‘অপূৰ্ব শৰ্মাৰ গল্প সমগ্ৰ’ত সন্নিবিষ্ট এটা প্ৰসংগ হৈছে-- তেওঁ প্ৰচলিত অৰ্থত জনপ্ৰিয় সাহিত্যিক নহয় আৰু ইয়াৰ অন্যতম কাৰণ হৈছে, তেওঁ বছৰত মাথোঁ এটামান গল্পহে লিখে। কেতিয়াবা সেয়াও নিলিখে। (এয়া কিন্তু অৱসাদগ্ৰস্ততা ধৰণৰ কাৰণত নহয়। বৰং তাৰ ওলোটাটোহে।) ফলত গোটেই জীৱনকালত তেওঁ মাথোঁ পঞ্চাছটামানহে গল্প লিখিব...

[অসম সাহিত্য সভাৰ ৭৬ সংখ্যক অধিৱেশনৰ দ্বিতীয় দিনা, ২০২৩ চনৰ ০১ ফেব্ৰুৱাৰীত, মূল মঞ্চত এখনি ‘ডিজিটেল সাহিত্য সন্মিলন’ অনুষ্ঠিত হয়। সন্মিলনখনৰ এগৰাকী নিমন্ত্ৰিত অতিথি ৰূপে মোৰ নিৰ্ধাৰিত বিষয় আছিল: ‘অসমীয়া ই-আলোচনী আৰু ইয়াৰ গতি-প্ৰকৃতি’। আয়োজকৰ খেলিমেলিৰ বাবে, অনুষ্ঠানটোত বক্তাসকলে চমুকৈ বক্তব্য দাঙি ধৰিব লগা হয়।...

নতুন বছৰৰ পৰা দুটা কাম কৰিবলৈ লৈছোঁ: এটা হৈছে খোজ কঢ়া, আনটো ডায়েৰি লিখা। প্ৰথমটোত আধা ঘণ্টা, দ্বিতীয়টোত পাঁচ-দহ মিনিট। ডায়েৰি লিখিম বুলি ভবাৰ কাৰণটো হ’ল-- অসমৰ বিভিন্ন প্ৰান্তত বা অসমৰ বাহিৰত থকা কিছুমান বিশিষ্ট ব্যক্তি বা গুৰুত্বপূৰ্ণ কাম কৰি থকা ব্যক্তিৰ লগত, প্ৰায় প্ৰতিদিনে কমেও...

(১) ৰাজ্যৰ ৭০ জন অধ্যাপকৰ পিএইচডি আদি ডিগ্ৰীধাৰীসমূহ ভুৱা নেকি তাৰ পৰীক্ষাৰ বাবে জাননি ওলাইছে। আন এক বাতৰি মতে ১২৫ জন। তাৰে মাজৰ কোনোবাজন দায়ৰ পৰা মুক্ত হ’বও পাৰে। সেয়া যি নহওক, ইয়াৰ উপৰি কিন্তু যেনেতেনে ভুৱা নোহোৱাকৈ থকা হেজাৰ-বিজাৰ মনুষ্য লুইতৰ দুয়োপাৰ ভৰি থাকিবও পাৰে।...

সেই বাতৰিবোৰ এইবাৰ পুনৰ ওলোৱা আৰম্ভ হৈছে। কাৰণ, এইবাৰৰ তালিকা কেইদিনমান পূৰ্বে প্ৰকাশ পাইছে। আচলতে, ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ে প্ৰকাশ কৰা বিশ্বৰ দুই শতাংশ শ্ৰেষ্ঠ বিজ্ঞানী বুলি একো নাই। আমাৰ ইয়াত এইটো প্ৰথমে কোনে উলিয়াই দিলে ঠিক নাই, এতিয়া প্ৰতিবছৰে অসমত বা ৰাষ্ট্ৰীয় কাকত কিছুমানতো এইটো চলি...

ষ্টেণ্ড কৰা ছাত্ৰ-ছাত্ৰীতকৈ ৬০ শতাংশ পোৱা একোজনেও অধিক কাম কৰিব পৰা হয়গৈ কিয়? সাধাৰণতে এইটোৱেই দেখা যায়। আনকি দ্বিতীয় বিভাগত উত্তীৰ্ণজনেও অতি বেছি কাম সম্ভৱপৰ কৰি তুলিব পাৰে। কিয় এনেকুৱা হয়? আঙুলিৰ মূৰত লিখিব পৰা দুজনমানহে স্থানপ্ৰাপক ওলায় যি বিশেষ কাম কৰে, আৰু সেয়াও আনে...