দৈনিক আপোনাৰ ৪৫,০০০ টা ঋণাত্মক চিন্তা

‘ফেৰাৰী বিক্ৰী কৰি দিয়া সন্যাসীজন’ (The Monk Who Sold His Ferrari) নামৰ বিশ্ববিখ্যাত গ্ৰন্থখনৰ মুখ্য চৰিত্ৰ উকীল জুলিয়ান মেন্টোলে আনটো চৰিত্ৰৰ আগত আগবঢ়াই থকা বক্তব্যবোৰৰ মাজৰ এটা বাক্য এনে ধৰণৰ— “সন্যাসীসকলে মোক শিকাইছিল যে গড় হিচাপৰ দিন এটাত গড় হিচাপৰ মানুহ এজনৰ মনৰ মাজেৰে ষাঠি হাজাৰ চিন্তা পাৰ হৈ যায়। মোক আচৰিত কৰা কথাটো আছিল যে, এই চিন্তাবোৰৰ পঞ্চান্নৱৈ শতাংশই কেৱল আগদিনাৰ চিন্তাৰ পুনৰাবৃত্তি মাথোন।”

ইয়াৰ পাছত কিতাপখনৰ বিষয়বস্তু অনুসৰি তেওঁলোকৰ কথা-বতৰা আৰু ব্যাখ্যা চলি গ’ল। কিন্তু প্ৰকৃততে, মনৰ মাজেৰে ষাঠি হাজাৰ চিন্তা পাৰ হৈ যোৱা আৰু তাৰ পঞ্চান্নৱৈ শতাংশই আগদিনাৰ চিন্তাৰ পুনৰাবৃত্তি হোৱা কথাটো মনস্তত্ত্ববিদসকলৰ গৱেষণাই প্ৰকাশ কৰিছিল। এই সম্পৰ্কীয় ব্যাখ্যা অনুসৰি এক নিচাৰ দৰে ভাৱনাৰ পুনৰাবৃত্তি আমাৰ মনত অভ্যাসতে চলি থাকে যাক আমি ধৰিবই নোৱাৰোঁ।

অলপ মন কৰিলেই আমি ব্যক্তিগত জীৱনতে দেখা পাওঁ— মনলৈ অহা প্ৰতিটো ভাৱেই আমি প্ৰকাশ কৰিবলৈ সক্ষম নহওঁ, কাৰণ এটা কথা প্ৰকাশ কৰিবৰ বাবে লিখিবলৈ বা মুখেৰে ক’বলৈ আৰম্ভ কৰাৰ পাছতে আঁতডাল মনলৈ অহা আন অলেখ কথাৰ মাজত হঠাতে হেৰাই গুচি যায়। সেই একেই কাৰণতে, কোনো শুনোতাক যদি আমি কোনো এটা পৰিস্থিতি, ঘটনা বা কোনো এটা অনুভৱৰ সম্পৰ্কে সুন্দৰকৈ বুজাব বিচাৰোঁ, তেন্তে তাৰ সম্পৰ্কে আমাৰ মনত থূপ খাই থকা সকলোবোৰ কথা কৈ যোৱাৰ পৰিৱৰ্তে গুৰুত্বপূৰ্ণখিনি বিচাৰি উলিয়াই কম সংখ্যক কথা ক’ব পাৰিলেহে তেওঁ তাক সুন্দৰকৈ উপলব্ধি কৰিব পাৰে।

আমাৰ সকলোবোৰ ভাৱনা বিশেষত্বপূৰ্ণ আৰু নতুনত্বপূৰ্ণ নোহোৱাটোৱেই ইয়াৰ কাৰণ। Marci Shimoff নামৰ এগৰাকী লেখকৰ “Happy for No Reason” শীৰ্ষক বিখ্যাত গ্ৰন্থখনত উল্লেখ থকা মতে— আমাৰ মনত অহৰহ চলি থকা ভাবনা, বিশ্বাস আৰু আত্ম-কথনৰ ৮০ শতাংশই ঋণাত্মক গড় হিচাপৰ মানুহ এজনৰ মনেৰে দৈনিক গড় হিচাপত ৪৫,০০০ তকৈ অধিক ঋণাত্মক চিন্তা পাৰ হৈ যায়। প্ৰখ্যাত চিকিৎসা-বিজ্ঞানী ডেনিয়েল এমেনে এইসমূহক Automatic Negative Thoughts (ANTs) বুলি অভিহিত কৰিছে।

সমাজত ঋণাত্মক কথাবোৰ সঘনাই চৰ্চা হৈ থকা বা বিভিন্ন ব্লগ, ফ’ৰাম আদিত ঋণাত্মক কথা-বতৰাবোৰত সৰ্বাধিক মন্তব্য পৰাৰ কাৰণটোও ব্যক্তিসকলৰ নিজৰ মনৰ ঋণাত্মক ভাৱনাক নিয়ন্ত্ৰণ কৰিব নোৱাৰাটোৱেই। আনহাতে, পূৰণা ভাৱনাৰ পূণৰাবৃত্তিৰ বাবেই কঠোৰ পৰিশ্ৰম নকৰা কবি-লেখকসকলৰ আজিৰ লেখা এটাত এসপ্তাহৰ আগৰ লেখা এটাৰ ভাৱৰ সৈতে প্ৰায়েই পাথৰ্ক্য দেখা নাযায়। এইখিনিতে মহান সংগীতজ্ঞ, প্ৰতিটো নতুন সৃষ্টিৰেই মানুহক মন্ত্ৰমুগ্ধ কৰিবলৈ সক্ষম হোৱা এ. আৰ. ৰহমানৰ কেইটিমান বক্তব্য প্ৰণিধানযোগ্য। এটা সাক্ষাৎকাৰত তেখেতে কৈছিল যে— “মোৰ মনত সদায় এটা কথা আহে যে মানুহে ইতিমধ্যে এইটো শুনিছে, গতিকে মইনো সেই একেটাকে কিয় তেওঁলোকক শুনাম?” তেখেতক পুনৰ সোধা হৈছিল— “আপোনাৰ সৃষ্টিৰ ক্ষেত্ৰত আপোনাৰ প্ৰিয় ক্ষেত্ৰ কোনখন?” আৰু তেখেতে উত্তৰ দিছিল— “মই তেনে প্ৰিয় হ’ব নিবিচাৰো কাৰণ মই যদি তেনে কৰো তেন্তে মানুহে ক’ব তেঁৱো নিজৰে পুনৰাবৃত্তি কৰিছে।”

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো কেম্পাছ এফ.এম. ৰেডিঅ’ চেণ্টাৰ, গুৱাহাটী বিশ্ববিদ্যালয়“ৰেডিঅ’ লুইত ৯০.৮ এফ.এম.”ৰ শ্ৰাব্য আলোচনী “পত্ৰিকা“ত প্ৰকাশিত প্ৰবন্ধ। প্ৰবন্ধ-পাঠ : ভূপেন ডেকা:

No Comments

Post A Comment