হাজৰিকাৰ ঘৰৰ হায়দৰাবাদত থকা জীয়েকজনী পূজাত ঘৰলৈ আহি উভটি যোৱাই নাই নেকি অ'? - শইকীয়াৰ ঘৰৰ মানুহজনীয়ে নিজৰ জীয়েকক সৰুকৈ সুধিলে৷ "মইনো কেনেকৈ জানোঁ নো", জীয়েকে ভেকাহী মাৰি মাকৰ পিনে মূৰ ঘুৰাওতেই দেখিলে দেখোন মাকে খিৰিকীৰ পৰ্দাৰ ফাকেৰে বাহিৰলৈ জুমি চাই আছে৷ হাজৰিকাৰ ঘৰৰ জীয়েকজনী বাহিৰলৈ...

বিহগী কবি, ধ্বনি কবি, অগ্নি কবি, গীতি কবি, বকুলবনৰ কবি, অতিন্দ্ৰীয়বাদী কবি, বনফুলৰ কবি, বিপ্লৱী কবি, নিজৰা কবি…… আগৰ দিনৰ কবিসকলৰ বহু সংখ্যকৰ এটা এটা এনেকুৱা পৰিচয় আছিল৷ তেওঁলোকে এটা বিশেষ ধাৰা সৃষ্টি কৰিছিল নতুবা এটা বিশেষ বিষয়বস্তুক প্ৰৱলভাৱে পৰিচিত কৰি তুলিছিল নতুবা আন কিবা...

"অসীম" শব্দটোৰ লগত ভালেকেইটা পৃথক পৃথক ধাৰণা সোমাই আছে৷ অসীম বুলি কোৱাৰ লগে লগে সাধাৰণতে মনলৈ ধাৰণা আহে যে - বিৰাট ডাঙৰ কিবা এটা, যেন হাত দুখন যিমান ইচ্ছা সিমান দীঘল কৰি দিলেও যিটো বস্তুক গবা মাৰি ধৰাটো সম্ভৱ নহয়৷ নতুবা বহুত দূৰ গুচি যাবলগীয়া...

কুৰি শতিকাৰ শেষৰ বিছটা বছৰত পৃথিৱীত এক নতুন শ্ৰেণী তাৰকা (মহানায়ক) সৃষ্টি হ'ল৷ মানুহক উদ্বুদ্ধ কৰাতে হওক, বা পৃথিৱী সলনি কৰি পেলোৱাতে হওক - এই শ্ৰেণী তাৰকাই ক্ৰীড়া, অভিনয় আৰু সংগীতৰ তাৰকাসকলকো বা প্ৰাচীন বীৰ যোদ্ধাসকলকো যেন অতিক্ৰম কৰি গ'ল৷ সেই নতুন তাৰকা শ্ৰেণীটো হ'ল...

হায়াৰ ছেকেণ্ডাৰী দুঠাইত পঢ়িছিলোঁ৷ এখন হায়াৰ ছেকেণ্ডাৰী স্কুল আৰু আনখন কলেজ৷ দুয়োখনৰে গণিতৰ শিক্ষককেইজন কিছু ভালেই আছিল৷ বেলেগ দুখন কলেজৰ দুজন গণিতৰ শিক্ষকৰ ওচৰত কেইমাহমান/কিছুদিন টিউচন কৰিছিলোঁ৷ তেওঁলোকো কিছু ভালেই আছিল৷ কিন্তু তেওঁলোক আটাইকেইজনৰ লগত একেধৰণৰ এটা "কিন্তু" লাগি আছিল৷ তেওঁলোকে পাঠ একোটা আৰম্ভ কৰে, তাত...

প্ৰাক-প্ৰাথমিকৰ পৰা বিশ্ববিদ্যালয়লৈকে — বিদ্যালাভৰ আনুষ্ঠানিক প্ৰক্ৰিয়াটো যথেষ্ট দীঘলীয়া। সময় খৰচী আৰু ব্যয়বহুল এই প্ৰক্ৰিয়াটোৰ নিৱেশৰ জোখাৰে আমি আচলতে লাভান্বিত হওঁনে নহওঁ তাক বিচাৰি চোৱাৰ এক প্ৰক্ৰিয়া লাহে লাহে আৰম্ভ হ’বলৈ ধৰিছে। নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰাই দেখিছোঁ— আনুষ্ঠানিক শিক্ষা সমাপ্ত কৰাৰ পাছত যোৱা ১০-১২ বছৰে...