰাং কৰিবলৈ লৈ বিভিন্ন বিষয়ৰ বহুতো ছাত্ৰ-ছাত্ৰী বিবুধিত পৰে। কলা শাখাৰ ছাত্ৰ এজনে ডেৰ বছৰৰ আগতে এখন গৱেষণা-পত্ৰ জাৰ্নেল এখনত প্ৰকাশ কৰিছিল, যিখনৰ সহ-লেখক আছিল দুজন অধ্যাপক। সেইখনৰ বাবে তেওঁলোক তিনিওৱে জাৰ্নেলখনক দহ হাজাৰ টকা দিছিল। আৰু ডেৰ বছৰৰ পাছত ছাত্ৰজনে গম পাইছে যে সেইখন ফে’ক জাৰ্নেল। এজন ভাল ছাত্ৰৰ বাবে ই এক বেদনাদায়ক কথা; মানদণ্ডৰ দিশৰ পৰাও, পাৰ হৈ যোৱা সময়ৰ দিশৰ পৰাও। তেওঁ এজন চোকা ছাত্ৰ, যি নিজৰ কেৰিয়াৰৰ উপৰি এতিয়াই কেইবাবছৰ ধৰি বহুখিনি সামাজিক কামো কৰি আছে। আৰু তেওঁ এনেকুৱা নহয় যে ভমককৈ কেইদিনমান কিবা এটা কৰি হেৰাই যাব। তেওঁৰ কৰ্মৰ ধাৰা দেখিলে গম পোৱা যায় যে ভৱিষ্যতলৈ তেওঁ গুৰুত্বপূৰ্ণ কাম কৰি যাব পৰা মানুহ। তেওঁৰ দৰে মানুহে ফে’ক জাৰ্নেলৰ কথা ভাবিব লগা নহয়েই, কিন্তু নিজৰ অজ্ঞাতেই তেনে জাৰ্নেলত প্ৰকাশ কৰি দিলে। আচলতে ভাল জাৰ্নেলত প্ৰকাশৰ বাবে টকা দিয়াৰ প্ৰয়োজনেই নাই। (সম্পূৰ্ণ বিনামূলীয়াকৈ উপলব্ধ হ’বলৈ ভালসমূহতো ধন দিয়াৰ এটা ব্যৱস্থা কিছুমানত থাকে, সেইটো সুকীয়া প্ৰসংগ, আৰু তাৰ বাবেও নিজৰ জেপৰ পৰা নিদিলেও হয়।)


জাৰ্নেলবোৰ কেনেকৈ চিনিব পাৰি তাৰে কেইটামান ধাৰণা তলত দিয়া ধৰণৰ:


১) কিছুমান অখ্যাত জাৰ্নেলৰ ছাইটত লিখি থোৱা থাকে যে জাৰ্নেলখন Scopus ৰ অন্তৰ্ভুক্ত। কিছুমান জাৰ্নেলে গৱেষণা-পত্ৰবোৰৰ লগত DOI ও দি থয়। সেই জাৰ্নেলবোৰৰ ক্ষেত্ৰত দেখা মাত্ৰেই সেইবোৰ সঁচা বুলি গ্ৰহণ কৰিব নালাগে।


Scopus হৈছে বিশ্বৰ গৱেষণা-পত্ৰসমূহৰ এটা বৃহৎ ডেটাবেছ। এই ডেটাবেছত গৱেষণা-পত্ৰ একোখন থকাটো অতি সাধাৰণভাবেই এটা গুৰুত্বপূৰ্ণ কথা। আকৌ, DOI হৈছে একোখন গৱেষণা-পত্ৰৰ এটা স্থায়ী নম্বৰ। ছাত্ৰ-ছাত্ৰী এজনৰ গৱেষণা-পত্ৰখন scopus ত অন্তৰ্ভুক্ত হৈছে নে নাই বা গৱেষণা-পত্ৰখনৰ DOI আছে নে নাই তাৰ ভিত্তিত সাক্ষাৎকাৰত নম্বৰো পায়। সেয়েহে এই দুটা বস্তু ছাত্ৰ-ছাত্ৰীয়ে বিচাৰি ফুৰে। তাৰ ভিত্তিতেই ফে’ক জাৰ্নেলবোৰে ঠগ-প্ৰবঞ্চনা আৰম্ভ কৰে।


DOI টো সঁচা নে মিছা পৰীক্ষা কৰিবলৈ এই মূল ছাইটটোলৈ যাব লাগে: https://doi.org । একোখন গৱেষণা-পত্ৰৰ DOI টো এই ছাইটটোৰ সোঁপিনে থকা অংশটোত দি SUBMIT ত ক্লিক কৰি চাব পাৰি। যদি সঁচা হয়, তেন্তে সেই গৱেষণা-পত্ৰখন খোল খাব। যদি মিছা হয়, তেন্তে ছাইটটোৱে নাই বুলি কৈ দিব।


ফে’ক জাৰ্নেলবোৰে গৱেষণা-পত্ৰৰ লগত DOI বুলি যি টি নম্বৰ এটা দি থয়, আৰু তাতে লিংকটো নিজৰ ছাইটৰ লেখাটোলৈ দি থৈ দিয়ে। সেয়েহে জাৰ্নেলখনৰ ছাইটত তাত ক্লিক কৰি চালে গৱেষণা-পত্ৰখন খোল খাই যায় বাবে বহুতে আচল কথাটো গমেই নাপায়।


আকৌ, জাৰ্নেলখন scopus ত অন্তৰ্ভুক্ত হয় নে নহয় চাবলৈ মূল ছাইটৰ এই লিংকটোলৈ যাব লাগে: https://www.scopus.com/sources.uri । ইয়াৰ বাওঁপিনে ওপৰতে য’ত প্ৰথমে Subject area বুলি ওলাই আছে, তাত Title চিলেক্ট কৰি ল’ব লাগে। আৰু তাৰ পাছত জাৰ্নেলখনৰ নামটো লিখি চাৰ্চ কৰিলে তথ্যখিনি ওলাই পৰে।


এই ছাইটটোৰে Author search ত ক্লিক কৰি কাৰ কাৰ গৱেষণা-পত্ৰ আছে, সেয়াও চাব পাৰি। এবছৰ আগতে বিখ্যাত পত্ৰিকা Nature ত প্ৰকাশিত এটা লেখাত কোৱা হৈছিল যে scopus তো বহুতো ভুৱা জাৰ্নেলৰ গৱেষণা-পত্ৰ সোমাই গৈছিল। পাৰ হৈ যোৱা তিনিটা বছৰত তেনে গৱেষণা-পত্ৰৰ সংখ্যা আছিল এক লাখ ষাঠি হাজাৰৰ অধিক। সেই জাৰ্নেলবোৰ আঁতৰাই দিয়া হৈছে, কিন্তু পুৰণা গৱেষণা-পত্ৰবোৰ থাকিয়েই গ’ল। আৰু সেইবোৰৰ মাজত ভাৰতৰ হাৰ অতি বেছি।


২) প্ৰতিমাহে প্ৰকাশিত কিছুমান ফে’ক জাৰ্নেলৰ প্ৰতিটো সংখ্যাতে ৬০০-৭০০ পৰ্যন্ত গৱেষণা-পত্ৰ প্ৰকাশ পায়। এখন গৱেষণা-পত্ৰৰ বাবে যদি দহ হাজাৰ টকা লয়, তেন্তে প্ৰতি মাহে কিমান টকা লুণ্ঠন হৈছে চাওক। আকৌ, প্ৰতিখন গৱেষণা-পত্ৰতে দুই-তিনিজন সহ-লেখক থাকে। গতিকে প্ৰতি মাহে কিমান ফে’ক ডিগ্ৰীধাৰী, কিমান ফে’ক অধ্যাপক প্ৰতিষ্ঠা হৈ আছে! আনহাতে, এনেকুৱা জাৰ্নেল বহুত আছে।


ভাল জাৰ্নেলবোৰত সাধাৰণতে প্ৰতিটো সংখ্যাত ৩০-৪০ খন গৱেষণা-পত্ৰ ওলায়। বহুতত ১০ খনতকৈয়ো কম ওলায়। সঁচাকৈ কাম কৰিলে প্ৰতি মাহে ৬০০-৭০০ গৱেষণা-পত্ৰ উলিওৱাটো সম্ভৱ নে বাৰু! সঁচাকৈ কাম কৰিলে এইটো সম্ভৱেই নহয়। (অতিশয় ব্যতিক্ৰম থাকিব পাৰে।) তেনেকুৱা দেখিলে আগতীয়াকৈয়ে ভুৱা বুলি অনুমান এটা কৰিব পাৰি। সেয়েহে, লগে লগে পৰীক্ষা কৰি চাব লাগে।


৩) এতিয়া ধৰক জাৰ্নেলখন scopus তো আছে আৰু গৱেষণা-পত্ৰবোৰত DOI য়ো আছে। তাৰ ভিতৰত কোনখন ভাল বা কোনখন বেছি ভাল, কোনখন কম ভাল — সেইবোৰ কেনেকৈ চাব পাৰি? গৱেষণা তথা বিদ্যায়তনিক জগতখনত “ভুৱা জাৰ্নেলে” যিমান অপকাৰ কৰি আছে, তাতোকৈ ভয়ংকৰ অপকাৰ কৰি আছে “প্ৰায় ভুৱা জাৰ্নেল”সমূহে।


ভালসমূহ বিচাৰি উলিয়াবৰ বাবে প্ৰধানকৈ নিজৰ অধ্যয়ন লাগে। এক-দুই বছৰমানৰ অভিজ্ঞতা লাগে। বিভিন্ন জাৰ্নেলবোৰ, তাৰ গৱেষণা-পত্ৰবোৰ, সেইবোৰৰ লগত জড়িত খবৰবোৰ, সেই ক্ষেত্ৰখনৰ হিৰ’বোৰ — এইবোৰ নিয়মীয়াকৈ চাব লাগে। ভাল তত্ত্বাৱধায়কজনে এইখিনিতে যথেষ্ট সহায় কৰিব পাৰে। এনেদৰে কিছুমান ধাৰণা গঢ়ি উঠে। কিন্তু সকলো ধাৰণা একেদিনাই চূড়ান্ত বুলি ধৰি ল’ব নালাগে, পুনৰ নিয়মীয়াকৈ চাই থাকিলে কেইসপ্তাহমান পাছতহে সেইটো বুজিব পাৰি যে আচলতে চূড়ান্তটো বেলেগহে।


এখন গৱেষণা-পত্ৰ বুজোতেই বহুদিন লাগি যায়, অথচ বহুতো জাৰ্নেল পঢ়ি কেনেকৈ মানবোৰ নিৰ্ণয় কৰিব পাৰি? সেয়েহে কিছুমান কৌশল ল’ব লাগিব:


ক) আপোনাৰ নিজৰ বিষয়টোৰ যিটো টপিকত আপুনি কাম কৰিছে, সেইটো টপিকত বৰ্তমান কাম কৰি থকা বিশ্বশ্ৰেষ্ঠ অন্ততঃ দহজনমান ব্যক্তিক আপুনি নিশ্চয় চিনি পায়। যদি চিনি নাপায়, তেওঁলোকৰ বিষয়ে জানিবলৈ টপিকবোৰ অধিক পঢ়িব লাগিব। তাৰ পাছত জাৰ্নেলবোৰ খুলি লৈ সম্পাদনা-সমিতিখন চাওক। তেওঁলোকৰ এজন বা দুজন যদি সমিতিখনত আছে তেন্তে সেইখন জাৰ্নেল আপুনি লক্ষ্য কৰিব পাৰে। আৰু অলপদিন পাছত বাকী কথাবোৰ বিবেচনা কৰি সিদ্ধান্তটো ল’ব পাৰে।


খ) ওপৰৰ উপায়টো যদি কামত অহা নাই, তেন্তে প্ৰথমেই সম্পাদনা-সমিতিখন চাওক। সম্পাদকসকলৰ ভিতৰত অতি কমেও যদি তিনিজন সম্পাদক বিশ্ববিখ্যাত অতি সন্মানীয় প্ৰতিষ্ঠানত কৰ্মৰত হয়, তেন্তে এইবাৰ সেইখন আপুনি লক্ষ্য কৰিব পাৰে। তাৰ পৰা তেওঁলোকৰ নিজৰ নিজৰ প্ৰফাইললৈ গৈ কামবোৰ পৰীক্ষা কৰি চাওক। যদি বিশ্বাসযোগ্য হয়, তেন্তে বাকী কথাবোৰলৈ আগবাঢ়ক।


গ) নিজৰ ৰাজ্যখনৰে চিনাকি বা নিজৰ প্ৰতিষ্ঠানটোৰ প্ৰবীণসকলে কি কি জাৰ্নেলত প্ৰকাশ কৰিছিল চাওক। এই ক্ষেত্ৰত কিন্তু অলপ সাৱধান হ’ব লাগিব। আমাৰ মাজত বহুতো এনে প্ৰবীণ আছে, যিসকলক বিচক্ষণ বুলি ভবা হয়, কিন্তু তেওঁলোক আচলতে ভুৱাহে আছিল। ইণ্টাৰনেট অহাৰ আগতে, সকলো জাৰ্নেল প্ৰতিষ্ঠানবোৰৰ পুথিভঁৰালত জমা হৈ আছিল। সেইবোৰ কি পৰ্যায়ৰ বস্তু জানিবলৈ দূৰ-দূৰণিৰ পুথিভঁৰাললৈ যাব লগা হৈছিল। সেয়েহে একোখনৰ জাৰ্নেল বা একোখন গৱেষণা-পত্ৰৰ পাঠক কেতিয়াবা সৰ্বমুঠ দহজনো নহৈছিল। এই সুযোগতে বহুতে দুই নম্বৰী জাৰ্নেলত প্ৰকাশ কৰি পদোন্নতি লৈ লৈ বিখ্যাত হৈ পৰিছিল। ইণ্টাৰনেট অহাৰ লগে লগে ভাল ভাল জাৰ্নেলবোৰৰ পুৰণা তথ্যবোৰো প্ৰকাশিত হ’বলৈ ধৰিলে, সকলোৱে পুৰণা তথ্যবোৰ চোৱাটোৱো বহু সহজ হৈ পৰিল, আৰু সেইসকলৰ অস্তিত্ব যে ভুৱা সেইবোৰ ওলাই পৰিল। ভাল জাৰ্নেলত যে তেওঁলোকৰ কোনো গৱেষণা-পত্ৰ প্ৰকাশেই হোৱা নাছিল, বা তেওঁলোকৰ প্ৰকাশিত গৱেষণা-পত্ৰৰ কেৱল ২ শতাংশমানহে ভাল জাৰ্নেলত আছিল, তেওঁলোকে এনেইহে গ্লেমাৰ অৰ্জন কৰিছিল, সেইবোৰ কথা গম পোৱা গ’ল। কিন্তু নতুনসকলে সেই কথাবোৰ বিচাৰিব জনা হওঁতে সময় লাগে। সেয়েহে এই কথাটো মন কৰিব লাগে। এইটো ক্ষেত্ৰত নিশ্চিত হোৱাৰ পাছত, ভাল প্ৰবীণসকলে যিবোৰ জাৰ্নেলত প্ৰকাশ কৰিছিল, সেইবোৰ লক্ষ্য কৰিব লাগে।


৪) ওপৰৰ কথাবোৰ কিছুদিন হাতে-কামে বিশ্লেষণ কৰি চোৱাৰ পাছত একোটা ধাৰণা গঢ়ি উঠে, যাৰ জৰিয়তে নিজে সিদ্ধান্ত ল’ব পৰা হয়। একো নোৱাৰিলেও মাজে মাজে বিশ্বশ্ৰেষ্ঠ জাৰ্নেলবোৰত টুকুৰীয়াই চাব লাগে। ই সহায় কৰে।


৫) DOI নাথাকিলেও কিছুমান জাৰ্নেল ভাল; তেনেকুৱা জাৰ্নেলো আছে। ওপৰৰ কথাবোৰ আয়ত্ব কৰাৰ পাছত, এইবোৰ নিজে বিচাৰি উলিয়াব পাৰি। এই সকলোৰে শেষত, প্ৰধানকৈ লগা বস্তুটোৱেই হ’ল প্ৰচুৰ পৰিমাণে গৱেষণা-পত্ৰ অধ্যয়ন। Scopus, DOI, ইমপেক্ট ফেক্টৰ, বিভিন্ন ৰেংক, কিবা ব্ৰেণ্ড — এইবোৰ বস্তু তেতিয়া প্ৰধান হৈ নাথাকে। তেতিয়া মানদণ্ড নিজেই অনুভৱ কৰিব পৰা হৈ যায়।

No Comments

Post A Comment