(৪১) গুৱাহাটী বিশ্ববিদ্যালয়ৰ পদাৰ্থ-বিজ্ঞান বিভাগৰ নিজৰ কেবিনটোত বহি ড° ভবেন্দ্ৰ নাথ শইকীয়া কামত ব্যস্ত হৈ আছে৷ এজন মানুহ তেওঁৰ কেবিনটোলৈ সোমাই গ'ল৷ মানুহজন বিশ্ববিদ্যালয়ৰে এজন উচ্চ পৰ্যায়ৰ কৰ্মী, পণ্ডিত, আৰু বিশ্ববিদ্যালয়ৰ বাহিৰৰ অসমৰ সামাজিক ক্ষেত্ৰখনত ইতিমধ্যে তেওঁৰো কিছু নাম হৈছে, এজন সন্মানীয় মানুহ৷ ড° ভবেন্দ্ৰ নাথ...

(৩১)ক’ৰনাময় সময়ত এসময়ত বহুতো কবি, সাহিত্যিক, সংগীতজ্ঞ, চিত্ৰকৰ, বিজ্ঞানী আদি যক্ষ্মাত আক্ৰান্ত হৈ অকালতে মৃত্যু হৈছিল। পোক-পৰুৱাৰ দৰে দ’ম হৈ পৰা লাখ লাখ মৃতকৰ মাজত তেওঁলোকৰ অকাল মৃত্যুৱে এক সুকীয়া বিষাদ কঢ়িয়াই আনিছিল। হয়তো সেইবাবেই ঠায়ে ঠায়ে এই বুলি অন্ধবিশ্বাস বিয়পিছিল যে সৃষ্টিশীল লোকসকল যক্ষ্মাত অধিক...

“প্ৰান্তিক” আলোচনীৰ শেহতীয়া এটা সংখ্যা প্ৰকাশ পোৱা নাই। ক’ৰোনা ভাইৰাছৰ বাবে যাতায়ত ব্যৱস্থা, বজাৰ আদি বন্ধ হৈ পৰাত আলোচনীখন প্ৰকাশ কৰাটো অসম্ভৱ হৈ পৰিছে। ই বাতৰিৰ শিৰোনাম দখল কৰিছে। ফে’ছবুক আদিত বহুতো বিশিষ্ট ব্যক্তিয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আলোচনীখনৰ পৰৱৰ্তী কেইবাটাও সংখ্যাও প্ৰকাশ নাপাব পাৰে। আন...

ডিচেম্বৰ মাহৰ ২২ তাৰিখে ৰাষ্ট্রীয় গণিত দিৱস। ৰামানুজনৰ জন্মদিনটোত আমাৰ দেশত এই দিৱস পালন কৰা হয়। যোৱা কেইবছৰমান আগতে এই দিৱস প্ৰতিষ্ঠা কৰা হৈছে। ১৯২০ চনত, ৩২ বছৰ বয়স হওঁতেই ৰামানুজনৰ মৃত্যু হৈছিল। তেতিয়া তেওঁৰ পত্নী জানকীৰ বয়স হৈছিল ২১ বছৰ। সেই সময়ৰ সামাজিক অৱস্থা, আৰু...

পঞ্চদশ শতিকাত গুটেনবাৰ্গে (১৩৯৮-১৪৬৮) বিকাশ সাধন কৰা ছপাশালে দূৰ প্ৰান্তৰ মানুহৰ মাজতো মত বা চিন্তাধাৰা ভাগ-বটোৱাৰা কৰাটো সহজসাধ্য কৰি তুলিলে। কোনো স্থানত চৰ্চিত হোৱা বিষয়বস্তু বা কোনো মানুহৰ সাধনালব্ধ জ্ঞান তেনেই কম কষ্টেৰে কম সময়তে বহু অধিক পৰিমাণে ছপা কৰি বহু মানুহৰ মাজলৈ লৈ যাব...

ইতিহাস-প্ৰসিদ্ধ বৈজ্ঞানিক সংস্থা ৰয়েল ছ’চাইটিৰ সদস্য (FRS) ৰূপে নিৰ্বাচিত হোৱা প্ৰথমগৰাকী আৰু এতিয়ালৈকে একমাত্ৰ ভাৰতীয় মহিলাগৰাকী হ’ল গগনদীপ কাং (Gagandeep Kang)। ৰয়েল ছ’চাইটি প্ৰতিষ্ঠা হৈছিল সোতৰ শতিকাত। আধুনিক ৰসায়ন বিজ্ঞানৰ জনক বুলি পৰিচিত ৰবাৰ্ট বয়ল আছিল ইয়াৰ প্ৰতিষ্ঠাপকসকলৰ অন্যতম। ইয়াৰ প্ৰথম সভাপতিজন আছিল এজন গণিতজ্ঞ...